Blender/C2/Types-of-Windows-Properties-Part-2/Assamese

From Script | Spoken-Tutorial
Revision as of 10:36, 6 July 2015 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Types of Windows Properties Part 2

Time Narration
00:04 নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম।
00:08 এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত প্রোপার্টিস উইন্ডো সম্পর্কে।
00:15 এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে।
00:28 এই টিউটোৰিয়েলটো দেখাৰ পিছত, আমি প্রোপার্টিস উইন্ডো সম্পর্কে শিকিম;
00:35 প্রোপার্টিস উইন্ডোত Scene panel, World panel আৰু Object panel কি;
00:42 প্রোপার্টিস উইন্ডোৰ Scene panel, World panel আৰু Object panel ইয়াৰ বিভিন্ন সেটিংস কি?
00:52 আমি ধৰি লও যে আপোনি ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক উপাদান সম্পর্কে জানে।
00:57 নহলে আমাৰ আগৰ টিউটোৰিয়েল Basic Description of the Blender Interface পড়ক।
01:05 প্রোপার্টিস উইন্ডো আমাৰ স্ক্রিনৰ সো ফালে অবস্থিত।
01:11 আমি প্রোপার্টিস উইন্ডোৰ প্রথম প্যানেল আৰু সেটিংস পূর্ববর্তী টিউটোৰিয়েলতেই দেখা পাইছিলো।
01:17 প্রোপার্টিস উইন্ডোৰ পৰবর্তী প্যানেল চাও।
01:21 ভাল দেখাৰ আৰু বোঝাৰ বাবে, আমি প্রোপার্টিস উইন্ডোৰ আকাৰ সলাব পাৰো।
01:27 প্রোপার্টিস উইন্ডোৰ বাও প্রান্তত বাও ক্লিক কৰক, ধৰি থাকক আৰু বাও ফালে ড্রেগ কৰক।
01:37 এতিয়া আমি বিকল্পবোৰ প্রোপার্টিস উইন্ডোত আৰু স্পষ্টৰুপে দেখিব পাৰো।
01:42 ব্লেন্ডাৰ উইন্ডোৰ আকাৰ কিভাবে পৰিবর্তন কৰে তাক শিকিবলৈ আমাৰ How to Change Window Types in Blender টিউটোৰিয়েলটো চাওক।
01:51 প্রোপার্টিস উইন্ডোৰ উপৰৰ সাৰিৰ দ্বিতীয় আইকনত বাও ক্লিক কৰক। এইটো হল scene প্যানেল।
02:02 Camera হল সক্রিয় ক্যামেৰা যি দৃশ্য ৰেন্ডাৰিং-ইয়াৰ বাবে ব্যবহৃত হয়।
02:08 Units দৃশ্যত বস্তুৰ মাপ নির্ধাৰিত কৰে।
02:14 এইটো ব্লেন্ডাৰত অ্যানিমেশনৰ বাবে খুবেই দৰকাৰী আৰু গুৰুত্বপূর্ণ।
02:20 ডিফল্টৰুপে, Units none আৰু degrees লৈ সেট হৈ গৈছে।
02:26 Metric ত বাও ক্লিক কৰক। এতিয়া আমাৰ দৃশ্যৰ সকলো বস্তু মিটাৰত পৰিমাপ কৰা হব।
02:35 Gravity ইয়াৰ ফালে চাওক।
02:38 লক্ষ্য কৰক যে গ্রেভিটিৰ xyz ইউনিট meters per second square লৈ সলনি হৈ গৈছে।
02:46 যেতিয়া আমি ব্লেন্ডাৰত Physics ব্যবহাৰ কৰি বস্তু এনিমেট কৰো তেতিয়া গ্রেভিটি ব্যবহাৰত আহে।
02:52 আমি এইটো পৰবর্তী টিউটোৰিয়েলত চাম।
02:56 প্রোপার্টিস উইন্ডোৰ উপৰৰ সাৰিৰ তৃতীয় আইকনত বাও ক্লিক কৰক।
03:03 এইটো হল World panel. ইয়াত আমি ব্লেন্ডাৰৰ ওয়ার্ল্ড সেটিংস বা ব্যাকগ্রাউন্ড সেটিংস সলাব পাৰো।
03:12 Blend Skyত বাও ক্লিক কৰক। প্রিভিউ গ্রেডিয়েন্ট ৰংলৈ (gradient colour) সলনি হয়।
03:21 কিন্তু 3D ভিউত একেই দেখায়। সেয়ে আমি কিভাবে জানিম যে ব্যাকগ্রাউন্ড বাস্তবত সলনি হৈছে?
03:30 সক্রিয় ক্যামেৰাভিউ ৰেন্ডাৰ কৰিবলৈ F12 টিপক।
03:36 এতিয়া আমি ব্যাকগ্রাউন্ডত পৰিবর্তন দেখিব পাৰো।
03:40 Render Display বন্ধ কৰক।
03:46 Zenith colourত বাও ক্লিক কৰক। menu পৰা ৰং নির্বাচন কৰক। মী বগা (white) নির্বাচন কৰিছো।
03:58 এতিয়া ব্যাকগ্রাউন্ড কলা আৰু বগা গ্রেডিয়েন্টৰ সৈতে ৰুপান্তৰিত হব।
04:03 World Panel ত অন্যান্য সেটিংস হল - Ambient Occlusion, environment lighting, Indirect lighting, Gather, Mist, Stars.
04:21 এই সেটিংসে ব্লেন্ডাৰত লাইটিং সম্বন্ধে আৰু উন্নত টিউটোৰিয়েলত শিকোৱা হব।
04:29 প্রোপার্টিস উইন্ডোৰ উপৰৰ সাৰিৰ চতুর্থ আইকনত বাও ক্লিক কৰক।
04:37 এইটো হল Object প্যানেল। ইয়াত সক্রিয় বস্তুৰ বাবে সেটিংস আছে।
04:45 ডিফল্টৰুপে, কিউব হল সক্রিয় বস্তু ( active object.)। সেয়ে ইয়াত সকলো সেটিংস কিউবৰ বাবে।
04:54 Transformএ সক্রিয় বস্তুৰ স্থান, ঘূর্ণন আৰু মাপ নির্ধাৰিত কৰে।
05:04 লোকেশনৰ অধিনত X 0 ত বাও ক্লিক কৰক। আপোনাৰ কীবোর্ডত 1 লিখক আৰু enter টিপক।
05:14 কিউব x অক্ষৰ ফালে 1 unit অগোৱাই আহে।
05:20 সেয়ে এইভাবে আমি সক্রিয় বস্তুক গত কৰা, ঘোৰোৱা আৰু মাপৰ বাবে Object প্যানেল ব্যবহাৰ কৰিব পাৰো।
05:28 ব্লেন্ডাৰত keyframes এনিমেট কৰাৰ সময়ত এইটো খুবেই দৰকাৰী।
05:35 3D ভিউত Camera ইয়াৰ উপৰত ৰাইট ক্লিক কৰক।
05:40 লক্ষ্য কৰক যে Object প্যানেলত Transform ইয়াৰ অধিনত স্থান, ঘূর্ণন আৰু মাপৰ(location, rotation and scale) বাবে ইউনিট কিভাবে পৰিবর্তিত হৈছে।
05:50 এইটো হল নির্বাচিত ক্যামেৰাৰ সেটিংস।
05:55 পৰবর্তী সেটিং হল Relations. ইয়াত আমি আমাৰ সক্রিয় বস্তুৰ বাবে layer আৰু parent উল্লিখিত কৰিব পাৰো।
06:07 Layers ইয়াৰ অধিনত second square ত বাও ক্লিক কৰক। ক্যামেৰা এতিয়া লুকাই গৈছে।
06:13 বাস্তবত, এইটো দ্বিতীয় স্তৰলৈ গতি হৈ গৈছে। যিহেতু স্তৰ লুকোৱাত সেই ক্যামেৰাও লুকাই যায়।
06:23 3D ভিউৰ তলত বাঁও কোণত View লৈ যাওক। menu খোলাৰ বাবে বাও ক্লিক কৰক।
06:32 show all layers নির্বাচন কৰক। ক্যামেৰা অকৌ এবাৰ 3D ভিউত দেখা যায়।
06:42 layers খুবেই দৰকাৰী, যেতিয়া এটা দৃশ্যত একাধিক বস্তুৰ সৈতে কাম কৰা হয়।
06:50 Object প্যানেলত Relations ইয়াৰ তলত Parentত বাও ক্লিক কৰক।
