Difference between revisions of "LibreOffice-Suite-Math/C2/Markup-Language-for-writing-formula-Formula-Formatting/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| style="border-spacing:0;" | style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:n...") |
|||
Line 340: | Line 340: | ||
|- | |- | ||
| style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.049cm;"| 08:20 | | style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.049cm;"| 08:20 | ||
− | | style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.049cm;"| দীঘলীয়া খালী ঠাইৰ বাবে mark up | + | | style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.049cm;"| দীঘলীয়া খালী ঠাইৰ বাবে mark up হৈছে ‘tilde’ কেৰেক্টাৰ| আৰু ছুটি খালী ঠাইৰ বাবে এইটো হৈছে ‘Tiray’ কেৰেক্টাৰ| |
| style="background-color:#ffffff;border:0.1pt solid #000000;padding:0.049cm;"| | | style="background-color:#ffffff;border:0.1pt solid #000000;padding:0.049cm;"| | ||
Revision as of 12:11, 1 December 2014
Time | Narration | |
00:00 | LibreOffice Math-ৰ কথিত টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ| |
|
00:04 | এই টিউটৰিয়েলত আমি তলত দিয়া বিষয়্সমূহ সামৰি ল’ম: |
|
00:08 | সূত্ৰ লিখিবলৈ আৰু সূত্ৰ ফৰ্মেট কৰিবলৈ Mark up ভাষা: ফ’ন্ট, এলাইনমেন্ট আৰু খালী ঠাই দিয়া |
|
00:18 | আগৰ টিউটৰিয়েলত আমি গণিতৰ বাবে mark up ভাষাৰ পৰিচয় দিছিলো| | |
00:24 | এতিয়া আহক আমি Mark up ভাষৰ বিষয়ে শিকোঁ| | |
00:28 | প্ৰথমে আহক আমি Writer ডুকুমেন্ট এটা খোলো আৰু Writer–ৰ ভিতৰত থকা Math এপ্লিকেশ্যনটো কল কৰোঁ| | |
00:35 | যদিহে Writer ইতিমধ্যে খোলা হৈ আছে তেনেহলে উপৰত থকা Insert মেন্যুত ক্লিক কৰক আৰু তাৰ পাছত Object-ত ক্লিক কৰক আৰু Formula বাছক| | |
00:46 | যদিহে Writer ইতিমধ্যে খোলা হৈ থকা নাই তেনেহলে আমি Windows-ৰ ষ্টাৰ্ট মেন্যুৰ পৰা ইয়াক খুলিব পাৰোঁ| | |
00:55 | Elements ৱিণ্ড’খন ব্যৱহাৰ কৰি সূত্ৰ লিখাটো এটা সহজ পদ্ধতি হয়| | |
01:01 | কিন্তু Formula Editor-ত পোনপটীয়াকৈ mark up ভাষা লিখাটো সূত্ৰ লিখাৰ এটা তাত্ক্ষণিক উপায় হয়| | |
01:10 | কাৰণ, এটা সূত্ৰৰ বাবে markup ভাষাটো ইংৰাজী ভাষাত সূত্ৰটো পঢ়াৰ ধৰনৰ সৈতে একেই হয়| | |
