Thunderbird/C2/Account-settings-and-configuring/Assamese

From Script | Spoken-Tutorial
Revision as of 13:42, 14 October 2013 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
0:00 জিমেইল একাউণ্টৰ চেটিংচ আৰু কনফিগাৰেশ্যন সম্পৰ্কীয় শিক্ষণলৈ স্বাগতম
00.06 এই শিক্ষণত আমি শিকিম:
00.09 ইমেইল একাউণ্টত কেনেকৈ নতুন ফল্ডাৰ যোগ দিয়া হয়।
00.13 বাৰ্তা বিচাৰিবৰ বাবে advanced filters কেনেকৈ সজোৱা হয়।
00.18 Message filters কেনেকৈ পৰিচালনা কৰা হয়।
00.20 আমি আৰু শিকিম:
00.22 নিজাববীয়াকৈ য়াহু একাউণ্ট সজোৱা।
00.25 কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰা।
00.28 মেইল একাউণ্টৰ চেটিং সলনি কৰা।
00.32 ইমেইল একাউণ্ট ডিলিট কৰা।
00.34 ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ।
00.42 লন্সাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক।
00.45 থাণ্ডাৰবাৰ্ড উইণ্ড’ খোল খায়।
00.48 এই একাউণ্টত আন এটা ফল্ডাৰ যোগ দিওঁ আহক।
00.51 বাওঁপিনৰ সূচীৰ পৰা STUSERONE at GMAIL dot COM একাউণ্টটো নিৰ্বাচন কৰক।
00.58 STUSERONE at gmail dot com একাউণ্টত সোঁ-ক্লিক কৰক আৰু নতুন ফল্ডাৰ নিৰ্বাচন কৰক।
01.06 নতুন ফল্ডাৰ ডায়লগ বাকচ ওলায়।
01.09 নামৰ ঘৰত Important Mails ভৰ্তি কৰক।
01.13 Create Folder-অত ক্লিক কৰক। ফল্ডাৰটো তৈয়াৰ হ’ল!
01.18 এতিয়া আপুনি ইনবক্সৰ পৰা দৰকাৰী মেইলসমূহ এই ফল্ডাৰলৈ নিব পাৰে।
01.23 ইনবক্সৰ এই মেইলটো চিলেক্ট, ড্ৰেগ আৰু ড্ৰপ কৰি Important Mails ফল্ডাৰলৈ নিওঁ আহক।
01.30 বহুকেইটা ফিল্টাৰ অপশ্যন ব্যৱহাৰ কৰি আপুনি বাৰ্তা বিচাৰিব পাৰে।
01.36 এতিয়া বাওঁপিনৰ সূচীৰ পৰা STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক।
01.43 সোঁপিনৰ সূচীত থকা Advanced Features-ৰ অধীনৰ Search Messages-অত ক্লিক কৰক।
01.48 Search Messages ডায়লগ বাকচ ওলায়।
01.52 বাৰ্তা বিচাৰিবৰ বাবে পূৰ্বনিৰ্ধাৰিত সজ্জা ব্যৱহাৰ কৰোঁ আহক।
01.57 তলৰ বিকল্পসমূহৰ পৰা Match all বিকল্প পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
02.02 বিষয় আৰু গা-অংশও পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
02.08 পৰৱৰ্তী ঘৰত Ten interesting টাইপ কৰক। Search-অত ক্লিক কৰক।
02.13 বিষয়ৰ নামৰ সৈতে মিল খোৱা মেইলসমূহ প্ৰদৰ্শিত হয়।
02.18 এটা ফল্ডাৰত এই বিচৰাসমূহো সাঁচি থ’ব পাৰে।
02.22 সাময়িকভাৱে এই শিক্ষণ বন্ধ ৰাখক আৰু এই কাম কৰক।
02.25 তাৰিখ অনুযায়ী মেইল বিচাৰক আৰু সেইবিলাক এটা ফল্ডাৰত সাঁচি ৰাখক।
02.31 এতিয়া এই ডায়লগ বাকচ বন্ধ কৰি দিওঁ আহক।
02.35 এই মেইল একাউণ্টৰ বাবে এটা নতুন ফিল্টাৰ তৈয়াৰ কৰোঁ আহক।
02.39 আপোনাৰ মেইল বাকচৰ বাৰ্তাসমূহ প্ৰণালীবদ্ধভাৱে সজাবৰ বাবে বন্ধা নিয়মেই হৈছে এটা ফিল্টাৰ।
02.44 ইয়াত আমি ‘থাণ্ডাৰবাৰ্ড’ বিষয় হিচাপে থকা সকলো মেইল Important Mails ফল্ডাৰলৈ নিম।
02.52 বাওঁফালৰ সূচীৰ পৰা STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক।
02.58 Advanced Features-অৰ অধীনত থকা Manage message filters-অত ক্লিক কৰক।
03.03 Message Filters ডায়লগ বাকচ ওলায়। New টেবত ক্লিক কৰক।
03.09 Filter Rules ডায়লগ বাকচ ওলায়।
03.12 ফিল্টাৰৰ নামৰ ঘৰত ‘বিষয় থাণ্ডাৰবাৰ্ড’ ভৰাওক।
03.16 এই ফিল্টাৰ সজাবলৈ আকৌ পূৰ্বনিৰ্ধাৰিত সজ্জা ব্যৱহাৰ কৰোঁহক।
03.21 তলৰ বিকল্পসমূহৰ পৰা Match all বিকল্প পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
03.26 বিষয় আৰু গা-অংশও পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
03.30 পৰৱৰ্তী ঘৰত ‘থাণ্ডাৰবাৰ্ড’ টাইপ কৰক।
03.33 ইয়াৰ পিছত, Perform these actions -অৰ ঘৰত Move Message to বিকল্পলৈ সলনি কৰোঁ আহক।
03.41 পৰৱৰ্তী ড্ৰপ-ডাউনত ক্লিক কৰক, Important Mails ফল্ডাৰ সন্ধান কৰি নিৰ্বাচন কৰক। অ’কেত ক্লিক কৰক।
03.49 মেচেজ ফিল্টাৰ ডায়লগ বাকচত ফিল্টাৰটো প্ৰদৰ্শিত হয়। এতিয়া Run Now-ত ক্লিক কৰক।
03.58 ডায়লগ বাকচটো বন্ধ কৰক। এতিয়া Important Mails ফল্ডাৰত ক্লিক কৰক।
04.04 লক্ষ্য কৰক, থাণ্ডাৰবাৰ্ড বিষয় হিচাপে থকা মেইলসমূহ এই ফল্ডাৰলৈ আহি গৈছে।
04.12 থাণ্ডাৰবাৰ্ডৰ জৰিয়তে আপুনি কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰিব পাৰে।
04.15 অৰ্থাৎ থাণ্ডাৰবাৰ্ডৰ জৰিয়তে অকল জিমেইলতহে যে আপুনি মেইল গ্ৰহণ, প্ৰেৰণ আৰু পৰিচালনা কৰিব পাৰে, এনে নহয়; আপুনি য়াহু বা অন্য কোনো মেইল একাউণ্টো একে ধৰণে ব্যৱহাৰ কৰিব পাৰে।
04.26 আপুনি জানে যে থাণ্ডাৰবাৰ্ডত জিমেইল একাউণ্ট স্বয়ংক্ৰিয়ভাৱে কনফিগাৰড্‌ হয়।
04.31 অন্যান্য একাউণ্ট নিজাববীয়াকৈ পুনৰ্গঠন কৰিব লাগে।
04.35 য়াহু একাউণ্ট STUSERTWO@yahoo dot in থাণ্ডাৰবাৰ্ডৰ জৰিয়তে কনফিগাৰ কৰোঁ আহক।
04.44 য়াহু একাউণ্টত মই ইতিমধ্যেই POP সক্ৰিয় কৰিলো।
04.48 মই এইটো কেনেকৈ কৰিলো? প্ৰথমে মই মোৰ য়াহু একাউণ্টত প্ৰৱেশ কৰিলো।<Pause>
04.54 ইয়াৰ পিছত এখন নতুন ব্ৰাউজাৰ খোলক আৰু ঠিকনা-বাৰত www.yahoo.in টাইপ কৰক।
05.02 এতিয়া yahoo.in-অত ব্যৱহাৰকাৰী নাম হিচাপে STUSERTWO আৰু পাছৱৰ্ড ভৰ্তি কৰক।
05.11 ওপৰৰ বাওঁকোণত Options and Mail Options-অত ক্লিক কৰক।
05.16 বাওঁফালৰ সূচীৰ POP and Forwarding-অত ক্লিক কৰক।
05.21 Access Yahoo Mail via POP নিৰ্বাচন কৰক।
05.24 Close the tab -অত ক্লিক কৰক।
05.28 সলনিসমূহ সাঁচিবলৈ জনোৱা এটা ডায়লগ বাকচ ওলায়। save-অত ক্লিক কৰক।
05.33 এতিয়া য়াহুৰ পৰা লগ-আউট কৰি ব্ৰাউজাৰখন বন্ধ কৰোঁ আহক।
05.39 এতিয়া সোঁফালৰ সূচীৰ পৰা একাউণ্টচৰ অধীনত Create New Account-অত ক্লিক কৰক।
05.45 মেইল একাউণ্ট চেটআপ ডায়লগ বাকচ ওলায়।
05.49 এতিয়া, নাম হিচাপে USERTWO ভৰ্তি কৰোঁ আহক।
05.53 ইয়াৰ পিছত, ইমেইল ঠিকনাত, য়াহু আইডি STUSERTWO@YAHOO@IN ভৰ্তি কৰোঁ আহক।
06.03 তাৰ পিছত পাছৱৰ্ড টাইপ কৰক। Continue-ত ক্লিক কৰক।
06.10 মেইল একাউণ্ট চেটআপ ডায়লগ বাকচ ওলায়।
06.13 ইনকামিং চাৰ্ভাৰ নামৰ ঘৰত POP নিৰ্বাচন কৰক আৰু চাৰ্ভাৰ হষ্টনেম হিচাপে pop dot mail dot yahoo dot com ভৰ্তি কৰক।
06.26 আমি যিহেতু অফলাইনত মেইল চাব বিচাৰোঁ, সেয়েহে POP3 নিৰ্বাচন কৰিলো আৰু সকলো মেইল আমাৰ স্থানীয় কম্পিউটাৰলৈ ডাউনলোড কৰিলো।
06.35 ইনকামিং ঘৰত,
06.37 পৰ্টৰ বাবে য়াহুৰ পৰ্ট সংখ্যা অৰ্থাৎ 110 ভৰ্তি কৰক।
06.43 SSL ড্ৰপ-ডাউনত STARTTLS নিৰ্বাচন কৰক।
06.48 অথেন্টিকেশ্যন ড্ৰপ-ডাউনত ক্লিক কৰক আৰু নৰ্মেল পাছৱৰ্ড নিৰ্বাচন কৰক।
06.53 আউটগয়িং ঘৰত,
06.55 চাৰ্ভাৰ নাম হিচাপে SMTP নিৰ্বাচন কৰক আৰু চাৰ্ভাৰ হষ্টনেম হিচাপে smtp.mail.yahoo.com. ভৰ্তি কৰক।
07.05 পৰ্টৰ বাবে য়াহুৰ পৰ্ট সংখ্যা অৰ্থাৎ 465 ভৰ্তি কৰক।
07.12 SSL ড্ৰপ-ডাউনত SSL/TLS নিৰ্বাচন কৰক।
07.17 অথেণ্টিকেশ্যন ড্ৰপ-ডাউনত ক্লিক কৰক আৰু নৰ্মেল পাছৱৰ্ড নিৰ্বাচন কৰক।
07.23 ব্যৱহাৰকাৰী নামৰ ঘৰত STUSERTWO নামটো ভৰাওঁ আহক।
07.28 Create Account বুটামটো সক্ৰিয় হ’ল।
07.32 Create Account-অত ক্লিক কৰক।
07.34 য়াহু একাউণ্টটো কনফিগাৰড্‌ হ’ল।
07.37 আপোনৰ ইণ্টাৰনেট সংযোগৰ ওপৰত ভিত্তি কৰি, ইয়াৰ বাবে কেইমিনিটমানৰ প্ৰয়োজন হ’ব
07.42 লক্ষ্য কৰক যে থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ সোঁফালৰ সূচীত এতিয়া য়াহু একাউণ্টটো দেখা গৈছে।
07.48 ইনবক্সত ক্লিক কৰোঁ আহক।
07.50 য়াহু একাউণ্টৰ সকলো মেইল ইয়ালৈ ডাউনলোড হৈছে।
07.55 এতিয়া আপুনি য়াহু আৰু জিমেইল একাউণ্টৰ অকল মেইল চোৱাই নহয়, থাণ্ডাৰবাৰ্ডৰ জৰিয়তে
08.01 একে সময়তে দুয়োটা একাউণ্ট পৰিচালনাও কৰিব পাৰে।
08.05 এতিয়া, থাণ্ডাৰবাৰ্ডত ইমেইল একাউণ্টৰ বাবে থকা preference settings চাওঁ আহক।
08.13 আপুনি হয়তো বিচাৰিব পাৰে যে:
08.14 থাণ্ডাৰবাৰ্ডৰ জৰিয়তে পঠোৱা মেইলৰ এটা কপি জিমেইল একাউণ্টতো জমা থাকক
08.20 উত্তৰ দিওঁতে মূল মেচেজ উদ্ধৃত থাকক
08.24 জাংক মেচেজবোৰ চিনাক্ত কৰক অথবা,
08.26 আপোনাৰ কম্পিউটাৰৰ ডিস্ক স্পেচ ভৰ্তি হৈ থাকিলে কিছুমান মেচেজ ডাউনলোড নহওক
08.34 বাওঁফালৰ সূচীৰ পৰা জিমেইল একাউণ্ট নিৰ্বাচন কৰোঁ আহক।
08.38 থাণ্ডাৰবাৰ্ড মেইল ডায়লগ বাকচ ওলায়।
08.42 সোঁফালৰ সূচীত একাউণ্টৰ অধীনত থকা ভিউ ছেটিংছত ক্লিক কৰক।
08.47 একাউণ্ট ছেটিংচ ডায়লগ বাকচ ওলায়।
08.50 বাওঁফালৰ সূচীত আকৌ জিমেইল একাউণ্ট নিৰ্বাচন কৰক। এতিয়া চাৰ্ভাৰ ছেটিংচত ক্লিক কৰক।
08.58 সোঁফালৰ সূচীত চাৰ্ভাৰ ছেটিংচ প্ৰদৰ্শিত হয়।
09.02 Check for new messages every চেক বাকচত 20 ভৰ্তি কৰক।
09.08 থাণ্ডাৰবাৰ্ডে এতিয়া প্ৰত্যেক ২0 মিনিটৰ অন্তৰে অন্তৰে মেচেজ আছে নেকি পৰীক্ষা কৰিব।
09.12 Empty Trash on Exit বাকচত শুদ্ধ চিন দিয়ক।
09.15 আপুনি যেতিয়াই থাণ্ডাৰবাৰ্ডৰ পৰা ওলাই যাব, ট্ৰেশ্ব ফল্ডাৰত থকা সকলো মেচেজ ডিলিট হৈ যাব।
09.22 একে ধৰণে আপুনি আপোনাৰ চাৰ্ভাৰ চেটিংচ নিজাববীয়াকৈ সজাব পাৰে।
09.27 একে ধৰণে, আমি এই বিকল্পসমূহ সজাব পাৰোঁ:
09.30 মেইলৰ কপি তৈয়াৰ কৰা,
09.33 খচৰা মেইল সাঁচি ৰখা,
