Health-and-Nutrition/C2/Calcium-rich-vegetarian-recipes/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:00 কেলচিয়াম প্ৰচুৰকৈ থকা নিৰামিষ বিধিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
00:10 কেলচিয়ামৰ খাদ্যৰ উৎসসমূহ
00:13 ৰন্ধাৰ কৌশলসমূহ কেলচিয়ামৰ শোষণক উন্নত কৰিবলৈ
00:17 কেলচিয়াম প্ৰচুৰকৈ থকা নিৰামিষ বিধিসমূহৰ প্ৰস্তুতকৰণ
00:21 এই বিধিসমূহত থকা কেলচিয়ামৰ পৰিমাণ
00:25 কেলচিয়াম হৈছে আমাৰ শৰীৰত আটাইতকৈ বেছিকৈ থকা খনিজ দ্ৰব্য
00:30 শৰীৰৰ কেলচিয়ামৰ 99% পোৱা যায় হাড় আৰু দাতত
00:36 বাকীথকা 1% তেজত থাকে
00:39 আমাৰ শৰীৰত কেলচিয়ামৰ ভূমিকাক আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
00:45 এই টিউট’ৰিয়েলচৰ বাবে আমাৰ ওৱেবচাইত চাওঁক
00:49 কম বয়সৰ পৰাই আহাৰৰ দ্বাৰা পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম লোৱাটো দৰকাৰ
00:55 গাখীৰৰ বস্তুসমূহ হৈছে কেলচিয়ামৰ উৎকৃষ্ট উৎস
00:59 ই সংলগ্ন কৰে গাখীৰ,
01:01 দৈ, পনীৰ,
01:03 চীজ আৰু খৌআ
01:06 কেলচিয়াম লগতে থাকে কিছু বাদাম,
01:09 বীজ, মাহ
01:11 আৰু সেউজীয়া পাতথকা শাক-পাচলিত
01:14 কেলচিয়াম প্ৰচুৰকৈ থকা আহাৰৰ লগতে, শৰীৰৰ দ্বাৰা কেলচিয়ামৰ শোষণো দৰকাৰ
01:21 কেলচিয়ামৰ শোষণক উন্নত কৰিব পাৰি ভিজাই, অংকুৰিত কৰি আৰু কিম্বনৰ দ্বাৰা
01:29 আনকি সিজোৱা, ভজা আৰু আন ৰন্ধাৰ কৌশলসমূহেওঁ সহায় কৰিব
01:35 মন কৰিব যে এই টিউট’ৰিয়েলত দেখুৱা সকলো বিধিতে, ১ কাপ হৈছে ২০০ মিলিলিটাৰ
01:42 প্ৰথম বিধিটো হৈছে অংকুৰিত ফিংগাৰ মিলেতৰ ড’চা
01:47 এই বিধি প্ৰস্তুত কৰিবলৈ লগা সামগ্ৰীসমূহ হৈছে:
01:50 ১/৪ কাপ বা ৩০ গ্ৰাম ফিংগাৰ মিলেত
01:55 ১/৪ কাপ বা ৩০ গ্ৰাম ফলা ক’লা বুট
01:59 আধা চামোচ মিথি গুটি
02:02 আধা চামোচ ফ্লেক্স গুটিৰ পাউদাৰ
02:06 ১ চামোচ দৈ
02:08 নিমখ সোৱাদ অনুসৰি
02:10 ১ চামোচ তেল বা মাখন
02:14 পদ্ধতি: ফিংগাৰ মিলেতক ধোৱক আৰু ৰাতিটোৰ বাবে ভিজাওঁক
02:19 ছাকনী এখনত অতিৰিক্ত পানীখিনি ছাকক
