LibreOffice-Suite-Calc/C2/Basic-Data-Manipulation/Assamese
From Script | Spoken-Tutorial
VISUAL CUE | NARRATION |
00:00 | লিবাৰ অফিচ কেল্কৰ প্ৰাথমিক ডেটা মেনিপুলেশ্যন বিষয়ক স্প’কেন টিউট’ৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ| |
00:07 | এই টিউট’ৰিয়েলত আমি শিকিম: |
00:09 | প্ৰাথমিক ফৰ্মূলাৰ স’তে পৰিচয়: |
00:12 | ছৰ্টিং বাই কলম্ছ |
00:15 | বেইছিক্ছ অফ ফিল্টাৰিং ডেটা |
00:17 | ইয়াত আমি ইউবান্টু লাইনাক্স ভাৰ্জন 10.04 আমাৰ অপাৰেটিং ছিষ্টেম হিচাপে আৰু লিবাৰ অফিচ ছুইট ভাৰ্জন 3.3.4 ব্যৱহাৰ কৰিছো| |
00:27 | আহক আমি টিউট’ৰিয়েলটো লিবাৰ অফিচত কেল্কত ব্যৱহৄত বেইছিক ফৰ্মূলাসমূহ শিকি আৰম্ভ কৰোঁ| |
00:35 | ফৰ্মূলাবোৰ হৈছে ইকুৱেশ্যন য’ত এটা ৰিজাল্ট পাবলৈ নাম্বাৰ আৰু ভেৰিয়েবল ব্যৱহাৰ কৰা হয়| |
00:41 | এখন স্প্ৰেডশ্যিটত ভেৰিয়েবল বিলাক হৈছে চেল লোকেশ্যন যিবিলাকে ইকুৱেশ্যনটো সম্পূৰ্ণ হবলৈ দৰকাৰী ডেটা সমূহ ধৰি ৰাখে| |
00:47 | সম্পন্ন কৰা হোৱা আটাইতকৈ বেইছিক এৰিথমেটিক অপাৰেশ্যন বিলাক হৈছে এডিশ্যন, ছাব্ছ্ট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন আৰু ডিভিজন| |
00:56 | আহক আমি প্ৰথমে “পাৰ্ছনেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলটো অপেন কৰোঁ| |
01:02 | আমাৰ “পাৰ্ছনেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলত আমি “ক’ষ্ট” হেডিঙত থকা সকলো ব্যয়ৰ দাম কেনেকৈ যোগ কৰিব পাৰি তাক চাও আহক| |
01:13 | “মিচছেলেনিয়াছ”-ৰ তলত আমি “ছাম টোটেল” নামৰ আন এটা হেডিং তৈয়াৰ কৰিম| |
01:19 | আৰু আমি চেল A8-ত ক্লিক কৰিম আৰু ক্ৰমিক নং হিচাপে “7” দিম| |
01:25 | এতিয়া, চেল নাম্বাৰ “C8”-ত ক্লিক কৰো আহক য’ত আমি খৰচৰ মুঠ পৰিমান দেখুওৱাব খোজো| |
01:32 | সকলোবোৰ kharac যোগ কৰিবলৈ আমি টাইপ কৰিম “ইজ ইকুৱেল টু ছাম” আৰু ব্ৰেচৰ ভিতৰত যোগ কৰিবলগীয়া কলমবিলাকৰ পৰিসীমা দিম, অৰ্থাত, “C কলন C7”|. |
01:44 | এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” দবাওক| |
01:47 | আপুনি “ক’ষ্ট”-ৰ অধীনত সকলোবোৰ আইটেমৰ যোগ হোৱা দেখিবলৈ পাব| |
01:51 | এতিয়া কেল্কত কেনেকৈ ছাব্ছষ্ট্ৰেক্ট কৰিব পাৰি তাক শিকো আহক| |
01:55 | আমি যদি “হাউছ ৰেন্ট” আৰু “ইলেক্ট্ৰিছিটি বিল” ছাব্ছষ্ট্ৰেক্ট কৰিব বিছাৰো আৰু A9 চেলত ইয়াক দেখব বিছাৰো তেনে A9 চেলত প্ৰথমে ক্লিক কৰিব লাগিব| |
02:06 | এতিয়া, এই চেলত “ইজ ইকুৱেল টু” টাইপ কৰক আৰু ব্ৰেচৰ ভিতৰত “C3 মাইনাছ C4” চেল পৰিসীমা দিয়ক| |
02:17 | এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” দবাওক| |
02:20 | আমি দেখা পাম যে দুয়োটা চেল পৰিসীমা ছাব্ছষ্ট্ৰেক্ট হৈছে আৰু চেল নাম্বাৰ A9-ত ৰেজাল্টটো প্ৰদৰ্শিত হৈছে| |
02:29 | এতিয়া আমি সাল-সলনিবিলাক আন্ডু কৰিম| |
02:32 | একেধৰণে, আমি বেলেগ বেলেগ চেলত থকা ডেটা ডিভাইড আৰু মাল্টিপ্লাই কৰিব পাৰো| |
02:37 | স্প্ৰেডশ্যিটত থকা অইন অটা বেইছিক অপাৰেশ্যন হৈছে নাম্বাৰৰ “এভাৰেজ” বিছাৰি উলিওৱা| |
02:43 | এইটো কেনেকৈ কৰা যায় চাও আহক| |
02:45 | “ছাম টোটেল” চেলৰ ঠিক তলতে “এভাৰেজ” নামৰ এটা হেডিং দিয়া যাওক| |
02:50 | ইয়াত আমি টোটেল ক’ষ্টৰ এভাৰেজ প্ৰদৰ্শন কৰিব বিছৰো| |
02:55 | গতিকে আহক আমি “C9” চেলত ক্লিক কৰো| |
02:58 | এতিয়া ব্ৰেচৰ ভিতৰত “ইকুৱেল টু” “এভাৰেজ” আৰু “ক’ষ্ট” টাইপ কৰক| |
03:04 | এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” দবাওক| |
03:07 | আপুনি দেখা পাব চেলটোত “ক’ষ্ট” কলমটোৰ এভাৰেজ প্ৰদৰ্শিত হৈছে| |
03:11 | এতিয়া আহক আমি সালসলনিবোৰ আন্ডু কৰো| |
03:15 | হৰাইয’ন্টেল শাৰীত থকা এলিমেন্ট বিলাকৰ এভাৰেজ আমি একে ধৰণে পাব পাৰো| |
03:20 | আমি এডভান্সড লেভেল টিউট’ৰিয়্লেত ফৰ্মূলা আৰু অপাৰেটৰ বিলাকৰ বিষয়ে অধিক শিকিম| |
03:25 | এতিয়া আমি কেল্ক স্প্ৰেডশিটত ডেটা কেনেকে ছৰ্ট কৰে তাক শিকিম| |
03:30 | ছৰ্টিঙে যিকিনো মেনাৰত শিটত থকা ভিজিবল চেল বিলাকক এৰেঞ্জ কৰিব পাৰে| |
03:35 | কেল্কত, আপুনি ডেটা তিনিটা ক্ৰাইটেৰিয়া এটাৰ পাছত এটা ব্যৱহাৰ কৰি ডেটাসমুহ ছৰ্ট কৰিব পাৰে| |
03:43 | সিহঁত আৰু কামত আহে যেতিয়া আপুনি এটা নিৰ্দিষ্ট বস্তু বিছাৰি থাকে আৰু ডেটা বিলাক ফিল্টাৰ কৰি লয়| |
03:51 | আহক আমি কও যে আমি “ক’ষ্ট” হেডিঙৰ অন্তৰ্ভূক্ত ডেটাসমূহ এছচেণ্ডিং অৰ্ডাৰত ছৰ্ট কৰিব বিছাৰো| |
03:57 | গতিকে, প্ৰথমে “ক’ষ্ট” চেলত ক্লিক কৰি ছৰ্ট কৰিব লগীয়া ডেটাসমূহ হাইলাইট কৰক| |
04:03 | এতিয়া, বাওঁফালৰ মাউছ বাটনটো হেঁচি ধৰি “2000” বোলা চেলটোৰ শেষলৈ ইয়াক ড্ৰেগ কৰক| |
04:12 | এইটোৱে আমি ছৰ্ট কৰিব বিচৰা কলমটোক ছিলেক্ট কৰিব| |
04:15 | এতিয়া, মেন্যু বাৰত থকা “ডেটা” অপশ্যনটো ক্লিক কৰক আৰু তাৰ পাছত “ছৰ্ট”ত ক্লিক কৰক| |
04:21 | ইয়াৰ পাছত “কাৰেন্ট ছিলেকশ্যন” ছিলেক্ট কৰক| |
04:24 | আপুনি এটা ডায়্লগ বক্স “ছৰ্ট ক্ৰাইটেৰিয়া” আৰু “অপশ্যনচ” টেবৰ সৈতে দেখিবলৈ পাব| |
04:31 | “ছৰ্ট ক্ৰাইটেৰিয়া” টেবত “ছৰ্ট বাই” ফিল্ডত “ক’ষ্ট” ছিলেক্ট কৰক| |
04:37 | “ক’ষ্ট”ক এচছেন্ডিং অৰ্ডাৰত ছৰ্ট কৰিবলৈ ইয়াৰ পাছতে থকা “এচছেন্ডিং” অপশ্যনটোত ক্লিক কৰক| |
04:44 | এতিয়া “OK” বাটনটোত ক্লিক কৰক| |
04:47 | আপুনি দেখিব যে কলমটো এচছেন্ডিং অৰ্ডাৰত ছৰ্ট হৈছে| |
04:51 | একেধৰণে, ডিচেন্ডিং অৰ্ডাৰত ছৰ্ট কৰিবলৈ হলে “ডিচেন্ডিং”-ত ক্লিক কৰক আৰু তাৰ পাছত “অ’কে” বাটনটোত ক্লিক কৰক| |
04:59 | আহক আমি সালসলনিবিলাক আন্ডু কৰো| |
05:02 | মাল্টিপল কলম ছৰ্ট কৰিবলৈ প্ৰথমে সকলো কলমক ছিলেক্ট কৰিব লাগিব আৰু তাৰ পাছত ছৰ্ট অপশ্যনচ প্ৰয়োগ কৰিব লাগিব| |
05:09 | যেনে ধৰক, আমি ছিৰিয়েল নাম্বাৰ আৰু ক’ষ্টক ছৰ্ট কৰিব বিচাৰিছো| |
05:14 | প্ৰথমে আমি আগতে কৰাৰ দৰে এই কলম কেইটা ছিলেক্ট কৰিব লাগিব| |
05:18 | এতিয়া মেন্যু বাৰত থকা “ডেটা” অপশ্যনত ক্লিক কৰক আৰু তাৰ পাছত “ছৰ্ট”-ত ক্লিক কৰক| |
05:24 | দেখা পোৱা ডায়লগ বক্সটোত প্ৰথমে “ছৰ্ট বাই” ফিল্ডত “ক’ষ্ট” ছিলেক্ট কৰক| |
05:30 | তাৰ পাছত “ডেন বাই” ফিল্ডত “এছ এন” ছিলেক্ট কৰক| |
05:35 | দুয়ুটা অপশ্যনৰ কাষত থকা “ডিচেন্ডিং”-ত ক্লিক কৰক আৰু তা পাছত “অ’কে” বাটনটোত ক্লিক কৰক| |
05:43 | আপুনি দুয়ুটা হেডিং ডিচেন্ডিং অৰ্ডাৰত ছৰ্ট হোৱা দেখিবলৈ পাব| |
05:47 | আহক আমি সালসলনিবিলাক আন্ডু কৰো| |
05:49 | এতিয়া আহক আমি লিবাৰ অফিচ কেল্কত কেনেকৈ ডেটা ফিল্টাৰ কৰে তাক শিকোঁ| |
05:53 | ফিল্টাৰ হৈছে প্ৰদৰ্শিত হ’বলৈ প্ৰতিটো এন্ট্ৰিয়ে মানি চলিবলগীয়া কন্ডিশ্যনবিলাকৰ এখন লিষ্ট| |
06:00 | এখন স্প্ৰেডশ্যিটত এটা ফিল্টাৰ প্ৰয়োগ কৰিবলৈ আমি “আইটেম” নামৰ চেলটোত ক্লিক কৰো আহক| |
06:07 | এতিয়া মেন্যু বাৰত থকা “ডেটা” অপশ্যনলৈ য়াওক আৰু তাৰ পাছত “ফিল্টাৰ”ত ক্লিক কৰক| |
06:12 | পপ আপ মেন্যুত “অট’ ফিল্টাৰ” অপশ্যন্টোত ক্লিক কৰক| |
06:16 | আপুনি দেখিব যে হেডিঙবিলাকত এডাল এৰ’ মাৰ্ক ওলাইছে| |
06:20 | “আইটেম” নামৰ চেলটোত নিম্ন মুখী এৰ’ ডলত ক্লিক কৰক| |
06:24 | এতিয়া ধৰা যাওক অপুনি কেৱল “ইলেক্ট্ৰিচিটি বিল” সম্পৰ্কীয় ডেটাসমূহহে প্ৰদৰ্শন কৰিব বিচাৰিছে| |
06:29 | “ইলেক্ট্ৰিচিটি বিল” অপশ্যনত ক্লিক কৰক| |
06:34 | আপুনি দেখিব যে কেৱল “ইলেক্ট্ৰিচিটি বিল” সম্পৰ্কীয় ডেটাবিলাকহে শ্যিটত প্ৰদৰ্শিত হৈছে| |
06:40 | বাকী অপশ্যনবিলাক ফিল্টাৰড আউট হৈছে| |
06:43 | গোটেইখিনি ডেটা পুনৰ দেখা পাবলৈ, “আইটেম” নামৰ চেলত থকা নিম্নমুখী এৰ’দালত ক্লিক কৰক আৰু তাৰ পাছত “অল”ত ক্লিক কৰক| |
06:52 | আমি এতিয়া আমি পোন প্ৰথমে লিখা সকলো ডেটা ভিউ কৰিব পাৰিছো| |
06:59 | “অট’ ফিল্টাৰ”ৰ বাহিৰে আৰু দুটা ফিল্টাৰ অপশ্যন আছে, সেইয়া হৈছে “ষ্টেণ্ডাৰ্ড ফিল্টাৰ” আৰু “এডভান্সড ফিল্টাৰ” যিবিলাকৰ বিষয়ে আমি এই লানি টিউট’ৰিয়েলৰ শেষৰ ফালে শিকিম| |
07:11 | এইখিনিতে আমাৰ লিবাৰ অফিচ কেল্ক বিষয়ক স্প’কেন টিউট’ৰিয়েলৰ অন্ত পৰিছে| |
07:15 | চমুকৈ আমি তলত দিয়াবোৰ শিকিলো: |
07:18 | প্ৰাথমিক ফৰ্মূলাৰ স’তে পৰিচয়| |
07:21 | কলমৰ দ্বাৰা ছৰ্টিং| |
07:23 | ডেটা ফিল্টাৰিঙৰ প্ৰাথমিক জ্ঞান| |
07:26 | *তলত দিয়া লিঙ্কত উপলব্ধ ভিডিঅ’টো চাওক| |
07:30 | *ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে| |
07:33 | *যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে| |
07:37 | স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে |
07:40 | *স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে| |
07:43 | * যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে| |
07:47 | *সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক| |
07:53 | *স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ| |
07:58 | *ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত| |
08:06 | * এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন |
08:08 | *স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ| |
08:16 | *এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ| |
Thanks for joining
| |
08:20 | *অংশ গ্ৰহণৰ বাবে ধন্যবাদ| |