Health-and-Nutrition/C2/Importance-of-Magnesium/Assamese

From Script | Spoken-Tutorial
Revision as of 13:12, 22 May 2021 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:00 মেগনেচিয়ামৰ গুৰূত্বৰ বিষয়ে স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
00:09 খনিজ পদাৰ্থসমূহ প্ৰয়োজনীয় পুষ্টিকৰ পদাৰ্থ হিচাবে,
00:12 মেগনেচিয়ামৰ গুৰূত্ব আমাৰ আহাৰত,
00:15 ইয়াৰ অভাৱ হোৱাৰ কাৰণ আৰু লক্ষণসমূহ,
00:20 মেগনেচিয়ামৰ খাদ্যৰ উৎসসমূহ
00:23 আৰু বিভিন্ন বয়সৰ গ্ৰোপচৰ বাবে প্ৰয়োজনীয়তাৰ বিষয়ে
00:27 আহক বুজো খনিজ পদাৰ্থসমূহ কিয় আৱশ্যক হয় আমাৰ আহাৰত
00:32 খনিজ পদাৰ্থসমূহ হৈছে প্ৰয়োজনীয় পুষ্টিকৰ পদাৰ্থ
00:36 আমাক কম পৰিমাণত খনিজ পদাৰ্থসমূহ লাগে ভাল স্বাস্থ্যৰ বাবে
00:42 আমাৰ শৰীৰে খনিজ পদাৰ্থসমূহ নিজে উৎপন্ন নকৰে
00:46 গতিকে সিহতক ল’ব লাগিব আহাৰৰ দ্বাৰা
00:49 খনিজ পদাৰ্থসমূহ দৰকাৰ হয় তেজ গোট মাৰিবলৈ
00:53 সিহতে তেজৰ শৰ্কৰা আৰু তেজৰ চাপ নিয়ন্ট্ৰণত সহায় কৰে
00:57 হিম’গ্ল’বিন আৰু লোহিত ৰক্ত কণিকা উৎপন্ন কৰিবলৈ খনিজ পদাৰ্থসমূহ লাগে
01:03 সিহতে অৰিহনা যোগায় মাংসপেশীৰ সংকোচনত
01:07 আৰু মগজুৰ বিকাশত
01:10 খনিজ পদাৰ্থসমূহ লগতে লাগে অটুত প্ৰতিৰক্ষাৰ বাবে
01:14 আৰু থাইৰইদ হৰম’নচ উৎপন্ন কৰিবলৈ
01:18 মেগনেচিয়াম হৈছে আমাৰ শৰীৰৰ বাবে এটা প্ৰয়োজনীয় খনিজ পদাৰ্থ
01:23 ইয়াক লাগে মাংসপেশীৰ শিথিলকৰণৰ বাবে
01:27 ই সহায় কৰে কেন্দ্ৰীয় স্নায়ু তন্ত্ৰক বাৰ্তাসমূহ পঠাওঁতে আৰু গ্ৰহণ কৰোতে
01:34 এই পুষ্টিকৰ পদাৰ্থ লগতে লাগে স্বাস্থ্যবান হাড় আৰু দাতৰ বাবে
01:40 আমাক লগতে মেগনেচিয়াম লাগে শক্তি উৎপন্ন কৰিবলৈ
01:44 আৰু DNA সংশ্লেষণৰ বাবে
01:47 আহক এই পুষ্টিকৰ পদাৰ্থৰ অভাৱ হোৱাৰ কাৰণ আৰু লক্ষণসমূহ বুজিবলৈ চেষ্টা কৰো
01:55 কিছুমান নিৰ্দিষ্ট কাৰকে মেগনেচিয়ামৰ অভাৱ হোৱাৰ বিপদক বৃদ্ধি কৰে
02:02 তাৰ মাজৰ হৈছে অল্প আহাৰ
02:04 আৰু প্ৰচেচ কৰা খাদ্য খোৱা
02:08 অন্য কাৰকত সংলগ্ন হয় অত্যাধিকভাবে খোৱা এলকহল,
02:13 চাহ আৰু কফি
02:17 মেগনেচিয়ামৰ অপৰ্যাপ্ত শোষণো লগতে জগৰীয়া হয় বৰ্দ্ধিত অভাৱৰ বাবে
02:25 প্ৰেগনেঞ্চিৰ সময়ত, মেগনেচিয়ামৰ প্ৰয়োজন বৃদ্ধি হয়
02:30 এই প্ৰয়োজনক পূৰণ কৰিবলৈ অসমৰ্থ হ’লেওঁ অভাৱ হয়
02:36 মেগনেচিয়ামৰ অভাৱৰ লক্ষণসমূহ হৈছে
02:39 ভোক কমকৈ লগা
02:41 আৰু দুৰ্বলতা
02:43 ই লগতে সংলগ্ন কৰে মুৰৰ বিষ,
02:46 মাইগ্ৰেইন আৰু মাংসপেশীৰ বাধা
02:50 যদি অভাৱ বাহি গৈ থাকে, কোনো লোকে অনুভব কৰিব পাৰে অস্বাভাবিক হৃদস্পন্দন
02:56 কেলছিয়াম আৰু পটাচিয়ামৰ নিম্ন লেভেলচওঁ এটা সম্ভাৱনা হ’ব পাৰে
03:03 মেগনেচিয়ামৰ অভাৱে দ্বিতীয় প্ৰকাৰৰ মধুমেহ হোৱাৰ বিপদক বৃদ্ধি কৰে
03:08 আৰু উচ্চ ৰক্তচাপ
03:11 ই লগতে অষ্টিঅ’প’ৰ’চিচ হোৱাৰ বিপদক বৃদ্ধি কৰে
03:15 আৰু হৃদৰোগসমূহ
03:18 অষ্টিঅ’প’ৰ’চিচ হৈছে এটা অৱস্থা য’ত হাড়ৰ ঘনত্ব কমি যায়
03:24 হাড়বিলাক ঠুনুকা হয় আৰু ভাঙে বা ফাটে
03:30 অষ্টিঅ’প’ৰ’চিচৰ আন লক্ষণসমূহ হৈছে অবনমিত চালচলন,
03:35 উচ্চতা কমা
03:38 আৰু পিঠিৰ বিষ
03:40 অভাৱক ত্যাগ কৰিবলৈ, আমি মেগনেচিয়াম প্ৰচুৰকৈ থকা খাদ্যক আমাৰ আহাৰত সংলগ্ন কৰিব লাগিব
03:47 বিনচ,
03:49 বাদাম, বীজ,
03:52 পাতযুক্ত শাক-পাচলি
03:54 আৰু খাদ্যশস্য হৈছে মেগনেচিয়ামৰ ভাল উৎস
03:59 আহক এই খাদ্যৰ উৎসসমূহত পোৱা পুষ্টিকৰ উপাদানক এবাৰ চাওঁ
04:06 ৩০ গ্ৰাম বিনচত প্ৰায় ৬৪ মিলিগ্ৰাম মেগনেচিয়াম থাকে
04:12 ২ চামোচ বীজত প্ৰায় ১২৩ মিলিগ্ৰাম থাকে
04:19 ১০০ গ্ৰাম পাতযুক্ত শাক-পাচলিত প্ৰায় ১৯৪ মিলিগ্ৰাম থাকে
04:26 ২০ গ্ৰাম বাদামত প্ৰায় ৬১ মিলিগ্ৰাম থাকে
04:31 আৰু ৩০ গ্ৰাম খাদ্যশস্যত প্ৰায় ৮১ মিলিগ্ৰাম থাকে
04:38 যদিওঁ আমি মেগনেচিয়াম আহাৰৰ পৰা পাব পাৰো, তথাপি ইয়াৰ শোষণো লগতে গুৰূত্বপূৰ্ণ
04:44 খাদ্যত থকা ফাইটেতচ আৰু অকজিলেতচে মেগনেচিয়ামৰ শোষণত বাধা দিয়ে
04:51 ফাইবাৰেওঁ লগতে একেটাই প্ৰভাৱ কৰে
04:54 ৰন্ধাৰ আগতে বিনচ ভিজাই ৰাখিলে,
04:57 এই পুষ্টিকৰ পদাৰ্থৰ শোষণক উন্নত কৰে
05:01 একেটাই কৰে কিম্বনে,
05.03 অংকুৰিত কৰাই,
05:05 ৰন্ধনে
05:06 আৰু ভজাই
05:08 মেগনেচিয়াম গ্ৰহণ কৰাৰ পৰামৰ্শ বিভিন্ন বয়সৰ গ্ৰোপচৰ বাবে ভিন্ন হয়:
05:14 ৭৫ মিলিগ্ৰাম ৭ ৰ পৰা ১২ মাহৰ শিশুসমূহৰ বাবে
05:19 ৮০ ৰ পৰা ১৩০ মিলিগ্ৰাম ১ ৰ পৰা ৮ বছৰ বয়সৰ সন্তানৰ বাবে
05:25 ৩৬০ ৰ পৰা ৪০০ মিলিগ্ৰাম কিশোৰসকলৰ বাবে
05:30 ৪০০ মিলিগ্ৰাম ১৮ বা ১৯ বছৰ বয়সৰ গৰ্ভৱতী মহিলাৰ বাবে
05:36 ৩৬০ মিলিগ্ৰাম লাগে ১৮ বা ১৯ বছৰ বয়সৰ স্তনপান কৰোৱা মাকসকলৰ বাবে
05:44 প্ৰাপ্তবয়স্কৰ বাবে, ৩১০ ৰ পৰা ৪০০ মিলিগ্ৰামৰ পৰামৰ্শ দিয়া হৈছে
05:50 গৰ্ভৱতী মহিলাৰ বাবে, ই হৈছে ৩৫০ মিলিগ্ৰাম
05:55 আৰু, স্তনপান কৰোৱা মাকসকলৰ বাবে, ৩১০ মিলিগ্ৰামৰ পৰামৰ্শ দিয়া হৈছে
06:01 এই প্ৰয়োজনীয়তাক পাবলৈ, আপোনাৰ আহাৰত পৰ্যাপ্ত পৰিমাণে মেগনেচিয়াম থকা খাদ্যক সংলগ্ন কৰক
06:07 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9