LibreOffice-Suite-Base/C2/Create-queries-using-Design-View/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নম্সকাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ আপোনাক স্বাগতম।
00:04 এই ট্যুটৰিয়েলত আমি শিকিম, কেনেকৈ
00:06 ডিজাইন ভিউ ব্যৱহাৰ কৰি এটা কুৱেৰি (query) তৈয়াৰ কৰা হয়।
00:10 কুৱেৰি ডিজাইন উইণ্ড’ত টেবুল যোগ কৰা হয়
00:13 ফিল্ড নিৰ্বাচন কৰা হয়

এলিয়াচ (aliases) চেটআপ কৰা হয় চৰ্টিং (sorting) ক্ৰম চেটআপ কৰা হয় আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান মাপ দন্দ দিয়া হয়

00:23 ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণ লোৱা যাওক।
00:29 এই লাইব্ৰেৰী ডাটাবেছত আমি কিতাপ আৰু সদস্য সম্পৰ্কীয় তথ্য সঞ্চয় কৰি ৰাখিছিলো।
00:37 আৰু সদস্য সকললৈ ইছ্যু কৰা কিতাপৰ বিষয়ে জানিবলৈ কৰা এখন টেবুলো আমাৰ আছে।
00:45 এতিয়া আমি সদস্যসকললৈ ইছ্যু কৰা সকলো কিতাপৰ এখন তালিকা কৰিবলৈ এটা নতুন কুৱেৰি তৈয়াৰ কৰিম,
00:54 অন্য কথাত, সদস্য সকললৈ ইছ্যু কৰা কিতাপৰ এক হিষ্ট্ৰী জেনেৰেট কৰোঁ আহক।
01:03 লাইব্ৰেৰী ডাটাবেছটো খোলা যাওক।
01:07 বাওঁ পেনেলৰ কুৱেৰিজ আইকনত ক্লিক কৰক।
01:13 সোঁ পেনেলৰ Create Query in Design view-ত ক্লিক কৰিম। এতিয়া আমি এখন নতুন উইণ্ড দেখা পাইছোঁ, যাক কুৱেৰি ডিজাইন উইণ্ড’ বুলিও কোৱা হয়।
01:28 ওপৰত আমি এখন সৰু পপআপ উইণ্ডও দেখা পাইছোঁ, য’ত কোৱা হৈছে Add Table or Query
01:39 ইয়াতে আমি কুৱেৰিৰ বাবে ডাটাৰ উৎস (source)ৰ পৰা বৰ্ণনা দিম।
01:46 সদস্য সকললৈ ইছ্যু কৰা কিতাপৰ হিষ্ট্ৰী জেনেৰেট কৰিবলৈ আমাৰ কুৱেৰিৰ বাবে আমাক তিনিওখন টেবুলৰ প্ৰয়োজন হ’ব।
01:57 এইটো কৰিবলৈ তালিকাৰ কিতাপৰ টেবুলত ক্লিক কৰিম আৰু তাৰপিছত পপআপ উইণ্ড’ৰ সোঁফালে থকা Add বাটনত ক্লিক কৰিম।
02:11 একে ধৰণে Book Issued টেবুল আৰু Members টেবুল যোগ কৰিম। <pause>
02:19 এতিয়া আমি দেখা পাইছোঁ যে তিনিওখন টেবুল বেকগ্ৰাউণ্ডৰ কুৱেৰি ডিজাইন উইণ্ড’ত ওলাইছে।
02:26 এতিয়া আমি পপআপ উইণ্ডখন বন্ধ কৰি দিওঁ।
02:31 ইয়ে কুৱেৰি ডিজাইন উইণ্ড’ক সন্মুখলৈ লৈ আহিব।
02:39 লক্ষ্য কৰক যে তিনিওখন টেবুল উইণ্ডখনৰ ওপৰৰ পৰা আধা অংশত আছে
02:46 এই টেবুলকেইখনৰ মাজৰ কিছুমান স্পেচ সম্পৰ্কে পৰিচয় কৰোৱা যাওক।
02:53 Members টেবুলখনত ক্লিক কৰক, ড্ৰেগ আৰু ড্ৰপ কৰি একেবাৰে সোঁফাললৈ লৈ যোৱা যাওক।
03:01 তাৰ পিছত BookIssued টেবুলখন ক্লিক, ড্ৰেগ আৰু ড্ৰপ কৰি মাজলৈ লৈ যাওক।
03:11 এতিয়া আমি কিছুমান লাইনে এই টেবুলকেইখন সংযুক্ত কৰা দেখিছোঁ আৰু এইবিলাক হৈছে আমি আগতে স্থাপন কৰা সম্পৰ্ক।
03:23 লাইনবিলাকত ডবল ক্লিক কৰি আমি সম্পৰ্কৰ সবিশেষ চাব পাৰোঁ।
03:30 এতিয়া কুৱেৰি ডিজাইন উইণ্ডৰ তলৰ আধা অংশ লক্ষ্য কৰোঁ আহক।
03:37 এই অংশত বহুতো চেলৰ ৰ’ (rows) আছে। যিহেতু আমি কুৱেৰিটো ডিজাইন কৰিম, আমি এইবোৰ পূৰ্ণ কৰিম।
03:48 প্ৰথমতে, আমি Field কলমটো পৰীক্ষা কৰিম।
03:53 ৰিজাল্ট চেটত আমি প্ৰদৰ্শন কৰাব বিচৰা ফিল্ডবিলাক চিনাক্ত কৰিবলৈ এইটো কৰা হয়।
04:01 এইটো কৰিবলৈ আমি প্ৰথমতে উইণ্ডখনৰ ওপৰৰ আধা অংশত থকা Books টেবুলৰ Title ফিল্ডত ডবল ক্লিক কৰিম।
04:12 তাৰপিছত Members টেবুলৰ Name ফিল্ডত।
04:17 আৰু তাৰপিছত BookIssued টেবুলৰ Issue Date ফিল্ডত।
04:24 তাৰপিছত Return Date, Actual return date আৰু একেবাৰে শেষত Checked in ফিল্ডত ডবল ক্লিক কৰিম।
04:34 প্ৰথম ৰ’ত উইণ্ডখনৰ তলৰ আধা অংশত এই ফিল্ডবিলাক লক্ষ্য কৰক।
04:44 তৃতীয় ৰ’ত সম্পৰ্কিত টেবুলৰ নামবিলাকো লক্ষ্য কৰক।
04:50 ইয়াৰ পিছত, দ্বিতীয় ৰ’ত থকা Alias লক্ষ্য কৰক।
04:57 ইয়াত আমি নিৰ্বাচিত ফিল্ডৰ বৰ্ণনাত্মক নাম ভৰ্তি কৰিব পাৰোঁ।
05:04 গতিকে, ছবিখনত দেখুওৱাৰ দৰে Alias টাইপ কৰোঁ আহক। <pause>
05:11 Alias-অৰ কামখিনি সম্পূৰ্ণ হ’ল।
05:15 ইয়াৰ পিছত, Sort ইয়াক মন কৰক।
05:21 ইয়াত আমি ৰিজাল্ট চেটৰ ক্ৰমটো নিৰ্ধাৰণ কৰি দিব পাৰোঁ।
05:26 যিহেতু আমাক ইছ্যু কৰা কিতাপৰ এটা হিষ্ট্ৰী লাগে, আমি ইয়াক সময়ানুক্ৰমিকভাৱে সজাম।
05:34 ইয়াৰ অৰ্থ হৈছে, ৰিজাল্টবোৰ আমি ইছ্যু কৰা তাৰিখ অনুযায়ী এছেণ্ডিং (ascending) ক্ৰমত সজাম।
05:43 ইয়াৰ বাবে, IssueDate ফিল্ডৰ অধীনত থকা Sort ৰ ৰ' খালী চেলত ক্লিক কৰিম। এতিয়া Ascending-অত ক্লিক কৰোঁ আহক।
05:56 ঠিক আছে, পৰৱৰ্তী Visible ৰ’টোলৈ যোৱা যাওক।
06:02 ইয়াত আমি নিৰ্বাচন কৰা ফিল্ডবিলাক checking বা unchecking কৰি সেইবিলাকৰ ভিজিবিলিটি চেট কৰিব পাৰোঁ।
06:11 লক্ষ্য কৰক যে ডিফল্ট হিচাপে এই সকলোবিলাক checked হৈ আছে।
06:17 ইয়াৰ পিছত আমি Functionৰ ৰ’টোলৈ যাম। কমপ্লেক্স কুৱেৰি তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

