Inkscape/C2/Create-and-edit-multiple-objects/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Create and edit multiple objects এৰ টিউটৰিয়েলত আপোনাক স্বাগতম। |
00:08 | এই টিউটৰিয়েলত আমি শিকিম অবজেক্ট কপি আৰু পেস্ট কৰা। |
00:13 | অবজেক্ট ডুপ্লিকেট আৰু ক্লোন কৰা। |
00:16 | বিভিন্ন অবজেক্টৰ সমূহ আৰু ক্রম তৈয়াৰ কৰা। |
00:19 | মাল্টিপল সিলেকশন আৰু ইনভার্ট সিলেকশন। |
00:22 | ক্লিপিং আৰু মাস্কিং। |
00:25 | এই টিউটৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো উবুন্টু লিনাক্স 12.04 OS |
00:31 | Inkscape সংস্কৰণ 0.48.4. |
00:35 | Dash Home ত যাওক আৰু লিখক Inkscape |
00:39 | আপোনি লোগোত টিপি Inkscape খুলিব পাৰে। |
00:42 | Assignment_1.svg ফাইল খুলক, যি আমি আগেই তৈয়াৰ কৰিছো। |
00:49 | আমি এইটোক ডকুমেন্টস ফোল্ডাৰত সংৰক্ষণ কৰিছো। |
00:52 | প্রথমে আমি এটা অবজেক্ট কপি আৰু পেস্ট কৰা শিকিম। |
00:56 | এইটো কৰিবলৈ এটা অবজেক্ট নির্বাচন কৰিব লাগিব। সেয়ে, পঞ্চভূজত টিপক। |
01:02 | এতিয়া, এইটো কপি কৰিবলৈ কীবোর্ডত Ctrl + C টিপক। |
01:07 | এতিয়া অবজেক্ট পেস্ট কৰিবলৈ Ctrl + V টিপক। আপোনি পঞ্চভূজৰ কপি ক্যানভাসত দেখিবলৈ পাৰে। |
01:17 | অবজেক্টৰ কপি তৈয়াৰ কৰিবলৈ 3 টা অন্যান্য উপায় আছে। |
01:21 | এই সকলো 3টা পদ্ধতিত, অবজেক্টৰ এটা কপি ঠিক মূল অবজেক্টৰ উপৰত তৈয়াৰ হয়। |
01:29 | প্রথম পদ্ধতিক Paste Special বোলা হয়। |
01:32 | মনত ৰাখক যে আমি অবজেক্ট কপি কৰিবলৈ Ctrl + C পূর্বেই টিপিছো। |
01:38 | যৰ পৰা এইটোক কপি কৰা হৈছিল, তাক সঠিক জাগাত অবজেক্টক পেস্ট কৰিবলৈ Ctrl + Alt + V কীস টিপক। |
01:47 | মূল অবজেক্টক ইয়াৰ সোফালে আৰু তলত দেখিবলৈ কপি কৰা অবজেক্ট কপি কৰক। |
01:54 | এই দুটা অবজেক্টক গতি কৰাওক আৰু বেলেগভাবে ৰাখক। |
01:57 | দ্বিতীয় পদ্ধতিক Duplication বোলা হয়. ডুপ্লিকেশনৰ বাবে, আমালৈ প্রথম অবজেক্ট কপি কৰা আবশ্যক নহয়। |
02:05 | পঞ্চভুজ নির্বাচন কৰক আৰু আপোনাৰ কীবোর্ডত Ctrl + D টিপক। |
02:13 | এতিয়া মূলৰ ঠিক উপৰত এটা ডুপ্লিকেট পঞ্চভুজ তৈয়াৰ হয়। |
02:19 | এতিয়া ইয়াৰ তলত মূল অবজেক্ট দেখিবলৈ ডুপ্লিকেট অবজেক্ট গতি কৰক। |
02:25 | ডুপ্লিকেট অবজেক্টত পৰিবর্তন মূল অবজেক্টক প্রভাবিত নকৰে। |
02:32 | ইয়াৰ ৰঙ সেউজীয়ালৈ সলনি কৰি আৰু আকাৰ কম কৰি এইটোক ছেক কৰক। |
02:40 | তৃতীয় পদ্ধতি হল Cloning. |
02:44 | উপবৃত্তত ক্লিক কৰক আৰু ক্লোন তৈয়াৰ কৰিবলৈ Alt + D টিপক। |
02:49 | আগৰ নিচিনা, ক্লোন মূল অবজেক্টৰ ঠিক উপৰত তৈয়াৰ হয়। |
02:55 | এইটোক দৃশ্যমান কৰিবলৈ ইয়াক অলপ অতৰুৱাই আনক। |
02:58 | লক্ষ্য কৰক যে, ক্লোন অবজেক্ট সর্বদা মূল অবজেক্টৰ সৈতে যুক্ত থাকিব। |
03:04 | মূল অবজেক্ট তাৰ প্যাৰেন্ট হিসাবেও পৰিচিত। |
03:08 | মূল অবজেক্টত কোনো পৰিবর্তন যেনে আকাৰ, ৰঙ ইত্যাদি তাৰ ক্লোনক প্রভাবিত কৰিব। |
03:16 | মূল অবজেক্টৰ ৰঙ গোলাপীলৈ সলনি কৰি এইটোক ৰোটেট কৰক আৰু ইয়াৰ আকাৰ হ্রাস কৰি ছেক কৰক। |
03:30 | চাওক যে একেই পৰিবর্তন স্বয়ংক্রিয়ভাবে ক্লোন অবজেক্টত হয়। |
03:36 | মূল অবজেক্টৰ পৰা ক্লোন বেলেগে কৰিবলৈ প্রথমে ক্লোন নির্বাচন কৰক তাৰপিছত Shift + Alt + D টিপক। |
03:44 | এতিয়া মূল অবজেক্ট পুনৰায় নির্বাচন কৰক আৰু ইয়াৰ আকাৰ সলাওক। |
03:50 | চাওক যে ক্লোন অবজেক্ট প্রভাবিত নহয়। |
03:54 | এই অপাৰেশনসৰ বাবে শর্টকাট আইকন্স কমান্ড বাৰত উপলব্ধ যেনে কি দেখোৱা হৈছে। |
04:01 | মাল্টিপল অবজেক্ট নির্বাচন কৰিবলৈ Shift key ধৰি থাকক আৰু অবজেক্টত টিপক যি আপোনি নির্বাচন কৰিবলৈ বিছাৰে। |
04:08 | আমি প্রথমে উপবৃত্ত নির্বাচন কৰিম. তাৰপিছত আমি Shift key ধৰি থাকিম আৰু অন্যান্য উপবৃত্ত নির্বাচন কৰিম। |
04:15 | লক্ষ্য কৰক যে উভয় বস্তু এতিয়া নির্বাচিত। |
04:19 | Ctrl + G কীস একে সৈতে টিপি আমি এতিয়া এইবোৰক সমূহ কৰিব পাৰো। |
04:24 | লক্ষ্য কৰক যে উপবৃত্ত এতিয়া এটা অবজেক্ট হিসাবে শ্রেণীবদ্ধ হৈছে। |
04:28 | আপোনি এইদৰে আশেপাশে গতি কৰিব পাৰে আৰু আপোনি দেখিব যে দুইটা অবজেক্ট এটা অবজেক্ট হিসাবে গতি কৰে। |
04:35 | সমূহৰ আকাৰ সলোৱাৰ চেষ্টা কৰক আৰু আপোনি দেখিব যে দুটা অবজেক্টৰ আনুপাতিক মাপ পৰিবর্তন হয়। |
04:43 | ৰঙ নীলালৈ সলাওক আৰু চাওক যে দুটা অবজেক্ট একেই ৰঙত সলায়। |
04:53 | আমি কি কৰিম যদি আমি সমূহ কোনো এটা অবজেক্টৰ বৈশিষ্ট্য সলাবলৈ বিছাৰো। |
05:01 | সমূহৰ পৰা এটা অবজেক্ট নির্বাচন কৰিম Ctrl বোতাম টিপক আৰু অবজেক্টত ক্লিক কৰক। |
05:08 | এই ক্রিয়া দ্বাৰা আমি সমূহত প্রবেশ কৰিব পাৰো আৰু স্বতন্ত্র অবজেক্ট নির্বাচন কৰিব পাৰো। |
05:13 | সমূহৰ পৰা প্রস্থান কৰিবলৈ ক্যানভাসত কোনো এটা খালি স্থানত টিপক। |
05:18 | অবজেক্টক বেলেগ কৰিবলৈ প্রথম সমূহ নির্বাচন কৰক আৰু Ctrl + Shift + G কীস বা Ctrl + U কীস টিপক। |
05:28 | এতিয়া উপবৃত্ত বেলেগ বেলেগ হৈ গৈছে। |
05:31 | এই বিকল্পৰ বাবে শর্টকাট আইকন্স কমান্ডৰ বাৰত উপলব্ধ, যি নেকি দেখোৱা হৈছে। |
05:36 | ক্যানভাসত সকলো অবজেক্ট নির্বাচন কৰিবলৈ Ctrl + A কীস টিপক। |
05:42 | সকলো অবজেক্ট অনির্বাচিত কৰিবলৈ ক্যানভাসত কোনো এটা খালি স্থানত টিপক। |
05:48 | আমি এটা বিশিষ্ট নোহোৱাকৈ বাকি সকলো অবজেক্ট নির্বাচন কৰিবলৈ বিছাৰিলে Invert Selection বিকল্প ব্যবহাৰ কৰিব পাৰে। |