01:18 | উদাহৰণ স্বৰূপে, “৪ পূৰণ ৩” লিখিবলৈ আমি Formula Editor ৱিণ্ড’ত “4 টাইমছ 3’ বুলি টাইপ কৰিলেই হ’ল| | |
01:28 | পাছৰ উদাহৰণটোলৈ যোৱাৰ আগেয়ে আমি এইখিনিতে এডাল লাইন মৰা প্ৰয়োজন| | |
01:36 | markup ‘newline’ টাইপ কৰক আৰু আপুনি দেখা পাব যে Writer-ৰ ধূসৰ (gray) বৰণৰ বাকচৰ অংশত এডাল লাইন ভৰোৱা হৈছে| | |
01:46 | আমি টাইপ কৰো আহক ‘Some more example formulae: newline’| | |
01:51 | পঢ়াত সুবিধাৰ বাবে আমি এবাৰ Enter কি-টো টিপিম| | |
01:57 | আৰু লিখিম ‘x greater than equal to y’| | |
02:03 | ইয়াত আমি সূত্ৰটো সংখ্যাকৄত কৰিম| | |
02:07 | গতিকে আহক আমি টাইপ কৰো, ‘1. x greater than equal to y new line’| এন্টাৰ কি দবাওক| | |
02:18 | আপুনি দেখা পাব যে Writer-ৰ ধূসৰ(gray)বাকছটো ৰিফ্ৰেশ্ব হ’ল আৰু বস্তু বিলাক কেন্দ্ৰীয় ভাৱে এলাইন হ’ল| | |
02:25 | ইয়াৰ পাছত আমি লিখো আহক ‘a to the power of 2’| | |
02:30 | আৰু markup-টো হ’ল: ‘2. 'a' arrow pointing upward 10’ new line’ আৰু এন্টাৰ কি দবাওক| | |
02:42 | Writer-ৰ ধূসৰ(gray) বাকছটোত গাণিতীক চিহ্নটো মন কৰক| | |
02:48 | এতিয়া আমি লিখো আহক ‘square root of 16 = 4’| | |
02:55 | টাইপ কৰক ‘3. sqrt ‘16’ কাৰ্লী ব্ৰেকেটৰ ভিতৰত equals 4 new line’| এন্টাৰ কি দবাওক| | |
03:06 | Writer-ৰ ধূসৰ (gray)বাকছটোত এই সূত্ৰটো মন কৰক| | |
03:10 | ঠিক আছে, এতিয়া আমি a1 + a2 + a3 এনেধৰনে + ‘an’ লৈকে বুজাবলৈ ‘a suffix n’-ৰ বাবে এটা যোগৰ চিহ্ন লিখো| | |
03:28 | আৰু markup-টো হ’ল: ‘4. sum a _ n new line’| এন্টাৰ কি দবাওক| | |
03:37 | এতিয়া আমি ফাংকশ্যনৰ সৈতে এটা ইন্টিগ্ৰেল লিখিবলৈ যত্ন কৰো| ইন্টিগ্ৰেল f x d x লিখিবলৈ markup হৈছে,‘5. int fx dx newline’| | |
03:54 | Writer অংশত ইন্টিগ্ৰেল চিহ্নটো মন কৰক| | |
04:00 | এতিয়া আমি আমাৰ কামখিনি ছেভ কৰো আহক| উপৰত থকা ফাইল মেন্যুলৈ যাওক আৰু Save-ত ক্লিক কৰক| | |
04:09 | ডুকুমেন্টটোৰ নাম দিয়ক MathExample1 | | |
04:16 | এতিয়া আমি লিখা সূত্ৰবিলাকক কেনেকৈ ফৰমেট কৰিম তাক শিকো আহক| | |
04:21 | মন কৰক যে সেই সকলো বিলাক ছেন্টাৰ এলাইনড হৈ আছে আৰু সিহঁতৰ মাজত বহুত বেছি খালী ঠাই নাই| | |
04:28 | আমি একেবাৰে উপৰত থকা Format মেন্যু ব্যৱহাৰ কৰি বিভিন্ন ফৰমেট সালসলনি কৰি কৰিব পাৰো| | |
04:35 | প্ৰথমে আমি সূত্ৰবিলাকক বাওঁফাললৈ এলাইন কৰি লওঁ| | |
