Health-and-Nutrition/C2/Calcium-rich-vegetarian-recipes/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:00 | কেলচিয়াম প্ৰচুৰকৈ থকা নিৰামিষ বিধিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: |
| 00:10 | কেলচিয়ামৰ খাদ্যৰ উৎসসমূহ |
| 00:13 | ৰন্ধাৰ কৌশলসমূহ কেলচিয়ামৰ শোষণক উন্নত কৰিবলৈ |
| 00:17 | কেলচিয়াম প্ৰচুৰকৈ থকা নিৰামিষ বিধিসমূহৰ প্ৰস্তুতকৰণ |
| 00:21 | এই বিধিসমূহত থকা কেলচিয়ামৰ পৰিমাণ |
| 00:25 | কেলচিয়াম হৈছে আমাৰ শৰীৰত আটাইতকৈ বেছিকৈ থকা খনিজ দ্ৰব্য |
| 00:30 | শৰীৰৰ কেলচিয়ামৰ 99% পোৱা যায় হাড় আৰু দাতত |
| 00:36 | বাকীথকা 1% তেজত থাকে |
| 00:39 | আমাৰ শৰীৰত কেলচিয়ামৰ ভূমিকাক আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
| 00:45 | এই টিউট’ৰিয়েলচৰ বাবে আমাৰ ওৱেবচাইত চাওঁক |
| 00:49 | কম বয়সৰ পৰাই আহাৰৰ দ্বাৰা পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম লোৱাটো দৰকাৰ |
| 00:55 | গাখীৰৰ বস্তুসমূহ হৈছে কেলচিয়ামৰ উৎকৃষ্ট উৎস |
| 00:59 | ই সংলগ্ন কৰে গাখীৰ, |
| 01:01 | দৈ, পনীৰ, |
| 01:03 | চীজ আৰু খৌআ |
| 01:06 | কেলচিয়াম লগতে থাকে কিছু বাদাম, |
| 01:09 | বীজ, মাহ |
| 01:11 | আৰু সেউজীয়া পাতথকা শাক-পাচলিত |
| 01:14 | কেলচিয়াম প্ৰচুৰকৈ থকা আহাৰৰ লগতে, শৰীৰৰ দ্বাৰা কেলচিয়ামৰ শোষণো দৰকাৰ |
| 01:21 | কেলচিয়ামৰ শোষণক উন্নত কৰিব পাৰি ভিজাই, অংকুৰিত কৰি আৰু কিম্বনৰ দ্বাৰা |
| 01:29 | আনকি সিজোৱা, ভজা আৰু আন ৰন্ধাৰ কৌশলসমূহেওঁ সহায় কৰিব |
| 01:35 | মন কৰিব যে এই টিউট’ৰিয়েলত দেখুৱা সকলো বিধিতে, ১ কাপ হৈছে ২০০ মিলিলিটাৰ |
| 01:42 | প্ৰথম বিধিটো হৈছে অংকুৰিত ফিংগাৰ মিলেতৰ ড’চা |
| 01:47 | এই বিধি প্ৰস্তুত কৰিবলৈ লগা সামগ্ৰীসমূহ হৈছে: |
| 01:50 | ১/৪ কাপ বা ৩০ গ্ৰাম ফিংগাৰ মিলেত |
| 01:55 | ১/৪ কাপ বা ৩০ গ্ৰাম ফলা ক’লা বুট |
| 01:59 | আধা চামোচ মিথি গুটি |
| 02:02 | আধা চামোচ ফ্লেক্স গুটিৰ পাউদাৰ |
| 02:06 | ১ চামোচ দৈ |
| 02:08 | নিমখ সোৱাদ অনুসৰি |
| 02:10 | ১ চামোচ তেল বা মাখন |
| 02:14 | পদ্ধতি: ফিংগাৰ মিলেতক ধোৱক আৰু ৰাতিটোৰ বাবে ভিজাওঁক |
| 02:19 | ছাকনী এখনত অতিৰিক্ত পানীখিনি ছাকক |
| 02:22 | তেতিয়া, সিহতক অংকুৰিত হ’বলৈ দিয়্ক |
| 02:25 | অংকুৰিত হ’বলৈ সিহতক প্ৰায় ২ দিন লাগিব |
| 02:29 | ফিংগাৰ মিলেত অংকুৰিত হ’লে, ইয়াক ৰ’দত শুকোৱাওঁক |
| 02:33 | যদি ৰ’দ নাপাই, আপুনি সিহতক পেন এখনত তেল নিদিয়াকৈ ভাজিব পাৰে |
| 02:39 | ইয়াক পিচি ভাল পাউদাৰ এটা বনাওঁক |
| 02:41 | আনহাতে, ফলা ক’লা বুট আৰু মিথি গুটিক ৩ বা ৪ ঘন্টাৰ বাবে ভিজাওঁক |
| 02:48 | কিছু পানী দি ইয়াক পিচক কোমল মিশ্ৰণ এটা বনাবলৈ |
| 02:53 | মিশ্ৰণটোত ফিংগাৰ মিলেত পাউদাৰ, ভজা ফ্লেক্স গুটিৰ পাউদাৰ আৰু নিমখ দিয়ক |
| 02:59 | ইয়াক ভালকৈ মিহলাওঁক । মিশ্ৰণটো ঢাকক আৰু এৰাতি ৰাখক কিম্বণ হ’বলৈ |
| 03:05 | মিশ্ৰণটো ফুলি আহিলে, দৈ আৰু অলপ পানী দিয়ক ঘনত্বক মিলাবলৈ |
| 03:12 | পেন এখনত তেল বা ঘিউ গৰম কৰক |
| 03:15 | পিয়াজ এফাল লৈ তেলখিনিক সম্পূৰ্ণ পেনখনত বহলাই দিয়ক |
| 03:20 | পেনখনত এহেতা মিশ্ৰণ দিয়ক |
| 03:23 | পেনখনত মিশ্ৰণক এটা বৃত্তাকাৰ গতিত বহলাই দিয়ক |
| 03:27 | ড’চাটো নিম্ন জুইত দুয়োফালে ভাজক |
| 03:30 | অংকুৰিত ফিংগাৰ মিলেতৰ ড’চা তৈয়াৰ হ’ল |
| 03:33 | এই বিধিটো এবাৰ খালে প্ৰায় ১৮৫ মিলিগ্ৰাম কেলচিয়াম পাব |
| 03:40 | আপুনি এই ড’চা খাব পাৰে বাতাৰমিল্ক বা তিলৰ চাটনি পাউদাৰৰ সৈতে |
| 03:46 | আহক এতিয়া তিলৰ চাটনি পাউদাৰ বনাবলৈ চাওঁ |
| 03:50 | ইয়াৰ বাবে, আপোনাক লাগিব: |
| 03:52 | ২ চামোচ বগা তিল |
| 03:55 | ১ চামোচ ফলা বঙালী বুট |
| 03:58 | ১ টা শুকান ৰঙা জলকীয়া |
| 04:00 | ২ টুকুৰা সতেজ নাৰিকল |
| 04:03 | ২ বা ৩ ফুটা নহৰূ |
| 04:05 | নেমু এটাৰ জোখৰ তেতেলী |
| 04:08 | নিমখ সোৱাদ অনুসৰি |
| 04:10 | তিল, ফলা বঙালী বুট, ৰঙা জলকীয়া, নাৰিকল আৰু নহৰূক পেন এখনত ভাজক |
| 04:18 | ইয়াক সঘনাই লৰাই থাকক যাতে তিলখিনি জ্বলি নাযায় |
| 04:24 | পাছত, সিহতক পেনৰ পৰা নমাওঁক আৰু ঠাণ্ডা হ’বলৈ দিয়ক |
| 04:29 | ঠাণ্ডা হোৱাৰ পাছত, তেতেলী আৰু নিমখ দিয়ক |
| 04:33 | তেতিয়া, ইয়াক মিক্সাৰ বা খুন্দনা এটাত পিচক |
| 04:37 | তিলৰ চাটনি পাউদাৰ তৈয়াৰ হ’ল |
| 04:40 | এই চাটনি পাউদাৰৰ ১/৪ কাপে প্ৰায় ১৩১ মিলিগ্ৰাম কেলচিয়াম দিয়ে |
| 04:47 | আপুনি আহাৰৰ সৈতে এদিনত ইয়াক দুবাৰ বা তিনিবাৰ খাব পাৰে |
| 04:51 | বগা তিলৰ পৰিবৰ্তে, আপুনি লগতে অন্য গুটিওঁ ল’ব পাৰে |
| 04:56 | উদাহৰণস্বৰূপে: ক’লা তিল, |
| 04:59 | ফ্লেক্স গুটি, |
| 05:01 | প’পি গুটি বা নাইজাৰ গুটি |
| 05:04 | আমাৰ তৃতীয় বিধি হৈছে হ’ৰ্চ গ্ৰাম আৰু আমৰান্থ পাতৰ কাৰি |
| 05:10 | এই বিধি বনাবলৈ লগা সামগ্ৰীসমূহ হৈছে: |
| 05:13 | ১/৪ কাপ হ’ৰ্চ গ্ৰাম |
| 05:16 | ৫০ গ্ৰাম বা ১/৪ মুঠি আমৰান্থ পাত |
| 05:20 | এফাল পিয়াজ |
| 05:22 | এফাল বিলাহী |
| 05:24 | আপোনাক লগতে এই মচলাসমূহ লাগিব: |
| 05:26 | ১ চামোচ জীৰা |
| 05:28 | আধা চামোচ আদা নহৰূৰ পেষ্ট |
| 05:31 | আধা চামোচ হালধী পাউদাৰ |
| 05:34 | আধা চামোচ ৰঙা জলকীয়া পাউদাৰ |
| 05:36 | আধা চামোচ ধনীয়া পাউদাৰ |
| 05:39 | নিমখ সোৱাদ অনুসৰি |
| 05:41 | আপোনাক লগতে লাগিব ২ চামোচ তেল বা ঘিউ |
| 05:45 | পদ্ধতি: |
| 05:47 | হ’ৰ্চ গ্ৰামক ৰাতিটো ভিজাই ৰাখক |
| 05:49 | পিছদিনা, ছাকনী এখনত অতিৰিক্ত পানীখিনি ছাকক |
| 05:54 | হ’ৰ্চ গ্ৰামখিনিক তাপ নোপোৱাকৈ শুকান ঠাইত ৰাখক গঁজালি নোলোৱালৈকে |
| 05:59 | গঁজালি উলালে, প্ৰেচাৰ কুকাৰ এটাত সিজাওঁক |
| 06:04 | সিজাবলৈ, আধা কাপ পানী, নিমখ আৰু হালধী পাউদাৰ দিয়ক |
| 06:09 | প্ৰেচাৰ কুকাৰত উচ্চ জুইত চিতি এটা মাৰক |
| 06:13 | তেতিয়া, নিম্ন জুইত ১০ মিনিট ৰান্ধক |
| 06:17 | কুকাৰটোৰ পৰা প্ৰেচাৰ নিজে যাবলৈ দিয়ক আৰু তেতিয়া খোলক |
| 06:22 | মাজতে, পেন এখনত তেল গৰম কৰক |
| 06:25 | জীৰা আৰু আদা নহৰূৰ পেষ্ট দিয়ক |
| 06:29 | তেতিয়া, কাটিলোৱা পিয়াজ দিয়্ক আৰু লৰাওঁক |
| 06:33 | বাকীথকা মচলাখিনি আৰু বিলাহী দিয়্ক |
| 06:36 | ভালকৈ মিহলাওঁক |
| 06:38 | ধোৱা আৰু কাটিলোৱা আমৰান্থ পাতখিনি আৰু অংকুৰিত হ’ৰ্চ গ্ৰাম দিয়্ক |
| 06:43 | লৰাই থাকক আৰু মধ্যম জুইত ৩ ৰ পৰা ৫ মিনিট ৰান্ধক |
| 06:48 | অংকুৰিত হ’ৰ্চ গ্ৰাম আৰু আমৰান্থ পাতৰ কাৰি তৈয়াৰ হ’ল |
| 06:53 | এই কাৰিৰ এবাতিয়ে প্ৰায় ২৫৬ মিলিগ্ৰাম কেলচিয়াম দিব |
| 07:00 | যদি হ’ৰ্চ গ্ৰাম উপলদ্ধ নহয়, তেন্তে আপুনি চয়েবিন বা মথ বিনচ ল’ব পাৰে |
| 07:06 | আমৰান্থ পাতৰ পৰিবৰ্তে, আপুনি অন্য সেউজীয়া পাতৰ শাক-পাচলিওঁ ল’ব পাৰে |
| 07:11 | উদাহৰণস্বৰূপে: ড্ৰামষ্টিক পাত, মিথি পাত বা মূলা পাত |
| 07:17 | পাছৰ বিধি হৈছে ভজা পনীৰ |
| 07:21 | ভজা পনীৰ প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব: |
| 07:24 | ৮০ গ্ৰাম বা আধা কাপ পনীৰ |
| 07:27 | এফাল পিয়াজ |
| 07:29 | এফাল বিলাহী |
| 07:31 | এটা সেউজীয়া জলকীয়া |
| 07:33 | আধা চামোচ জীৰা |
| 07:36 | আধা চামোচ গৰম মচলা পাউদাৰ |
| 07:39 | আধা চামোচ হালধী পাউদাৰ |
| 07:42 | নিমখ সোৱাদ অনুসৰি |
| 07:45 | এমুঠি ধনীয়া পাত লাগিব সজাবৰ বাবে |
| 07:50 | বিধিটো প্ৰস্তুত কৰিব পাৰি ২ চামোচ তেল, ঘিউ বা বাতাৰত |
| 07:57 | যদি পনীৰ উপলদ্ধ নহয়, আপুনি ইয়াক গৰূ বা মহৰ গাখীৰৰ পৰা বনাব পাৰে |
| 08:02 | পনীৰ বনাবলৈ, ৪০০ এমএল বা ২ গিলাচ গাখীৰ উতলাওঁক |
| 08:08 | গাখীৰখিনি উতলাৰ পাছত, জুই বন্ধ কৰক আৰু এক চামোচ নেমু পানী বা ভিনেগাৰ দিয়ক |
| 08:15 | ইয়াক ভালকৈ লৰাই থাকক গাখীৰখিনি দৈ হ’বলৈ ধৰাক নেদেখালৈকে |
| 08:20 | ইয়াক এফালে ঠাণ্ডা হ’বলৈ দিয়ক |
| 08:23 | ছাকনী এখনত কপাহী বা মখমলৰ কাপোৰ এখন ৰাখক আৰু দৈখিনি ছাকক |
| 08:30 | কাপোৰখনৰ চুককেইটা গুটাওঁক আৰু পনীৰৰ পৰা অতিৰিক্ত পানীক চেপি উলিয়াওঁক |
| 08:36 | ছাকনীখনৰ তলত বাতি এটা ৰাখক পানীখিনি ল’বলৈ |
| 08:40 | আপুনি এই পানীক ব্যৱ্হাৰ কৰিব পাৰে আটা মাৰোতে, ডালি বনাওঁতে বা শাক-পাচলি ৰান্ধোতে |
| 08:46 | পনীৰক হেচা দিয়ক ঘূৰণীয়া ঠালৰ আকাৰ বনাবলৈ |
| 08:49 | পনীৰক শীতল কৰক চেত কৰিবলৈ |
| 08:52 | ভজা পনীৰ প্ৰস্তুত কৰিবলৈ, পেন এখনত তেল বা ঘিউ বা বাতাৰ গৰম কৰক |
| 08:59 | জীৰা আৰু কাটিলোৱা পিয়াজ দিয়্ক |
| 09:02 | পিয়াজখিনি পাতল সোণালী নোহোৱালৈকে লৰাই থাকক |
| 09:06 | কাটিলোৱা বিলাহী, সেউজীয়া জলকীয়া, নিমখ আৰু মচলাখিনি দিয়ক |
| 09:11 | পনীৰখিনি ভাঙক আৰু পেনত দিয়ক |
| 09:15 | ভালকৈ মিহলাওঁক |
| 09:17 | ২ বা ৩ মিনিট ৰান্ধক |
| 09:19 | ধনীয়া পাতৰে সজাওঁক |
| 09:22 | ভজা পনীৰ তৈয়াৰ হ’ল |
| 09:26 | এই বিধিৰ এবাতিয়ে প্ৰায় ৩৮০ মিলিগ্ৰাম কেলচিয়াম দিব |
| 09:32 | এই সকলো বিধিত কেলচিয়াম প্ৰচুৰকৈ থাকে |
| 09:36 | আমাৰ দৈনিক আহাৰত কেলচিয়াম থকাটো দৰকাৰ ভাল স্বাস্থ্যৰ বাবে |
| 09:42 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা সংযোগ কৰাৰ বাবে ধন্যবাদ |