এতিয়াৰ বাবে আমি এইটো এৰাই যাম।

06:27 আৰু এতিয়া আমি Criterion ইয়ালৈ যাম।
06:32 ইয়াত আমি ৰিজাল্ট চেটটো চিম্পল অথবা কমপ্লেক্স মাপ দন্দ হিচাপে সীমাবদ্ধ কৰিব পাৰোঁ।
06:40 উদাহৰণ স্বৰূপে, আমি সেইবোৰ কিতাপৰ বাবে কুৱেৰি কৰিব পাৰোঁ, যিবোৰ ইছ্যু কৰা হ’ল কিন্তু সদস্যসকলে ঘূৰাই দিয়া নাই।
06:49 ইয়াৰ অৰ্থ হ’ল, অকল সেইবিলাক, যিবিলাক ঘূৰি অহা নাই।
06:54 গতিকে, CheckedIn ফিল্ডৰ অধীনৰ এই ৰ’ৰ খালী চেলত ক্লিক কৰোঁ আৰু Equals Zero বুলি টাইপ কৰোঁ।
07:06 হৈ গ’ল, এতিয়া এই কুৱেৰিটো চলাওঁ আহক।
07:10 আমি কিবৰ্দৰ শ্বৰ্টকাট F5 ব্যৱহাৰ কৰিব পাৰোঁ অথবা উইণ্ডখনৰ ওপৰত থকা Edit মেনুত ক্লিক কৰক আৰু তাৰ পিছত একেবাৰে তলত থকা Run Query-ত ক্লিক কৰক।
07:27 উইণ্ডখনৰ ওপৰৰ আধা অংশত কিছুমান ডাটা দেখা পাইছেনে?
07:32 এইবিলাক হৈছে আপোনাৰ কুৱেৰিৰ ৰিজাল্ট।
07:36 লক্ষ্য কৰক যে আমি ইছ্যু কৰা তাৰিখ অনুযায়ী সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ এটা হিষ্ট্ৰী দেখা পাইছোঁ। আৰু লক্ষ্য কৰক যে ইয়াৰ এখনো কিতাপ ঘূৰি অহা নাই।
07:51 এতিয়া আমি তলত থকা কুৱেৰি ডিজাইন এলেকালৈ যাব পাৰোঁ আৰু আমি বিচৰা ধৰণে ইয়াক সাল-সলনি কৰিব পাৰোঁ।
08:00 উদাহৰণ হিচাপে, আমি Checked In ক্ৰাইটেৰিয়ন গুচাই দিওঁ আহক। <pause>
08:07 এতিয়া F5 টিপি কুৱেৰিটো আকৌ চলাই দিওঁ আহক।
08:15 এইবাৰ আমি কুৱেৰিটোৰ পৰা অহা ডাটাৰ এখন দীঘল তালিকা দেখা পাম।
08:23 ইয়াৰ পিছত কণ্ট্ৰল S টিপি কুৱেৰিটো চেভ কৰিম। ইয়ে এখন সৰু পপআপ উইণ্ড খোল খুৱাব।
08:34 ইয়াত আমাৰ কুৱেৰিটোৰ বাবে এটা বৰ্ণনাত্মক নাম দিম।
08:38 গতিকে টাইপ কৰিম— History of Books Issued to Members।
08:46 আৰু তাৰপিছত OK বাটন টিপিম আৰু উইণ্ডখন বন্ধ কৰিম।
08:52 মেইন বেছ ইউণ্ডত কুৱেৰি নামত ডবল ক্লিক কৰি এই চেভ কৰা কুৱেৰিটো খুলিব পাৰি।
09:01 গতিকে দেখা গ’ল যে ডিজাইন ভিউ ব্যৱহাৰ কৰি আমি সফলতাৰে এটা কুৱেৰি তৈয়াৰ কৰিলো।
09:09 আপোনাৰ বাবে এটা এচাইনমেণ্ট:
09:12 নিশা শৰ্মা নামৰ সদস্যগৰাকীলৈ ইছ্যু কৰা কিতাপৰ এখন তালিকা জেনেৰেট কৰক। তালিকাখন ইছ্যু কৰা তাৰিখ অনুযায়ী সময়ানুক্ৰমিক হ’ব লাগিব।
09:24 এইখিনিতে লিবাৰ অফিচ বেছত Creating Queries in Design View সম্পৰ্কীয় ট্যুটৰিয়েলটো অন্ত পৰিছে।
09:31 সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ:
09:33 ডিজাইন ভিউ ব্যৱহাৰ কৰি এটা কুৱেৰি (query) তৈয়াৰ কৰা হয়। কুৱেৰি ডিজাইন উইণ্ড’ত টেবুল যোগ কৰা হয়. ফিল্ড নিৰ্বাচন কৰা হয়
09:41 এলিয়াচ (aliases) চেটআপ কৰা হয়

চৰ্টিং (sorting) ক্ৰম চেটআপ কৰা হয় আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান ক্ৰাইটেৰিয়া দিয়া হয়

09:49 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব।
10:10 এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে. এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা । অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya