Health-and-Nutrition/C2/Powder-recipes-for-6-to-24-months-old-children/Assamese

From Script | Spoken-Tutorial
Revision as of 14:07, 24 July 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 ৬ৰ পৰা ২৪ মাহৰ শিশুৰ বাবে পুষ্টিকৰ পাউদাৰ বনোৱা বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি বিভিন্ন পুষ্টিকৰ পাউদাৰ বনোৱাৰ বিধি শিকিম যেনে-
00:15 অমাইলেজ পাউদাৰ,
00:17 বীজৰ পাউদাৰ,
00:18 বাদাম আৰু বীজৰ পাউদাৰ,
00:20 বিনৰ পাউদাৰ,
00:22 কাৰি পাতৰ পাউদাৰ,
00:24 ড্ৰামষ্টিক পাতৰ পাউদাৰ
00:27 বিভিন্ন পুষ্টিকৰ পাউদাৰ আছে যাক সহজেই ঘৰত বনাব পাৰি
00:33 আহক এই পুষ্টিকৰ পাউদাৰক বনাবলৈ শিকো
00:38 এই পাউদাৰত পুষ্টি উপাদান থাকে যি শিশুৰ বৃদ্ধি আৰু বিকাশক সমৰ্থন কৰে
00:44 শিশুৰ বয়স ৬ মাহ হোৱাৰ পাছত এই পাউদাৰ দিবলৈ পৰামৰ্শ দিয়া হয়
00:52 যেতিয়াই শিশু এটাক নতুন খাদ্য এবিধ দিয়ে, ইয়াক ৩ বা ৪ দিন একেৰাহে দিব লাগে
01:00 ৩ বা ৪ দিনৰ পাছত, শিশুটোক নতুন খাদ্য এবিধ দিয়ক
01:05 এই খাদ্য দুবিধ মিলাব পাৰি কিন্তু দুয়োবিধ প্ৰথমে পৃথকভাবে দিব লাগিব । আৰু শিশুটোৰ কোনো এলাৰ্জি হ’ব নালাগিব যেনে মুখ আৰু শৰীৰত খ্জুৱতি বা ফোলা
01:20 যেতিয়াই শিশু এটাক এলাৰ্জিযুক্ত নতুন খাদ্য এবিধ দিয়ে যেনে বাদাম, তেতিয়া এটা সৰু অংশৰে আৰম্ভ কৰিব যেনে চামোচ এখনত অকণমান
01:30 ১০ মিনিট অপেক্ষা কৰিব আৰু তেতিয়া ইয়াক লাহে লাহে শিশুটোক খুৱাব
01:35 অনুগ্ৰহ কৰি, শিশুটোৰ খানাত চেনী, নিমখ বা যিকোনো মচলা তাইৰ এবছৰ বয়স নোহোৱালৈকে নিদিব
01:44 এতিয়া আহক আমাৰ প্ৰথম বিধি অমাইলেজ পাউদাৰৰে আৰম্ভ কৰো
01:49 কিন্তু, আহক প্ৰথমে ইয়াৰ লাভৰ বিষয়ে আলোচনা কৰো
01:53 অমাইলেজ হৈছে এটা এনজাইম বা ৰসায়ন যি খাদ্য হজম হ’বলৈ লাগে
01:59 ই শিশুৰ শৰীৰত সীমিত পৰিমাণে উৎপন্ন হয়
02:03 এই পাউদাৰে অতিৰিক্ত অমাইলেজ দিয়ে আৰু পুষ্টিকৰ উপাদান বৃদ্ধি কৰি খাদ্যৰ পৰা শোষণ বঢ়াই
02:12 সেইবাবে, অমাইলেজ সম্পন্ন আটা বা পাউদাৰ শিশু এটাক দিব লাগে
02:18 আহক অমাইলেজ পাউদাৰৰ বিধিটো শিকো
02:22 অমাইলেজ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে- আধা কাপ ঘেঁহু,
02:27 আধা কাপ সেউজীয়া মগু আৰু
02:29 আধা কাপ ৰাগী
02:32 প্ৰণালী: প্ৰথমে, সকলো বস্তুকে পৃথকভাবে পানীত ১০ ঘন্টা ভিজাই ৰাখক
02:39 ভিজাই ৰাখিলে সামগ্ৰিসমূহৰ আদ্ৰতা উন্নত হ’ব
02:42 ১০ ঘন্টাৰ পাছত, সকলো বস্তুকে উলিয়াওঁক
02:46 সিহতক চালনী এখনত থওঁক আৰু সকলো পানী ওলাই যাবলৈ দিয়ক
02:50 তেতিয়া, এটা এটাকৈ, সকলো সামগ্ৰিকে এখন চাফা আৰু সুকান কপাহি কাপোৰত বান্ধক
02:55 গজালি নোলোৱালৈকে তেনেকৈয়ে ৰাখক
02:58 এই প্ৰক্ৰিয়াটোক অংকুৰণ বুলি কোৱা হয়
03:01 মন কৰিব কিছুমান বস্তুৱে অংকুৰিত হ’বলৈ বেছি সময় আৰু কিছুমানে কম সময় ল’ব
03:08 ইয়াত, ৰাগীয়ে বেছি সময় ল’ব আন সামগ্ৰিসমূহতকৈ
03:14 অংকুৰণৰ পাছত সিহতক ৰ’দত এদিন বা দুদিন শুকোৱাওঁক
03:19 শুকোৱাৰ পাছত, সকলো বস্তুকে কম জুইত ভাজক সম্পূৰ্ণ সুকান নোহোৱালৈকে
03:25 মনত ৰাখিব, ভাজোতে, বাৰে বাৰে লৰাই থাকিব
03:30 পাছত, সকলো বস্তুৰে বাকলিবোৰ চাফা হাতৰ মাজত ঘঁহি গুচাই ল’ব
03:36 বাকলিবোৰ গুচোৱাৰ পাছত, সকলো সামগ্ৰিকে মিহলাওঁক
03:41 এতিয়া, এই মিশ্ৰণক মিক্সিত পিচি পাউদাৰ বনাওঁক
03:45 আৰু, অমাইলেজ পাউদাৰ তৈয়াৰ হ’ল
03:48 এই অমাইলেজ পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত জমা কৰক
03:52 শিশুৰ খাদ্য বনাওঁতে অমাইলেজ পাউদাৰ এচামুচ দিব পাৰে
03:59 বা, অমাইলেজ পাউদাৰৰ খিচিৰি বনাব পাৰে
04:03 এচামুচ অমাইলেজ পাউদাৰে প্ৰায় ১৮ কেল’ৰি আৰু ০.৬ গ্ৰাম প্ৰ’টিন দিয়ে
04:10 ১০০ গ্ৰাম অমাইলেজ পাউদাৰে প্ৰায় ৩৬০ কেল’ৰি আৰু ১২ গ্ৰাম প্ৰ’টিন দিয়ে
04:17 অমাইলেজ পাউদাৰত কিছু অনন্য বৈশিষ্ট্য থাকে যি শিশু এটাৰ বাবে বিশেষ হয়
04:23 ই খাদ্যক কম ডাঠ কৰে আৰু শিশু এটাৰ বাবে অধিক সুস্বাদু কৰে
04:28 ই শিশুৰ খাদ্যৰ গধুৰতাক কমায় আৰু শক্তিৰ ঘনত্বক বঢ়ায়
04:34 পাছত, আমি বীজৰ পাউদাৰৰ বিধিটো শিকিম
04:38 এই পাউদাৰত জিংক, ফাইবাৰ, মেগনেচিয়াম আৰু কেলচিয়াম অধিক থাকে
04:44 এই পুষ্টি উপাদানে শিশুটোৰ হাড়ৰ বিকাশত আৰু শক্তিৰ বৃদ্ধিত সহায় কৰে
04:50 লগতে, এই পাউদাৰত ভাল ফেট থাকে যি শিশুৰ মগজু বিকাশত সহায় কৰে
04:57 এই পাউদাৰ বনাবলৈ লগা তিনিবিধ বীজ হৈছে- আধা কাপ ক’লা তিল,
05:03 আধা কাপ শণ বীজ আৰু
05:05 আধা কাপ কেচা ৰঙালাওঁৰ বীজ
05:08 প্ৰণালী: এবিধ এবিধকৈ, সকলো বীজকে সুকানকৈ কম জুইত ৪ৰ পৰা ৫ মিনিট ভাজিব
05:16 ঠাণ্ডা হ’লে, সকলো ভজা বস্তুৰে পাউদাৰ বনাব
05:20 এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
05:23 শিশুৰ খাদ্য খুওঁৱাৰ আগতে এই পাউদাৰৰ এচামুচ খাদ্যত দিব লাগে
05:29 ই ৩০ কেল’ৰি আৰু ২.৭ গ্ৰাম প্ৰ’টিন দিয়ে
05:36 ১০০ গ্ৰাম বীজৰ পাউদাৰে প্ৰায় ৬০০ কেল’ৰি আৰু ৫৫ গ্ৰাম প্ৰ’টিন দিয়ে
05:43 আমাৰ পাছৰ বিধিটো হৈছে বাদাম আৰু বীজৰ পাউদাৰ
05:47 এই পাউদাৰত জিংক, মেগনেচিয়াম, আইৰন আদি খনিজ পদাৰ্থ অধিক থাকে
05:53 এই খনিজ পদাৰ্থই লোহিত ৰক্ত কণিকা উৎপন্ন কৰে
05:57 লগতে, এই পাউদাৰত ভাল ফেট থাকে যি শিশুৰ মগজু বিকাশত সহায় কৰে
06:04 বাদাম আৰু বীজৰ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে-
06:08 আধা কাপ চিনাবাদাম,
06:10 আধা কাপ শুকোৱা নাৰিকল ৰোকা,
06:12 আধা কাপ শণ বীজ আৰু
06:15 আধা কাপ ক’লা তিল
06:18 প্ৰণালী: এবিধ এবিধকৈ, সকলো বীজকে সুকানকৈ মধ্যম জুইত ৪ৰ পৰা ৬ মিনিট ভাজিব
06:26 পাছত, সকলো ভজা বীজক পটাত বা মিক্সিত পিচি পাউদাৰ বনাওঁক
06:33 এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
06:36 শিশুৰ খাদ্য খুওঁৱাৰ আগতে এই পাউদাৰৰ এচামুচ খাদ্যত দিব পাৰে
06:42 ই ২৮ কেল’ৰি আৰু ০.৯ গ্ৰাম প্ৰ’টিন দিয়ে
06:48 ১০০ গ্ৰাম পাউদাৰে প্ৰায় ৬০০ কেল’ৰি আৰু ১৯ গ্ৰাম প্ৰ’টিন দিয়ে
06:56 এতিয়া, আমি বিনৰ পাউদাৰৰ বিধিটো শিকিম
06:59 এই পাউদাৰত পটাচিয়াম, প্ৰ’টিন, ফ’লেত, মেগনেচিয়াম আদি অধিক থাকে
07:05 এই পুষ্টি উপাদানে শিশুটোৰ হাড়ৰ বিকাশত আৰু শক্তিৰ বৃদ্ধিত সহায় কৰে
07:11 সিহত লগতে আমাৰ শৰীৰত লোহিত ৰক্ত কণিকা উৎপন্ন কৰিবলৈ দৰকাৰ
07:16 বিনৰ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে: আধা কাপ সেউজীয়া মগু,
07:22 আধা কাপ শুকোৱা সেউজীয়া মটৰমাহ,
07:24 আধা কাপ চানা আৰু
07:27 আধা কাপ মথ বিন
07:30 প্ৰণালী: প্ৰথমে, সকলো বস্তুকে পৃথকভাবে পানীত ১০ ঘন্টা ভিজাই ৰাখক
07:35 ভিজাই ৰাখিলে সামগ্ৰিসমূহৰ আদ্ৰতা উন্নত হ’ব
07:40 ১০ ঘন্টাৰ পাছত সকলো বস্তুকে উলিয়াওঁক
07:43 সিহতক চালনী এখনত থওঁক আৰু সকলো পানী ওলাই যাবলৈ দিয়ক
07:47 তেতিয়া, এটা এটাকৈ, সকলো বিনকে এখন চাফা আৰু সুকান কপাহি কাপোৰত বান্ধক
07:52 গজালি নোলোৱালৈকে তেনেকৈয়ে ৰাখক
07:55 এই প্ৰক্ৰিয়াটোক অংকুৰণ বুলি কোৱা হয়
07:59 মন কৰিব আমি আগতে আলোচনা কৰাৰ দৰে, প্ৰতিটো সামগ্ৰিৰ বাবে অংকুৰণৰ সময় ভিন্ন হ’ব
08:06 অংকুৰণৰ পাছত, সিহতক ৰ’দত এদিন বা দুদিন শুকোৱাওঁক
08:11 পাছত, সকলো বিনকে মধ্যম জুইত ভাজক সম্পূৰ্ণ সুকান নোহোৱালৈকে
08:17 ভাজোতে, বাৰে বাৰে লৰাই থাকিব
08:20 ই সামগ্ৰিসমূহক জ্বলিবলৈ নিদিব
08:24 ভজাৰ পাছত, সকলো সুকান বিনৰ বাকলিবোৰ চাফা হাতৰ মাজত ঘঁহি গুচাই ল’ব
08:30 এতিয়া সকলো বিনক একেলগে পিচি পাউদাৰ বনাওঁক
08:34 এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
08:38 শিশুৰ খাদ্য বনাওঁতে এই পাউদাৰৰ দুচামুচ খাদ্যত দিব পাৰে
08:43 এই পাউদাৰৰ দুচামুচে ৩৩ কেল’ৰি আৰু ১.৮ গ্ৰাম প্ৰ’টিন দিয়ে
08:49 ১০০ গ্ৰাম পাউদাৰে প্ৰায় ২৫০ কেল’ৰি আৰু ১৫ গ্ৰাম প্ৰ’টিন দিয়ে
08:57 পাছত, আমি কাৰি পাতৰ পাউদাৰৰ বিধিটো শিকিম
09:00 কাৰি পাতত ফাইবাৰ, আইৰণ, কেলচিয়াম আৰু ভিটামিন চি অধিক থাকে
09:06 এই সকলো পুষ্টি উপাদানে হজমত আৰু দাতৰ বিকাশত সহায় কৰে
09:12 লগতে সিহতে শিশুটোৰ নিৰাপত্তা বৃদ্ধি কৰে
09:16 আমাক এই পাউদাৰ বনাবলৈ কাৰি পাত লাগিব
09:19 প্ৰণালি- কাৰি পাতখিনি চাফা পানীত ভালদৰে ধুই লওঁক
09:23 ছাঁত সুকাবলৈ দিয়ক
09:26 এতিয়া, এই শুকোৱা কাৰি পাতৰ পাউদাৰ বনাওঁক আৰু তাক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
09:33 শিশুৰ খাদ্য খুওঁৱাৰ আগতে এই পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ খাদ্যত দিব পাৰে
09:39 ই প্ৰায় ৯ মিলিগ্ৰাম কেলচিয়াম দিয়ে
09:42 ১০০ গ্ৰাম পাউদাৰে ৭০০ মিলিগ্ৰাম কেলচিয়াম দিয়ে
09:48 পাছত, আহক ড্ৰামষ্টিক পাতৰ পাউদাৰ বনাবলৈ শিকো
09:53 এই পাউদাৰত ভাল পৰিমাণৰ কেলচিয়াম, আইৰণ, ভিটামিন চি, ভিটামিন এ, প্ৰ’টিন আৰু চালফাৰ থাকে
10:01 এই পুষ্টি উপাদান শিশুটোৰ আলু বিকাশত আৰু সুস্থ চকুৰ বাবে প্ৰয়োজন
10:07 সিহতে সংক্ৰমণৰ বিৰূদ্ধে যুজ কৰে আৰু শিশুটোৰ শক্তি বৃদ্ধি কৰে
10:12 আমাক এই পাউদাৰ বনাবলৈ ড্ৰামষ্টিক পাত লাগিব
10:17 প্ৰণালি: প্ৰথমে সকলো ড্ৰামষ্টিক পাতক চাফা পানীত ভালদৰে ধুই লওঁক
10:22 এই পাতক ছাঁত সুকাবলৈ দিয়ক
10:25 এতিয়া, সকলো শুকোৱা পাতৰ পাউদাৰ বনাওঁক আৰু ড্ৰামষ্টিক পাতৰ পাউদাৰ তৈয়াৰ হ’ল
10:31 এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
10:33 শিশুৰ খাদ্য খুওঁৱাৰ আগতে এই পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ খাদ্যত দিব পাৰে
10:40 ই প্ৰায় ৫ মিলিগ্ৰাম কেলচিয়াম দিয়ে
10:44 ১০০ গ্ৰাম পাউদাৰে প্ৰায় ৩৫০ মিলিগ্ৰাম কেলচিয়াম দিয়ে
10:50 নিম্নখিনি সদায় মনত ৰাখিব: এই বিধিসমূহ বনাবলৈ স্থানীয় আৰু ঋতু অনুযায়ী বাদাম, বীজ আৰু বিন ব্যৱ্হাৰ কৰিব
10:58 প্ৰতিবিধ খাদ্যত এবিধ বেলেগ পাউদাৰ দিব লাগে
11:01 যেনে; ৰন্ধা খাদ্যত এচামুচ বাদাম বা বীজৰ পাউদাৰ দিব পাৰে
11:08 বা, ৰন্ধা খাদ্যত কাৰি পাতৰ পাউদাৰৰ বা ড্ৰামষ্টিক পাতৰ পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ দিব পাৰে বা
11:14 দুচামুচ বিনৰ পাউদাৰ যাক খাদ্যৰ লগত একেলগে ৰান্ধিব লাগে
11:21 মন কৰিব যে এই টিউট’ৰিয়েলটোত বিধিসমূহ নিম্ন পদ্ধতিৰে বনোৱা হৈছে-
11:26 ভিজোৱা, ভজা আৰু
11:28 অংকুৰণ
11:30 এই পদ্ধতিসমূহে ফাইটিক এচিদক কমাব যি খাদ্যৰ পৰা খনিজ পদাৰ্থ শোষণত বাধা দিয়ে
11:38 আৰু খাদ্যৰ পৰা পোষক পদাৰ্থ শোষণক উন্নত কৰিব
11:42 ইয়াৰ দ্বাৰা আমি এই ৬ৰ পৰা ২৪ মাহৰ শিশুৰ বাবে পুষ্টিকৰ পাউদাৰ বনোৱা বিধিৰ টিউট’ৰিয়েলটোৰ শেষ পালোহি
11:51 এই টিউট’ৰিয়েলটোত, আমি বিভিন্ন পুষ্টিকৰ পাউদাৰ বনোৱাৰ বিধি শিকিলো যেনে:
11:57 অমাইলেজ পাউদাৰ, বীজৰ পাউদাৰ,
12:00 বাদাম আৰু বীজৰ পাউদাৰ,
12:02 বিনৰ পাউদাৰ,
12:04 কাৰি পাতৰ পাউদাৰ আৰু
12:06 ড্ৰামষ্টিক পাতৰ পাউদাৰ
12:08 এই টিউট’ৰিয়েলটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্প, IIT বম্বেয়ে অবদান দিছে
12:14 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
12:25 এই টিউট’ৰিয়েলটোক WHEELS গ্ল’বেল ফাউন্দেচনে এটা উদাৰ অবদানৰ দ্বাৰা আংশিক পুঁজি দিছে
12:32 এই টিউট’ৰিয়েলটো মা আৰু শিশু পোষণ প্ৰকল্পৰ এটা অংশ হয়
12:36 এই টিউট’ৰিয়েলটোৰ বাবে ড’মেইন পৰ্যালোচক হৈছে- ডাঁ ৰুপল দালাল, MD শিশুৰোগ চিকিৎসা আৰু দিপালী ফাৰ্গাদে, পুষ্টিবিজ্ঞানী
12:46 IIT বম্বেৰ পৰা পুষ্টিবিজ্ঞানী ৰজনী চাৱন্ত, এনিমেতৰ আৰ্থি আনবালাগানে আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9