04:40 | এইটো কৰিবলৈ আমি Format মেন্যুলৈ গৈ Alignment বাচিব লাগিব| | |
04:46 | নতুনকৈ ওলোৱা ৱিণ্ড’খনত Left অপশ্যনটো বাচক| আৰু Ok বুটামত ক্লিক কৰক| | |
04:54 | সূত্ৰবিলাক এতিয়া বাওঁফাললৈ এলাইন হোৱা মন কৰক| | |
04:58 | আমি Format মেন্যুত থকা ‘Fonts’ বাচনি কৰি ফ’ন্টৰ ধৰণ সলনি কৰিব পাৰো| | |
05:06 | ইয়াত থকা বিভিন্ন শ্ৰেণী বিভাগলৈ মন কৰক: | |
05:10 | আমি ভেৰিয়েবলছৰ কাৰণে একধৰণৰ ফ’ন্ট, ফাংকশ্যনবিলাকৰ বাবে অইন এক ধৰণৰ আৰু সংখ্যা আৰু পাঠৰ কাৰণে এক ধৰণৰ ফ’ন্ট বাচিব পাৰো| | |
05:23 | ফ’ন্টৰ ধৰণ সলনি কৰিবলৈ Modify বুটামত ক্লিক কৰক আৰু Variables কেতিগ’ৰি বাচক| | |
05:34 | আহক আমি তালিকাত থকা Arial Black বাছো আৰু Ok বুটামত ক্লিক কৰো| | |
05:43 | Ok বুটামত টিপি ফ’ন্টটো ছেভ কৰো আহক| | |
05:50 | Writer-ৰ (gray)ধূসৰ বাকছটোত ফ’ন্টটো সলনি হোৱা আপুনি দেখা পাব| | |
05:56 | সূত্ৰবিলাকৰ ফ’ন্টৰ আকাৰ বঢ়াবলৈ Format মেন্যুলৈ যাওক আৰু Font Size-ত ক্লিক কৰক| | |
06:06 | আমি Base আকাৰটো ‘18 point’-লৈ বঢ়াই দিও| OK-ত ক্লিক কৰক| |
|
06:15 | আমি অইন শ্ৰেণীৰ বিভাগ বিলাক, যেনে টেক্সট বা ইন্ডেক্স বা অপাৰেটৰবিলাকৰ আপেক্ষিক আকাৰ বঢ়াব পাৰো| | |
06:25 | আমি Default বুটামটো ব্যৱহাৰ কৰি ফ’ন্টৰ আকাৰৰ যিবোৰ সালসলনি কৰিছিলো সেইবোৰ নোহোৱা কৰিবও পাৰো| | |
06:32 | সূত্ৰসমূহত ফ’ন্টৰ আকাৰৰ সালসলনি মন কৰক| | |
06:37 | ইয়াৰ পিছত, সূত্ৰসমূহত থকা খালী ঠাইৰ সালসলনি কৰো আহক| | |
06:42 | Format মেন্যুত ক্লিক কৰক আৰু Spacing বাচক| | |
06:47 | আমি স্পেচিং, লাইন স্পেচিং আৰু ৰুট স্পেচিং প্ৰতিটোকে ২০ শতাংশ দি'সলনি কৰো আহক|' | |
06:56 | যেতিয়া আমি প্ৰতিটো স্পেচিং টাইপত ক্লিক কৰো, কেন্দ্ৰত থকা ছবিটোৱে স্পেচিং টাইপটোৰ অৱস্থান দেখায়| | |
07:05 | আকৌ, বিভিন্ন শ্ৰেণীসমূহৰ পৰা আমি স্পেচিং টাইপ বাচি ল’ব পাৰো| এইটো কৰিবলৈ আমি Category বুটামত ক্লিক কৰো আহক| | |
07:16 | বা আমাৰ সালসলনিবিলাক নোহোৱা কৰিবলৈ Default বুটামটো ব্যৱহাৰ কৰিব পাৰো| | |
07:22 | এতিয়া আমি Ok বুটামত ক্লিক কৰো আহক| | |
07:25 | Writer-ৰ (gray) ধূসৰ বাকছটোত স্পেচিঙৰ সালসলনি মন কৰক| | |
07:30 | Elements ৱিণ্ড’খনত আৰু অধিক ফৰমেটিং উপলভ্য| | |
07:36 | View মেন্যুৰ পৰা Elements ৱিণ্ড’খন উলিওৱাওক| | |
07:40 | ইয়াত, দ্বিতীয় শ্ৰেণীবিভাগত থকা শেষৰ আইকনটোত ক্লিক কৰো আহক| | |
07:47 | টুলটিপটোয়ে কৈছে Formats’| | |
