Java/C2/Getting-started-java-Installation/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 জাভাৰ সৈতে আৰম্ভণি: ইনষ্টলেশ্যন সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম।
00:07 এই টিউটৰিয়েলত আমি শিকিম
00:09 চিনাপ্‌টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি JDK ইনষ্টল কৰা সম্পৰ্কে
00:13 জাভা কিয় লাগে? জাভাৰ প্ৰকাৰ আৰু এপ্লিকেশ্যনসমূহ।
00:17 আমি ইয়াত ব্যৱহাৰ কৰিছোঁ
00:19 উবুণ্টু ভাৰচন 11.10 আৰু
00:21 জাভা ডেভেলপমেণ্ট এনভাইৰনমেণ্ট JDK 1.6
00:26 এই টিউটৰিয়েলৰ সৈতে আগবাঢ়িবলৈ আপুনি ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব।
00:31 আপোনাৰ চিষ্টেমত চিনাপ্‌টিক পেকেজ মেনেজাৰ ইনষ্টল হৈ থাকিব লাগিব।
00:35 লগতে আপোনাৰ লিনাক্সত টাৰমিনেল, টেক্সট এডিটৰ আৰু চিনাপ্‌টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰাৰ জ্ঞান থকাটোও দৰকাৰী।
00:43 যদি নাই, তেনেহ’লে spoken-tutorisal.org-অত থকা লিনাক্স সম্পৰ্কীয় স্পকেন টিউটৰিয়েল চাওক।
00:51 এটা জাভা প্ৰগ্ৰাম চলাবলৈ, আমি JDK, অৰ্থাৎ জাভা ডেভেলপমেণ্ট কিট ইনষ্টল কৰিব লাগিব।
00:57 JDK সম্পৰ্কে অধিক জানিবলৈ আপুনি এই লিংকটো চাব পাৰে:
01:02 এতিয়া আমি চিনাপ্‌টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি JDK ইনষ্টল কৰিম।
01:07 ইয়াৰ বাবে, আপোনাৰ ৰুট পাৰমিশ্যন থকা দৰকাৰ হ’ব।
01:10 এটা ৰেপজিটৰী কেনেকৈ নিৰ্বাচন কৰা হয় সেই বিষয়েও আপুনি জানিব লাগিব।
01:14 এই বিষয়ে আগতে উল্লেখ কৰা লিনাক্স টিউটৰিয়েলত ব্যাখ্যা কৰা হৈছে।
01:19 এতিয়া, আপোনাৰ ডেস্কটপৰ বাওঁফালৰ চুকত টাস্কবাৰ দেখা পাব।
01:25 একেবাৰে ওপৰত DashHome দেখা পাব।
01:28 DashHome-অত ক্লিক কৰক।
01:31 চাৰ্চবাৰত Synaptic টাইপ কৰক।
01:35 ইয়াত আপুনি চিনাপ্‌টিক পেকেজ মেনেজাৰ দেখা পাব।
01:38 চিনাপ্‌টিক পেকেজ মেনেজাৰত ক্লিক কৰক।
01:42 অথেণ্টিকেশ্যনৰ বাবে আপোনাক ইয়াত আপোনাৰ পাছৱৰ্ড টাইপ কৰিবলৈ ক’ব।
01:47 গতিকে আপোনৰ পাছৱৰ্ড টাইপ কৰি Authenticate-অত ক্লিক কৰক।
01:56 ইয়ে চিনাপ্‌টিক পেকেজ মেনেজাৰ অপেন কৰিব।
02:03 এতিয়া Quick Filter বাকচত jdk টাইপ কৰক।
02:08 আমি openjdk-6-jdk নামৰ এটা পেকেজ দেখা পাম।
02:13 ইয়াত ৰাইট ক্লিক কৰক আৰু Mark for Installation-অত ক্লিক কৰক।
02:17 তাৰপিছত Apply-ত ক্লিক কৰক।
02:20 চিহ্নিত কৰি থোৱা সলনিসমূহ নিশ্চিত কৰিবলৈ আপোনাক ক’ব।
02:24 গতিকে To be Installed-অত ক্লিক কৰক আৰু তাৰপিছত Apply-ত ক্লিক কৰক।
02:30 ইনষ্টলেশ্যনত অকণমান সময় লাগিব।
02:38 এতিয়া, আমি openjdk-6-jdk অপশ্যনটো সেউজীয়া ৰঙত দেখা পাম।
02:48 এইদৰে আমাৰ ইনষ্টলেশ্যন সম্পূৰ্ণ হ’ল।
02:52 এতিয়া, ইনষ্টেলেশ্যনটো পৰীক্ষা কৰি চাওঁ আহক; ইয়াৰ বাবে কণ্ট্ৰল, অল্ট আৰু T কীকেইটা একেলগে টিপি টাৰমিনেল অপেন কৰক।
03:03 মই ইতিমধ্যেই ইয়াত মোৰ টাৰমিনেল অপেন কৰি থৈছোঁ।
03:06 কমাণ্ড প্ৰম্পটত jave space hyphen version টাইপ কৰি এণ্টাৰ টিপক।
03:15 আমি JDK-ৰ ভাৰচন নাম্বাৰ প্ৰদৰ্শিত হোৱা দেখা পাম।
03:20 আপুনি ব্যৱহাৰ কৰা ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত নিৰ্ভৰ কৰি আপোনৰ ভাৰচন নাম্বাৰ বেলেগ হ’ব পাৰে।
03:26 গতিকে, আপুনি সফলতাৰে JDK ইনষ্টল কৰিলো।
03:30 এতিয়া আমি এটা সহজ জাভা প্ৰগ্ৰাম চলাই ই কাম কৰিছে নে নাই চাম।
03:35 মই ইতিমধ্যেই TestProgram dot java নামেৰে এই ক’ডখিনি চেভ কৰি থৈছোঁ।
03:42 এতিয়া মই এই ক’ডখিনি কম্পাইল কৰি ৰান কৰিম।
03:45 এই ক’ডখিনিয়ে সাধাৰণভাৱে We have successfully run a Java Program on the Terminal বুলি দেখুৱায়।
03:53 এতিয়া আমি টাৰমিনেললৈ উভতি যাওঁ।
03:57 মনত ৰাখিব যে TestProgram dot java ফাইলটো মই Home ডিৰেক্টৰীত চেভ কৰিছোঁ।
04:03 আৰু এতিয়া মই Home ডিৰেক্টৰীত আছোঁ।
04:07 গতিকে, কমাণ্ড প্ৰম্পটত javac space TestProgram dot java টাইপ কৰক।
04:19 ইয়ে ক’ডখিনি কম্পাইল কৰিব।
04:21 এণ্টাৰ টিপক।
04:25 এতিয়া মই ক’ডখিনি ৰান কৰিম।
04:27 গতিকে java space TestProgram টাইপ কৰি এণ্টাৰ টিপক।
04:35 আমি আউটপুট হিচাপে We have successfully run a java program বুলি পাম।
04:44 দেখা গ’ল যে আমাৰ ইনষ্টলেশ্যন নিখুঁত হৈছে।
04:48 এতিয়া, slides-অলৈ উভতি যাওঁ।
04:51 এতিয়া, জাভা কিয় দৰকাৰী, সেই বিষয়ে ব্যাখ্যা কৰিম।
04:55 জাভা হৈছে সৰল।
04:57 জাভা অবজেক্ট অৰিয়েণ্টেড।
04:59 ই প্লেটফৰ্ম ইণ্ডিপেনেডেণ্ট।
05:01 ই নিৰাপদ। জাভাই ভাল ফলাফল দেখুৱায়।
05:04 জাভা হৈছে মাল্টি-থ্ৰেডেড।
05:07 এতিয়া আমি জাভাৰ কিছুমান প্ৰকাৰ আৰু এপ্লিকেশ্যন লক্ষ্য কৰিম।
05:11 -JSP, অৰ্থাৎ জাভা চাৰ্ভাৰ পেজেছ: ই সাধাৰণ HTML টেগ ক’ডৰ ওপৰত ভিত্তি কৰি গঢ় লৈছে।
05:18 JSP-এ ডায়নামিক ৱেব পেজ তৈয়াৰ কৰাত সহায় কৰে।
05:22 -Java Applets: ইয়াক ৱেব এপ্লিকেশ্যনক ইণ্টেৰাকটিভ বৈশিষ্ট্য প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয়।
05:28 -J2EE অথবা Java Enterprise Edition: কোম্পানীবিলাকে J2EE ব্যৱহাৰ কৰে।
05:33 XML ষ্ট্ৰাকচাৰড্‌ ডকুমেণ্ট ট্ৰান্সফাৰ কৰিবলৈ ই উপযোগী।
05:38 -JavaBeans: JavaBeans হৈছে এটা পুনৰ ব্যৱহাৰযোগ্য চফট্‌ৱেৰ উপাদান।
05:43 ইয়াক নতুন আৰু এডভান্সড এপ্লিকেশ্যন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
05:47 -Mobile Java: ইয়াক বিভিন্ন ধৰণৰ মনোৰঞ্জনমূলক আহিলাত ব্যৱহাৰ কৰা হয়, যেনে— মোবাইল ফোন।
05:53 গতিকে, এই টিউটৰিয়েলত আমি শিকিলো—
05:56 চিনাপ্‌টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি JDK ইনষ্টল কৰা।
05:59 এটা জাভা প্ৰগ্ৰাম কম্পাইল আৰু ৰান কৰা।
06:02 জাভা ব্যৱহাৰ কৰাৰ উপযোগিতা।
06:04 জাভাৰ প্ৰকাৰ আৰু এপ্লিকেশ্যন।
06:08 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি এই লিংকত থকা ভিডিঅ চাওক।
06:14 ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে।
06:17 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
06:22 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে
06:24 স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা আদি অনুষ্ঠিত কৰে।
06:27 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
06:30 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org— এই ঠিকনাত লিখক।
06:36 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
06:41 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
06:47 এই মিশ্যন সম্পৰ্কত অধিক তথ্য তলৰ লিংকত পোৱা যাব
06:52 http://spoken-tutorial.org/NMEICT-Intro
06:58 ইয়াতে আমাৰ টিউটৰিয়েলৰ অন্ত পৰিছে।
07:01 এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লভ প্ৰান গুস্বামীয়ে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
07:04 যোগদান কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble