Health-and-Nutrition/C2/Importance-of-Magnesium/Assamese
From Script | Spoken-Tutorial
|
|
00:00 | মেগনেচিয়ামৰ গুৰূত্বৰ বিষয়ে স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:05 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: |
00:09 | খনিজ পদাৰ্থসমূহ প্ৰয়োজনীয় পুষ্টিকৰ পদাৰ্থ হিচাবে, |
00:12 | মেগনেচিয়ামৰ গুৰূত্ব আমাৰ আহাৰত, |
00:15 | ইয়াৰ অভাৱ হোৱাৰ কাৰণ আৰু লক্ষণসমূহ, |
00:20 | মেগনেচিয়ামৰ খাদ্যৰ উৎসসমূহ |
00:23 | আৰু বিভিন্ন বয়সৰ গ্ৰোপচৰ বাবে প্ৰয়োজনীয়তাৰ বিষয়ে |
00:27 | আহক বুজো খনিজ পদাৰ্থসমূহ কিয় আৱশ্যক হয় আমাৰ আহাৰত |
00:32 | খনিজ পদাৰ্থসমূহ হৈছে প্ৰয়োজনীয় পুষ্টিকৰ পদাৰ্থ |
00:36 | আমাক কম পৰিমাণত খনিজ পদাৰ্থসমূহ লাগে ভাল স্বাস্থ্যৰ বাবে |
00:42 | আমাৰ শৰীৰে খনিজ পদাৰ্থসমূহ নিজে উৎপন্ন নকৰে |
00:46 | গতিকে সিহতক ল’ব লাগিব আহাৰৰ দ্বাৰা |
00:49 | খনিজ পদাৰ্থসমূহ দৰকাৰ হয় তেজ গোট মাৰিবলৈ |
00:53 | সিহতে তেজৰ শৰ্কৰা আৰু তেজৰ চাপ নিয়ন্ট্ৰণত সহায় কৰে |
00:57 | হিম’গ্ল’বিন আৰু লোহিত ৰক্ত কণিকা উৎপন্ন কৰিবলৈ খনিজ পদাৰ্থসমূহ লাগে |
01:03 | সিহতে অৰিহনা যোগায় মাংসপেশীৰ সংকোচনত |
01:07 | আৰু মগজুৰ বিকাশত |
01:10 | খনিজ পদাৰ্থসমূহ লগতে লাগে অটুত প্ৰতিৰক্ষাৰ বাবে |
01:14 | আৰু থাইৰইদ হৰম’নচ উৎপন্ন কৰিবলৈ |
01:18 | মেগনেচিয়াম হৈছে আমাৰ শৰীৰৰ বাবে এটা প্ৰয়োজনীয় খনিজ পদাৰ্থ |
01:23 | ইয়াক লাগে মাংসপেশীৰ শিথিলকৰণৰ বাবে |
01:27 | ই সহায় কৰে কেন্দ্ৰীয় স্নায়ু তন্ত্ৰক বাৰ্তাসমূহ পঠাওঁতে আৰু গ্ৰহণ কৰোতে |
01:34 | এই পুষ্টিকৰ পদাৰ্থ লগতে লাগে স্বাস্থ্যবান হাড় আৰু দাতৰ বাবে |
01:40 | আমাক লগতে মেগনেচিয়াম লাগে শক্তি উৎপন্ন কৰিবলৈ |
01:44 | আৰু DNA সংশ্লেষণৰ বাবে |
01:47 | আহক এই পুষ্টিকৰ পদাৰ্থৰ অভাৱ হোৱাৰ কাৰণ আৰু লক্ষণসমূহ বুজিবলৈ চেষ্টা কৰো |
01:55 | কিছুমান নিৰ্দিষ্ট কাৰকে মেগনেচিয়ামৰ অভাৱ হোৱাৰ বিপদক বৃদ্ধি কৰে |
02:02 | তাৰ মাজৰ হৈছে অল্প আহাৰ |
02:04 | আৰু প্ৰচেচ কৰা খাদ্য খোৱা |
02:08 | অন্য কাৰকত সংলগ্ন হয় অত্যাধিকভাবে খোৱা এলকহল, |
02:13 | চাহ আৰু কফি |
02:17 | মেগনেচিয়ামৰ অপৰ্যাপ্ত শোষণো লগতে জগৰীয়া হয় বৰ্দ্ধিত অভাৱৰ বাবে |
02:25 | প্ৰেগনেঞ্চিৰ সময়ত, মেগনেচিয়ামৰ প্ৰয়োজন বৃদ্ধি হয় |
02:30 | এই প্ৰয়োজনক পূৰণ কৰিবলৈ অসমৰ্থ হ’লেওঁ অভাৱ হয় |
02:36 | মেগনেচিয়ামৰ অভাৱৰ লক্ষণসমূহ হৈছে |
02:39 | ভোক কমকৈ লগা |
02:41 | আৰু দুৰ্বলতা |
02:43 | ই লগতে সংলগ্ন কৰে মুৰৰ বিষ, |
02:46 | মাইগ্ৰেইন আৰু মাংসপেশীৰ বাধা |
02:50 | যদি অভাৱ বাহি গৈ থাকে, কোনো লোকে অনুভব কৰিব পাৰে অস্বাভাবিক হৃদস্পন্দন |
02:56 | কেলছিয়াম আৰু পটাচিয়ামৰ নিম্ন লেভেলচওঁ এটা সম্ভাৱনা হ’ব পাৰে |
03:03 | মেগনেচিয়ামৰ অভাৱে দ্বিতীয় প্ৰকাৰৰ মধুমেহ হোৱাৰ বিপদক বৃদ্ধি কৰে |
03:08 | আৰু উচ্চ ৰক্তচাপ |
03:11 | ই লগতে অষ্টিঅ’প’ৰ’চিচ হোৱাৰ বিপদক বৃদ্ধি কৰে |
03:15 | আৰু হৃদৰোগসমূহ |
03:18 | অষ্টিঅ’প’ৰ’চিচ হৈছে এটা অৱস্থা য’ত হাড়ৰ ঘনত্ব কমি যায় |
03:24 | হাড়বিলাক ঠুনুকা হয় আৰু ভাঙে বা ফাটে |
03:30 | অষ্টিঅ’প’ৰ’চিচৰ আন লক্ষণসমূহ হৈছে অবনমিত চালচলন, |
03:35 | উচ্চতা কমা |
03:38 | আৰু পিঠিৰ বিষ |
03:40 | অভাৱক ত্যাগ কৰিবলৈ, আমি মেগনেচিয়াম প্ৰচুৰকৈ থকা খাদ্যক আমাৰ আহাৰত সংলগ্ন কৰিব লাগিব |
03:47 | বিনচ, |
03:49 | বাদাম, বীজ, |
03:52 | পাতযুক্ত শাক-পাচলি |
03:54 | আৰু খাদ্যশস্য হৈছে মেগনেচিয়ামৰ ভাল উৎস |
03:59 | আহক এই খাদ্যৰ উৎসসমূহত পোৱা পুষ্টিকৰ উপাদানক এবাৰ চাওঁ |
04:06 | ৩০ গ্ৰাম বিনচত প্ৰায় ৬৪ মিলিগ্ৰাম মেগনেচিয়াম থাকে |
04:12 | ২ চামোচ বীজত প্ৰায় ১২৩ মিলিগ্ৰাম থাকে |
04:19 | ১০০ গ্ৰাম পাতযুক্ত শাক-পাচলিত প্ৰায় ১৯৪ মিলিগ্ৰাম থাকে |
04:26 | ২০ গ্ৰাম বাদামত প্ৰায় ৬১ মিলিগ্ৰাম থাকে |
04:31 | আৰু ৩০ গ্ৰাম খাদ্যশস্যত প্ৰায় ৮১ মিলিগ্ৰাম থাকে |
04:38 | যদিওঁ আমি মেগনেচিয়াম আহাৰৰ পৰা পাব পাৰো, তথাপি ইয়াৰ শোষণো লগতে গুৰূত্বপূৰ্ণ |
04:44 | খাদ্যত থকা ফাইটেতচ আৰু অকজিলেতচে মেগনেচিয়ামৰ শোষণত বাধা দিয়ে |
04:51 | ফাইবাৰেওঁ লগতে একেটাই প্ৰভাৱ কৰে |
04:54 | ৰন্ধাৰ আগতে বিনচ ভিজাই ৰাখিলে, |
04:57 | এই পুষ্টিকৰ পদাৰ্থৰ শোষণক উন্নত কৰে |
05:01 | একেটাই কৰে কিম্বনে, |
05.03 | অংকুৰিত কৰাই, |
05:05 | ৰন্ধনে |
05:06 | আৰু ভজাই |
05:08 | মেগনেচিয়াম গ্ৰহণ কৰাৰ পৰামৰ্শ বিভিন্ন বয়সৰ গ্ৰোপচৰ বাবে ভিন্ন হয়: |
05:14 | ৭৫ মিলিগ্ৰাম ৭ ৰ পৰা ১২ মাহৰ শিশুসমূহৰ বাবে |
05:19 | ৮০ ৰ পৰা ১৩০ মিলিগ্ৰাম ১ ৰ পৰা ৮ বছৰ বয়সৰ সন্তানৰ বাবে |
05:25 | ৩৬০ ৰ পৰা ৪০০ মিলিগ্ৰাম কিশোৰসকলৰ বাবে |
05:30 | ৪০০ মিলিগ্ৰাম ১৮ বা ১৯ বছৰ বয়সৰ গৰ্ভৱতী মহিলাৰ বাবে |
05:36 | ৩৬০ মিলিগ্ৰাম লাগে ১৮ বা ১৯ বছৰ বয়সৰ স্তনপান কৰোৱা মাকসকলৰ বাবে |
05:44 | প্ৰাপ্তবয়স্কৰ বাবে, ৩১০ ৰ পৰা ৪০০ মিলিগ্ৰামৰ পৰামৰ্শ দিয়া হৈছে |
05:50 | গৰ্ভৱতী মহিলাৰ বাবে, ই হৈছে ৩৫০ মিলিগ্ৰাম |
05:55 | আৰু, স্তনপান কৰোৱা মাকসকলৰ বাবে, ৩১০ মিলিগ্ৰামৰ পৰামৰ্শ দিয়া হৈছে |
06:01 | এই প্ৰয়োজনীয়তাক পাবলৈ, আপোনাৰ আহাৰত পৰ্যাপ্ত পৰিমাণে মেগনেচিয়াম থকা খাদ্যক সংলগ্ন কৰক |
06:07 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা সংযোগ কৰাৰ বাবে ধন্যবাদ |