Java/C2/Getting-started-java-Installation/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | জাভাৰ সৈতে আৰম্ভণি: ইনষ্টলেশ্যন সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম। |
00:07 | এই টিউটৰিয়েলত আমি শিকিম |
00:09 | চিনাপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি JDK ইনষ্টল কৰা সম্পৰ্কে |
00:13 | জাভা কিয় লাগে? জাভাৰ প্ৰকাৰ আৰু এপ্লিকেশ্যনসমূহ। |
00:17 | আমি ইয়াত ব্যৱহাৰ কৰিছোঁ |
00:19 | উবুণ্টু ভাৰচন 11.10 আৰু |
00:21 | জাভা ডেভেলপমেণ্ট এনভাইৰনমেণ্ট JDK 1.6 |
00:26 | এই টিউটৰিয়েলৰ সৈতে আগবাঢ়িবলৈ আপুনি ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব। |
00:31 | আপোনাৰ চিষ্টেমত চিনাপ্টিক পেকেজ মেনেজাৰ ইনষ্টল হৈ থাকিব লাগিব। |
00:35 | লগতে আপোনাৰ লিনাক্সত টাৰমিনেল, টেক্সট এডিটৰ আৰু চিনাপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰাৰ জ্ঞান থকাটোও দৰকাৰী। |
00:43 | যদি নাই, তেনেহ’লে spoken-tutorisal.org-অত থকা লিনাক্স সম্পৰ্কীয় স্পকেন টিউটৰিয়েল চাওক। |
00:51 | এটা জাভা প্ৰগ্ৰাম চলাবলৈ, আমি JDK, অৰ্থাৎ জাভা ডেভেলপমেণ্ট কিট ইনষ্টল কৰিব লাগিব। |
00:57 | JDK সম্পৰ্কে অধিক জানিবলৈ আপুনি এই লিংকটো চাব পাৰে: |
01:02 | এতিয়া আমি চিনাপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি JDK ইনষ্টল কৰিম। |
01:07 | ইয়াৰ বাবে, আপোনাৰ ৰুট পাৰমিশ্যন থকা দৰকাৰ হ’ব। |
01:10 | এটা ৰেপজিটৰী কেনেকৈ নিৰ্বাচন কৰা হয় সেই বিষয়েও আপুনি জানিব লাগিব। |
01:14 | এই বিষয়ে আগতে উল্লেখ কৰা লিনাক্স টিউটৰিয়েলত ব্যাখ্যা কৰা হৈছে। |
01:19 | এতিয়া, আপোনাৰ ডেস্কটপৰ বাওঁফালৰ চুকত টাস্কবাৰ দেখা পাব। |
01:25 | একেবাৰে ওপৰত DashHome দেখা পাব। |
01:28 | DashHome-অত ক্লিক কৰক। |
01:31 | চাৰ্চবাৰত Synaptic টাইপ কৰক। |
01:35 | ইয়াত আপুনি চিনাপ্টিক পেকেজ মেনেজাৰ দেখা পাব। |
01:38 | চিনাপ্টিক পেকেজ মেনেজাৰত ক্লিক কৰক। |
01:42 | অথেণ্টিকেশ্যনৰ বাবে আপোনাক ইয়াত আপোনাৰ পাছৱৰ্ড টাইপ কৰিবলৈ ক’ব। |
01:47 | গতিকে আপোনৰ পাছৱৰ্ড টাইপ কৰি Authenticate-অত ক্লিক কৰক। |
01:56 | ইয়ে চিনাপ্টিক পেকেজ মেনেজাৰ অপেন কৰিব। |
02:03 | এতিয়া Quick Filter বাকচত jdk টাইপ কৰক। |
02:08 | আমি openjdk-6-jdk নামৰ এটা পেকেজ দেখা পাম। |
02:13 | ইয়াত ৰাইট ক্লিক কৰক আৰু Mark for Installation-অত ক্লিক কৰক। |
02:17 | তাৰপিছত Apply-ত ক্লিক কৰক। |
02:20 | চিহ্নিত কৰি থোৱা সলনিসমূহ নিশ্চিত কৰিবলৈ আপোনাক ক’ব। |
02:24 | গতিকে To be Installed-অত ক্লিক কৰক আৰু তাৰপিছত Apply-ত ক্লিক কৰক। |
02:30 | ইনষ্টলেশ্যনত অকণমান সময় লাগিব। |
02:38 | এতিয়া, আমি openjdk-6-jdk অপশ্যনটো সেউজীয়া ৰঙত দেখা পাম। |
02:48 | এইদৰে আমাৰ ইনষ্টলেশ্যন সম্পূৰ্ণ হ’ল। |
02:52 | এতিয়া, ইনষ্টেলেশ্যনটো পৰীক্ষা কৰি চাওঁ আহক; ইয়াৰ বাবে কণ্ট্ৰল, অল্ট আৰু T কীকেইটা একেলগে টিপি টাৰমিনেল অপেন কৰক। |
03:03 | মই ইতিমধ্যেই ইয়াত মোৰ টাৰমিনেল অপেন কৰি থৈছোঁ। |
03:06 | কমাণ্ড প্ৰম্পটত jave space hyphen version টাইপ কৰি এণ্টাৰ টিপক। |
03:15 | আমি JDK-ৰ ভাৰচন নাম্বাৰ প্ৰদৰ্শিত হোৱা দেখা পাম। |
03:20 | আপুনি ব্যৱহাৰ কৰা ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত নিৰ্ভৰ কৰি আপোনৰ ভাৰচন নাম্বাৰ বেলেগ হ’ব পাৰে। |
03:26 | গতিকে, আপুনি সফলতাৰে JDK ইনষ্টল কৰিলো। |
03:30 | এতিয়া আমি এটা সহজ জাভা প্ৰগ্ৰাম চলাই ই কাম কৰিছে নে নাই চাম। |
03:35 | মই ইতিমধ্যেই TestProgram dot java নামেৰে এই ক’ডখিনি চেভ কৰি থৈছোঁ। |
03:42 | এতিয়া মই এই ক’ডখিনি কম্পাইল কৰি ৰান কৰিম। |
03:45 | এই ক’ডখিনিয়ে সাধাৰণভাৱে We have successfully run a Java Program on the Terminal বুলি দেখুৱায়। |
03:53 | এতিয়া আমি টাৰমিনেললৈ উভতি যাওঁ। |
03:57 | মনত ৰাখিব যে TestProgram dot java ফাইলটো মই Home ডিৰেক্টৰীত চেভ কৰিছোঁ। |
04:03 | আৰু এতিয়া মই Home ডিৰেক্টৰীত আছোঁ। |
04:07 | গতিকে, কমাণ্ড প্ৰম্পটত javac space TestProgram dot java টাইপ কৰক। |
04:19 | ইয়ে ক’ডখিনি কম্পাইল কৰিব। |
04:21 | এণ্টাৰ টিপক। |
04:25 | এতিয়া মই ক’ডখিনি ৰান কৰিম। |
04:27 | গতিকে java space TestProgram টাইপ কৰি এণ্টাৰ টিপক। |
04:35 | আমি আউটপুট হিচাপে We have successfully run a java program বুলি পাম। |
04:44 | দেখা গ’ল যে আমাৰ ইনষ্টলেশ্যন নিখুঁত হৈছে। |
04:48 | এতিয়া, slides-অলৈ উভতি যাওঁ। |
04:51 | এতিয়া, জাভা কিয় দৰকাৰী, সেই বিষয়ে ব্যাখ্যা কৰিম। |
04:55 | জাভা হৈছে সৰল। |
04:57 | জাভা অবজেক্ট অৰিয়েণ্টেড। |
04:59 | ই প্লেটফৰ্ম ইণ্ডিপেনেডেণ্ট। |
05:01 | ই নিৰাপদ। জাভাই ভাল ফলাফল দেখুৱায়। |
05:04 | জাভা হৈছে মাল্টি-থ্ৰেডেড। |
05:07 | এতিয়া আমি জাভাৰ কিছুমান প্ৰকাৰ আৰু এপ্লিকেশ্যন লক্ষ্য কৰিম। |
05:11 | -JSP, অৰ্থাৎ জাভা চাৰ্ভাৰ পেজেছ: ই সাধাৰণ HTML টেগ ক’ডৰ ওপৰত ভিত্তি কৰি গঢ় লৈছে। |
05:18 | JSP-এ ডায়নামিক ৱেব পেজ তৈয়াৰ কৰাত সহায় কৰে। |
05:22 | -Java Applets: ইয়াক ৱেব এপ্লিকেশ্যনক ইণ্টেৰাকটিভ বৈশিষ্ট্য প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয়। |
05:28 | -J2EE অথবা Java Enterprise Edition: কোম্পানীবিলাকে J2EE ব্যৱহাৰ কৰে। |
05:33 | XML ষ্ট্ৰাকচাৰড্ ডকুমেণ্ট ট্ৰান্সফাৰ কৰিবলৈ ই উপযোগী। |
05:38 | -JavaBeans: JavaBeans হৈছে এটা পুনৰ ব্যৱহাৰযোগ্য চফট্ৱেৰ উপাদান। |
05:43 | ইয়াক নতুন আৰু এডভান্সড এপ্লিকেশ্যন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। |
05:47 | -Mobile Java: ইয়াক বিভিন্ন ধৰণৰ মনোৰঞ্জনমূলক আহিলাত ব্যৱহাৰ কৰা হয়, যেনে— মোবাইল ফোন। |
05:53 | গতিকে, এই টিউটৰিয়েলত আমি শিকিলো— |
05:56 | চিনাপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি JDK ইনষ্টল কৰা। |
05:59 | এটা জাভা প্ৰগ্ৰাম কম্পাইল আৰু ৰান কৰা। |
06:02 | জাভা ব্যৱহাৰ কৰাৰ উপযোগিতা। |
06:04 | জাভাৰ প্ৰকাৰ আৰু এপ্লিকেশ্যন। |
06:08 | স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি এই লিংকত থকা ভিডিঅ চাওক। |
06:14 | ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে। |
06:17 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
06:22 | স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে |
06:24 | স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
06:27 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
06:30 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org— এই ঠিকনাত লিখক। |
06:36 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
06:41 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। |
06:47 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য তলৰ লিংকত পোৱা যাব |
06:52 | http://spoken-tutorial.org/NMEICT-Intro |
06:58 | ইয়াতে আমাৰ টিউটৰিয়েলৰ অন্ত পৰিছে। |
07:01 | এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লভ প্ৰান গুস্বামীয়ে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
07:04 | যোগদান কৰাৰ বাবে ধন্যবাদ। |