07:51 | ইয়াত, আমি ছাবচস্ক্ৰিপ্ট আৰু ছুপাৰস্ক্ৰিপ্টৰ অবস্থান, এলাইনমেন্ট, মেট্ৰিক্স, নতুন লাইন আৰু খালী ঠাই বাচিব পাৰো| | |
08:03 | পঞ্চম উদাহৰণটোত ৫ সংখ্যাটোৰ পাছত এটা দীঘলীয়া খালী ঠাই যোগ কৰা যাওক| ‘5’ৰ পাছত ক্লিক কৰক| | |
08:13 | তাৰ পাছ্ত Elements ৱিণ্ড’খনত Formats> Long Gap-ত ক্লিক কৰক| | |
08:20 | দীঘলীয়া খালী ঠাইৰ বাবে mark up হৈছে ‘tilde’ কেৰেক্টাৰ| আৰু ছুটি খালী ঠাইৰ বাবে এইটো হৈছে ‘Tiray’ কেৰেক্টাৰ| |
|
08:29 | ৫ সংখ্যাটোৰ পিছত নতুন খালী ঠাইটো মন কৰক| | |
08:33 | গতিকে, এইবিলাকেই হৈছে বিভিন্ন উপায়, যিবিলাকৰ দ্বাৰা আমি সূত্ৰসমূহ ফৰমেট কৰিব পাৰো| | |
08:38 | Math-এ আগবঢ়োৱা সকলোবোৰ ফৰমেটিং অপশ্যন অনুসন্ধান কৰি ছাবলৈ সংকোচ নকৰিব| | |
08:44 | ঠিক আছে, এইয়া আপোনালোকৰ বাবে এটা কাম দিছো: | |
08:47 | Writer ৱিণ্ড’ খনত Mark up ব্যৱহাৰ কৰি তলত দিয়া সূত্ৰসমূহ লিখক| | |
08:53 | প্ৰয়োজন হলে Elements ৱিণ্ড’ খনো ব্যৱহাৰ কৰক| |
|
08:57 | x to the power of 2-ৰ যোগকৰণ| | |
09:02 | Sin to the power of x plus cos to the power of x = 1 (Elements ৱিণ্ড’ত থকা Functions শ্ৰেণী ব্যৱহাৰ কৰক) | |
09:15 | আগৰ শ্লাইডৰ পৰা অব্যাহত ৰাখি Summation লিখক from 1 to n of x. | |
09:23 | (যোগকৰণৰ সীমা বান্ধিবলৈ Operators শ্ৰেণী বিভাগ ব্যৱহাৰ কৰক|) | |
09:29 | ফ’ন্ট Arial, আকাৰ 18 পইন্টলৈ সলনি কৰক| | |
09:35 | আৰু চিহ্নবিলাকৰ মাজত অধিক খালী ঠাই দিয়ক| | |
09:40 | এইখিনিতে আমাৰ LibreOffice Math-ত Mark up Language আৰু Formula Formatting টিউট’ৰিয়েলৰ অন্ত পৰিছে| | |
09:49 | চমুকৈ আমি তলত দিয়া বিষয় কেইটা শিকিলো: | |
09:52 | সূত্ৰ লিখিবলৈ আৰু সূত্ৰ ফৰ্মেট কৰিবলৈ Mark up ভাষা: ফ’ন্ট, এলাইন কৰা আৰু খালী ঠাই দিয়া | |
10:01 | Spoken Tutorial Project হৈছে Talk to a Teacher project-ৰ অংশ যিটোক National Mission on Education-এ ICT, MHRD, Government of India-ৰ জড়িয়তে সাহাৰ্য কৰিছে| | |
10:14 | এই প্ৰকল্পত সহযোগ কৰিছে http://spoken-tutorial.org-এ | |
10:19 | এই বিষয়ত আৰু অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro. | |
10:23 | এই পাঠত Priya Suresh, DesiCrew Solutions-এ বৰঙনি যোগালে আৰু এইয়া Ria-ই এই পাঠৰ ইমানতে সামৰণি মাৰিছো| | |
10:33 | অংশ গ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ| |