09.35 মেইল সাঁচি ৰখা ঠাই সলনি কৰা।
09.39 বাওঁফালৰ সূচীত Copies and Folders-অত ক্লিক কৰক।
09.44 সোঁফালৰ সূচীত Copies and Folders ডায়লগ বাকচ প্ৰদৰ্শিত হয়।
09.49 পূৰ্বনিৰ্ধাৰিত বিকল্পসমূহ থকা ধৰণেই ৰাখোঁ আহক।
09.53 লক্ষ্য কৰক যে Place a copy in আৰু Sent folder on এই বিকল্প ইতিমধ্যেই নিৰ্বাচিত হৈ আছে।
10.00 To save disk space বিকল্প সজাবলৈ বাওঁফালৰ সূচীত Disk Space নিৰ্বাচন কৰোঁ।
10.08 এতিয়া, সোঁফালৰ সূচীত To save disc space, don not download বিকল্প দেখা পাব।
10.16 Messages larger than বাকচত শুদ্ধ চিন দিয়ক।
10.19 এতিয়া, KB-ৰ ঘৰত 60 ভৰাওক।
10.24 ৬0 কেবিতকৈ ডাঙৰ মেচেজ থাণ্ডাৰবাৰ্ডে ডাউনলোড নকৰে।
10.30 জাংক মেচেজ চিনাক্ত কৰিব পৰাটো থাণ্ডাৰবাৰ্ডৰ আন এটা দৰকাৰী সুবিধা।
10.35 জাংক মেচেজ আৰু নন জাংক মেচেজ চিনিবলৈ আপুনি থাণ্ডাৰবাৰ্ডক শিকাব পাৰে।
10.41 এইটো কৰিবৰ বাবে প্ৰথমে আপুনি জাংক চেটিংচ সজাব লাগিব আৰু তাৰপিছত মেইলবোৰ জাংক আৰু নন জাংক হিচাপে চিহ্নিত কৰিব লাগিব।
10.48 প্ৰথম অৱস্থাত আপুনি নিজাকৈ জাংক মেইল চিনাক্ত কৰিব লাগিব
10.52 প্ৰত্যেক মেইলৰ বাবে জাংক মেইল বুটামত ক্লিক কৰি। সময় যোৱাৰ লগে লগে,
10.56 আপোনাৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰি,
10.59 থাণ্ডাৰবাৰ্ডে স্বয়ংক্ৰিয়ভাৱে জাংক মেইল চিনাক্ত কৰিব
11.03 আৰু সেইবোৰ জাংক ফল্ডাৰলৈ পঠাই দিব।
11.07 বাওঁফালৰ সূচীৰ একাউণ্ট চেটিংচ ডায়লগ বাকচত জাংক চেটিংচত ক্লিক কৰক।
11.13 সোঁফালৰ সূচীত জাংক চেটিংচ ডায়লগ বাকচ ওলায়।
11.18 মন কৰক যে পূৰ্বনিৰ্ধাৰিতভাৱে Enable adaptive junk mail controls for this account বাকচত শুদ্ধ চিন দি থোৱা আছে।
11.27 Do not mark mail as junk if the sender is in list-অৰ অধীনত থকা সকলো বিকল্পত শুদ্ধ চিন দিয়ক।
11.35 মুভ নিউ জাংক মেচেজ ঘৰটো নিৰ্বাচন কৰক আৰু অপশ্যনত জাংক ফল্ডাৰ নিৰ্বাচন কৰক। অ’কেত ক্লিক কৰক।
11.44 এতিয়া ইনবক্সত ক্লিক কৰক আৰু প্ৰথম মেইলটো নিৰ্বাচন কৰক।
11.48 মেইলৰ কথাখিনি তলৰ সূচীত প্ৰদৰ্শিত হয়।
11.52 জাংক আইকনত ক্লিক কৰক।
11.54 লক্ষ্য কৰক যে হেডাৰ জাংক মেইল প্ৰদৰ্শিত হৈছে।
11.58 একে ধৰণে আপুনি অন্যান্য পছন্দসমূহো সজাব পাৰে!
12.03 থাণ্ডাৰবাৰ্ডত সজোৱা মেইল একাউণ্ট এটা আমি ডিলিট কৰিব পাৰোঁ নে? হয়, পাৰোঁ!
12.10 বাওঁফালৰ সূচীত STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক।
12.16 সোঁফালৰ সূচীত একাউণ্টচৰ অধীনত থকা ভিউ চেটিংচ ফৰ দিছ একাউণ্ট নিৰ্বাচন কৰক।
12.21 একাউণ্ট চেটিংচ ডায়লগ বাকচ ওলায়।
12.25 তলৰ বাওঁকোণত Account Actions-অত ক্লিক কৰক আৰু তাৰ পিছত Remove Account-অত ক্লিক কৰক।
12.32 এটা সতৰ্কীকৰণ বাৰ্তা প্ৰদৰ্শিত হয়।
12.35 যদি আমি অ’কেত ক্লিক কৰোঁ, তেনেহ’লে একাউণ্টটো ডিলিট হৈ যাব।
12.39 যি কি নহওক, এই শিক্ষণৰ প্ৰয়োজনত আমি একাউণ্টটো ডিলিট নকৰোঁ।
12.45 গতিকে আমি কেনচেলত ক্লিক কৰিম।
12.47 এতিয়া এই ডায়লগ বাকচটো বন্ধ কৰি দিওঁ।
12.51 মনত ৰাখিব, যেতিয়া আপুনি কোনো এটা ইমেইল একাউণ্ট ডিলিট কৰে,
12.53 সেই ইমেইল একাউণ্টৰ
12.56 সকলোবোৰ ফল্ডাৰ আৰু মেইল
12.58 থাণ্ডাৰবাৰ্ডৰ পৰা ডিলিট হৈ যাব।
13.00 সবিশেষ তেতিয়াও মজিলা থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ সূচীত প্ৰদৰ্শিত হৈ থাকিব পাৰে।
13.06 সেয়া হ’লেও, যেতিয়া আপুনি পুনৰ লগ-ইন কৰে, তেতিয়া সেইবিলাক আৰু প্ৰদৰ্শিত নহয়।
13.12 ইয়াতে Mozilla Thunderbird 10.0.2-ৰ শিক্ষণ সমাপ্ত হৈছে।
13.18 এই শিক্ষণত আমি শিকিলো কেনেকৈ:
13.20 এটা ইমেইল একাউণ্টত নতুন ফল্ডাৰ যোগ দিব পাৰি।
13.24 মেচেজ বিচাৰিবলৈ advanced filters সজাব পাৰি।
13.28 মেচেজ ফিল্টাৰ পৰিচালনা কৰিব পাৰি।
13.30 আপুনি আৰু শিকিলে, কেনেকৈ:
13.32 য়াহু একাউণ্ট নিজাকৈ কনফিগাৰ কৰিব পাৰি।
13.35 কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰিব পাৰি।
13.38 মেইল একাউণ্টৰ একাউণ্ট চেটিংচ সলনি কৰিব পাৰি আৰু
13.40 এটা মেইল একাউণ্ট ডিলিট কৰিব পৰি।
13.44 আপোনাৰ বাবে এটা কৰিবলগীয়া কাম।
13.46 এটা ইমেইল একাউণ্ট নিজাকৈ সজাওক।
13.49 একাউণ্টটোৰ চেটিংচ সলনি কৰক।
13.52 মেচেজ আৰ্কাইভ কৰিবৰ বাবে প্ৰিফাৰেন্স সজাওক
13.56 জাংক চেটিংচৰ প্ৰিফাৰেন্স সলনি কৰক
14.00 এটা ইমেইল একাউণ্ট ডিলিট কৰক
14.02

তলৰ সংযোগত থকা ভিডিঅ’ চাওক

14.05 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
14.09 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে
14.13 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
14.15 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
14.18 অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
14.22 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org এই ঠিকনাত লিখক
14.29 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
14.33 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
14.40 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
14.51 এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble