Health-and-Nutrition/C2/Calcium-rich-non-vegetarian-recipes/Assamese
From Script | Spoken-Tutorial
|
|
00:00 | কেলচিয়াম প্ৰচুৰকৈ থকা আমিষ বিধিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি কেলচিয়াম প্ৰচুৰকৈ থকা কিছু আমিষ বিধিৰ বিষয়ে শিকিম |
00:12 | কেলচিয়াম হৈছে আমাৰ শৰীৰত আটাইতকৈ বেছিকৈ থকা খনিজ দ্ৰব্য |
00:17 | শৰীৰৰ কেলচিয়ামৰ 99% পোৱা যায় হাড় আৰু দাতত |
00:22 | বাকীথকা 1% তেজত থাকে |
00:27 | আমাৰ শৰীৰত কেলচিয়ামৰ ভূমিকাক আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
00:32 | এই টিউট’ৰিয়েলচৰ বাবে আমাৰ ওৱেবচাইত চাওঁক |
00:35 | আহাৰৰ দ্বাৰা ভাল পৰিমাণৰ কেলচিয়াম লোৱাটো দৰকাৰ |
00:39 | কেলচিয়াম পোৱা যায় কিছু আমিষ খাদ্যত |
00:43 | উদাহৰণস্বৰূপে: মিছামাছ, লবষ্টাৰ, ব’ম্বে ডাক, শুকান মিছামাছ আৰু শুকান ব’নি মাছ |
00:52 | কেলচিয়ামৰ অন্য উৎসসমূহ হৈছে গাখীৰ, গাখীৰৰ বস্তু, বাদাম আৰু বীজসমূহ |
00:59 | কেলচিয়াম লগতে থাকে সেউজীয়া পাতথকা শাক-পাচলিত আৰু কিছু মাহত |
01:05 | আহক কেলচিয়াম প্ৰচুৰকৈ থকা কিছু আমিষ বিধি চাওঁ |
01:09 | প্ৰথম বিধিটো হৈছে শুকান মিছামাছৰ কাৰি |
01:13 | এই বিধি প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব: |
01:16 | ২০ গ্ৰাম বা ৩ চামোচ শুকান মিছামাছ |
01:20 | এফাল পিয়াজ, এফাল বিলাহী |
01:23 | ৩-৪ ফুটা নহৰূ |
01:25 | এটা নেমুৰ আকাৰৰ তেতেলী |
01:27 | কাৰি পাত এঠাল |
01:30 | এই বিধিৰ বাবে লগা মচলাখিনি হৈছে: |
01:33 | ১/৪ চামোচ হালধী পাউদাৰ |
01:35 | আধা চামোচ ৰঙা জলকীয়া পাউদাৰ |
01:38 | আধা চামোচ ধনীয়া পাউদাৰ |
01:41 | আধা চামোচ সৰিয়হৰ গুটি |
01:44 | আপোনাক লাগিব ২ চামোচ তেল বা ঘিউ |
01:48 | আৰু নিমখ সোৱাদ অনুসৰি |
01:51 | পদ্ধতি: |
01:53 | শুকান মিছামাছখিনিক ১৫ মিনিট পানীত ভিজাই ৰাখক |
01:57 | মাজতে, পাত্ৰ এটাত তেল গৰম কৰক |
02:00 | আৰু সৰিয়হৰ গুটি দিয়ক |
02:02 | সিহত ফুটিবলৈ ধৰিলে, |
02:04 | কাৰি পাত আৰু কাটিলোৱা নহৰূ দিয়ক |
02:07 | তেতিয়া, কাটিলোৱা পিয়াজ দিয়ক |
02:10 | মিশ্ৰণখিনিক লৰাই থাকক ই পাতল সোণালী ৰঙৰ নোহোৱালৈকে |
02:14 | পাছ্ত, বিলাহী আৰু মচলাখিনি দিয়্ক |
02:17 | ইয়াক ভালকৈ মিহলাওঁক |
02:19 | আধা কাপ পানী দিয়ক |
02:22 | ইয়াক ২-৩ মিনিট ৰান্ধক |
02:24 | শুকান মিছামাছখিনিক ছাকনী এখনত কিছু মিনিটৰ বাবে ছাকক |
02:29 | ইয়াক পাত্ৰটোত মিশ্ৰণখিনিত দিয়ক |
02:32 | ঢাকনি দিয়ক আৰু নিম্ন জুইত ৫-৬ মিনিট ৰান্ধক |
02:36 | শুকান মিছামাছৰ কাৰি তৈয়াৰ হ’ল |
02:39 | এই বিধিৰ এবাতিয়ে প্ৰায় ৮৭৬ মিলিগ্ৰাম কেলচিয়াম দিয়ে |
02:45 | আমাৰ পাছৰ বিধি হৈছে ব’ম্বে ডাক মাছৰ কাৰি |
02:50 | ইয়াৰ বাবে, আপোনাক লাগিব: ১৫০ গ্ৰাম ব’ম্বে ডাক মাছ |
02:55 | এফাল পিয়াজ, ২-৩ ফুটা নহৰূ |
02:59 | এটা বা দুটা সেউজীয়া জলকীয়া |
03:01 | ১ চামোচ জীৰা |
03:03 | আপোনাক লগতে লাগিব: ২ বা ৩ টুকুৰা ক’কম বা শুকান আম বা তেতেলী |
03:09 | ১/৪ সতেজ নাৰিকল |
03:12 | এমুঠি ধনীয়া পাত |
03:14 | আধা চামোচ হালধী পাউদাৰ |
03:16 | নিমখ সোৱাদ অনুসৰি |
03:18 | ২ চামোচ তেল বা ঘিউ |
03:21 | নেমু এফাল মেৰিনেচনৰ বাবে |
03:23 | পদ্ধতি: |
03:25 | মাছৰ টুকুৰাখিনি ভালকৈ ধুই চাফা কৰক |
03:28 | মাছৰ টুকুৰাখিনি মেৰিনেত কৰক নিমখ আৰু নেমু পানীৰে |
03:31 | ইয়াক এফালে ৰাখক ১৫ ৰ পৰা ৩০ মিনিট |
03:35 | আহক নাৰিকলৰ গাখীৰ কেনেকৈ প্ৰস্তুত কৰা হয় চাওঁ |
03:39 | নাৰিকলৰ টুকুৰাখিনিক আধা কাপ কুহুমীয়া গৰম পানীৰ সৈতে পিচক |
03:43 | নাৰিকলৰ মিশ্ৰণখিনিক ছাকনী এখনত ছাকক |
03:46 | নাৰিকলৰ গাখীৰখিনি বাতি এটাত লওঁক |
03:50 | নাৰিকলৰ সিতাখিনিক চাফা হাতেৰে চেপক অধিক গাখীৰ উলিয়াবলৈ |
03:55 | নাৰিকলৰ সিতাখিনিক মিক্সাৰত থওঁক |
03:58 | আধা কাপ কুহুমীয়া গৰম পানী দিয়ক আৰু পুনৰ পিচক |
04:03 | ইয়াক ছাকক । দ্বিতীয়বাৰ বাবে নাৰিকলৰ গাখীৰ উলিয়াওঁক |
04:08 | পদ্ধতিটো আৰু এবাৰ পুনৰ কৰক |
04:11 | উলিওঁৱা নাৰিকলৰ গাখীৰখিনি এফালে থওঁক |
04:15 | নাৰিকলৰ সিতাখিনি পেলাই নিদিব |
04:17 | মই ইয়াৰ সৈতে কি কৰিব লাগে পাছত ক’ম |
04:21 | পাছত, পিয়াজ, জলকীয়া, জীৰা, নহৰূ আৰু ধনীয়া পাতক পিচি লওঁক |
04:28 | অলপ পানী দিয়ক ডাঠ পেষ্ট এটা বনাবলৈ |
04:31 | পেন এখনত তেল বা ঘিউ গৰম কৰক |
04:35 | ইয়াত পেষ্টখিনি দিয়্ক |
04:37 | ইয়াক ২ বা ৩ মিনিট লৰাই থাকক |
04:40 | কাৰি পাত, ক’কম আৰু হালধী পাউদাৰ দিয়ক |
04:44 | ভালকৈ মিহলাওঁক |
04:46 | আধা কাপ পানী দিয়্ক |
04:48 | মেৰিনেত কৰি থোৱা মাছৰ টুকুৰাখিনি কাৰিত দিয়ক |
04:52 | পেনক ঢাকক আৰু নিম্ন জুইত ৭ ৰ পৰা ১০ মিনিট ৰান্ধক |
04:57 | প্ৰস্তুত কৰা নাৰিকলৰ গাখীৰক কাৰিত দিয়্ক আৰু লৰাওঁক |
05:01 | ২ মিনিট ৰান্ধক আৰু জুই বন্ধ কৰক |
05:05 | ব’ম্বে ডাক মাছৰ কাৰি তৈয়াৰ হ’ল |
05:08 | এই কাৰিৰ এবাতিয়ে প্ৰায় ২৮০ মিলিগ্ৰাম কেলচিয়াম দিয়ে |
05:14 | যদি ব’ম্বে ডাক উপলদ্ধ নহয় তেন্তে আপুনি তলৰ যিকোনো এটা ব্যৱ্হাৰ কৰিব পাৰে: |
05:19 | টেংগৰা মাছ |
05:21 | চীৰ মাছ, শিঙৰা মাছ |
05:24 | ভকুৱা মাছ |
05:27 | মই নাৰিকলৰ সিতাখিনিৰ বিষয়ে কওঁ যাক আমি আগতে থৈছিলো |
05:32 | আপুনি ইয়াক ভাজি পেলাই জমা ৰাখিব পাৰে |
05:35 | এই ভজা নাৰিকলৰ আঁহখিনিক দিব পাৰি কাৰিত |
05:38 | বা চিলা বেতাৰত |
05:41 | ইয়াক আনকি বাদাম আৰু বীজৰ সৈতে শুকান চাটনি পাউদাৰ বনাব পাৰি |
05:46 | ইয়াক ৰুটি আৰু পৰাথাৰ আটাত দিব পাৰি |
05:51 | ভজা নাৰিকল দিলে আঁহযাতীয় বস্তু আৰু সোৱাদ উন্নত হয় |
05:57 | আমাৰ তৃতীয় বিধি হৈছে মিছামাছৰ কাৰি |
06:00 | এই বিধিৰ বাবে, নিম্ন সামগ্ৰীখিনি লওঁক: |
06:04 | ৮০ গ্ৰাম মিছামাছ |
06:06 | এফাল মধ্যম পিয়াজ |
06:09 | এফাল মধ্যম বিলাহী |
06:11 | ৩ চামোচ তিল |
06:14 | কেইটামান কাৰি পাত |
06:16 | এই বিধিৰ বাবে লগা মচলাসমূহ হৈছে: |
06:20 | আধা চামোচ ৰঙা জলকীয়া পাউদাৰ |
06:22 | আধা চামোচ হালধী পাউদাৰ |
06:25 | আধা চামোচ ধনীয়া পাউদাৰ |
06:27 | আধা চামোচ গৰম মচলা পাউদাৰ |
06:30 | আপোনাক লাগিব এফাল নেমু, |
06:33 | নিমখ সোৱাদ অনুসৰি আৰু ২ চামোচ তেল বা ঘিউ |
06:37 | পদ্ধতি: |
06:39 | মিছামাছখিনিক ভালকৈ ধুই চাফা কৰক |
06:42 | মিছামাছখিনিৰ পাছফালে ফালক |
06:45 | এতিয়া, ইয়াৰ পৰা ক’লা সূতাদাল উলিয়াওঁক |
06:48 | এই ক’লা সূতাদাল আনফালৰ পৰাওঁ উলিয়াব লাগিব যদি থাকে |
06:54 | মিছামাছখিনিক মেৰিনেত কৰক নিমখ আৰু নেমু পানীৰে |
06:58 | ইয়াক এফালে ৰাখক ১৫ ৰ পৰা ৩০ মিনিট |
07:02 | পাছত, পেন এখনত মধ্যম জুইত তিলখিনিক শুকানকৈ ভাজক |
07:07 | ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক |
07:09 | ১ চামোচ তিল বেলেগকৈ ৰাখক সজাবৰ বাবে |
07:14 | পিয়াজ, বিলাহী আৰু ২ চামোচ ভজা তিলক মিক্সাৰ এটাত পিচক |
07:20 | ডাঠ পেষ্ট এটা বনাওঁক |
07:23 | পেন এখনত তেল গৰম কৰক |
07:25 | কাৰি পাতখিনি আৰু পেষ্টক দিয়ক |
07:28 | এই মিশ্ৰণক ২ ৰ পৰা ৩ মিনিট ভালকৈ লৰাওঁক |
07:32 | তেতিয়া, মচলাখিনি দিয়ক আৰু ভালকৈ মিহলাওঁক |
07:35 | আধা কাপ পানী দিয়্ক আৰু পাচ মিনিট ৰান্ধক |
07:40 | পাছত, মিছামাছখিনি দিয়ক আৰু ভালকৈ মিহলাওঁক |
07:43 | পেনখনক ঢাকক আৰু নিম্ন জুইত ১০ মিনিট ৰান্ধক |
07:48 | ১ চামোচ ভজা তিলৰ সৈতে সজাওঁক |
07:52 | মিছামাছৰ কাৰি তৈয়াৰ হ’ল |
07:54 | এবাতি মিছামাছৰ কাৰিয়ে প্ৰায় ২৫০ মিলিগ্ৰাম কেলচিয়াম দিয়ে |
08:01 | যদি মিছামাছ নাপায়, |
08:03 | আপুনি লগতে ল’বষ্টাৰ ল’ব পাৰে এই বিধিৰ বাবে |
08:07 | পাছৰ বিধিটো হৈছে শুকান মাছৰ পাউদাৰ |
08:11 | আপোনাক লাগিব ১৫ গ্ৰাম বা প্ৰায় ১/৪ কাপ শুকান মাছ |
08:17 | কিছু কেলচিয়াম প্ৰচুৰকৈ থকা শুকান মাছৰ উদাহৰণ হৈছে: |
08:22 | ৰিবিন মাছ, কিংগফিছ |
08:24 | টেংগৰা মাছ ইত্যাদি |
08:28 | এই বিধিৰ বাবে, আমি ব্যৱ্হাৰ কৰিছো শুকান ব’ম্বে ডাক |
08:32 | পাউদাৰ বনাবলৈ লগা আন সামগ্ৰীসমূহ হৈছে: |
08:36 | এটা বা দুটা ৰঙা জলকীয়া |
08:38 | ৩ বা ৪ ফুটা নহৰূ |
08:40 | ১ টা নেমুৰ আকাৰৰ তেতেলী |
08:43 | ১ চামোচ জীৰা |
08:45 | আৰু নিমখ সোৱাদ অনুসৰি |
08:48 | শুকান মাছৰ টুকুৰাখিনিক মধ্যম জুইত ২ মিনিট শুকানকৈ ভাজক |
08:53 | ইয়াক ঠাণ্ডা হ’বলৈ দিয়্ক |
08:55 | ভজা শুকান মাছ আৰু বাকীথকা সকলো সামগ্ৰীকে খুন্দনা এটাত পিচক |
09:01 | শুকান মাছৰ পাউদাৰ তৈয়াৰ হ’ল |
09:03 | আপুনি এই পাউদাৰক আহাৰত এদিনত ২ বা ৩ বাৰ ল’ব পাৰে |
09:08 | ১/৪ বাতি শুকান মাছৰ পাউদাৰত ২০৮ মিলিগ্ৰাম কেলচিয়াম থাকে |
09:14 | এই সকলো বিধিসমূহ লগতে এটা ভাল উৎস হয় নিম্ন পুষ্টিকৰ পদাৰ্থসমূহৰ: |
09:20 | প্ৰ’টিন |
09:22 | জিংক ফ’লেত |
09:25 | ফছফৰাচ |
09:27 | আইৰন অমেগা 3 ফেটি এচিদচ |
09:30 | এই পুষ্টিকৰ পদাৰ্থসমূহ আমাৰ দৈনিক আহাৰত থকাটো দৰকাৰ ভাল স্বাস্থ্যৰ বাবে |
09:36 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা সংযোগ কৰাৰ বাবে ধন্যবাদ |