02:22 তেতিয়া, সিহতক অংকুৰিত হ’বলৈ দিয়্ক
02:25 অংকুৰিত হ’বলৈ সিহতক প্ৰায় ২ দিন লাগিব
02:29 ফিংগাৰ মিলেত অংকুৰিত হ’লে, ইয়াক ৰ’দত শুকোৱাওঁক
02:33 যদি ৰ’দ নাপাই, আপুনি সিহতক পেন এখনত তেল নিদিয়াকৈ ভাজিব পাৰে
02:39 ইয়াক পিচি ভাল পাউদাৰ এটা বনাওঁক
02:41 আনহাতে, ফলা ক’লা বুট আৰু মিথি গুটিক ৩ বা ৪ ঘন্টাৰ বাবে ভিজাওঁক
02:48 কিছু পানী দি ইয়াক পিচক কোমল মিশ্ৰণ এটা বনাবলৈ
02:53 মিশ্ৰণটোত ফিংগাৰ মিলেত পাউদাৰ, ভজা ফ্লেক্স গুটিৰ পাউদাৰ আৰু নিমখ দিয়ক
02:59 ইয়াক ভালকৈ মিহলাওঁক । মিশ্ৰণটো ঢাকক আৰু এৰাতি ৰাখক কিম্বণ হ’বলৈ
03:05 মিশ্ৰণটো ফুলি আহিলে, দৈ আৰু অলপ পানী দিয়ক ঘনত্বক মিলাবলৈ
03:12 পেন এখনত তেল বা ঘিউ গৰম কৰক
03:15 পিয়াজ এফাল লৈ তেলখিনিক সম্পূৰ্ণ পেনখনত বহলাই দিয়ক
03:20 পেনখনত এহেতা মিশ্ৰণ দিয়ক
03:23 পেনখনত মিশ্ৰণক এটা বৃত্তাকাৰ গতিত বহলাই দিয়ক
03:27 ড’চাটো নিম্ন জুইত দুয়োফালে ভাজক
03:30 অংকুৰিত ফিংগাৰ মিলেতৰ ড’চা তৈয়াৰ হ’ল
03:33 এই বিধিটো এবাৰ খালে প্ৰায় ১৮৫ মিলিগ্ৰাম কেলচিয়াম পাব
03:40 আপুনি এই ড’চা খাব পাৰে বাতাৰমিল্ক বা তিলৰ চাটনি পাউদাৰৰ সৈতে
03:46 আহক এতিয়া তিলৰ চাটনি পাউদাৰ বনাবলৈ চাওঁ
03:50 ইয়াৰ বাবে, আপোনাক লাগিব:
03:52 ২ চামোচ বগা তিল
03:55 ১ চামোচ ফলা বঙালী বুট
03:58 ১ টা শুকান ৰঙা জলকীয়া
04:00 ২ টুকুৰা সতেজ নাৰিকল
04:03 ২ বা ৩ ফুটা নহৰূ
04:05 নেমু এটাৰ জোখৰ তেতেলী
04:08 নিমখ সোৱাদ অনুসৰি
04:10 তিল, ফলা বঙালী বুট, ৰঙা জলকীয়া, নাৰিকল আৰু নহৰূক পেন এখনত ভাজক
04:18 ইয়াক সঘনাই লৰাই থাকক যাতে তিলখিনি জ্বলি নাযায়
04:24 পাছত, সিহতক পেনৰ পৰা নমাওঁক আৰু ঠাণ্ডা হ’বলৈ দিয়ক
04:29 ঠাণ্ডা হোৱাৰ পাছত, তেতেলী আৰু নিমখ দিয়ক
04:33 তেতিয়া, ইয়াক মিক্সাৰ বা খুন্দনা এটাত পিচক
04:37 তিলৰ চাটনি পাউদাৰ তৈয়াৰ হ’ল
04:40 এই চাটনি পাউদাৰৰ ১/৪ কাপে প্ৰায় ১৩১ মিলিগ্ৰাম কেলচিয়াম দিয়ে
04:47 আপুনি আহাৰৰ সৈতে এদিনত ইয়াক দুবাৰ বা তিনিবাৰ খাব পাৰে
