Health-and-Nutrition/C2/Importance-of-Calcium/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:00 কেলচিয়ামৰ গুৰূত্বৰ বিষয়ে স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
00:09 কেলচিয়ামৰ ভূমিকা আৰু আমাৰ শৰীৰত ইয়াৰ প্ৰয়োজনীয়তা,
00:13 ইয়াৰ অভাৱ হোৱাৰ লক্ষণসমূহ
00:16 আৰু কেলচিয়াম প্ৰচুৰকৈ থকা খাদ্যৰ উৎসসমূহ
00:20 কেলচিয়াম হৈছে আমাৰ শৰীৰৰ বাবে অতিশয় প্ৰয়োজনীয় খনিজ পদাৰ্থ
00:24 শৰীৰৰ কেলচিয়ামৰ ৯৯% পোৱা যায় হাড় আৰু দাতত
00:31 বাকীথকা ১% আমাৰ তেজত থাকে
00:34 ই আমাৰ শৰীৰৰ পৰা শৌচ, প্ৰস্ৰাব আৰু ঘামৰ দ্বাৰা নিষ্কাসিত হয়
00:41 কেলচিয়ামে আমাৰ শৰীৰত বহুতো ফাংচন কৰে
00:45 মুখ্য ফাংচনটো হৈছে হাড়ৰ বিকাশ আৰু চোৱাচিতা
00:51 যদি শৰীৰত অধিক কেলচিয়াম থাকে, ই হাড়ত জমা হয়
00:58 অভাৱৰ ক্ষেত্ৰত, ইয়াক হাড়ৰ পৰা লোৱা হয়
01:03 কেলচিয়াম দৰকাৰী হয় আমাৰ শৰীৰত স্নায়বিক সংকেতসমূহ প্ৰেৰণৰ বাবে
01:09 ই মাংসপেশীৰ গঠণ আৰু ইয়াৰ চলাচলত সহায় কৰে
01:14 ই লগতে কাটিলে তেজ ওলোৱাক বন্ধ কৰি সহায় কৰে
01:18 কেলচিয়াম লাগে হ’ৰম’নচ নিসৰণ কৰিবলৈ যেনে ইনচুলিন আৰু এদ্ৰেনেলিন
01:27 আন লাভসমূহ হৈছে শৰীৰৰ ওজন, ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যক চোৱাচিতা কৰে
01:34 দৈনিক কেলচিয়ামৰ প্ৰয়োজন ভিন্ন হয় বিভিন্ন বয়সৰ গ্ৰোপচৰ বাবে
01:41 ই ক্ৰমাগত বৃদ্ধিৰ সময়ত উচ্চ হয় যেনে শৈশৱকাল আৰু কিশোৰকালত
01:49 ১২ মাহৰ শিশুসমূহৰ বাবে, প্ৰতিদিনে ৫০০ মিলিগ্ৰাম কেলচিয়ামৰ পৰামৰ্শ দিয়া হয়
01:57 ৯ বছৰলৈকে শিশুসমূহৰ বাবে, প্ৰতিদিনে ৬০০ মিলিগ্ৰাম কেলচিয়ামৰ পৰামৰ্শ দিয়া হয়
02:03 কিশোৰসকলৰ বাবে দৈনিক প্ৰয়োজন বৃদ্ধি হৈ ৮০০ মিলিগ্ৰাম হয়
02:10 প্ৰাপ্তবয়স্কৰ বাবে, ই হৈছে ৬০০ মিলিগ্ৰাম প্ৰতিদিনে
02:15 কেলচিয়ামৰ আৱশ্যকতা লগতে উচ্চ হয় গৰ্ভধাৰণ আৰু স্তনপানৰ সময়ত
02:21 গৰ্ভধাৰণ আৰু স্তনপানৰ সময়ত, ১২০০ মিলিগ্ৰামৰ পৰামৰ্শ দিয়া হয়
02:29 আহক এতিয়া কেলচিয়ামৰ অভাৱৰ বাবে হোৱা প্ৰভাৱৰ আলোচনা কৰো
02:34 গৰ্ভধাৰণৰ সময়ত কেলচিয়ামৰ অভাৱত ৰক্তচাপ বাহিবলৈ ধৰে
02:42 হাত আৰু ভৰি ফুলি উঠা দেখা যায়
02:46 মাকসকলে অপৰ্যাপ্ত কেলচিয়াম ল’লে শিশুটোকো প্ৰভাবিত কৰিব পাৰে
02:53 সিহতৰ জন্মৰ ওজন নিম্ন হ’ব পাৰে আৰু বৃদ্ধি নহ’ব পাৰে
02:58 সিহতৰ শাৰিৰীক আৰু মানসিক বিকাশ নহ’ব পাৰে
03:03 শিশুসকলৰ, কেলচিয়ামৰ অভাৱৰ বাবে ৰিকেতচ হয়
03:08 ৰিকেতচ হৈছে কংকাল তন্ত্ৰৰ এটা বিকৃতি
03:12 বৃদ্ধি কমি যায় আৰু ৰাজহাড়ৰ আকাৰত পৰিবৰ্তন হয়
03:18 আন লক্ষণসমূহ হৈছে নিমজ্জিত কংকাল, প্ৰসাৰিত কপাল আৰু ধেনুভিৰীয়া বেকা ভৰি
03:26 কম উচ্চতা, বহল হোৱা মণিবন্ধ, কিলাগুটি, আঠু আৰু ঘিলাগুটিৰ যোৰাসমূহ দেখিব পাৰি
03:34 প্ৰাপ্তবয়স্কত, কেলচিয়ামৰ অভাৱৰ আগতীয়া লক্ষণসমূহ হৈছে মাংসপেশীৰ বিষ
03:40 সাৰ-সুৰ নথকা বা জিনজিনোৱা আঙুলিওঁ লগতে দেখা যায়
03:46 মানসিক হতাশা, বিৰক্তি,
03:49 শুকান চাল, ভঙা নখ
03:51 আৰু দাত খাৰেধৰা লগতে হ’ব পাৰে
03:55 দীঘলীয়া সময় কেলচিয়ামৰ অভাৱৰ ফলত অষ্টিঅ’প’ৰ’চিচ হ’ব পাৰে
04:01 অষ্টিঅ’প’ৰ’চিচত, হাড়ৰ ঘনত্ব কমি যায়
04:06 হাড়বিলাক ঠুনুকা হয় আৰু ভাঙে বা ফাটে
04:10 আন লক্ষণসমূহ হৈছে অবনমিত চালচলন,উচ্চতা কমা আৰু পিঠিৰ বিষ
04:18 অষ্টিঅ’প’ৰ’চিচ হোৱাৰ বিপদ মহিলাৰ বেছি হয় পুৰূষৰ তুলনাত
04:23 ইয়াৰ কাৰণ হৈছে মাহেকীয়াৰ পাছত মহিলাৰ ইচট্ৰ’জেন লেভেলচ কমি যায়
04:29 সেইবাবে, কেলচিয়ামৰ শোষণ কমে আৰু ইয়াৰ প্ৰস্ৰাৱৰ দ্বাৰা নিষ্কাসন বাহে
04:37 কেলচিয়ামৰ অভাৱক ত্যাগ কৰিবলৈ, পৰ্যাপ্ত পৰিমাণে কেলচিয়াম থকা খাদ্যৰ প্ৰয়োজন
04:44 উৎকৃষ্ট উৎস হৈছে গাখীৰ আৰু গাখীৰৰ বস্তু
04:48 ইয়াত পৰে দৈ, পনীৰ, চিজ আৰু খৌয়া
04:55 সিহতৰ পৰা পোৱা কেলচিয়াম আমাৰ শৰীৰত সহজে শোষণ হয়
05:00 ২০০ মিলিলিটাৰ গৰূৰ গাখীৰত ২৩৬ মিলিগ্ৰাম কেলচিয়াম থাকে
05:07 ১০০ গ্ৰাম গৰূৰ গাখীৰৰ দৈত ১৫০ মিলিগ্ৰাম কেলচিয়াম থাকে
05:14 ৩০ গ্ৰাম গৰূৰ গাখীৰৰ পনীৰত ১৪২ মিলিগ্ৰাম কেলচিয়াম থাকে
05:21 কিছু আমিষ খাদ্যতো প্ৰচুৰকৈ কেলচিয়াম থাকে
05:25 উদাহৰণস্বৰূপে: শুকান মিছামাচ, ব’ম্বে ডাক, ডাঙৰ মিছামাছ, ল’বষ্টাৰ আৰু শুকান ব’নি মাছ
05:34 ১০০ গ্ৰাম ডাঙৰ মিছামাছত ৬৭ মিলিগ্ৰাম কেলচিয়াম থাকে
05:40 ২০ গ্ৰাম শুকান মিছামাচত ৭৩ মিলিগ্ৰাম কেলচিয়াম থাকে
05:46 ১৫ গ্ৰাম শুকান ব’ম্বে ডাক মাচত ২০৮ মিলিগ্ৰাম কেলচিয়াম থাকে
05:54 গুটিসমূহো কেলচিয়ামৰ এটা উৎকৃষ্ট উৎস হয়
05:58 উদাহৰণস্বৰূপে: তিলৰ গুটি, নাইগাৰ গুটি, ফ্লেক্স গুটি, দিল গুটি আৰু প’পি গুটি
06:05 ১ চামোচ বা ৫ গ্ৰাম তিলৰ গুটিত ৬৪ মিলিগ্ৰাম কেলচিয়াম থাকে
06:14 এইবোৰৰ ওপৰিও, বাদাম যেনে আলম’ন্দ আৰু ওৱালনাততো প্ৰচুৰকৈ কেলচিয়াম থাকে
06:21 বহুতো সেউজীয়া পাতৰ শাকত ভাল পৰিমাণে কেলচিয়াম থাকে
06:26 উদাহৰণস্বৰূপে: অমৰান্থ পাত, অগাথি, ড্ৰামষ্টিক আৰু মিথিশাক
06:33 আনকি মূলাৰ পাত, কচুপাত আৰু সৰিয়হৰ পাতো ভাল উৎস
06:39 ১০০ গ্ৰাম অমৰান্থ পাতত ৩৩০ মিলিগ্ৰাম কেলচিয়াম থাকে
06:46 ১০০ গ্ৰাম মিথি পাতত ২৭৪ মিলিগ্ৰাম কেলচিয়াম থাকে
06:52 কিছুমান বিনত কেলচিয়াম থাকে, যেনে চয়বিন, হ’ৰ্চ গ্ৰাম আৰু ম’থ বিন
07:00 ৫০ গ্ৰাম হ’ৰ্চ গ্ৰামত ১৩৫ মিলিগ্ৰাম কেলচিয়াম থাকে
07:07 ফিংগাৰ মিলেতটো প্ৰচুৰকৈ কেলচিয়াম থাকে
07:11 ৩০ গ্ৰাম ফিংগাৰ মিলেতত ১১০ মিলিগ্ৰাম কেলচিয়াম থাকে
07:18 আহাৰ খোৱাৰ লগতে, কেলচিয়ামৰ শোষণো সমানেই গুৰূত্বপূৰ্ণ
07:24 অকজালেতচ, ফাইতেতচ আৰু ফাইবাৰৰ উপস্থিতিয়েওঁ কেলচিয়ামৰ শোষণত বাধা দিয়ে
07:30 সিহত বাদাম, গুটি, বিন আৰু সেউজীয়া পাতৰ শাকত থাকে
07:38 এই পদাৰ্থসমূহে কেলচিয়ামৰ সৈতে যুক্ত হৈ এটা অশোসিত কমপ্লেক্স গঠণ কৰে
07:45 ইয়াৰ ফলত, শৰীৰত কেলচিয়ামৰ শোষণত বাধা আহে
07:50 শোষণক বৃদ্ধি কৰিব পাৰি বিভিন্ন ৰন্ধাৰ কৌশলসমূহ ব্যৱ্হাৰ কৰি
07:56 উদাহৰণস্বৰূপে: ভিজোৱা, অংকুৰিত কৰা, সিজোৱা, ভজা আৰু কিম্বন
08:05 কেলচিয়ামৰ শোষণৰ বাবে, কেলচিয়াম প্ৰচুৰকৈ থকা খাদ্যৰ লগত চাহ, ক’ফি আৰু ক’লাক ত্যাগ কৰক
08:13 সিহতত কেফেইন থাকে যিয়ে প্ৰস্ৰাৱৰ দ্বাৰা কেলচিয়ামৰ নিষ্কাসনক বৃদ্ধি কৰে
08:20 উচ্চতম কেলচিয়াম শোষণৰ বাবে, আন কিছু পুষ্টিকৰ পদাৰ্থৰ প্ৰয়োজন
08:25 উদাহৰণস্বৰূপে: ভিটামিন D, মেগনেচিয়াম, প’টাচিয়াম আৰু ফচফৰাচ
08:32 পুষ্টিকৰ পদাৰ্থৰ উপৰিওঁ, পৰ্যাপ্ত শাৰিৰীক গতিবিধি আৰু ব্যায়ামো লগতে দৰকাৰ
08:39 ই হাড়ৰ ঘনত্ব আৰু শক্তিক বৃদ্ধি কৰিব
08:44 এই সকলোৰে লগতে, বয়সেওঁ কেলচিয়ামৰ শোষণত প্ৰভাৱ পেলাই
08:50 ই শিশু আৰু শৈশৱ কালত উচ্চতম হয়
08:55 প্ৰাপ্তবয়স্ক সময়ত, শোষণ মধ্যম হয় আৰু পাছত ই বয়সৰ সৈতে কমিবলৈ ধৰে
09:02 সেইবাবে, কম বয়সৰ পৰাই পৰ্যাপ্ত পৰিমাণে কেলচিয়াম প্ৰচুৰকৈ থকা খাদ্য খোৱাটো দৰকাৰ
09:09 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9