Java/C2/Getting-started-java-Installation/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00.01 | জাভাৰ সৈতে আৰম্ভণি: ইনষ্টলেশ্যন সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম। |
00.07 | এই টিউটৰিয়েলত আমি শিকিম |
00.09 | চিনাপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি JDK ইনষ্টল কৰা সম্পৰ্কে |
00.13 | জাভা কিয় লাগে? |
00.14 | জাভাৰ প্ৰকাৰ আৰু এপ্লিকেশ্যনসমূহ। |
00.17 | আমি ইয়াত ব্যৱহাৰ কৰিছোঁ |
00.19 | উবুণ্টু ভাৰচন 11.10 আৰু |
00.21 | জাভা ডেভেলপমেণ্ট এনভাইৰনমেণ্ট JDK 1.6 |
00.26 | এই টিউটৰিয়েলৰ সৈতে আগবাঢ়িবলৈ আপুনি ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব। |
00.31 | আপোনাৰ চিষ্টেমত চিনাপ্টিক পেকেজ মেনেজাৰ ইনষ্টল হৈ থাকিব লাগিব। |
00.35 | লগতে আপোনাৰ লিনাক্সত টাৰমিনেল, টেক্সট এডিটৰ আৰু চিনাপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰাৰ জ্ঞান থকাটোও দৰকাৰী। |
00.43 | যদি নাই, তেনেহ’লে spoken-tutorisal.org-অত থকা লিনাক্স সম্পৰ্কীয় স্পকেন টিউটৰিয়েল চাওক। |
00.51 | এটা জাভা প্ৰগ্ৰাম চলাবলৈ, আমি JDK, অৰ্থাৎ জাভা ডেভেলপমেণ্ট কিট ইনষ্টল কৰিব লাগিব। |
00.57 | JDK সম্পৰ্কে অধিক জানিবলৈ আপুনি এই লিংকটো চাব পাৰে: |
01.02 | এতিয়া আমি চিনাপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি JDK ইনষ্টল কৰিম। |
01.07 | ইয়াৰ বাবে, আপোনাৰ ৰুট পাৰমিশ্যন থকা দৰকাৰ হ’ব। |
01.10 | এটা ৰেপজিটৰী কেনেকৈ নিৰ্বাচন কৰা হয় সেই বিষয়েও আপুনি জানিব লাগিব। |
01.14 | এই বিষয়ে আগতে উল্লেখ কৰা লিনাক্স টিউটৰিয়েলত ব্যাখ্যা কৰা হৈছে। |
01.19 | এতিয়া, আপোনাৰ ডেস্কটপৰ বাওঁফালৰ চুকত টাস্কবাৰ দেখা পাব। |
01.25 | একেবাৰে ওপৰত DashHome দেখা পাব। |
01.28 | DashHome-অত ক্লিক কৰক। |
01.31 | চাৰ্চবাৰত Synaptic টাইপ কৰক। |
01.35 | ইয়াত আপুনি চিনাপ্টিক পেকেজ মেনেজাৰ দেখা পাব। |
01.38 | চিনাপ্টিক পেকেজ মেনেজাৰত ক্লিক কৰক। |
01.42 | অথেণ্টিকেশ্যনৰ বাবে আপোনাক ইয়াত আপোনাৰ পাছৱৰ্ড টাইপ কৰিবলৈ ক’ব। |
01.47 | গতিকে আপোনৰ পাছৱৰ্ড টাইপ কৰি Authenticate-অত ক্লিক কৰক। |
01.56 | ইয়ে চিনাপ্টিক পেকেজ মেনেজাৰ অপেন কৰিব। |
02.03 | এতিয়া Quick Filter বাকচত jdk টাইপ কৰক। |
02.08 | আমি openjdk-6-jdk নামৰ এটা পেকেজ দেখা পাম। |
02.13 | ইয়াত ৰাইট ক্লিক কৰক আৰু Mark for Installation-অত ক্লিক কৰক। |
02.17 | তাৰপিছত Apply-ত ক্লিক কৰক। |
02.20 | চিহ্নিত কৰি থোৱা সলনিসমূহ নিশ্চিত কৰিবলৈ আপোনাক ক’ব। |
02.24 | গতিকে To be Installed-অত ক্লিক কৰক আৰু তাৰপিছত Apply-ত ক্লিক কৰক। |
02.30 | ইনষ্টলেশ্যনত অকণমান সময় লাগিব। |
02.38 | এতিয়া, আমি openjdk-6-jdk অপশ্যনটো সেউজীয়া ৰঙত দেখা পাম। |
02.48 | এইদৰে আমাৰ ইনষ্টলেশ্যন সম্পূৰ্ণ হ’ল। |
02.52 | এতিয়া, ইনষ্টেলেশ্যনটো পৰীক্ষা কৰি চাওঁ আহক; ইয়াৰ বাবে কণ্ট্ৰল, অল্ট আৰু T কীকেইটা একেলগে টিপি টাৰমিনেল অপেন কৰক। |
03.03 | মই ইতিমধ্যেই ইয়াত মোৰ টাৰমিনেল অপেন কৰি থৈছোঁ। |
03.06 | কমাণ্ড প্ৰম্পটত jave space hyphen version টাইপ কৰি এণ্টাৰ টিপক। |
03.15 | আমি JDK-ৰ ভাৰচন নাম্বাৰ প্ৰদৰ্শিত হোৱা দেখা পাম। |
03.20 | আপুনি ব্যৱহাৰ কৰা ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত নিৰ্ভৰ কৰি আপোনৰ ভাৰচন নাম্বাৰ বেলেগ হ’ব পাৰে। |
03.26 | গতিকে, আপুনি সফলতাৰে JDK ইনষ্টল কৰিলো। |
03.30 | এতিয়া আমি এটা সহজ জাভা প্ৰগ্ৰাম চলাই ই কাম কৰিছে নে নাই চাম। |
03.35 | মই ইতিমধ্যেই TestProgram dot java নামেৰে এই ক’ডখিনি চেভ কৰি থৈছোঁ। |
03.42 | এতিয়া মই এই ক’ডখিনি কম্পাইল কৰি ৰান কৰিম। |
03.45 | এই ক’ডখিনিয়ে সাধাৰণভাৱে We have successfully run a Java Program on the Terminal বুলি দেখুৱায়। |
03.53 | এতিয়া আমি টাৰমিনেললৈ উভতি যাওঁ। |
03.57 | মনত ৰাখিব যে TestProgram dot java ফাইলটো মই Home ডিৰেক্টৰীত চেভ কৰিছোঁ। |
04.03 | আৰু এতিয়া মই Home ডিৰেক্টৰীত আছোঁ। |
04.07 | গতিকে, কমাণ্ড প্ৰম্পটত javac space TestProgram dot java টাইপ কৰক। |
04.19 | ইয়ে ক’ডখিনি কম্পাইল কৰিব। |
04.21 | এণ্টাৰ টিপক। |
04.25 | এতিয়া মই ক’ডখিনি ৰান কৰিম। |
04.27 | গতিকে java space TestProgram টাইপ কৰি এণ্টাৰ টিপক। |
04.35 | আমি আউটপুট হিচাপে We have successfully run a java program বুলি পাম। |
04.44 | দেখা গ’ল যে আমাৰ ইনষ্টলেশ্যন নিখুঁত হৈছে। |
04.48 | এতিয়া, slides-অলৈ উভতি যাওঁ। |
04.51 | এতিয়া, জাভা কিয় দৰকাৰী, সেই বিষয়ে ব্যাখ্যা কৰিম। |
04.55 | জাভা হৈছে সৰল। |
04.57 | জাভা অবজেক্ট অৰিয়েণ্টেড। |
04.59 | ই প্লেটফৰ্ম ইণ্ডিপেনেডেণ্ট। |
05.01 | ই নিৰাপদ। |
05.02 | জাভাই ভাল ফলাফল দেখুৱায়। |
05.04 | জাভা হৈছে মাল্টি-থ্ৰেডেড। |
05.07 | এতিয়া আমি জাভাৰ কিছুমান প্ৰকাৰ আৰু এপ্লিকেশ্যন লক্ষ্য কৰিম। |
05.11 | -JSP, অৰ্থাৎ জাভা চাৰ্ভাৰ পেজেছ: ই সাধাৰণ HTML টেগ ক’ডৰ ওপৰত ভিত্তি কৰি গঢ় লৈছে। |
05.18 | JSP-এ ডায়নামিক ৱেব পেজ তৈয়াৰ কৰাত সহায় কৰে। |
05.22 | -Java Applets: ইয়াক ৱেব এপ্লিকেশ্যনক ইণ্টেৰাকটিভ বৈশিষ্ট্য প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয়। |
05.28 | -J2EE অথবা Java Enterprise Edition: কোম্পানীবিলাকে J2EE ব্যৱহাৰ কৰে। |
05.33 | XML ষ্ট্ৰাকচাৰড্ ডকুমেণ্ট ট্ৰান্সফাৰ কৰিবলৈ ই উপযোগী। |
05.38 | -JavaBeans: JavaBeans হৈছে এটা পুনৰ ব্যৱহাৰযোগ্য চফট্ৱেৰ উপাদান। |
05.43 | ইয়াক নতুন আৰু এডভান্সড এপ্লিকেশ্যন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। |
05.47 | -Mobile Java: ইয়াক বিভিন্ন ধৰণৰ মনোৰঞ্জনমূলক আহিলাত ব্যৱহাৰ কৰা হয়, যেনে— মোবাইল ফোন। |
05.53 | গতিকে, এই টিউটৰিয়েলত আমি শিকিলো— |
05.56 | চিনাপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি JDK ইনষ্টল কৰা। |
05.59 | এটা জাভা প্ৰগ্ৰাম কম্পাইল আৰু ৰান কৰা। |
06.02 | জাভা ব্যৱহাৰ কৰাৰ উপযোগিতা। |
06.04 | জাভাৰ প্ৰকাৰ আৰু এপ্লিকেশ্যন। |
06.08 | স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি এই লিংকত থকা ভিডিঅ চাওক। |
06.14 | ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে। |
06.17 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
06.22 | স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে |
06.24 | স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
06.27 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
06.30 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org— এই ঠিকনাত লিখক। |
06.36 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
06.41 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। |
06.47 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য তলৰ লিংকত পোৱা যাব |
06.52 | http://spoken-tutorial.org/NMEICT-Intro |
06.58 | ইয়াতে আমাৰ টিউটৰিয়েলৰ অন্ত পৰিছে। |
07.01 | এয়া আছিল আৰ্য় ৰটিছ। |
07.04 | যোগদান কৰাৰ বাবে ধন্যবাদ। |