05:55 | আমি অ্যাৰো নোহোৱাকৈ সকলো অবজেক্ট নির্বাচন কৰিবলৈ বিছাৰো। |
05:59 | সেয়ে প্রথম অ্যাৰোত টিপক। Edit menu ত যাওক আৰু Invert selection ত টিপক। |
06:08 | লক্ষ্য কৰক যে ক্যানভাসত অ্যাৰো নোহোৱাকৈ সকলো অবজেক্ট নির্বাচিত। |
06:16 | এতিয়া শিকো যে অবজেক্ট কিভাবে ক্রমবদ্ধ কৰে। |
06:20 | বড় পঞ্চভূজৰ উপৰত সৰু পঞ্চভুজ গতি কৰক। |
06:25 | এতিয়া এটা স্টাৰ আঁকক আৰু এইটোক সৰু পঞ্চভূজৰ উপৰত ৰাখক। |
06:36 | সৰু পঞ্চভুজ নির্বাচন কৰক। Object মেনুত যাওক আৰু Raiseত টিপক। |
06:42 | চাওক যে এতিয়া সৰু পঞ্চভূজ ডাঙৰ হৈ গৈছে এতিয়া স্টাৰৰ উপৰত আছে। |
06:47 | এতিয়া star ত টিপক। Object মেনুত যাওক। Lower ত টিপক। |
06:53 | এতিয়া স্টাৰ তলৰ ফালে মুভ হয় আৰু ডাঙৰ পঞ্চভূজ এৰ উপৰত দেখা দিয়ে। |
07:00 | এতিয়া ডাঙৰ পঞ্চভুজত টিপক। Object মেনুত যাওক আৰু Raise to top ত টিপক। এতিয়া ডাঙৰ পঞ্চভুজ সবতচে উপৰত দেখায়। |
07:11 | এতিয়া এবাৰ Object মেনুত যাওক। Lower to bottom ত টিপক। চাওক ডাঙৰ পঞ্চভূজ তলত গতি হয়। |
07:20 | আমি এই বিকল্প Tool controls bar এও পাব পাৰি। |
07:25 | এতিয়া শিকিম যে কিভাবে ক্লিপিং কৰে। |
07:28 | ক্লিপিং আপোনাৰ জটিল অবজেক্ট দ্রুত |
07:31 | আৰু সহজে তাৰ সম্পূর্ণ আকাৰ সলনি |
07:35 | আপোনাৰ ডিসাইনৰ অন্য এলিমেন্ট বা আকাৰ তাৰ অনুৰুপ কৰে। |
07:39 | এইটোক প্রদর্শনৰ বাবে আমি এটা ইমেজ ব্যবহাৰ কৰিম. আমাৰ উচৰত ইয়াত নতুন Inkscape ফাইলত এটা ইমেজ আছে। |
07:45 | এই ইমেজত আমি এটা উপবৃত্তৰ আকাৰ আঁকিম। |
07:49 | এতিয়া ইমেজ আৰু উপবৃত্ত নির্বাচন কৰক। |
07:53 | Object মেনুত যাওক. Clip ত টিপক আৰু তাৰপিছত Set ত ক্লিক কৰক। |
07:59 | চাওক যে ইমেজ এতিয়া উপবৃত্তৰ আকৃতি পৰা ক্লিপ হৈ গৈছে। |
08:04 | ক্লিপিংত অবজেক্টৰ আকৃতি ক্লিপ হিসাবে উপযোগিত, যি দৃশ্যমান এলাকা সংজ্ঞায়িত কৰে। |
08:09 | আমি Object মেনুত উভতি গৈ ক্লিপ এৰাবলৈ পাৰি। Clip ত টিপক আৰু তাৰপিছত Release ত ক্লিক কৰক। |
08:17 | এতিয়া ক্লিপ মুক্ত হয়। |
08:19 | এতিয়া Masking কৰা শিকো। |
08:22 | Masking, Clipping এৰ অনুৰুপ। |
08:25 | Masking ত, এটা অবজেক্টৰ পাৰদর্শিতা বা স্বচ্ছতা দ্বিতীয় অবজেক্টৰ অস্বচ্ছতা নির্ধাৰণ কৰে। |
08:32 | Masking প্রদর্শন কৰিবলৈ, আমি gradient টুল ব্যবহাৰ কৰি প্রথমে উপবৃত্ত অর্ধ-স্বচ্ছ বনাও। |
08:38 | এতিয়া উপবৃত্ত নির্বাচন কৰক। |
08:40 | Object মেনুত যাওক. Fill and stroke ত টিপক। |
08:44 | Radial gradient ত টিপক আৰু তাৰপিছত Edit ত টিপক। |
08:50 | ৰঙ বগালৈ সলাবলৈ RGB স্লাইডাৰ একেবাৰে সোফালে অতৰূৱাওক। |
09:00 | Stop ড্রপ ডাউন অ্যাৰোত টিপক আৰু অন্য stop নির্বাচন কৰক। |
09:05 | ৰঙ কলা আৰু আলফা ভ্যালু 255 ত সলাবলৈ RGB স্লাইডাৰ একেবাৰে বাও ফালে অতৰূৱাওক। |
09:15 | মাঝত এটা অন্য ৰঙ যোগ কৰিবলৈ Add stop ত টিপক। |
09:20 | Node টুলত টিপক আৰু ডায়মন্ড হ্যান্ডেল উপৰৰ ফালে অতৰূৱাওক। |
09:27 | এতিয়া ইমেজ আৰু উপবৃত্ত নির্বাচন কৰক। |
09:30 | Object মেনুত যাওক। |
09:32 | Mask ত টিপক আৰু তাৰপিছত Set ত টিপক। |
09:36 | চাওক যে mask ইমেজত তৈয়াৰ হৈছে। |
09:40 | লক্ষ্য কৰক যে ইমেজ masking অবজেক্টৰ পাৰদর্শিতা বৈশিষ্ট্য লৈ আহে যিহল উপবৃত্ত। |
09:47 | মাস্ক মুছি পেলাবলৈ Object মেনুত উভতি যাওক। |
09:51 | Mask ত টিপক আৰু তাৰপিছত Release ত টিপক। |
09:54 | mask এতিয়া মুছি গৈছে। |
09:56 | সংক্ষেপে, এই টিউটৰিয়েলত আমি শিকিছো অবজেক্ট কপি আৰু পেস্ট কৰা। |
10:02 | ডুপ্লিকেট আৰু ক্লোন অবজেক্টস। |
10:05 | বিভিন্ন অবজেক্টসৰ সমূহ আৰু ক্রমবদ্ধ কৰা। |
10:08 | মাল্টিপল সিলেকশন আৰু ইনভার্ট সিলেকশন। |
10:10 | ক্লিপিং আৰু মাস্কিং। |
10:12 | ইয়াত 2 টা নির্দেশিত কাম আছে। |
10:15 | ধূসৰ ৰঙৰ এটা উল্লম্ব উপবৃত্ত আৰু কলা ৰঙৰ এটা বৃত্ত তৈয়াৰ কৰক। |
10:20 | উপবৃতৰ উপৰৰ কেন্দ্রত বৃত্ত ৰাখক। |
10:23 | এটা চকুৰ আকৃতিৰ নিচিনা হোৱা উচিত। |
10:25 | এতিয়া তাৰ সমূহক ৰাখক। |
10:27 | বেলেগ এটা চকু বনাবলৈ এটা ক্লোন তৈয়াৰ কৰক। |
10:31 | উভয় চকু দৃশ্যমান কৰিবলৈ ইয়াক একফালে মুভ কৰক। |
10:35 | নীলা ৰঙৰ এটা বৃত্ত আৰু ৰঙা ৰঙৰ এটা বর্গক্ষেত্র তৈয়াৰ কৰক। |
10:40 | বর্গক্ষেত্রৰ ডুপ্লিকেট তৈয়াৰ কৰক আৰু উভয় বর্গক্ষেত্রক আড়াআড়কৈ বিপৰীত ফালে ৰাখক। |
10:45 | উভয় বর্গক্ষেত্র নির্বাচন কৰক আৰু তাৰ একেই অবজেক্টত সমুহিত কৰক। |
10:50 | বৃত্তক সমুহিত বর্গক্ষেত্রৰ উপৰৰ কেন্দ্রত ৰাখক। |
10:54 | উভয় নির্বাচন কৰক আৰু এটা ক্লিপ তৈয়াৰ কৰক। এটা ধনুকৰ নিচিনা হোৱা উচিত। |
11:00 | আপোনি কৰা নির্দেশিত কাম এইৰকমে হোৱা উচিত। |
11:03 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। এইটো প্রকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
11:12 | স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
11:21 | বিস্তাৰিত তথ্যৰ বাবে আমালৈ ইমেল কৰক। |
11:23 | এইটো ভাৰত সৰকাৰৰ NMEICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
11:31 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
11:35 | আমি টিউটৰিয়েলৰ শেষলৈ আহিছো। |
11:38 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |