Gedit-Text-Editor/C2/Handling-Tabs/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Handling tabs এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:04 | এই টিউটোৰিয়েলত, মই ট্যাবক Add, move, re-order আৰু বন্ধ কৰা শিকিম। |
00:13 | ফাইলবোৰ ব্ৰাউজ আৰু খুলিবলৈ Side Panel ব্যবহাৰ কৰক। |
00:19 | লাইন সংখ্যা লিখক আৰু টেক্সট Wrap কৰক। |
00:22 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, মই উবুন্টু লিনাক্স 14.04 অপাৰেটিং সিস্টেম, gedit 3.10 ব্যবহাৰ কৰিছো। |
00:32 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ যি কোনো এটা অপাৰেটিং সিস্টেমৰ সম্পর্কে জানিব লাগিব। |
00:38 | gedit Text editor খুলক। |
00:42 | ডিফল্টৰুপে, gedit Text editor ত Untitled Document 1 নামৰ ট্যাব আছে। |
00:49 | এতিয়া, টিউটোৰিয়েলটো ৰখাওক আৰু স্ক্ৰীনত প্ৰদর্শিত কোড লিখক। |
00:56 | এইটো C প্ৰোগ্ৰামিং ল্যাঙ্গুয়েজ। |
00:58 | প্ৰোগ্ৰামটোক সংৰক্ষণ কৰক। |
01:01 | কীবোর্ডত একেসৈতে Ctrl + S কী টিপক। |
01:06 | Save ডায়লগ বাক্সত sample dot c নামটো লিখক। |
01:11 | Extension ‘c’ ইঙ্গিত কৰে যে এইটো C ল্যাঙ্গুয়েজ প্ৰোগ্ৰামিং। |
01:16 | ফোল্ডাৰটো চয়ন কৰক যত ফাইলটোক সংৰক্ষণ কৰিব বিচাৰে। |
01:20 | মই Desktop চয়ন কৰিম আৰু তাৰপিছত Save বোতামত ক্লিক কৰিম। |
01:25 | ট্যাবৰ নাম sample dot c লৈ সলনি হৈ যায়। |
01:29 | ফাইলটো সংৰক্ষণ কৰাৰ পিছত আপোনি প্ৰোগ্ৰামটোত থকা বিভিন্ন ৰং লক্ষ্য কৰিছেনে? |
01:35 | ইয়াৰ কাৰণ হল gedit Text editorএ লেখা কোডক C প্ৰোগ্ৰাম হিসাবে জানে। |
01:42 | আমি পৰবর্তী টিউটোৰিয়েলত সিনট্যাক্স হাইলাইট সম্পর্কে আৰু শিকিম। |
01:47 | লগতে স্ট্যাটাস বাৰ লক্ষ্য কৰক যি C ত সলনি হৈ গৈছে। |
01:52 | মই চাব পাৰো যে উইন্ডোৰ নামও sample dot c ত সলনি হৈ গৈছে। |
01:57 | নতুন ট্যাব জুড়াবলৈ, মেন মেনুৰ পৰা, File আৰু New ত ক্লিক কৰক। |
02:04 | sample.c ডকুমেন্টৰ সোফালে Untitled Document 1 নামৰ নতুন ট্যাব তৈয়াৰ হৈছে। |
02:12 | আকৌ এবাৰ, উইন্ডোৰ শীর্ষত থকা শিৰোনাম Untitled Document 1 ত সলনি হৈ গৈছে। |
02:18 | সেয়ে, সক্ৰিয় ট্যাবৰ নাম উইন্ডোৰ শিৰোনাম হিসাবে দেখায়। |
02:23 | এতিয়া, ট্যাবক অন্য উপায়েৰে খোলা শিকো। |
02:27 | টুলবাৰত New আইকনত ক্লিক কৰক। |
02:31 | আৰু এটা ট্যাব Untitled Document 2 তৈয়াৰ হয়। |
02:35 | ট্যাবৰ ক্ৰমাঙ্কন 1ৰ পৰা আৰম্ভ হয় আৰু প্ৰতিটো খোলা নতুন ট্যাবৰ বাবে 1 দ্বাৰা বৃদ্ধি হয়। |
02:43 | এইবাবেই এই ট্যাবটো 2 সংখ্যাযুক্ত। |
02:47 | একেইভাবে, আৰো দুটা নতুন ডকুমেন্ট বনাও। |
02:52 | এতিয়া, আমাৰ উছৰত sample.c সহ 5 টা ট্যাব আছে। |
02:58 | মই এই ট্যাবৰ পৰা কিভাবে নেভিগেট কৰিম। |
03:01 | লক্ষ্য কৰক, ট্যাব বাৰৰ উভয় প্ৰান্ত ত্ৰিভুজাকাৰ বোতাম আছে। |
03:07 | আপোনি এই বোতামৰ ব্যবহাৰ ট্যাবৰ মাধ্যমে নেভিগেটৰ বাবে কৰিব পাৰে। |