04:51 বগা তিলৰ পৰিবৰ্তে, আপুনি লগতে অন্য গুটিওঁ ল’ব পাৰে
04:56 উদাহৰণস্বৰূপে: ক’লা তিল,
04:59 ফ্লেক্স গুটি,
05:01 প’পি গুটি বা নাইজাৰ গুটি
05:04 আমাৰ তৃতীয় বিধি হৈছে হ’ৰ্চ গ্ৰাম আৰু আমৰান্থ পাতৰ কাৰি
05:10 এই বিধি বনাবলৈ লগা সামগ্ৰীসমূহ হৈছে:
05:13 ১/৪ কাপ হ’ৰ্চ গ্ৰাম
05:16 ৫০ গ্ৰাম বা ১/৪ মুঠি আমৰান্থ পাত
05:20 এফাল পিয়াজ
05:22 এফাল বিলাহী
05:24 আপোনাক লগতে এই মচলাসমূহ লাগিব:
05:26 ১ চামোচ জীৰা
05:28 আধা চামোচ আদা নহৰূৰ পেষ্ট
05:31 আধা চামোচ হালধী পাউদাৰ
05:34 আধা চামোচ ৰঙা জলকীয়া পাউদাৰ
05:36 আধা চামোচ ধনীয়া পাউদাৰ
05:39 নিমখ সোৱাদ অনুসৰি
05:41 আপোনাক লগতে লাগিব ২ চামোচ তেল বা ঘিউ
05:45 পদ্ধতি:
05:47 হ’ৰ্চ গ্ৰামক ৰাতিটো ভিজাই ৰাখক
05:49 পিছদিনা, ছাকনী এখনত অতিৰিক্ত পানীখিনি ছাকক
05:54 হ’ৰ্চ গ্ৰামখিনিক তাপ নোপোৱাকৈ শুকান ঠাইত ৰাখক গঁজালি নোলোৱালৈকে
05:59 গঁজালি উলালে, প্ৰেচাৰ কুকাৰ এটাত সিজাওঁক
06:04 সিজাবলৈ, আধা কাপ পানী, নিমখ আৰু হালধী পাউদাৰ দিয়ক
06:09 প্ৰেচাৰ কুকাৰত উচ্চ জুইত চিতি এটা মাৰক
06:13 তেতিয়া, নিম্ন জুইত ১০ মিনিট ৰান্ধক
06:17 কুকাৰটোৰ পৰা প্ৰেচাৰ নিজে যাবলৈ দিয়ক আৰু তেতিয়া খোলক
06:22 মাজতে, পেন এখনত তেল গৰম কৰক
06:25 জীৰা আৰু আদা নহৰূৰ পেষ্ট দিয়ক
06:29 তেতিয়া, কাটিলোৱা পিয়াজ দিয়্ক আৰু লৰাওঁক
06:33 বাকীথকা মচলাখিনি আৰু বিলাহী দিয়্ক
06:36 ভালকৈ মিহলাওঁক
06:38 ধোৱা আৰু কাটিলোৱা আমৰান্থ পাতখিনি আৰু অংকুৰিত হ’ৰ্চ গ্ৰাম দিয়্ক
06:43 লৰাই থাকক আৰু মধ্যম জুইত ৩ ৰ পৰা ৫ মিনিট ৰান্ধক
06:48 অংকুৰিত হ’ৰ্চ গ্ৰাম আৰু আমৰান্থ পাতৰ কাৰি তৈয়াৰ হ’ল
06:53 এই কাৰিৰ এবাতিয়ে প্ৰায় ২৫৬ মিলিগ্ৰাম কেলচিয়াম দিব
07:00 যদি হ’ৰ্চ গ্ৰাম উপলদ্ধ নহয়, তেন্তে আপুনি চয়েবিন বা মথ বিনচ ল’ব পাৰে
07:06 আমৰান্থ পাতৰ পৰিবৰ্তে, আপুনি অন্য সেউজীয়া পাতৰ শাক-পাচলিওঁ ল’ব পাৰে
07:11 উদাহৰণস্বৰূপে: ড্ৰামষ্টিক পাত, মিথি পাত বা মূলা পাত
