Health-and-Nutrition/C2/Calcium-rich-non-vegetarian-recipes/Assamese

From Script | Spoken-Tutorial
Revision as of 13:17, 22 May 2021 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:00 কেলচিয়াম প্ৰচুৰকৈ থকা আমিষ বিধিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি কেলচিয়াম প্ৰচুৰকৈ থকা কিছু আমিষ বিধিৰ বিষয়ে শিকিম
00:12 কেলচিয়াম হৈছে আমাৰ শৰীৰত আটাইতকৈ বেছিকৈ থকা খনিজ দ্ৰব্য
00:17 শৰীৰৰ কেলচিয়ামৰ 99% পোৱা যায় হাড় আৰু দাতত
00:22 বাকীথকা 1% তেজত থাকে
00:27 আমাৰ শৰীৰত কেলচিয়ামৰ ভূমিকাক আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
00:32 এই টিউট’ৰিয়েলচৰ বাবে আমাৰ ওৱেবচাইত চাওঁক
00:35 আহাৰৰ দ্বাৰা ভাল পৰিমাণৰ কেলচিয়াম লোৱাটো দৰকাৰ
00:39 কেলচিয়াম পোৱা যায় কিছু আমিষ খাদ্যত
00:43 উদাহৰণস্বৰূপে: মিছামাছ, লবষ্টাৰ, ব’ম্বে ডাক, শুকান মিছামাছ আৰু শুকান ব’নি মাছ
00:52 কেলচিয়ামৰ অন্য উৎসসমূহ হৈছে গাখীৰ, গাখীৰৰ বস্তু, বাদাম আৰু বীজসমূহ
00:59 কেলচিয়াম লগতে থাকে সেউজীয়া পাতথকা শাক-পাচলিত আৰু কিছু মাহত
01:05 আহক কেলচিয়াম প্ৰচুৰকৈ থকা কিছু আমিষ বিধি চাওঁ
01:09 প্ৰথম বিধিটো হৈছে শুকান মিছামাছৰ কাৰি
01:13 এই বিধি প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব:
01:16 ২০ গ্ৰাম বা ৩ চামোচ শুকান মিছামাছ
01:20 এফাল পিয়াজ, এফাল বিলাহী
01:23 ৩-৪ ফুটা নহৰূ
01:25 এটা নেমুৰ আকাৰৰ তেতেলী
01:27 কাৰি পাত এঠাল
01:30 এই বিধিৰ বাবে লগা মচলাখিনি হৈছে:
01:33 ১/৪ চামোচ হালধী পাউদাৰ
01:35 আধা চামোচ ৰঙা জলকীয়া পাউদাৰ
01:38 আধা চামোচ ধনীয়া পাউদাৰ
01:41 আধা চামোচ সৰিয়হৰ গুটি
01:44 আপোনাক লাগিব ২ চামোচ তেল বা ঘিউ
01:48 আৰু নিমখ সোৱাদ অনুসৰি
01:51 পদ্ধতি:
01:53 শুকান মিছামাছখিনিক ১৫ মিনিট পানীত ভিজাই ৰাখক
01:57 মাজতে, পাত্ৰ এটাত তেল গৰম কৰক
02:00 আৰু সৰিয়হৰ গুটি দিয়ক
02:02 সিহত ফুটিবলৈ ধৰিলে,
02:04 কাৰি পাত আৰু কাটিলোৱা নহৰূ দিয়ক
02:07 তেতিয়া, কাটিলোৱা পিয়াজ দিয়ক
