Health-and-Nutrition/C2/Importance-of-Calcium/Assamese
From Script | Spoken-Tutorial
|
|
00:00 | কেলচিয়ামৰ গুৰূত্বৰ বিষয়ে স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: |
00:09 | কেলচিয়ামৰ ভূমিকা আৰু আমাৰ শৰীৰত ইয়াৰ প্ৰয়োজনীয়তা, |
00:13 | ইয়াৰ অভাৱ হোৱাৰ লক্ষণসমূহ |
00:16 | আৰু কেলচিয়াম প্ৰচুৰকৈ থকা খাদ্যৰ উৎসসমূহ |
00:20 | কেলচিয়াম হৈছে আমাৰ শৰীৰৰ বাবে অতিশয় প্ৰয়োজনীয় খনিজ পদাৰ্থ |
00:24 | শৰীৰৰ কেলচিয়ামৰ ৯৯% পোৱা যায় হাড় আৰু দাতত |
00:31 | বাকীথকা ১% আমাৰ তেজত থাকে |
00:34 | ই আমাৰ শৰীৰৰ পৰা শৌচ, প্ৰস্ৰাব আৰু ঘামৰ দ্বাৰা নিষ্কাসিত হয় |
00:41 | কেলচিয়ামে আমাৰ শৰীৰত বহুতো ফাংচন কৰে |
00:45 | মুখ্য ফাংচনটো হৈছে হাড়ৰ বিকাশ আৰু চোৱাচিতা |
00:51 | যদি শৰীৰত অধিক কেলচিয়াম থাকে, ই হাড়ত জমা হয় |
00:58 | অভাৱৰ ক্ষেত্ৰত, ইয়াক হাড়ৰ পৰা লোৱা হয় |
01:03 | কেলচিয়াম দৰকাৰী হয় আমাৰ শৰীৰত স্নায়বিক সংকেতসমূহ প্ৰেৰণৰ বাবে |
01:09 | ই মাংসপেশীৰ গঠণ আৰু ইয়াৰ চলাচলত সহায় কৰে |
01:14 | ই লগতে কাটিলে তেজ ওলোৱাক বন্ধ কৰি সহায় কৰে |
01:18 | কেলচিয়াম লাগে হ’ৰম’নচ নিসৰণ কৰিবলৈ যেনে ইনচুলিন আৰু এদ্ৰেনেলিন |
01:27 | আন লাভসমূহ হৈছে শৰীৰৰ ওজন, ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যক চোৱাচিতা কৰে |
01:34 | দৈনিক কেলচিয়ামৰ প্ৰয়োজন ভিন্ন হয় বিভিন্ন বয়সৰ গ্ৰোপচৰ বাবে |
01:41 | ই ক্ৰমাগত বৃদ্ধিৰ সময়ত উচ্চ হয় যেনে শৈশৱকাল আৰু কিশোৰকালত |
01:49 | ১২ মাহৰ শিশুসমূহৰ বাবে, প্ৰতিদিনে ৫০০ মিলিগ্ৰাম কেলচিয়ামৰ পৰামৰ্শ দিয়া হয় |
01:57 | ৯ বছৰলৈকে শিশুসমূহৰ বাবে, প্ৰতিদিনে ৬০০ মিলিগ্ৰাম কেলচিয়ামৰ পৰামৰ্শ দিয়া হয় |
02:03 | কিশোৰসকলৰ বাবে দৈনিক প্ৰয়োজন বৃদ্ধি হৈ ৮০০ মিলিগ্ৰাম হয় |
02:10 | প্ৰাপ্তবয়স্কৰ বাবে, ই হৈছে ৬০০ মিলিগ্ৰাম প্ৰতিদিনে |
02:15 | কেলচিয়ামৰ আৱশ্যকতা লগতে উচ্চ হয় গৰ্ভধাৰণ আৰু স্তনপানৰ সময়ত |
02:21 | গৰ্ভধাৰণ আৰু স্তনপানৰ সময়ত, ১২০০ মিলিগ্ৰামৰ পৰামৰ্শ দিয়া হয় |
02:29 | আহক এতিয়া কেলচিয়ামৰ অভাৱৰ বাবে হোৱা প্ৰভাৱৰ আলোচনা কৰো |
02:34 | গৰ্ভধাৰণৰ সময়ত কেলচিয়ামৰ অভাৱত ৰক্তচাপ বাহিবলৈ ধৰে |
02:42 | হাত আৰু ভৰি ফুলি উঠা দেখা যায় |
02:46 | মাকসকলে অপৰ্যাপ্ত কেলচিয়াম ল’লে শিশুটোকো প্ৰভাবিত কৰিব পাৰে |
02:53 | সিহতৰ জন্মৰ ওজন নিম্ন হ’ব পাৰে আৰু বৃদ্ধি নহ’ব পাৰে |
02:58 | সিহতৰ শাৰিৰীক আৰু মানসিক বিকাশ নহ’ব পাৰে |
03:03 | শিশুসকলৰ, কেলচিয়ামৰ অভাৱৰ বাবে ৰিকেতচ হয় |
03:08 | ৰিকেতচ হৈছে কংকাল তন্ত্ৰৰ এটা বিকৃতি |
03:12 | বৃদ্ধি কমি যায় আৰু ৰাজহাড়ৰ আকাৰত পৰিবৰ্তন হয় |
03:18 | আন লক্ষণসমূহ হৈছে নিমজ্জিত কংকাল, প্ৰসাৰিত কপাল আৰু ধেনুভিৰীয়া বেকা ভৰি |
03:26 | কম উচ্চতা, বহল হোৱা মণিবন্ধ, কিলাগুটি, আঠু আৰু ঘিলাগুটিৰ যোৰাসমূহ দেখিব পাৰি |
03:34 | প্ৰাপ্তবয়স্কত, কেলচিয়ামৰ অভাৱৰ আগতীয়া লক্ষণসমূহ হৈছে মাংসপেশীৰ বিষ |
03:40 | সাৰ-সুৰ নথকা বা জিনজিনোৱা আঙুলিওঁ লগতে দেখা যায় |
03:46 | মানসিক হতাশা, বিৰক্তি, |
03:49 | শুকান চাল, ভঙা নখ |
03:51 | আৰু দাত খাৰেধৰা লগতে হ’ব পাৰে |
03:55 | দীঘলীয়া সময় কেলচিয়ামৰ অভাৱৰ ফলত অষ্টিঅ’প’ৰ’চিচ হ’ব পাৰে |
04:01 | অষ্টিঅ’প’ৰ’চিচত, হাড়ৰ ঘনত্ব কমি যায় |
04:06 | হাড়বিলাক ঠুনুকা হয় আৰু ভাঙে বা ফাটে |
04:10 | আন লক্ষণসমূহ হৈছে অবনমিত চালচলন,উচ্চতা কমা আৰু পিঠিৰ বিষ |
04:18 | অষ্টিঅ’প’ৰ’চিচ হোৱাৰ বিপদ মহিলাৰ বেছি হয় পুৰূষৰ তুলনাত |
04:23 | ইয়াৰ কাৰণ হৈছে মাহেকীয়াৰ পাছত মহিলাৰ ইচট্ৰ’জেন লেভেলচ কমি যায় |
04:29 | সেইবাবে, কেলচিয়ামৰ শোষণ কমে আৰু ইয়াৰ প্ৰস্ৰাৱৰ দ্বাৰা নিষ্কাসন বাহে |
04:37 | কেলচিয়ামৰ অভাৱক ত্যাগ কৰিবলৈ, পৰ্যাপ্ত পৰিমাণে কেলচিয়াম থকা খাদ্যৰ প্ৰয়োজন |
04:44 | উৎকৃষ্ট উৎস হৈছে গাখীৰ আৰু গাখীৰৰ বস্তু |
04:48 | ইয়াত পৰে দৈ, পনীৰ, চিজ আৰু খৌয়া |
04:55 | সিহতৰ পৰা পোৱা কেলচিয়াম আমাৰ শৰীৰত সহজে শোষণ হয় |
05:00 | ২০০ মিলিলিটাৰ গৰূৰ গাখীৰত ২৩৬ মিলিগ্ৰাম কেলচিয়াম থাকে |
05:07 | ১০০ গ্ৰাম গৰূৰ গাখীৰৰ দৈত ১৫০ মিলিগ্ৰাম কেলচিয়াম থাকে |
05:14 | ৩০ গ্ৰাম গৰূৰ গাখীৰৰ পনীৰত ১৪২ মিলিগ্ৰাম কেলচিয়াম থাকে |
05:21 | কিছু আমিষ খাদ্যতো প্ৰচুৰকৈ কেলচিয়াম থাকে |
05:25 | উদাহৰণস্বৰূপে: শুকান মিছামাচ, ব’ম্বে ডাক, ডাঙৰ মিছামাছ, ল’বষ্টাৰ আৰু শুকান ব’নি মাছ |
05:34 | ১০০ গ্ৰাম ডাঙৰ মিছামাছত ৬৭ মিলিগ্ৰাম কেলচিয়াম থাকে |
05:40 | ২০ গ্ৰাম শুকান মিছামাচত ৭৩ মিলিগ্ৰাম কেলচিয়াম থাকে |
05:46 | ১৫ গ্ৰাম শুকান ব’ম্বে ডাক মাচত ২০৮ মিলিগ্ৰাম কেলচিয়াম থাকে |
05:54 | গুটিসমূহো কেলচিয়ামৰ এটা উৎকৃষ্ট উৎস হয় |
05:58 | উদাহৰণস্বৰূপে: তিলৰ গুটি, নাইগাৰ গুটি, ফ্লেক্স গুটি, দিল গুটি আৰু প’পি গুটি |
06:05 | ১ চামোচ বা ৫ গ্ৰাম তিলৰ গুটিত ৬৪ মিলিগ্ৰাম কেলচিয়াম থাকে |
06:14 | এইবোৰৰ ওপৰিও, বাদাম যেনে আলম’ন্দ আৰু ওৱালনাততো প্ৰচুৰকৈ কেলচিয়াম থাকে |
06:21 | বহুতো সেউজীয়া পাতৰ শাকত ভাল পৰিমাণে কেলচিয়াম থাকে |
06:26 | উদাহৰণস্বৰূপে: অমৰান্থ পাত, অগাথি, ড্ৰামষ্টিক আৰু মিথিশাক |
06:33 | আনকি মূলাৰ পাত, কচুপাত আৰু সৰিয়হৰ পাতো ভাল উৎস |
06:39 | ১০০ গ্ৰাম অমৰান্থ পাতত ৩৩০ মিলিগ্ৰাম কেলচিয়াম থাকে |
06:46 | ১০০ গ্ৰাম মিথি পাতত ২৭৪ মিলিগ্ৰাম কেলচিয়াম থাকে |
06:52 | কিছুমান বিনত কেলচিয়াম থাকে, যেনে চয়বিন, হ’ৰ্চ গ্ৰাম আৰু ম’থ বিন |
07:00 | ৫০ গ্ৰাম হ’ৰ্চ গ্ৰামত ১৩৫ মিলিগ্ৰাম কেলচিয়াম থাকে |
07:07 | ফিংগাৰ মিলেতটো প্ৰচুৰকৈ কেলচিয়াম থাকে |
07:11 | ৩০ গ্ৰাম ফিংগাৰ মিলেতত ১১০ মিলিগ্ৰাম কেলচিয়াম থাকে |
07:18 | আহাৰ খোৱাৰ লগতে, কেলচিয়ামৰ শোষণো সমানেই গুৰূত্বপূৰ্ণ |
07:24 | অকজালেতচ, ফাইতেতচ আৰু ফাইবাৰৰ উপস্থিতিয়েওঁ কেলচিয়ামৰ শোষণত বাধা দিয়ে |
07:30 | সিহত বাদাম, গুটি, বিন আৰু সেউজীয়া পাতৰ শাকত থাকে |
07:38 | এই পদাৰ্থসমূহে কেলচিয়ামৰ সৈতে যুক্ত হৈ এটা অশোসিত কমপ্লেক্স গঠণ কৰে |
07:45 | ইয়াৰ ফলত, শৰীৰত কেলচিয়ামৰ শোষণত বাধা আহে |
07:50 | শোষণক বৃদ্ধি কৰিব পাৰি বিভিন্ন ৰন্ধাৰ কৌশলসমূহ ব্যৱ্হাৰ কৰি |
07:56 | উদাহৰণস্বৰূপে: ভিজোৱা, অংকুৰিত কৰা, সিজোৱা, ভজা আৰু কিম্বন |
08:05 | কেলচিয়ামৰ শোষণৰ বাবে, কেলচিয়াম প্ৰচুৰকৈ থকা খাদ্যৰ লগত চাহ, ক’ফি আৰু ক’লাক ত্যাগ কৰক |
08:13 | সিহতত কেফেইন থাকে যিয়ে প্ৰস্ৰাৱৰ দ্বাৰা কেলচিয়ামৰ নিষ্কাসনক বৃদ্ধি কৰে |
08:20 | উচ্চতম কেলচিয়াম শোষণৰ বাবে, আন কিছু পুষ্টিকৰ পদাৰ্থৰ প্ৰয়োজন |
08:25 | উদাহৰণস্বৰূপে: ভিটামিন D, মেগনেচিয়াম, প’টাচিয়াম আৰু ফচফৰাচ |
08:32 | পুষ্টিকৰ পদাৰ্থৰ উপৰিওঁ, পৰ্যাপ্ত শাৰিৰীক গতিবিধি আৰু ব্যায়ামো লগতে দৰকাৰ |
08:39 | ই হাড়ৰ ঘনত্ব আৰু শক্তিক বৃদ্ধি কৰিব |
08:44 | এই সকলোৰে লগতে, বয়সেওঁ কেলচিয়ামৰ শোষণত প্ৰভাৱ পেলাই |
08:50 | ই শিশু আৰু শৈশৱ কালত উচ্চতম হয় |
08:55 | প্ৰাপ্তবয়স্ক সময়ত, শোষণ মধ্যম হয় আৰু পাছত ই বয়সৰ সৈতে কমিবলৈ ধৰে |
09:02 | সেইবাবে, কম বয়সৰ পৰাই পৰ্যাপ্ত পৰিমাণে কেলচিয়াম প্ৰচুৰকৈ থকা খাদ্য খোৱাটো দৰকাৰ |
09:09 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |