Difference between revisions of "Java/C2/Getting-started-java-Installation/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border = 1 |'''Time''' |'''Narration''' |- | 00.01 | জাভাৰ সৈতে আৰম্ভণি: ইনষ্টলেশ্যন সম্পৰ্কীয় …')
 
Line 366: Line 366:
 
|-
 
|-
 
| 07.01
 
| 07.01
| এয়া আছিল আৰ্য় ৰটিছ।
+
| এয়া আছিল মৌচুমী মেধী।
  
 
|-
 
|-
 
| 07.04
 
| 07.04
 
| যোগদান কৰাৰ বাবে ধন্যবাদ।
 
| যোগদান কৰাৰ বাবে ধন্যবাদ।

Revision as of 10:52, 24 December 2013

Time Narration
00.01 জাভাৰ সৈতে আৰম্ভণি: ইনষ্টলেশ্যন সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম।
00.07 এই টিউটৰিয়েলত আমি শিকিম
00.09 চিনাপ্‌টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি JDK ইনষ্টল কৰা সম্পৰ্কে
00.13 জাভা কিয় লাগে?
00.14 জাভাৰ প্ৰকাৰ আৰু এপ্লিকেশ্যনসমূহ।
00.17 আমি ইয়াত ব্যৱহাৰ কৰিছোঁ
00.19 উবুণ্টু ভাৰচন 11.10 আৰু
00.21 জাভা ডেভেলপমেণ্ট এনভাইৰনমেণ্ট JDK 1.6
00.26 এই টিউটৰিয়েলৰ সৈতে আগবাঢ়িবলৈ আপুনি ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব।
00.31 আপোনাৰ চিষ্টেমত চিনাপ্‌টিক পেকেজ মেনেজাৰ ইনষ্টল হৈ থাকিব লাগিব।
00.35 লগতে আপোনাৰ লিনাক্সত টাৰমিনেল, টেক্সট এডিটৰ আৰু চিনাপ্‌টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰাৰ জ্ঞান থকাটোও দৰকাৰী।
00.43 যদি নাই, তেনেহ’লে spoken-tutorisal.org-অত থকা লিনাক্স সম্পৰ্কীয় স্পকেন টিউটৰিয়েল চাওক।
00.51 এটা জাভা প্ৰগ্ৰাম চলাবলৈ, আমি JDK, অৰ্থাৎ জাভা ডেভেলপমেণ্ট কিট ইনষ্টল কৰিব লাগিব।
00.57 JDK সম্পৰ্কে অধিক জানিবলৈ আপুনি এই লিংকটো চাব পাৰে:
01.02 এতিয়া আমি চিনাপ্‌টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি JDK ইনষ্টল কৰিম।
01.07 ইয়াৰ বাবে, আপোনাৰ ৰুট পাৰমিশ্যন থকা দৰকাৰ হ’ব।
01.10 এটা ৰেপজিটৰী কেনেকৈ নিৰ্বাচন কৰা হয় সেই বিষয়েও আপুনি জানিব লাগিব।
01.14 এই বিষয়ে আগতে উল্লেখ কৰা লিনাক্স টিউটৰিয়েলত ব্যাখ্যা কৰা হৈছে।
01.19 এতিয়া, আপোনাৰ ডেস্কটপৰ বাওঁফালৰ চুকত টাস্কবাৰ দেখা পাব।
01.25 একেবাৰে ওপৰত DashHome দেখা পাব।
01.28 DashHome-অত ক্লিক কৰক।
01.31 চাৰ্চবাৰত Synaptic টাইপ কৰক।
01.35 ইয়াত আপুনি চিনাপ্‌টিক পেকেজ মেনেজাৰ দেখা পাব।
01.38 চিনাপ্‌টিক পেকেজ মেনেজাৰত ক্লিক কৰক।
01.42 অথেণ্টিকেশ্যনৰ বাবে আপোনাক ইয়াত আপোনাৰ পাছৱৰ্ড টাইপ কৰিবলৈ ক’ব।
01.47 গতিকে আপোনৰ পাছৱৰ্ড টাইপ কৰি Authenticate-অত ক্লিক কৰক।
01.56 ইয়ে চিনাপ্‌টিক পেকেজ মেনেজাৰ অপেন কৰিব।
02.03 এতিয়া Quick Filter বাকচত jdk টাইপ কৰক।
02.08 আমি openjdk-6-jdk নামৰ এটা পেকেজ দেখা পাম।
02.13 ইয়াত ৰাইট ক্লিক কৰক আৰু Mark for Installation-অত ক্লিক কৰক।
02.17 তাৰপিছত Apply-ত ক্লিক কৰক।
02.20 চিহ্নিত কৰি থোৱা সলনিসমূহ নিশ্চিত কৰিবলৈ আপোনাক ক’ব।
02.24 গতিকে To be Installed-অত ক্লিক কৰক আৰু তাৰপিছত Apply-ত ক্লিক কৰক।
02.30 ইনষ্টলেশ্যনত অকণমান সময় লাগিব।
02.38 এতিয়া, আমি openjdk-6-jdk অপশ্যনটো সেউজীয়া ৰঙত দেখা পাম।
02.48 এইদৰে আমাৰ ইনষ্টলেশ্যন সম্পূৰ্ণ হ’ল।
02.52 এতিয়া, ইনষ্টেলেশ্যনটো পৰীক্ষা কৰি চাওঁ আহক; ইয়াৰ বাবে কণ্ট্ৰল, অল্ট আৰু T কীকেইটা একেলগে টিপি টাৰমিনেল অপেন কৰক।
03.03 মই ইতিমধ্যেই ইয়াত মোৰ টাৰমিনেল অপেন কৰি থৈছোঁ।
03.06 কমাণ্ড প্ৰম্পটত jave space hyphen version টাইপ কৰি এণ্টাৰ টিপক।
03.15 আমি JDK-ৰ ভাৰচন নাম্বাৰ প্ৰদৰ্শিত হোৱা দেখা পাম।