06:55 Parent সকলো 3D অ্যানিমেশন সফটওয়্যাৰত ব্যবহৃত সকলতচে গুৰুত্বপূর্ণ অ্যানিমেশন টুল।
07:03 আমি ইয়াৰ ব্যবহাৰ ব্লেন্ডাৰ এনিমেশন টিউটোৰিয়েলত অধিক কৰিম।
07:10 Cube নির্বাচন কৰক।
07:13 ক্যামেৰা কিউবলৈ প্যাৰেন্টেড হৈ গৈছে।
07:16 কিউব প্যাৰেন্টেড অবজেক্ট আৰু ক্যামেৰা চাইল্ড অবজেক্ট। এতিয়া ইয়াৰ অর্থ চাও।
07:24 3D ভিউত কিউব নির্বাচন কৰিবলৈ ৰাইট ক্লিক কৰক।
07:28 Blue Handle ত বাও ক্লিক কৰক। আপোনাৰ মাউস ধৰি থাকক আৰু উপৰ আৰু তললৈ স্থানান্তৰিত কৰক।
07:36 ক্যামেৰা কিউবৰ সৈতে উপৰ আৰু তললৈ স্থানান্তৰিত হয়।
07:44 কিউবৰ বাবে নতুন স্থান নিশ্চিত কৰিবলৈ স্ক্রিনত বাও ক্লিক কৰক।
07:51 3D ভিউত Camera ত ৰাইট ক্লিক কৰক। এতিয়া অবজেক্ট প্যানেলত থকা Parent লৈ উভতি যাওক।
08:02 Parent ত বাও ক্লিক কৰক। আপোনাৰ কীবোর্ডত Backspace টিপক আৰু enter কী টিপক।
08:11 ক্যামেৰা এতিয়া কিউবলৈ প্যাৰেন্টেড নহয়।
08:15 এইটোৱে এবাৰ 3D ভিউত নিজৰ মূল স্হান দেখা দিয়ে, যত কিউব নতুন স্থানতেই থাকে।
08:22 ইয়াৰ মানে হল যে প্যাৰেন্টেড চাইল্ড অবজেক্ট-ইয়াৰ মূল ট্রান্সফর্ম সেটিংসলৈ সলনি নহয়।
08:29 সেয়ে, এই টিউটোৰিয়েলত আমি প্রোপার্টিস উইন্ডোত Scene panel, World panel আৰু Object panel সম্পর্কে শিকিছো।
08:39 বাকি প্যানেলৰ সম্পর্কে পৰবর্তী টিউটোৰিয়েলত শিকিম।
08:45 এতিয়া, আগোৱাই যাওক আৰু নতুন ব্লেন্ড ফাইল তৈয়াৰ কৰক। Scene ইউনিটক metricৰ লৈ সলাওক।
08:52 World কালাৰক Blend sky Red আৰু Black লৈ সলাওক।
08:58 এই প্রকল্পটো আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশনৰ দ্বাৰা সমর্থিত।
09:08 ইয়াৰ উপৰত অধিক তথ্য নিম্ন লিঙ্কত উপলব্ধ oscar.iitb.ac.in আৰু spoken-tutorial.org/NMEICT-Intro.
09:28 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে,
09:30 স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
09:33 যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
09:38 আৰো বিস্তাৰিত জানাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক।
09:45 অংশগ্রহনৰ বাবে ধন্যবাদ।
09:47 এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে। আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। যোগ দানৰ বাবে ধনয়বাদ.

Contributors and Content Editors

Anamika, Mousumi