LibreOffice-Suite-Base/C2/Create-queries-using-Design-View/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | নম্সকাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ আপোনাক স্বাগতম। |
00:04 | এই ট্যুটৰিয়েলত আমি শিকিম, কেনেকৈ |
00:06 | ডিজাইন ভিউ ব্যৱহাৰ কৰি এটা কুৱেৰি (query) তৈয়াৰ কৰা হয়। |
00:10 | কুৱেৰি ডিজাইন উইণ্ড’ত টেবুল যোগ কৰা হয় |
00:13 | ফিল্ড নিৰ্বাচন কৰা হয়
এলিয়াচ (aliases) চেটআপ কৰা হয় চৰ্টিং (sorting) ক্ৰম চেটআপ কৰা হয় আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান মাপ দন্দ দিয়া হয় |
00:23 | ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণ লোৱা যাওক। |
00:29 | এই লাইব্ৰেৰী ডাটাবেছত আমি কিতাপ আৰু সদস্য সম্পৰ্কীয় তথ্য সঞ্চয় কৰি ৰাখিছিলো। |
00:37 | আৰু সদস্য সকললৈ ইছ্যু কৰা কিতাপৰ বিষয়ে জানিবলৈ কৰা এখন টেবুলো আমাৰ আছে। |
00:45 | এতিয়া আমি সদস্যসকললৈ ইছ্যু কৰা সকলো কিতাপৰ এখন তালিকা কৰিবলৈ এটা নতুন কুৱেৰি তৈয়াৰ কৰিম, |
00:54 | অন্য কথাত, সদস্য সকললৈ ইছ্যু কৰা কিতাপৰ এক হিষ্ট্ৰী জেনেৰেট কৰোঁ আহক। |
01:03 | লাইব্ৰেৰী ডাটাবেছটো খোলা যাওক। |
01:07 | বাওঁ পেনেলৰ কুৱেৰিজ আইকনত ক্লিক কৰক। |
01:13 | সোঁ পেনেলৰ Create Query in Design view-ত ক্লিক কৰিম। এতিয়া আমি এখন নতুন উইণ্ড দেখা পাইছোঁ, যাক কুৱেৰি ডিজাইন উইণ্ড’ বুলিও কোৱা হয়। |
01:28 | ওপৰত আমি এখন সৰু পপআপ উইণ্ডও দেখা পাইছোঁ, য’ত কোৱা হৈছে Add Table or Query |
01:39 | ইয়াতে আমি কুৱেৰিৰ বাবে ডাটাৰ উৎস (source)ৰ পৰা বৰ্ণনা দিম। |
01:46 | সদস্য সকললৈ ইছ্যু কৰা কিতাপৰ হিষ্ট্ৰী জেনেৰেট কৰিবলৈ আমাৰ কুৱেৰিৰ বাবে আমাক তিনিওখন টেবুলৰ প্ৰয়োজন হ’ব। |
01:57 | এইটো কৰিবলৈ তালিকাৰ কিতাপৰ টেবুলত ক্লিক কৰিম আৰু তাৰপিছত পপআপ উইণ্ড’ৰ সোঁফালে থকা Add বাটনত ক্লিক কৰিম। |
02:11 | একে ধৰণে Book Issued টেবুল আৰু Members টেবুল যোগ কৰিম। <pause> |
02:19 | এতিয়া আমি দেখা পাইছোঁ যে তিনিওখন টেবুল বেকগ্ৰাউণ্ডৰ কুৱেৰি ডিজাইন উইণ্ড’ত ওলাইছে। |
02:26 | এতিয়া আমি পপআপ উইণ্ডখন বন্ধ কৰি দিওঁ। |
02:31 | ইয়ে কুৱেৰি ডিজাইন উইণ্ড’ক সন্মুখলৈ লৈ আহিব। |
02:39 | লক্ষ্য কৰক যে তিনিওখন টেবুল উইণ্ডখনৰ ওপৰৰ পৰা আধা অংশত আছে |
02:46 | এই টেবুলকেইখনৰ মাজৰ কিছুমান স্পেচ সম্পৰ্কে পৰিচয় কৰোৱা যাওক। |
02:53 | Members টেবুলখনত ক্লিক কৰক, ড্ৰেগ আৰু ড্ৰপ কৰি একেবাৰে সোঁফাললৈ লৈ যোৱা যাওক। |
03:01 | তাৰ পিছত BookIssued টেবুলখন ক্লিক, ড্ৰেগ আৰু ড্ৰপ কৰি মাজলৈ লৈ যাওক। |