02:10 মিশ্ৰণখিনিক লৰাই থাকক ই পাতল সোণালী ৰঙৰ নোহোৱালৈকে
02:14 পাছ্ত, বিলাহী আৰু মচলাখিনি দিয়্ক
02:17 ইয়াক ভালকৈ মিহলাওঁক
02:19 আধা কাপ পানী দিয়ক
02:22 ইয়াক ২-৩ মিনিট ৰান্ধক
02:24 শুকান মিছামাছখিনিক ছাকনী এখনত কিছু মিনিটৰ বাবে ছাকক
02:29 ইয়াক পাত্ৰটোত মিশ্ৰণখিনিত দিয়ক
02:32 ঢাকনি দিয়ক আৰু নিম্ন জুইত ৫-৬ মিনিট ৰান্ধক
02:36 শুকান মিছামাছৰ কাৰি তৈয়াৰ হ’ল
02:39 এই বিধিৰ এবাতিয়ে প্ৰায় ৮৭৬ মিলিগ্ৰাম কেলচিয়াম দিয়ে
02:45 আমাৰ পাছৰ বিধি হৈছে ব’ম্বে ডাক মাছৰ কাৰি
02:50 ইয়াৰ বাবে, আপোনাক লাগিব: ১৫০ গ্ৰাম ব’ম্বে ডাক মাছ
02:55 এফাল পিয়াজ, ২-৩ ফুটা নহৰূ
02:59 এটা বা দুটা সেউজীয়া জলকীয়া
03:01 ১ চামোচ জীৰা
03:03 আপোনাক লগতে লাগিব: ২ বা ৩ টুকুৰা ক’কম বা শুকান আম বা তেতেলী
03:09 ১/৪ সতেজ নাৰিকল
03:12 এমুঠি ধনীয়া পাত
03:14 আধা চামোচ হালধী পাউদাৰ
03:16 নিমখ সোৱাদ অনুসৰি
03:18 ২ চামোচ তেল বা ঘিউ
03:21 নেমু এফাল মেৰিনেচনৰ বাবে
03:23 পদ্ধতি:
03:25 মাছৰ টুকুৰাখিনি ভালকৈ ধুই চাফা কৰক
03:28 মাছৰ টুকুৰাখিনি মেৰিনেত কৰক নিমখ আৰু নেমু পানীৰে
03:31 ইয়াক এফালে ৰাখক ১৫ ৰ পৰা ৩০ মিনিট
03:35 আহক নাৰিকলৰ গাখীৰ কেনেকৈ প্ৰস্তুত কৰা হয় চাওঁ
03:39 নাৰিকলৰ টুকুৰাখিনিক আধা কাপ কুহুমীয়া গৰম পানীৰ সৈতে পিচক
03:43 নাৰিকলৰ মিশ্ৰণখিনিক ছাকনী এখনত ছাকক
03:46 নাৰিকলৰ গাখীৰখিনি বাতি এটাত লওঁক
03:50 নাৰিকলৰ সিতাখিনিক চাফা হাতেৰে চেপক অধিক গাখীৰ উলিয়াবলৈ
03:55 নাৰিকলৰ সিতাখিনিক মিক্সাৰত থওঁক
03:58 আধা কাপ কুহুমীয়া গৰম পানী দিয়ক আৰু পুনৰ পিচক
04:03 ইয়াক ছাকক । দ্বিতীয়বাৰ বাবে নাৰিকলৰ গাখীৰ উলিয়াওঁক
04:08 পদ্ধতিটো আৰু এবাৰ পুনৰ কৰক
04:11 উলিওঁৱা নাৰিকলৰ গাখীৰখিনি এফালে থওঁক
04:15 নাৰিকলৰ সিতাখিনি পেলাই নিদিব
04:17 মই ইয়াৰ সৈতে কি কৰিব লাগে পাছত ক’ম
04:21 পাছত, পিয়াজ, জলকীয়া, জীৰা, নহৰূ আৰু ধনীয়া পাতক পিচি লওঁক
04:28 অলপ পানী দিয়ক ডাঠ পেষ্ট এটা বনাবলৈ
04:31 পেন এখনত তেল বা ঘিউ গৰম কৰক
04:35 ইয়াত পেষ্টখিনি দিয়্ক
04:37 ইয়াক ২ বা ৩ মিনিট লৰাই থাকক
04:40 কাৰি পাত, ক’কম আৰু হালধী পাউদাৰ দিয়ক
04:44 ভালকৈ মিহলাওঁক
04:46 আধা কাপ পানী দিয়্ক
04:48 মেৰিনেত কৰি থোৱা মাছৰ টুকুৰাখিনি কাৰিত দিয়ক
04:52 পেনক ঢাকক আৰু নিম্ন জুইত ৭ ৰ পৰা ১০ মিনিট ৰান্ধক
04:57 প্ৰস্তুত কৰা নাৰিকলৰ গাখীৰক কাৰিত দিয়্ক আৰু লৰাওঁক
05:01 ২ মিনিট ৰান্ধক আৰু জুই বন্ধ কৰক
05:05 ব’ম্বে ডাক মাছৰ কাৰি তৈয়াৰ হ’ল
05:08 এই কাৰিৰ এবাতিয়ে প্ৰায় ২৮০ মিলিগ্ৰাম কেলচিয়াম দিয়ে
05:14 যদি ব’ম্বে ডাক উপলদ্ধ নহয় তেন্তে আপুনি তলৰ যিকোনো এটা ব্যৱ্হাৰ কৰিব পাৰে:
05:19 টেংগৰা মাছ
05:21 চীৰ মাছ, শিঙৰা মাছ
05:24 ভকুৱা মাছ
05:27 মই নাৰিকলৰ সিতাখিনিৰ বিষয়ে কওঁ যাক আমি আগতে থৈছিলো
05:32 আপুনি ইয়াক ভাজি পেলাই জমা ৰাখিব পাৰে
05:35 এই ভজা নাৰিকলৰ আঁহখিনিক দিব পাৰি কাৰিত
05:38 বা চিলা বেতাৰত
05:41 ইয়াক আনকি বাদাম আৰু বীজৰ সৈতে শুকান চাটনি পাউদাৰ বনাব পাৰি
05:46 ইয়াক ৰুটি আৰু পৰাথাৰ আটাত দিব পাৰি
05:51 ভজা নাৰিকল দিলে আঁহযাতীয় বস্তু আৰু সোৱাদ উন্নত হয়
05:57 আমাৰ তৃতীয় বিধি হৈছে মিছামাছৰ কাৰি
06:00 এই বিধিৰ বাবে, নিম্ন সামগ্ৰীখিনি লওঁক:
06:04 ৮০ গ্ৰাম মিছামাছ
06:06 এফাল মধ্যম পিয়াজ
06:09 এফাল মধ্যম বিলাহী
06:11 ৩ চামোচ তিল
06:14 কেইটামান কাৰি পাত
06:16 এই বিধিৰ বাবে লগা মচলাসমূহ হৈছে:
06:20 আধা চামোচ ৰঙা জলকীয়া পাউদাৰ
06:22 আধা চামোচ হালধী পাউদাৰ
06:25 আধা চামোচ ধনীয়া পাউদাৰ
06:27 আধা চামোচ গৰম মচলা পাউদাৰ
06:30 আপোনাক লাগিব এফাল নেমু,
06:33 নিমখ সোৱাদ অনুসৰি আৰু ২ চামোচ তেল বা ঘিউ
06:37 পদ্ধতি:
06:39 মিছামাছখিনিক ভালকৈ ধুই চাফা কৰক
06:42 মিছামাছখিনিৰ পাছফালে ফালক
06:45 এতিয়া, ইয়াৰ পৰা ক’লা সূতাদাল উলিয়াওঁক
06:48 এই ক’লা সূতাদাল আনফালৰ পৰাওঁ উলিয়াব লাগিব যদি থাকে
06:54 মিছামাছখিনিক মেৰিনেত কৰক নিমখ আৰু নেমু পানীৰে
06:58 ইয়াক এফালে ৰাখক ১৫ ৰ পৰা ৩০ মিনিট
07:02 পাছত, পেন এখনত মধ্যম জুইত তিলখিনিক শুকানকৈ ভাজক