03:12 | বাও ত্ৰিভুজীয় বোতামত ক্লিক কৰক, যেতিয়ালৈকে sample.c ডকুমেন্ট দৃশ্যমান নহয়। |
03:19 | ট্যাবক কিভাবে বন্ধ কৰিম? এইটো খুবেই সহজ। |
03:22 | মেন মেনুৰ পৰা, File আৰু Close ত ক্লিক কৰক। |
03:27 | নতুবা, আপোনি কেবল ট্যাবৰ X বোতামত ক্লিক কৰিব পাৰে। |
03:32 | একেইভাবে Untitled Document 2 আৰু 3 বন্ধ কৰক। |
03:39 | সেয়ে, এতিয়া sample dot c, Untitled Document 1 আৰু Untitled Document 4 আছে। |
03:47 | এতিয়া, আৰো দুটা নতুন ডকুমেন্ট জুড়ো। |
03:52 | এই দুটা নতুন ট্যাবৰ নাম হল Untitled Document 2 আৰু 3. |
03:57 | ডকুমেন্টবোৰ ক্ৰমাঙ্কিত বা ক্ৰমত আছে, যেনে ইয়াতে দেখোৱা হৈছে। |
04:03 | অর্ডাৰ gedit এৰ নিম্ন সংস্কৰণৰ বাবে ভিন্ন হব পাৰে। |
04:08 | সংস্কৰণত কিছু পার্থক্য থাকিব আৰু শিক্ষার্থীয়ে এইবোৰ পৰিচালনা কৰিবলৈ প্ৰস্তুত থাকা উচিত। |
04:15 | এতিয়া ট্যাববোৰক পুনৰায় সজাও। |
04:18 | প্ৰথমে, Untitled Document 1 চয়ন কৰক। |
04:21 | মাউসৰ বাও বোতাম টিপি এইটোক sample.c ফাইলৰ বাওফালে ৰাখক। |
04:27 | মাউসৰ বাও বোতামটো এৰি দিয়ক। |
04:30 | ট্যাবটো পুনৰায় সজোৱা হৈছে। |
04:33 | একেইভাবে, ট্যাব 2 আৰু 4 ক পুনৰায় সজাও। |
04:38 | ইয়াৰ পিছত ট্যাবক অন্য উইন্ডোলৈ পদক্ষেপ কৰা শিকো। |
04:42 | প্ৰথমে sample.c ট্যাব চয়ন কৰক যাক মই পদক্ষেপ কৰিবলৈ বিছাৰো। |
04:47 | তাৰপিছত ট্যাবত সো ক্লিক কৰি Move to New Window চয়ন কৰক। |
04:52 | sample.c নতুন উইন্ডোত খোলে। |
04:56 | Untitled Documents সহ অন্য উইন্ডোত যাবলৈ sample.c ৰ পৰা উভতি যাও. |
05:02 | মেন মেনুত যাওক, View আৰু Side Panel ত ক্লিক কৰক। |
05:07 | সাইড প্যানেল উইন্ডোৰ বাও ফালে খোলে। |
05:12 | আপোনি সাইড প্যানেলত থকা সকলো ডকুমেন্টৰ নাম চাব পাৰে। |
05:17 | এইটো একেই ক্ৰমত আছে যেনেকৈ সিহতে উইন্ডো প্যানেলত দেখাইছিলে। |
05:22 | সাইড প্যানেলত Untitled Document 2 ত ক্লিক কৰক। |
05:27 | এই ডকুমেন্টটো এতিয়া সক্ৰিয় হৈ যায়। |
05:31 | ডকুমেন্টটো gedit Text editor উইন্ডোত পুনৰায় সজাও, যেনেকৈ আগত কৰিছিলো। |
05:37 | Untitled Document 4 ট্যাবত ক্লিক কৰক। |
05:40 | ফাইলটোক অন্তিম ট্যাবৰ পিছত ক্লিক, ড্ৰেগ আৰু ড্ৰপ কৰক। |
05:46 | লক্ষ্য কৰক যে ডকুমেন্টৰ ক্ৰম সাইড প্যানেলতও সলনি হৈ গৈছে। |
05:52 | সাইড প্যানেল বন্ধ কৰিবলৈ, উপৰৰ সোফালে X বোতামটোত ক্লিক কৰক। |
05:58 | এতিয়া শিকো যে gedit Text editor ফাইলত নির্দিষ্ট লাইন সংখ্যায়লৈ কিভাবে যায়। |
06:04 | sample.c ফাইলত যাওক। |
06:07 | মেন মেনুৰ পৰা, Search আৰু Go to Line ত ক্লিক কৰক। |
06:12 | Go to Line ডায়ালগ বাক্স gedit Text editor উইন্ডোৰ উপৰৰ সোফালে দেখায়। |
06:20 | ডায়ালগ বাক্সত, সংখ্যা 8 লিখক আৰু Enter টিপক। |
06:26 | কার্সাৰটো লাইন 8 ত আহে। মই লাইন সংখ্যা 8 ক স্ট্যাটাস বাৰতোও চাব পাৰো। |
06:33 | কিন্তু, কার্সাৰক সনাক্ত কৰিবলৈ সহজ লাগিব যদি লাইন সংখ্যা টেক্সটৰ সৈতে দেখায়। |
06:40 | কোডৰ লাইন সংখ্যা চাবলৈ, মেন মেনুৰ পৰা, Edit আৰু Preferences চয়ন কৰক। |
06:47 | gedit Preferences ডায়লগ বাক্স দেখায়। |
06:50 | View ট্যাবত ক্লিক কৰক। |
06:52 | Display line numbers বিকল্পত চেক মার্ক কৰক। |
06:56 | Highlight current line বিকল্পত চেক মার্ক কৰক। Close বোতামত ক্লিক কৰক। |
07:04 | লক্ষ্য কৰক যে লাইন সংখ্যা কোডৰ বাওফালে দেখায়। |
07:09 | নতুবাও, লাইন যাৰ উপৰত কার্সাৰ আছে তাক বোল্ডত প্ৰদর্শিত হয়। |
07:14 | ইয়াৰ পিছত মই টেক্সট wrapping সম্পর্কে শিকিম। |
07:18 | প্ৰোগ্ৰামত কোডৰ লাইন gedit Text editor উইন্ডোৰ দৈর্ঘ্যৰতচে অধিক হব পাৰে। |
07:24 | এতিয়া টেক্সটৰ সম্পূর্ণ লাইন পড়িবলৈ অসুবিধা হয়। |
07:29 | Text wrappingএ টেক্সটক উইন্ডোৰ আকাৰত wrap কৰিবলৈ সাহায্য কৰে। |
07:34 | sample.c প্ৰোগ্ৰামত উভতি যাওক। |
07:37 | মেন মেনুৰ পৰা Edit আৰু তাৰপিছত Preferences ত ক্লিক কৰক। |
07:43 | লক্ষ্য কৰক যে Enable text wrapping বিকল্পটো ডিফল্টৰুপে চেক আছে। |
07:50 | এই বাক্সটোক আনচেক কৰক। Close বোতামত ক্লিক কৰক। |
07:55 | মই প্ৰোগ্ৰামৰ শেষত কোডৰ এটা লাইন যোগ কৰো। |
08:00 | লক্ষ্য কৰক যে টেক্সটৰ দৈর্ঘ্য উইন্ডোৰ আকাৰতকৈ বেছি হৈ গৈছে। |
08:05 | এতিয়া, Enable text wrapping বিকল্পটো চেক কৰক। |
08:10 | টেক্সট সুন্দৰভাবে উইন্ডোত ফিট হৈ গৈছে। |
08:15 | ইয়াৰ সৈতে মই টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষেপে : |
08:20 | ইয়াতে মই ট্যাবক Add, move, re-order আৰু বন্ধ কৰা শিকিছো। |
08:26 | ফাইলবোৰক ব্ৰাউজ আৰু খুলিবলৈ সাইড প্যানেল ব্যবহাৰ কৰা। |
08:30 | লাইন সংখ্যাৰ সম্মিলিত কৰা আৰু টেক্সট Wrap কৰা। |
08:34 | ইয়াতে এটা অনুশীলনী আছে। |
08:37 | gedit Text Editor ত 5 টা নতুন ট্যাব বনাওক। |
08:41 | তাক One, Two,Three, Four আৰু Five হিসাবে সংৰক্ষণ কৰক। |
08:47 | এতিয়া ট্যাবক Three, Two, One, Five আৰু Four হিসাবে পুনৰায় সাজাওক। |
08:54 | সাইড প্যানেল খুলক। |
08:56 | সাইড প্যানেলত ফাইল Five ত ক্লিক কৰক আৰু কিছু টেক্সট লিখক। |
09:01 | নিম্ন লিঙ্কত দিয়া ভিডিওটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক। |
09:08 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষাত পাস কৰিলে সার্টিফিকেট দিয়ে। |
09:17 | অধিক তথ্যৰ বাবে, আমালৈ লিখক। |
09:21 | আপোনাৰ এই স্পোকেন টিউটোৰিয়েলত কোনো প্ৰশ্ন আছে? এই সাইটত যাওক। |
09:26 | মিনিট আৰু সেকেন্ড চয়ন কৰক যত প্ৰশ্ন আছে। আপোনাৰ প্ৰশ্ন সংক্ষেপে ব্যাখ্যা কৰক। |
09:32 | আমাৰ দলৰ কোনো এজনে ইয়াৰ উত্তৰ দিব। |
09:36 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত। |
09:43 | এই মিশন সম্পর্কে আৰো তথ্য এই লিঙ্কত উপলব্ধ। |
09:48 | আইআইটো বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ। |