03:11 | এতিয়া আমি কিছুমান লাইনে এই টেবুলকেইখন সংযুক্ত কৰা দেখিছোঁ আৰু এইবিলাক হৈছে আমি আগতে স্থাপন কৰা সম্পৰ্ক। |
03:23 | লাইনবিলাকত ডবল ক্লিক কৰি আমি সম্পৰ্কৰ সবিশেষ চাব পাৰোঁ। |
03:30 | এতিয়া কুৱেৰি ডিজাইন উইণ্ডৰ তলৰ আধা অংশ লক্ষ্য কৰোঁ আহক। |
03:37 | এই অংশত বহুতো চেলৰ ৰ’ (rows) আছে। যিহেতু আমি কুৱেৰিটো ডিজাইন কৰিম, আমি এইবোৰ পূৰ্ণ কৰিম। |
03:48 | প্ৰথমতে, আমি Field কলমটো পৰীক্ষা কৰিম। |
03:53 | ৰিজাল্ট চেটত আমি প্ৰদৰ্শন কৰাব বিচৰা ফিল্ডবিলাক চিনাক্ত কৰিবলৈ এইটো কৰা হয়। |
04:01 | এইটো কৰিবলৈ আমি প্ৰথমতে উইণ্ডখনৰ ওপৰৰ আধা অংশত থকা Books টেবুলৰ Title ফিল্ডত ডবল ক্লিক কৰিম। |
04:12 | তাৰপিছত Members টেবুলৰ Name ফিল্ডত। |
04:17 | আৰু তাৰপিছত BookIssued টেবুলৰ Issue Date ফিল্ডত। |
04:24 | তাৰপিছত Return Date, Actual return date আৰু একেবাৰে শেষত Checked in ফিল্ডত ডবল ক্লিক কৰিম। |
04:34 | প্ৰথম ৰ’ত উইণ্ডখনৰ তলৰ আধা অংশত এই ফিল্ডবিলাক লক্ষ্য কৰক। |
04:44 | তৃতীয় ৰ’ত সম্পৰ্কিত টেবুলৰ নামবিলাকো লক্ষ্য কৰক। |
04:50 | ইয়াৰ পিছত, দ্বিতীয় ৰ’ত থকা Alias লক্ষ্য কৰক। |
04:57 | ইয়াত আমি নিৰ্বাচিত ফিল্ডৰ বৰ্ণনাত্মক নাম ভৰ্তি কৰিব পাৰোঁ। |
05:04 | গতিকে, ছবিখনত দেখুওৱাৰ দৰে Alias টাইপ কৰোঁ আহক। <pause> |
05:11 | Alias-অৰ কামখিনি সম্পূৰ্ণ হ’ল। |
05:15 | ইয়াৰ পিছত, Sort ইয়াক মন কৰক। |
05:21 | ইয়াত আমি ৰিজাল্ট চেটৰ ক্ৰমটো নিৰ্ধাৰণ কৰি দিব পাৰোঁ। |
05:26 | যিহেতু আমাক ইছ্যু কৰা কিতাপৰ এটা হিষ্ট্ৰী লাগে, আমি ইয়াক সময়ানুক্ৰমিকভাৱে সজাম। |
05:34 | ইয়াৰ অৰ্থ হৈছে, ৰিজাল্টবোৰ আমি ইছ্যু কৰা তাৰিখ অনুযায়ী এছেণ্ডিং (ascending) ক্ৰমত সজাম। |
05:43 | ইয়াৰ বাবে, IssueDate ফিল্ডৰ অধীনত থকা Sort ৰ ৰ' খালী চেলত ক্লিক কৰিম। এতিয়া Ascending-অত ক্লিক কৰোঁ আহক। |
05:56 | ঠিক আছে, পৰৱৰ্তী Visible ৰ’টোলৈ যোৱা যাওক। |
06:02 | ইয়াত আমি নিৰ্বাচন কৰা ফিল্ডবিলাক checking বা unchecking কৰি সেইবিলাকৰ ভিজিবিলিটি চেট কৰিব পাৰোঁ। |
06:11 | লক্ষ্য কৰক যে ডিফল্ট হিচাপে এই সকলোবিলাক checked হৈ আছে। |
06:17 | ইয়াৰ পিছত আমি Functionৰ ৰ’টোলৈ যাম। কমপ্লেক্স কুৱেৰি তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।
এতিয়াৰ বাবে আমি এইটো এৰাই যাম। |
06:27 | আৰু এতিয়া আমি Criterion ইয়ালৈ যাম। |
06:32 | ইয়াত আমি ৰিজাল্ট চেটটো চিম্পল অথবা কমপ্লেক্স মাপ দন্দ হিচাপে সীমাবদ্ধ কৰিব পাৰোঁ। |
06:40 | উদাহৰণ স্বৰূপে, আমি সেইবোৰ কিতাপৰ বাবে কুৱেৰি কৰিব পাৰোঁ, যিবোৰ ইছ্যু কৰা হ’ল কিন্তু সদস্যসকলে ঘূৰাই দিয়া নাই। |
06:49 | ইয়াৰ অৰ্থ হ’ল, অকল সেইবিলাক, যিবিলাক ঘূৰি অহা নাই। |
06:54 | গতিকে, CheckedIn ফিল্ডৰ অধীনৰ এই ৰ’ৰ খালী চেলত ক্লিক কৰোঁ আৰু Equals Zero বুলি টাইপ কৰোঁ। |
07:06 | হৈ গ’ল, এতিয়া এই কুৱেৰিটো চলাওঁ আহক। |
07:10 | আমি কিবৰ্দৰ শ্বৰ্টকাট F5 ব্যৱহাৰ কৰিব পাৰোঁ অথবা উইণ্ডখনৰ ওপৰত থকা Edit মেনুত ক্লিক কৰক আৰু তাৰ পিছত একেবাৰে তলত থকা Run Query-ত ক্লিক কৰক। |
07:27 | উইণ্ডখনৰ ওপৰৰ আধা অংশত কিছুমান ডাটা দেখা পাইছেনে? |
07:32 | এইবিলাক হৈছে আপোনাৰ কুৱেৰিৰ ৰিজাল্ট। |
07:36 | লক্ষ্য কৰক যে আমি ইছ্যু কৰা তাৰিখ অনুযায়ী সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ এটা হিষ্ট্ৰী দেখা পাইছোঁ। আৰু লক্ষ্য কৰক যে ইয়াৰ এখনো কিতাপ ঘূৰি অহা নাই। |
07:51 | এতিয়া আমি তলত থকা কুৱেৰি ডিজাইন এলেকালৈ যাব পাৰোঁ আৰু আমি বিচৰা ধৰণে ইয়াক সাল-সলনি কৰিব পাৰোঁ। |
08:00 | উদাহৰণ হিচাপে, আমি Checked In ক্ৰাইটেৰিয়ন গুচাই দিওঁ আহক। <pause> |
08:07 | এতিয়া F5 টিপি কুৱেৰিটো আকৌ চলাই দিওঁ আহক। |
08:15 | এইবাৰ আমি কুৱেৰিটোৰ পৰা অহা ডাটাৰ এখন দীঘল তালিকা দেখা পাম। |
08:23 | ইয়াৰ পিছত কণ্ট্ৰল S টিপি কুৱেৰিটো চেভ কৰিম। ইয়ে এখন সৰু পপআপ উইণ্ড খোল খুৱাব। |
08:34 | ইয়াত আমাৰ কুৱেৰিটোৰ বাবে এটা বৰ্ণনাত্মক নাম দিম। |
08:38 | গতিকে টাইপ কৰিম— History of Books Issued to Members। |
08:46 | আৰু তাৰপিছত OK বাটন টিপিম আৰু উইণ্ডখন বন্ধ কৰিম। |
08:52 | মেইন বেছ ইউণ্ডত কুৱেৰি নামত ডবল ক্লিক কৰি এই চেভ কৰা কুৱেৰিটো খুলিব পাৰি। |
09:01 | গতিকে দেখা গ’ল যে ডিজাইন ভিউ ব্যৱহাৰ কৰি আমি সফলতাৰে এটা কুৱেৰি তৈয়াৰ কৰিলো। |
09:09 | আপোনাৰ বাবে এটা এচাইনমেণ্ট: |
09:12 | নিশা শৰ্মা নামৰ সদস্যগৰাকীলৈ ইছ্যু কৰা কিতাপৰ এখন তালিকা জেনেৰেট কৰক। তালিকাখন ইছ্যু কৰা তাৰিখ অনুযায়ী সময়ানুক্ৰমিক হ’ব লাগিব। |
09:24 | এইখিনিতে লিবাৰ অফিচ বেছত Creating Queries in Design View সম্পৰ্কীয় ট্যুটৰিয়েলটো অন্ত পৰিছে। |
09:31 | সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ: |
09:33 | ডিজাইন ভিউ ব্যৱহাৰ কৰি এটা কুৱেৰি (query) তৈয়াৰ কৰা হয়। কুৱেৰি ডিজাইন উইণ্ড’ত টেবুল যোগ কৰা হয়. ফিল্ড নিৰ্বাচন কৰা হয় |
09:41 | এলিয়াচ (aliases) চেটআপ কৰা হয়
চৰ্টিং (sorting) ক্ৰম চেটআপ কৰা হয় আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান ক্ৰাইটেৰিয়া দিয়া হয় |
09:49 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব। |
10:10 | এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে. এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা । অংশগ্ৰহণৰ বাবে ধন্যবাদ। |