07:07 ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক
07:09 ১ চামোচ তিল বেলেগকৈ ৰাখক সজাবৰ বাবে
07:14 পিয়াজ, বিলাহী আৰু ২ চামোচ ভজা তিলক মিক্সাৰ এটাত পিচক
07:20 ডাঠ পেষ্ট এটা বনাওঁক
07:23 পেন এখনত তেল গৰম কৰক
07:25 কাৰি পাতখিনি আৰু পেষ্টক দিয়ক
07:28 এই মিশ্ৰণক ২ ৰ পৰা ৩ মিনিট ভালকৈ লৰাওঁক
07:32 তেতিয়া, মচলাখিনি দিয়ক আৰু ভালকৈ মিহলাওঁক
07:35 আধা কাপ পানী দিয়্ক আৰু পাচ মিনিট ৰান্ধক
07:40 পাছত, মিছামাছখিনি দিয়ক আৰু ভালকৈ মিহলাওঁক
07:43 পেনখনক ঢাকক আৰু নিম্ন জুইত ১০ মিনিট ৰান্ধক
07:48 ১ চামোচ ভজা তিলৰ সৈতে সজাওঁক
07:52 মিছামাছৰ কাৰি তৈয়াৰ হ’ল
07:54 এবাতি মিছামাছৰ কাৰিয়ে প্ৰায় ২৫০ মিলিগ্ৰাম কেলচিয়াম দিয়ে
08:01 যদি মিছামাছ নাপায়,
08:03 আপুনি লগতে ল’বষ্টাৰ ল’ব পাৰে এই বিধিৰ বাবে
08:07 পাছৰ বিধিটো হৈছে শুকান মাছৰ পাউদাৰ
08:11 আপোনাক লাগিব ১৫ গ্ৰাম বা প্ৰায় ১/৪ কাপ শুকান মাছ
08:17 কিছু কেলচিয়াম প্ৰচুৰকৈ থকা শুকান মাছৰ উদাহৰণ হৈছে:
08:22 ৰিবিন মাছ, কিংগফিছ
08:24 টেংগৰা মাছ ইত্যাদি
08:28 এই বিধিৰ বাবে, আমি ব্যৱ্হাৰ কৰিছো শুকান ব’ম্বে ডাক
08:32 পাউদাৰ বনাবলৈ লগা আন সামগ্ৰীসমূহ হৈছে:
08:36 এটা বা দুটা ৰঙা জলকীয়া
08:38 ৩ বা ৪ ফুটা নহৰূ
08:40 ১ টা নেমুৰ আকাৰৰ তেতেলী
08:43 ১ চামোচ জীৰা
08:45 আৰু নিমখ সোৱাদ অনুসৰি
08:48 শুকান মাছৰ টুকুৰাখিনিক মধ্যম জুইত ২ মিনিট শুকানকৈ ভাজক
08:53 ইয়াক ঠাণ্ডা হ’বলৈ দিয়্ক
08:55 ভজা শুকান মাছ আৰু বাকীথকা সকলো সামগ্ৰীকে খুন্দনা এটাত পিচক
09:01 শুকান মাছৰ পাউদাৰ তৈয়াৰ হ’ল
09:03 আপুনি এই পাউদাৰক আহাৰত এদিনত ২ বা ৩ বাৰ ল’ব পাৰে
09:08 ১/৪ বাতি শুকান মাছৰ পাউদাৰত ২০৮ মিলিগ্ৰাম কেলচিয়াম থাকে
09:14 এই সকলো বিধিসমূহ লগতে এটা ভাল উৎস হয় নিম্ন পুষ্টিকৰ পদাৰ্থসমূহৰ:
09:20 প্ৰ’টিন
09:22 জিংক ফ’লেত
09:25 ফছফৰাচ
09:27 আইৰন অমেগা 3 ফেটি এচিদচ
09:30 এই পুষ্টিকৰ পদাৰ্থসমূহ আমাৰ দৈনিক আহাৰত থকাটো দৰকাৰ ভাল স্বাস্থ্যৰ বাবে
09:36 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9