07:17 পাছৰ বিধি হৈছে ভজা পনীৰ
07:21 ভজা পনীৰ প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব:
07:24 ৮০ গ্ৰাম বা আধা কাপ পনীৰ
07:27 এফাল পিয়াজ
07:29 এফাল বিলাহী
07:31 এটা সেউজীয়া জলকীয়া
07:33 আধা চামোচ জীৰা
07:36 আধা চামোচ গৰম মচলা পাউদাৰ
07:39 আধা চামোচ হালধী পাউদাৰ
07:42 নিমখ সোৱাদ অনুসৰি
07:45 এমুঠি ধনীয়া পাত লাগিব সজাবৰ বাবে
07:50 বিধিটো প্ৰস্তুত কৰিব পাৰি ২ চামোচ তেল, ঘিউ বা বাতাৰত
07:57 যদি পনীৰ উপলদ্ধ নহয়, আপুনি ইয়াক গৰূ বা মহৰ গাখীৰৰ পৰা বনাব পাৰে
08:02 পনীৰ বনাবলৈ, ৪০০ এমএল বা ২ গিলাচ গাখীৰ উতলাওঁক
08:08 গাখীৰখিনি উতলাৰ পাছত, জুই বন্ধ কৰক আৰু এক চামোচ নেমু পানী বা ভিনেগাৰ দিয়ক
08:15 ইয়াক ভালকৈ লৰাই থাকক গাখীৰখিনি দৈ হ’বলৈ ধৰাক নেদেখালৈকে
08:20 ইয়াক এফালে ঠাণ্ডা হ’বলৈ দিয়ক
08:23 ছাকনী এখনত কপাহী বা মখমলৰ কাপোৰ এখন ৰাখক আৰু দৈখিনি ছাকক
08:30 কাপোৰখনৰ চুককেইটা গুটাওঁক আৰু পনীৰৰ পৰা অতিৰিক্ত পানীক চেপি উলিয়াওঁক
08:36 ছাকনীখনৰ তলত বাতি এটা ৰাখক পানীখিনি ল’বলৈ
08:40 আপুনি এই পানীক ব্যৱ্হাৰ কৰিব পাৰে আটা মাৰোতে, ডালি বনাওঁতে বা শাক-পাচলি ৰান্ধোতে
08:46 পনীৰক হেচা দিয়ক ঘূৰণীয়া ঠালৰ আকাৰ বনাবলৈ
08:49 পনীৰক শীতল কৰক চেত কৰিবলৈ
08:52 ভজা পনীৰ প্ৰস্তুত কৰিবলৈ, পেন এখনত তেল বা ঘিউ বা বাতাৰ গৰম কৰক
08:59 জীৰা আৰু কাটিলোৱা পিয়াজ দিয়্ক
09:02 পিয়াজখিনি পাতল সোণালী নোহোৱালৈকে লৰাই থাকক
09:06 কাটিলোৱা বিলাহী, সেউজীয়া জলকীয়া, নিমখ আৰু মচলাখিনি দিয়ক
09:11 পনীৰখিনি ভাঙক আৰু পেনত দিয়ক
09:15 ভালকৈ মিহলাওঁক
09:17 ২ বা ৩ মিনিট ৰান্ধক
09:19 ধনীয়া পাতৰে সজাওঁক
09:22 ভজা পনীৰ তৈয়াৰ হ’ল
09:26 এই বিধিৰ এবাতিয়ে প্ৰায় ৩৮০ মিলিগ্ৰাম কেলচিয়াম দিব
09:32 এই সকলো বিধিত কেলচিয়াম প্ৰচুৰকৈ থাকে
09:36 আমাৰ দৈনিক আহাৰত কেলচিয়াম থকাটো দৰকাৰ ভাল স্বাস্থ্যৰ বাবে
09:42 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9