Java/C3/Custom-Exceptions/Assamese

From Script | Spoken-Tutorial
Revision as of 12:53, 3 April 2019 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
 
00:01 Custom exceptions ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:05 ইয়াতে আমি শিকিম: Custom exceptions আৰু throw আৰু throws keywords ইয়াৰ ব্যবহাৰ।
00:14 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো: উবুন্টু লিনাক্স 16.04 OS JDK 1 .7 আৰু Eclipse 4.3.1
00:26 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Java ত Exceptions Handling ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব। নহলে, প্ৰাসঙ্গিক জাভা টিউটোৰিয়েলৰ বাবে, নিম্ন লিঙ্কত যাওক।
00:38 প্ৰথমে custom exception সম্পর্কে শিকিম।
00:42 Custom exception এটা user defined exception ক্লাস। এইটোক সাধাৰণতে checked exceptions হিচাবে বনোৱা হয়।
00:51 এইটোৰ ব্যবহাৰ, ইউসাৰৰ প্ৰয়োজন অনুযায়ী exception কাস্টমাইজ কৰিবলৈ কৰা হয়।
00:57 এতিয়া আমি eclipse খুলিম আৰু CustomExceptionDemo নামৰ নতুন প্ৰজেক্ট বনাম।
01:04 custom exception প্ৰদর্শন কৰিবলৈ আমি এই প্ৰজেক্টত আবশ্যক ক্লাস বনাম।
01:11 আমি নতুন ক্লাস InvalidMarkException বনাম।
01:15 এইটোক exception class ইয়াৰ ধৰনে বনাবলৈ, এইটো Java exception class ক্লাসৰ subclass হোৱা উচিত।
01:22 এইটো কৰিবলৈ লিখক extends Exception.
01:27 Source মেনুত ক্লিক কৰক আৰু তাৰপিছত Generate constructors from Superclass চয়ন কৰক।
01:34 সোফালে Deselect All বোতামত ক্লিক কৰক।
01:38 তাৰপিছত single string argument সহ constructor চয়ন কৰক আৰু তলত OK বোতামত ক্লিক কৰক।
01:45 এই string argument ইয়াৰ ব্যবহাৰ প্ৰদর্শিত ম্যাসেজক কাস্টমাইজ কৰিবলৈ কৰা হয় যেতিয়া এই exception আহে. 
01:52 StudentMarks নামৰ আৰু এটা ক্লাস জুড়ক।
01:57 তাৰপিছত নিম্ন কোড লিখক।
02:00 এই classত marks নামৰ কেবল এটা ভ্যাৰিয়েবল আছে।
02:04 এইটো constructorএ marks ইয়াৰ ভ্যালু ইনিসিয়েলাইজ কৰে।
02:09 মার্ক্স চেক কৰিবলৈ method জুড়ক।
02:13 মার্কৰ স্বাভাবিক ৰেঞ্জ 0 পৰা 100 পর্যন্ত হয়।
02:18 marks less than 0 or greater than 100 প্ৰক্ৰিয়াকৃত কৰিলে InvalidMarkException আহিব।***
02:25 সেয়ে আমি custom exception অতৰাবলৈ throw keyword ব্যবহাৰ কৰিব লাগিব।
02:33 মার্ক বৈধ হলে, Entry OK প্ৰদর্শিত হব।
02:39 আমি দেখো যে ইয়াতে InvalidMarkException এৰৰ আছে।
02:43 এইটো চেক কৰি সমাধান কৰো।
02:46 এৰৰত ক্লিক কৰক আৰু Add throws declarationত ডাবল ক্লিক কৰক।
02:51 আমি দেখো যে method signatureত throws InvalidMarkException জুড়ালে এৰৰ অদৃশ্য হৈ যায়।
03:00 ইয়াতে দেখো যে throws keyword ইয়াৰ ব্যবহাৰ methods ইয়াৰ সৈতে কৰা হয়।
03:06 এইটোৱে ইঙ্গিত কৰে যে মেথডে specified exceptionক বঢ়াব।
03:11 এই মেথডক কল কৰিলে exception handling কোড প্ৰদান কৰিব লাগিব।
03:16 এতিয়া file access operation দেখাও যি FileNotFoundExceptionক বঢ়াব।
03:23 FileReader class ইয়াৰ এটা উদাহৰণ বনাবলৈ নিম্ন কোড লিখক।
03:29 Eclipseএ কিছু এৰৰ দেখাব কাৰণ আমি সংশ্লিষ্ট Java packages ইম্পোর্ট কৰা নাই।
03:36 তাকেই সংশোধন কৰিবলৈ এৰৰত ক্লিক কৰক আৰু তাৰ পিছত import 'FileReader' (java.io) ত ডাবল ক্লিক কৰক।
03:44 আমি package আৰু ইয়াৰ ব্যবহাৰ সম্পর্কে পৰবর্তী টিউটোৰিয়েলত শিকিম।
03:50 হোম ফোল্ডাৰত Marks নামৰ ফাইল অ্যাক্সেস কৰিবলৈ fr ক অনুমতি দিবলৈ নিম্ন কোড লিখক।
03:59 ইয়াতে প্ৰদর্শিত পাথ আপোনাৰ সিস্টেমৰ হোম ফোল্ডাৰৰ সৈতে প্ৰতিস্থাপিত হব লাগিব।
04:05 এটা এৰৰৰে দেখায় যে এই কোডৰ লাইনে FileNotFoundExceptionক বড়াব পাৰে।
04:10 আমি throws clauseত এই এক্সেপশনক যোগ কৰি এইটোক সমাধান কৰিব পাৰো।
04:16 আমি দেখো যে FileNotFoundException ও throws clauseত জুড়া গৈছে।
04:22 ইয়াতে দেখোৱাৰ মতে throws ব্যবহাৰ কৰি একাধিক exceptionsক নিয়ন্ত্ৰণ কৰিব পাৰি।
04:28 এতিয়া StudentMarks classত main method বনাম আৰু ফলাফল চেক কৰিম।
04:34 ইয়াতে marks ইয়াৰ বাবে ভ্যালু হিসাবে 40ৰ সৈতে ইনিসিয়েলাইজ কৰি অবজেক্ট m1 বনাইছো।
04:41 পিছৰ লাইনত m1 অবজেক্ট ব্যবহাৰ কৰি validate মেথড লাগু কৰো।
04:47 আমি দেখো যে validate মেথড লাগু হলে ইয়াতে এৰৰ আছে।
04:52 এই মেথডে InvalidMarkException আৰু FileNotFoundExceptionক বঢ়াব।
04:59 এৰৰক সঠিক কৰিবলৈ, main methodত throws clause জুড়াব পাৰি যেনেকৈ আগতে কৰিছিলো।
05:05 কিন্তু try আৰু catch block ইয়াৰ ব্যবহাৰৰ সুপাৰিশ কৰা হয়।
05:10 সেয়ে Surround with try/catchত ডাবল ক্লিক কৰক।
05:14 এতিয়া আবশ্যক try-catch blocks জুড়া হৈছে আৰু exception নিয়ন্ত্ৰণ কৰা হৈছে।
05:20 এতিয়া এই প্ৰোগ্ৰামটোক ৰান কৰক।
05:23 এইটোৱে দেখায় Entry OK আৰু rest of the code.
05:27 কাৰণ marks ইয়াৰ ভ্যালু 40 এটা বৈধ এন্ট্ৰি হয়।
05:32 এতিয়া ভ্যালুক -10লৈ কৰক যি এটা অবৈধ এন্ট্ৰি হয়।
05:37 আৰু এবাৰ প্ৰোগ্ৰাম ৰান কৰিম।
05:40 এতিয়া আমি দেখো যে InvalidMarkExceptionক অতৰাব লাগিব কাৰণ -10 এটা অবৈধ এন্ট্ৰি হয়।
05:47 exception নিয়ন্ত্ৰন কৰাত আমি rest of the code ম্যাসেজ দেখো।
05:53 ইয়াৰ সলনি throws clause ব্যবহাৰ কৰিলে, rest of the code ম্যাসেজ প্ৰিন্ট নহব।
06:00 লগতে প্ৰোগ্ৰামটো টার্মিনেটও হব।
06:03 সেয়ে try catch block ব্যবহাৰ কৰা ভাল, যেতিয়া main methodত মেথড কল কৰা হয়।
06:10 ইয়াৰ সৈতেই টিউটোৰিয়েলৰ শেষলৈ আহিছো।
06:13 সংক্ষেপে:
06:15 ইয়াতে শিকিছো: Custom Exception কি আৰু throw আৰু throws keywords ইয়াৰ ব্যবহাৰ, custom exceptions বনোৱা আৰু ব্যবহাৰ কৰা।
06:26 অনুশীলনী হিসাবে: InvalidAgeException নামৰ custom exception class বনাওক।
06:33 আৰু এটা class Age বনাওক আৰু ইনিসিয়েলাইজ কৰিবলৈ constructor বনাওক।
06:39 এটা exception অতৰাবলৈ method validate বনাওক, যদি আয়ু 18 বয়সৰ কম হয়।
06:45 main methodত অবজেক্ট বনাওক আৰু validate() method লাগু কৰক।
06:51 প্ৰয়োজন অনুযায়ী try-catch blocks দ্বাৰা exception handling প্ৰদান কৰক।
06:56 custom exception class চেক কৰক।
07:00 নিম্ন লিঙ্কত উপলব্ধ ভিডিওটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটো চাওক।
07:06 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়। অধিক জানিবলৈ আমালৈ লিখক।
07:18 স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য।
07:29 আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো।
07:36 অংশগ্ৰহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi