Health-and-Nutrition/C2/Powder-recipes-for-6-to-24-months-old-children/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:01 | ৬ৰ পৰা ২৪ মাহৰ শিশুৰ বাবে পুষ্টিকৰ পাউদাৰ বনোৱা বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:08 | এই টিউট’ৰিয়েলটোত, আমি বিভিন্ন পুষ্টিকৰ পাউদাৰ বনোৱাৰ বিধি শিকিম যেনে- |
| 00:14 | অমাইলেজ পাউদাৰ, |
| 00:17 | বীজৰ পাউদাৰ, |
| 00:19 | বাদাম আৰু বীজৰ পাউদাৰ, |
| 00:22 | বিনৰ পাউদাৰ, |
| 00:24 | কাৰি পাতৰ পাউদাৰ, |
| 00:26 | ড্ৰামষ্টিক পাতৰ পাউদাৰ |
| 00:29 | বিভিন্ন পুষ্টিকৰ পাউদাৰ আছে যাক সহজেই ঘৰত বনাব পাৰি |
| 00:36 | এই পাউদাৰত পুষ্টি উপাদান থাকে যি শিশুৰ বৃদ্ধি আৰু বিকাশক সমৰ্থন কৰে |
| 00:42 | পৰামৰ্শ দিয়া হয় যে |
| 00:44 | এই পাউদাৰ শিশুটোক দিব লাগে যেতিয়া তাইৰ বয়স ৬ মাহ হয় |
| 00:51 | যেতিয়াই শিশু এটাক নতুন পাউদাৰ এবিধ দিয়ে |
| 00:54 | ইয়াক শিশুটোৰ খাদ্যত ৩ বা ৪ দিন একেৰাহে দিব লাগে |
| 00:59 | ৩ বা ৪ দিনৰ পাছত, শিশুটোক নতুন পাউদাৰ এবিধ দিয়ক |
| 01:05 | এই পাউদাৰ দুবিধ মিলাব পাৰি কিন্তু দুয়োবিধ প্ৰথমে পৃথকভাবে দিব লাগিব |
| 01:10 | আৰু শিশুটোৰ কোনো এলাৰ্জি হ’ব নালাগিব যেনে মুখ আৰু শৰীৰত খ্জুৱতি বা ফোলা |
| 01:19 | যেতিয়াই শিশু এটাক এলাৰ্জিযুক্ত নতুন খাদ্য এবিধ দিয়ে যেনে বাদাম, তেতিয়া |
| 01:26 | এটা সৰু অংশৰে আৰম্ভ কৰিব যেনে চামোচ এখনত অকণমান |
| 01:31 | ১০ মিনিট অপেক্ষা কৰিব আৰু তেতিয়া ইয়াক লাহে লাহে শিশুটোক খুৱাব |
| 01:36 | অনুগ্ৰহ কৰি, শিশুটোৰ খানাত নিমখ নিদিব তাইৰ বয়স এবছৰ নোহোৱালৈকে |
| 01:41 | লগতে, চেনী আৰু মিঠৈ নিদিব শিশুটোৰ বয়স দুবছৰ নোহোৱালৈকে |
| 01:47 | এতিয়া আহক এই পুষ্টিকৰ পাউদাৰসমূহক ঘৰত বনাবলৈ শিকো |
| 01:52 | কিন্তু তাৰ আগতে মনত ৰাখিব- |
| 01:54 | এই টিউট’ৰিয়েলটোত বিধিসমূহ বনাবলৈ নিম্ন পদ্ধতিসমূহ ব্যৱ্হাৰ কৰা হৈছে- |
| 02:00 | ভিজোৱা, ভজা |
| 02:03 | অংকুৰণ |
| 02:05 | আৰু ৰন্ধন |
| 02:07 | ৰন্ধনত নিম্ন পদ্ধতিৰ যিকোনো এটা বা মিশ্ৰণ অন্তৰ্ভুক্ত হ’ব পাৰে: |
| 02:12 | শুকানকৈ ভজা |
| 02:14 | ভাপত দিয়া আৰু সিজোৱা |
| 02:17 | এই পদ্ধতিসমূহে খাদ্যত ফাইতেত আৰু অক্সালেতক কমাব যি খাদ্যৰ পৰা খনিজ পদাৰ্থ শোষণত বাধা দিয়ে |
| 02:26 | আৰু খাদ্যৰ পৰা পোষক পদাৰ্থ শোষণক উন্নত কৰিব |
| 02:30 | এতিয়া, আহক আমাৰ প্ৰথম বিধিৰে আৰম্ভ কৰো: |
| 02:33 | অমাইলেজ পাউদাৰ
কিন্তু, আহক প্ৰথমে ইয়াৰ লাভৰ বিষয়ে আলোচনা কৰো |
| 02:39 | অমাইলেজ হৈছে এটা এনজাইম বা ৰসায়ন যি খাদ্য হজম হ’বলৈ লাগে |
| 02:45 | ই শিশুৰ শৰীৰত সীমিত পৰিমাণে উৎপন্ন হয় |
| 02:50 | এই পাউদাৰে অতিৰিক্ত অমাইলেজ দিয়ে আৰু |
| 02:53 | ইয়াক যোগ কৰিলে পুষ্টিকৰ উপাদান বৃদ্ধি কৰি খাদ্যৰ পৰা শোষণ বঢ়াই |
| 02:59 | সেইবাবে, অমাইলেজ সম্পন্ন আটা বা অমাইলেজ পাউদাৰ শিশু এটাক দিব লাগে |
| 03:05 | আহক অমাইলেজ পাউদাৰৰ বিধিটো শিকো |
| 03:08 | অমাইলেজ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে- |
| 03:13 | আধা কাপ ঘেঁহু |
| 03:15 | আধা কাপ সেউজীয়া মগু আৰু |
| 03:17 | আধা কাপ ৰাগী |
| 03:19 | প্ৰণালী: প্ৰথমে, সকলো বস্তুকে পৃথকভাবে পানীত ১০ ঘন্টা ভিজাই ৰাখক |
| 03:25 | ভিজাই ৰাখিলে সামগ্ৰিসমূহৰ আদ্ৰতা উন্নত হ’ব |
| 03:29 | ১০ ঘন্টাৰ পাছত, সকলো বস্তুকে উলিয়াওঁক |
| 03:33 | সিহতক চালনী এখনত থওঁক আৰু সকলো পানী ওলাই যাবলৈ দিয়ক |
| 03:38 | তেতিয়া, এটা এটাকৈ, সকলো সামগ্ৰিকে এখন চাফা আৰু সুকান কপাহি কাপোৰত বান্ধক |
| 03:43 | গজালি নোলোৱালৈকে তেনেকৈয়ে ৰাখক |
| 03:46 | এই প্ৰক্ৰিয়াটোক অংকুৰণ বুলি কোৱা হয় |
| 03:49 | মন কৰিব - |
| 03:51 | কিছুমান বস্তুৱে বেছি সময় আৰু |
| 03:53 | কিছুমানে কম সময় ল’ব অংকুৰিত হ’বলৈ |
| 03:57 | ইয়াত, ৰাগীয়ে বেছি সময় ল’ব আন সামগ্ৰিসমূহতকৈ |
| 04:02 | অংকুৰণৰ পাছত সিহতক ৰ’দত এদিন বা দুদিন শুকোৱাওঁক |
| 04:07 | শুকোৱাৰ পাছত, সকলো বস্তুকে কম জুইত ভাজক সম্পূৰ্ণ সুকান নোহোৱালৈকে |
| 04:14 | মনত ৰাখিব: ভাজোতে, বাৰে বাৰে লৰাই থকাটো দৰকাৰ |
| 04:20 | পাছত, সকলো বস্তুৰে বাকলিবোৰ চাফা হাতৰ মাজত ঘঁহি গুচাই ল’ব |
| 04:26 | বাকলিবোৰ গুচোৱাৰ পাছত, সকলো সামগ্ৰিকে মিহলাওঁক |
| 04:30 | এতিয়া, এই মিশ্ৰণক খুন্দনাত পিচি পাউদাৰ বনাওঁক |
| 04:35 | আৰু, অমাইলেজ পাউদাৰ তৈয়াৰ হ’ল |
| 04:39 | এই অমাইলেজ পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত জমা কৰক |
| 04:43 | শিশুৰ বিভিন্ন খাদ্য বনাওঁতে ৰন্ধাৰ আগত অমাইলেজ পাউদাৰ এচামুচ দিব পাৰে যেনে- |
| 04:49 | ডাঠ ডালি |
| 04:51 | শাক-পাচলিৰ ভৰ্ত্তা আৰু খিচিৰী |
| 04:54 | বা, অমাইলেজ পাউদাৰৰ খিচিৰী বনাব পাৰে |
| 04:59 | এচামুচ অমাইলেজ পাউদাৰে দিয়ে |
| 05:02 | প্ৰায় ১৮ কেল’ৰি আৰু |
| 05:04 | ০.৬ গ্ৰাম প্ৰ’টিন |
| 05:07 | অমাইলেজ পাউদাৰত কিছু অনন্য বৈশিষ্ট্য থাকে যি শিশু এটাৰ বাবে বিশেষ হয় |
| 05:13 | ই খাদ্যক কম ডাঠ কৰে |
| 05:16 | গতিকে, শিশুৰ খাদ্যত অধিক অমাইলেজ পাউদাৰ দিব পাৰি |
| 05:20 | ই শিশুৰ খাদ্যৰ গধুৰতাক কমায় আৰু পুষ্টিৰ ঘনত্বক বঢ়ায় |
| 05:27 | পাছত, আমি বীজৰ পাউদাৰৰ বিধিটো শিকিম |
| 05:31 | এই পাউদাৰত প্ৰচুৰকৈ থাকে জিংক, ফাইবাৰ, |
| 05:35 | মেগনেচিয়াম আৰু কেলচিয়াম |
| 05:38 | এই পুষ্টি উপাদানে শিশুটোৰ হাড়ৰ বিকাশত আৰু শক্তিৰ বৃদ্ধিত সহায় কৰে |
| 05:43 | লগতে, এই পাউদাৰত ভাল ফেট থাকে যি শিশুৰ মগজু বিকাশত সহায় কৰে |
| 05:50 | এই পাউদাৰ বনাবলৈ লগা তিনিবিধ বীজ হৈছে- |
| 05:54 | আধা কাপ ক’লা তিল, |
| 05:57 | আধা কাপ শণ বীজ আৰু |
| 05:59 | আধা কাপ কেচা ৰঙালাওঁৰ বীজ |
| 06:02 | প্ৰণালী: এবিধ এবিধকৈ, সকলো বীজকে সুকানকৈ কম জুইত ৪ৰ পৰা ৫ মিনিট ভাজিব |
| 06:10 | ঠাণ্ডা হ’লে, সকলো ভজা বস্তুৰে পাউদাৰ বনাব |
| 06:14 | এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক |
| 06:18 | শিশুৰ খাদ্য ৰন্ধাৰ আগত এই পাউদাৰৰ এচামুচ খাদ্যত দিব লাগে |
| 06:23 | ই দিব প্ৰায় ৩০ কেল’ৰি আৰু |
| 06:26 | ২.৭ গ্ৰাম প্ৰ’টিন |
| 06:30 | আমাৰ পাছৰ বিধিটো হৈছে বাদাম আৰু বীজৰ পাউদাৰ |
| 06:34 | এই পাউদাৰত খনিজ পদাৰ্থ প্ৰচুৰকৈ থাকে যেনে জিংক, |
| 06:37 | মেগনেচিয়াম, |
| 06:39 | আইৰন, ইত্যাদি |
| 06:41 | এই খনিজ পদাৰ্থই লোহিত ৰক্ত কণিকা উৎপন্ন কৰে |
| 06:46 | লগতে, এই পাউদাৰত ভাল ফেট থাকে যি শিশুৰ মগজু বিকাশত সহায় কৰে |
| 06:53 | বাদাম আৰু বীজৰ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে- |
| 06:58 | আধা কাপ চিনাবাদাম |
| 07:00 | আধা কাপ শুকোৱা নাৰিকল ৰোকা |
| 07:02 | আধা কাপ শণ বীজ আৰু |
| 07:05 | আধা কাপ ক’লা তিল |
| 07:08 | প্ৰণালী: এবিধ এবিধকৈ, সকলো বীজ আৰু বাদামক সুকানকৈ মধ্যম জুইত ৪ৰ পৰা ৬ মিনিট ভাজিব |
| 07:16 | তেতিয়া, সকলো ভজা বীজক পাথৰৰ খুন্দনা বা মিক্সি এটাত পিচি পাউদাৰ বনাওঁক |
| 07:23 | এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক |
| 07:26 | শিশুৰ খাদ্য ৰন্ধাৰ আগত এই পাউদাৰৰ এচামুচ খাদ্যত দিব পাৰি |
| 07:32 | ই দিয়ে প্ৰায় ২৮ কেল’ৰি আৰু |
| 07:35 | ০.৯ গ্ৰাম প্ৰ’টিন |
| 07:38 | এতিয়া, আমি বিনৰ পাউদাৰৰ বিধিটো শিকিম |
| 07:42 | এই পাউদাৰত প্ৰচুৰকৈ থাকে পটাচিয়াম, |
| 07:45 | প্ৰ’টিন, ফ’লেত, |
| 07:47 | মেগনেচিয়াম আদি |
| 07:49 | এই পুষ্টি উপাদানে শিশুটোৰ হাড়ৰ বিকাশত আৰু শক্তিৰ বৃদ্ধিত সহায় কৰে |
| 07:54 | সিহত লগতে আমাৰ শৰীৰত লোহিত ৰক্ত কণিকা উৎপন্ন কৰিবলৈ দৰকাৰ |
| 07:59 | বিনৰ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে: |
| 08:02 | আধা কাপ সেউজীয়া মগু, |
| 08:05 | আধা কাপ শুকোৱা সেউজীয়া মটৰমাহ, |
| 08:07 | আধা কাপ চানা আৰু |
| 08:09 | আধা কাপ মথ বিন |
| 08:11 | প্ৰণালী: প্ৰথমে, সকলো বস্তুকে পৃথকভাবে পানীত ১০ ঘন্টা ভিজাই ৰাখক |
| 08:17 | ভিজাই ৰাখিলে সামগ্ৰিসমূহৰ আদ্ৰতা উন্নত হ’ব |
| 08:20 | ১০ ঘন্টাৰ পাছত সকলো বস্তুকে উলিয়াওঁক |
| 08:23 | সিহতক চালনী এখনত থওঁক আৰু সকলো পানী ওলাই যাবলৈ দিয়ক |
| 08:27 | তেতিয়া, এটা এটাকৈ, সকলো বিনকে এখন চাফা আৰু সুকান কপাহি কাপোৰত বান্ধক |
| 08:32 | গজালি নোলোৱালৈকে তেনেকৈয়ে ৰাখক |
| 08:34 | এই প্ৰক্ৰিয়াটোক অংকুৰণ বুলি কোৱা হয় |
| 08:38 | মন কৰিব আমি আগতে আলোচনা কৰাৰ দৰে, প্ৰতিটো সামগ্ৰিৰ বাবে অংকুৰণৰ সময় ভিন্ন হ’ব |
| 08:45 | অংকুৰণৰ পাছত, সিহতক ৰ’দত এদিন বা দুদিন শুকোৱাওঁক |
| 08:50 | পাছত, সকলো বিনকে মধ্যম জুইত ভাজক সম্পূৰ্ণ সুকান নোহোৱালৈকে |
| 08:55 | ভাজোতে, মাজে মাজে লৰাই থাকিব লাগে |
| 08:59 | ই সামগ্ৰিসমূহক জ্বলিবলৈ নিদিব |
| 09:02 | ভজাৰ পাছত, সকলো সুকান বিনৰ বাকলিবোৰ চাফা হাতৰ মাজত ঘঁহি গুচাই ল’ব |
| 09:09 | এতিয়া সকলো বিনক একেলগে পিচি পাউদাৰ এটা বনাওঁক |
| 09:13 | এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক |
| 09:16 | শিশুৰ খাদ্য বনাওঁতে এই পাউদাৰৰ দুচামুচ খাদ্যত দিব লাগে |
| 09:21 | এই পাউদাৰৰ দুচামুচে দিয়ে |
| 09:23 | প্ৰায় ৩৩ কেল’ৰি আৰু |
| 09:26 | ১.৮ গ্ৰাম প্ৰ’টিন |
| 09:28 | পাছত, আমি কাৰি পাতৰ পাউদাৰৰ বিধিটো শিকিম: |
| 09:32 | কাৰি পাতত প্ৰচুৰকৈ থাকে ফাইবাৰ, |
| 09:34 | আইৰণ, কেলচিয়াম |
| 09:36 | আৰু ভিটামিন চি |
| 09:38 | এই সকলো পুষ্টি উপাদানে হজমত আৰু দাতৰ বিকাশত সহায় কৰে |
| 09:43 | লগতে সিহতে শিশুটোৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে |
| 09:46 | আমাক এই পাউদাৰ বনাবলৈ কাৰি পাত লাগিব |
| 09:49 | প্ৰণালি- কাৰি পাতখিনি চাফা পানীত ভালদৰে ধুই লওঁক |
| 09:53 | ছাঁত সুকাবলৈ দিয়ক |
| 09:55 | তেতিয়া, এই শুকোৱা কাৰি পাতৰ পাউদাৰ এটা বনাওঁক আৰু |
| 09:58 | এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক |
| 10:01 | শিশুৰ খাদ্য ৰন্ধাৰ আগতে এই পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ খাদ্যত দিব পাৰে |
| 10:07 | ই প্ৰায় ৯ মিলিগ্ৰাম কেলচিয়াম দিয়ে |
| 10:10 | পাছত, আহক ড্ৰামষ্টিক পাতৰ পাউদাৰ বনাবলৈ শিকো - |
| 10:15 | এই পাউদাৰত ভাল পৰিমাণে থাকে কেলচিয়াম, |
| 10:18 | আইৰণ, ভিটামিন চি, |
| 10:20 | ভিটামিন এ, প্ৰ’টিন |
| 10:22 | আৰু চালফাৰ |
| 10:23 | এই পুষ্টি উপাদান প্ৰয়োজন হয় শিশুটোৰ আলু বিকাশত |
| 10:27 | আৰু সুস্থ চকুৰ বাবে |
| 10:30 | সিহতে সংক্ৰমণৰ বিৰূদ্ধে যুজ কৰে আৰু শিশুটোৰ শক্তি বৃদ্ধি কৰে |
| 10:35 | আমাক এই পাউদাৰ বনাবলৈ ড্ৰামষ্টিক পাত লাগিব |
| 10:39 | প্ৰণালি: প্ৰথমে সকলো ড্ৰামষ্টিক পাতক চাফা পানীত ভালদৰে ধুই লওঁক |
| 10:45 | এই পাতক ছাঁত সুকাবলৈ দিয়ক |
| 10:47 | এতিয়া, এই শুকোৱা ড্ৰামষ্টিক পাতৰ পাউদাৰ বনাওঁক |
| 10:50 | আৰু এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক |
| 10:54 | শিশুৰ খাদ্য ৰন্ধাৰ আগতে এই পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ খাদ্যত দিব লাগে |
| 10:59 | ই প্ৰায় ৫ মিলিগ্ৰাম কেলচিয়াম দিব |
| 11:03 | ইয়াৰ উপৰিওঁ নিম্নখিনি সদায় মনত ৰাখিব - |
| 11:07 | কাৰি পাতৰ পাউদাৰ আৰু ড্ৰামষ্টিক পাতৰ পাউদাৰ কেলচিয়াম প্ৰচুৰকৈ থকা খাদ্যৰ সৈতে দিব লাগে যেনে- |
| 11:13 | ভজা তিল |
| 11:15 | অংকুৰিত কাবুলী বুট |
| 11:17 | অংকুৰিত ব্ঙালী বুট, আদি |
| 11:20 | শিশুটোৰ ৯ মাহ সম্পূৰ্ণ হ’লে, |
| 11:23 | এই পাউদাৰসমূহ দৈৰ সৈতে দিব পাৰি |
| 11:26 | লগতে, এই পাউদাৰ বিধিসমূহ বনাবলৈ যিকোনো স্থানীয় আৰু ঋতুগত বাদাম, বীজ আৰু বিন ব্যৱ্হাৰ কৰিব পাৰে |
| 11:34 | আপোনাৰ শিশুৰ প্ৰতিবিধ খাদ্যত এই পাউদাৰসমূহ যোগ কৰিবলৈ নাপাহৰিব |
| 11:38 | আৰু প্ৰতিবিধ পাউদাৰ ৰন্ধাৰ আগতে যোগ কৰিব লাগে যিহেতু আহাৰৰ সৈতে পাউদাৰবিধো ৰান্ধিব লাগে |
| 11:47 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা । সংযোগ কৰাৰ বাবে ধন্যবাদ |