03.20 আপুনি ব্যৱহাৰ কৰা ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত নিৰ্ভৰ কৰি আপোনৰ ভাৰচন নাম্বাৰ বেলেগ হ’ব পাৰে।
03.26 গতিকে, আপুনি সফলতাৰে JDK ইনষ্টল কৰিলো।
03.30 এতিয়া আমি এটা সহজ জাভা প্ৰগ্ৰাম চলাই ই কাম কৰিছে নে নাই চাম।
03.35 মই ইতিমধ্যেই TestProgram dot java নামেৰে এই ক’ডখিনি চেভ কৰি থৈছোঁ।
03.42 এতিয়া মই এই ক’ডখিনি কম্পাইল কৰি ৰান কৰিম।
03.45 এই ক’ডখিনিয়ে সাধাৰণভাৱে We have successfully run a Java Program on the Terminal বুলি দেখুৱায়।
03.53 এতিয়া আমি টাৰমিনেললৈ উভতি যাওঁ।
03.57 মনত ৰাখিব যে TestProgram dot java ফাইলটো মই Home ডিৰেক্টৰীত চেভ কৰিছোঁ।
04.03 আৰু এতিয়া মই Home ডিৰেক্টৰীত আছোঁ।
04.07 গতিকে, কমাণ্ড প্ৰম্পটত javac space TestProgram dot java টাইপ কৰক।
04.19 ইয়ে ক’ডখিনি কম্পাইল কৰিব।
04.21 এণ্টাৰ টিপক।
04.25 এতিয়া মই ক’ডখিনি ৰান কৰিম।
04.27 গতিকে java space TestProgram টাইপ কৰি এণ্টাৰ টিপক।
04.35 আমি আউটপুট হিচাপে We have successfully run a java program বুলি পাম।
04.44 দেখা গ’ল যে আমাৰ ইনষ্টলেশ্যন নিখুঁত হৈছে।
04.48 এতিয়া, slides-অলৈ উভতি যাওঁ।
04.51 এতিয়া, জাভা কিয় দৰকাৰী, সেই বিষয়ে ব্যাখ্যা কৰিম।
04.55 জাভা হৈছে সৰল।
04.57 জাভা অবজেক্ট অৰিয়েণ্টেড।
04.59 ই প্লেটফৰ্ম ইণ্ডিপেনেডেণ্ট।
05.01 ই নিৰাপদ।
05.02 জাভাই ভাল ফলাফল দেখুৱায়।
05.04 জাভা হৈছে মাল্টি-থ্ৰেডেড।
05.07 এতিয়া আমি জাভাৰ কিছুমান প্ৰকাৰ আৰু এপ্লিকেশ্যন লক্ষ্য কৰিম।
05.11 -JSP, অৰ্থাৎ জাভা চাৰ্ভাৰ পেজেছ: ই সাধাৰণ HTML টেগ ক’ডৰ ওপৰত ভিত্তি কৰি গঢ় লৈছে।
05.18 JSP-এ ডায়নামিক ৱেব পেজ তৈয়াৰ কৰাত সহায় কৰে।
05.22 -Java Applets: ইয়াক ৱেব এপ্লিকেশ্যনক ইণ্টেৰাকটিভ বৈশিষ্ট্য প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয়।
05.28 -J2EE অথবা Java Enterprise Edition: কোম্পানীবিলাকে J2EE ব্যৱহাৰ কৰে।
05.33 XML ষ্ট্ৰাকচাৰড্‌ ডকুমেণ্ট ট্ৰান্সফাৰ কৰিবলৈ ই উপযোগী।
05.38 -JavaBeans: JavaBeans হৈছে এটা পুনৰ ব্যৱহাৰযোগ্য চফট্‌ৱেৰ উপাদান।
05.43 ইয়াক নতুন আৰু এডভান্সড এপ্লিকেশ্যন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
05.47 -Mobile Java: ইয়াক বিভিন্ন ধৰণৰ মনোৰঞ্জনমূলক আহিলাত ব্যৱহাৰ কৰা হয়, যেনে— মোবাইল ফোন।
05.53 গতিকে, এই টিউটৰিয়েলত আমি শিকিলো—
05.56 চিনাপ্‌টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি JDK ইনষ্টল কৰা।
05.59 এটা জাভা প্ৰগ্ৰাম কম্পাইল আৰু ৰান কৰা।
06.02 জাভা ব্যৱহাৰ কৰাৰ উপযোগিতা।
06.04 জাভাৰ প্ৰকাৰ আৰু এপ্লিকেশ্যন।
06.08 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি এই লিংকত থকা ভিডিঅ চাওক।
06.14 ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে।
06.17 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
06.22 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে
06.24 স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা আদি অনুষ্ঠিত কৰে।
06.27 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
06.30 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org— এই ঠিকনাত লিখক।
06.36 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
06.41 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
06.47 এই মিশ্যন সম্পৰ্কত অধিক তথ্য তলৰ লিংকত পোৱা যাব
06.52 http://spoken-tutorial.org/NMEICT-Intro
06.58 ইয়াতে আমাৰ টিউটৰিয়েলৰ অন্ত পৰিছে।
07.01 এয়া আছিল মৌচুমী মেধী।
07.04 যোগদান কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble