Thunderbird/C2/Account-settings-and-configuring/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 জিমেইল একাউণ্টৰ চেটিংচ আৰু কনফিগাৰেশ্যন সম্পৰ্কীয় শিক্ষণলৈ স্বাগতম
00:06 এই শিক্ষণত আমি শিকিম:
00:09 ইমেইল একাউণ্টত কেনেকৈ নতুন ফল্ডাৰ যোগ দিয়া হয়।
00:13 বাৰ্তা বিচাৰিবৰ বাবে advanced filters কেনেকৈ সজোৱা হয়।
00:18 Message filters কেনেকৈ পৰিচালনা কৰা হয়।
00:20 আমি আৰু শিকিম:
00:22 নিজাববীয়াকৈ য়াহু একাউণ্ট সজোৱা।
00:25 কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰা।
00:28 মেইল একাউণ্টৰ চেটিং সলনি কৰা।
00:32 ইমেইল একাউণ্ট ডিলিট কৰা।
00:34 ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ।
00:42 লন্সাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক।
00:45 থাণ্ডাৰবাৰ্ড উইণ্ড’ খোল খায়।
00:48 এই একাউণ্টত আন এটা ফল্ডাৰ যোগ দিওঁ আহক।
00:51 বাওঁপিনৰ সূচীৰ পৰা STUSERONE at GMAIL dot COM একাউণ্টটো নিৰ্বাচন কৰক।
00:58 STUSERONE at gmail dot com একাউণ্টত সোঁ-ক্লিক কৰক আৰু নতুন ফল্ডাৰ নিৰ্বাচন কৰক।
01:06 নতুন ফল্ডাৰ ডায়লগ বাকচ ওলায়।
01:09 নামৰ ঘৰত Important Mails ভৰ্তি কৰক।
01:13 Create Folder-অত ক্লিক কৰক। ফল্ডাৰটো তৈয়াৰ হ’ল!
01:18 এতিয়া আপুনি ইনবক্সৰ পৰা দৰকাৰী মেইলসমূহ এই ফল্ডাৰলৈ নিব পাৰে।
01:23 ইনবক্সৰ এই মেইলটো চিলেক্ট, ড্ৰেগ আৰু ড্ৰপ কৰি Important Mails ফল্ডাৰলৈ নিওঁ আহক।
01:30 বহুকেইটা ফিল্টাৰ অপশ্যন ব্যৱহাৰ কৰি আপুনি বাৰ্তা বিচাৰিব পাৰে।
01:36 এতিয়া বাওঁপিনৰ সূচীৰ পৰা STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক।
01:43 সোঁপিনৰ সূচীত থকা Advanced Features-ৰ অধীনৰ Search Messages-অত ক্লিক কৰক।
01:48 Search Messages ডায়লগ বাকচ ওলায়।
01:52 বাৰ্তা বিচাৰিবৰ বাবে পূৰ্বনিৰ্ধাৰিত সজ্জা ব্যৱহাৰ কৰোঁ আহক।
01:57 তলৰ বিকল্পসমূহৰ পৰা Match all বিকল্প পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
02:02 বিষয় আৰু গা-অংশও পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
02:08 পৰৱৰ্তী ঘৰত Ten interesting টাইপ কৰক। Search-অত ক্লিক কৰক।
02:13 বিষয়ৰ নামৰ সৈতে মিল খোৱা মেইলসমূহ প্ৰদৰ্শিত হয়।
02:18 এটা ফল্ডাৰত এই বিচৰাসমূহো সাঁচি থ’ব পাৰে।
02:22 সাময়িকভাৱে এই শিক্ষণ বন্ধ ৰাখক আৰু এই কাম কৰক।
02:25 তাৰিখ অনুযায়ী মেইল বিচাৰক আৰু সেইবিলাক এটা ফল্ডাৰত সাঁচি ৰাখক।
02:31 এতিয়া এই ডায়লগ বাকচ বন্ধ কৰি দিওঁ আহক।
02:35 এই মেইল একাউণ্টৰ বাবে এটা নতুন ফিল্টাৰ তৈয়াৰ কৰোঁ আহক।
02:39 আপোনাৰ মেইল বাকচৰ বাৰ্তাসমূহ প্ৰণালীবদ্ধভাৱে সজাবৰ বাবে বন্ধা নিয়মেই হৈছে এটা ফিল্টাৰ।
02:44 ইয়াত আমি ‘থাণ্ডাৰবাৰ্ড’ বিষয় হিচাপে থকা সকলো মেইল Important Mails ফল্ডাৰলৈ নিম।
02:52 বাওঁফালৰ সূচীৰ পৰা STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক।
02:58 Advanced Features-অৰ অধীনত থকা Manage message filters-অত ক্লিক কৰক।
03:03 Message Filters ডায়লগ বাকচ ওলায়। New টেবত ক্লিক কৰক।
03:09 Filter Rules ডায়লগ বাকচ ওলায়।
03:12 ফিল্টাৰৰ নামৰ ঘৰত ‘বিষয় থাণ্ডাৰবাৰ্ড’ ভৰাওক।
03:16 এই ফিল্টাৰ সজাবলৈ আকৌ পূৰ্বনিৰ্ধাৰিত সজ্জা ব্যৱহাৰ কৰোঁহক।
03:21 তলৰ বিকল্পসমূহৰ পৰা Match all বিকল্প পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
03:26 বিষয় আৰু গা-অংশও পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
03:30 পৰৱৰ্তী ঘৰত ‘থাণ্ডাৰবাৰ্ড’ টাইপ কৰক।
03:33 ইয়াৰ পিছত, Perform these actions -অৰ ঘৰত Move Message to বিকল্পলৈ সলনি কৰোঁ আহক।
03:41 পৰৱৰ্তী ড্ৰপ-ডাউনত ক্লিক কৰক, Important Mails ফল্ডাৰ সন্ধান কৰি নিৰ্বাচন কৰক। অ’কেত ক্লিক কৰক।
03:49 মেচেজ ফিল্টাৰ ডায়লগ বাকচত ফিল্টাৰটো প্ৰদৰ্শিত হয়। এতিয়া Run Now-ত ক্লিক কৰক।
03:58 ডায়লগ বাকচটো বন্ধ কৰক। এতিয়া Important Mails ফল্ডাৰত ক্লিক কৰক।
04:04 লক্ষ্য কৰক, থাণ্ডাৰবাৰ্ড বিষয় হিচাপে থকা মেইলসমূহ এই ফল্ডাৰলৈ আহি গৈছে।
04:12 থাণ্ডাৰবাৰ্ডৰ জৰিয়তে আপুনি কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰিব পাৰে।
04:15 অৰ্থাৎ থাণ্ডাৰবাৰ্ডৰ জৰিয়তে অকল জিমেইলতহে যে আপুনি মেইল গ্ৰহণ, প্ৰেৰণ আৰু পৰিচালনা কৰিব পাৰে, এনে নহয়; আপুনি য়াহু বা অন্য কোনো মেইল একাউণ্টো একে ধৰণে ব্যৱহাৰ কৰিব পাৰে।
04:26 আপুনি জানে যে থাণ্ডাৰবাৰ্ডত জিমেইল একাউণ্ট স্বয়ংক্ৰিয়ভাৱে কনফিগাৰড্‌ হয়।
04:31 অন্যান্য একাউণ্ট নিজাববীয়াকৈ পুনৰ্গঠন কৰিব লাগে।
04:35 য়াহু একাউণ্ট STUSERTWO@yahoo dot in থাণ্ডাৰবাৰ্ডৰ জৰিয়তে কনফিগাৰ কৰোঁ আহক।
04:44 য়াহু একাউণ্টত মই ইতিমধ্যেই POP সক্ৰিয় কৰিলো।
04:48 মই এইটো কেনেকৈ কৰিলো? প্ৰথমে মই মোৰ য়াহু একাউণ্টত প্ৰৱেশ কৰিলো।<Pause>
04:54 ইয়াৰ পিছত এখন নতুন ব্ৰাউজাৰ খোলক আৰু ঠিকনা-বাৰত www.yahoo.in টাইপ কৰক।
05:02 এতিয়া yahoo.in-অত ব্যৱহাৰকাৰী নাম হিচাপে STUSERTWO আৰু পাছৱৰ্ড ভৰ্তি কৰক।
05:11 ওপৰৰ বাওঁকোণত Options and Mail Options-অত ক্লিক কৰক।
05:16 বাওঁফালৰ সূচীৰ POP and Forwarding-অত ক্লিক কৰক।
05:21 Access Yahoo Mail via POP নিৰ্বাচন কৰক।
05:24 Close the tab -অত ক্লিক কৰক।
05:28 সলনিসমূহ সাঁচিবলৈ জনোৱা এটা ডায়লগ বাকচ ওলায়। save-অত ক্লিক কৰক।
05:33 এতিয়া য়াহুৰ পৰা লগ-আউট কৰি ব্ৰাউজাৰখন বন্ধ কৰোঁ আহক।
05:39 এতিয়া সোঁফালৰ সূচীৰ পৰা একাউণ্টচৰ অধীনত Create New Account-অত ক্লিক কৰক।
05:45 মেইল একাউণ্ট চেটআপ ডায়লগ বাকচ ওলায়।
05:49 এতিয়া, নাম হিচাপে USERTWO ভৰ্তি কৰোঁ আহক।
05:53 ইয়াৰ পিছত, ইমেইল ঠিকনাত, য়াহু আইডি STUSERTWO@YAHOO.IN ভৰ্তি কৰোঁ আহক।
06:03 তাৰ পিছত পাছৱৰ্ড টাইপ কৰক। Continue-ত ক্লিক কৰক।
06:10 মেইল একাউণ্ট চেটআপ ডায়লগ বাকচ ওলায়।
06:13 ইনকামিং চাৰ্ভাৰ নামৰ ঘৰত POP নিৰ্বাচন কৰক আৰু চাৰ্ভাৰ হষ্টনেম হিচাপে pop dot mail dot yahoo dot com ভৰ্তি কৰক।
06:26 আমি যিহেতু অফলাইনত মেইল চাব বিচাৰোঁ, সেয়েহে POP3 নিৰ্বাচন কৰিলো আৰু সকলো মেইল আমাৰ স্থানীয় কম্পিউটাৰলৈ ডাউনলোড কৰিলো।
06:35 ইনকামিং ঘৰত,
06:37 পৰ্টৰ বাবে য়াহুৰ পৰ্ট সংখ্যা অৰ্থাৎ 110 ভৰ্তি কৰক।
06:43 SSL ড্ৰপ-ডাউনত STARTTLS নিৰ্বাচন কৰক।
06:48 অথেন্টিকেশ্যন ড্ৰপ-ডাউনত ক্লিক কৰক আৰু নৰ্মেল পাছৱৰ্ড নিৰ্বাচন কৰক।
06:53 আউটগয়িং ঘৰত,
06:55 চাৰ্ভাৰ নাম হিচাপে SMTP নিৰ্বাচন কৰক আৰু চাৰ্ভাৰ হষ্টনেম হিচাপে smtp.mail.yahoo.com. ভৰ্তি কৰক।
07:05 পৰ্টৰ বাবে য়াহুৰ পৰ্ট সংখ্যা অৰ্থাৎ 465 ভৰ্তি কৰক।
07:12 SSL ড্ৰপ-ডাউনত SSL/TLS নিৰ্বাচন কৰক।
07:17 অথেণ্টিকেশ্যন ড্ৰপ-ডাউনত ক্লিক কৰক আৰু নৰ্মেল পাছৱৰ্ড নিৰ্বাচন কৰক।
07:23 ব্যৱহাৰকাৰী নামৰ ঘৰত STUSERTWO নামটো ভৰাওঁ আহক।
07:28 Create Account বুটামটো সক্ৰিয় হ’ল।
07:32 Create Account-অত ক্লিক কৰক।
07:34 য়াহু একাউণ্টটো কনফিগাৰড্‌ হ’ল।
07:37 আপোনৰ ইণ্টাৰনেট সংযোগৰ ওপৰত ভিত্তি কৰি, ইয়াৰ বাবে কেইমিনিটমানৰ প্ৰয়োজন হ’ব
07:42 লক্ষ্য কৰক যে থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ সোঁফালৰ সূচীত এতিয়া য়াহু একাউণ্টটো দেখা গৈছে।
07:48 ইনবক্সত ক্লিক কৰোঁ আহক।
07:50 য়াহু একাউণ্টৰ সকলো মেইল ইয়ালৈ ডাউনলোড হৈছে।
07:55 এতিয়া আপুনি য়াহু আৰু জিমেইল একাউণ্টৰ অকল মেইল চোৱাই নহয়, থাণ্ডাৰবাৰ্ডৰ জৰিয়তে
08:01 একে সময়তে দুয়োটা একাউণ্ট পৰিচালনাও কৰিব পাৰে।
08:05 এতিয়া, থাণ্ডাৰবাৰ্ডত ইমেইল একাউণ্টৰ বাবে থকা preference settings চাওঁ আহক।
08:13 আপুনি হয়তো বিচাৰিব পাৰে যে:থাণ্ডাৰবাৰ্ডৰ জৰিয়তে পঠোৱা মেইলৰ এটা কপি জিমেইল একাউণ্টতো জমা থাকক
08:20 উত্তৰ দিওঁতে মূল মেচেজ উদ্ধৃত থাকক
08:24 জাংক মেচেজবোৰ চিনাক্ত কৰক অথবা,
08:26 আপোনাৰ কম্পিউটাৰৰ ডিস্ক স্পেচ ভৰ্তি হৈ থাকিলে কিছুমান মেচেজ ডাউনলোড নহওক
08:34 বাওঁফালৰ সূচীৰ পৰা জিমেইল একাউণ্ট নিৰ্বাচন কৰোঁ আহক।
08:38 থাণ্ডাৰবাৰ্ড মেইল ডায়লগ বাকচ ওলায়।
08:42 সোঁফালৰ সূচীত একাউণ্টৰ অধীনত থকা ভিউ ছেটিংছত ক্লিক কৰক।
08:47 একাউণ্ট ছেটিংচ ডায়লগ বাকচ ওলায়।
08:50 বাওঁফালৰ সূচীত আকৌ জিমেইল একাউণ্ট নিৰ্বাচন কৰক। এতিয়া চাৰ্ভাৰ ছেটিংচত ক্লিক কৰক।
08:58 সোঁফালৰ সূচীত চাৰ্ভাৰ ছেটিংচ প্ৰদৰ্শিত হয়।
09:02 Check for new messages every চেক বাকচত 20 ভৰ্তি কৰক।
09:08 থাণ্ডাৰবাৰ্ডে এতিয়া প্ৰত্যেক ২0 মিনিটৰ অন্তৰে অন্তৰে মেচেজ আছে নেকি পৰীক্ষা কৰিব।
09:12 Empty Trash on Exit বাকচত শুদ্ধ চিন দিয়ক।
09:15 আপুনি যেতিয়াই থাণ্ডাৰবাৰ্ডৰ পৰা ওলাই যাব, ট্ৰেশ্ব ফল্ডাৰত থকা সকলো মেচেজ ডিলিট হৈ যাব।
09:22 একে ধৰণে আপুনি আপোনাৰ চাৰ্ভাৰ চেটিংচ নিজাববীয়াকৈ সজাব পাৰে।
09:27 একে ধৰণে, আমি এই বিকল্পসমূহ সজাব পাৰোঁ:
09:30 মেইলৰ কপি তৈয়াৰ কৰা,
09:33 খচৰা মেইল সাঁচি ৰখা,
09:35 মেইল সাঁচি ৰখা ঠাই সলনি কৰা।
09:39 বাওঁফালৰ সূচীত Copies and Folders-অত ক্লিক কৰক।
09:44 সোঁফালৰ সূচীত Copies and Folders ডায়লগ বাকচ প্ৰদৰ্শিত হয়।
09:49 পূৰ্বনিৰ্ধাৰিত বিকল্পসমূহ থকা ধৰণেই ৰাখোঁ আহক।
09:53 লক্ষ্য কৰক যে Place a copy in আৰু Sent folder on এই বিকল্প ইতিমধ্যেই নিৰ্বাচিত হৈ আছে।
10:00 To save disk space বিকল্প সজাবলৈ বাওঁফালৰ সূচীত Disk Space নিৰ্বাচন কৰোঁ।
10:08 এতিয়া, সোঁফালৰ সূচীত To save disc space, don not download বিকল্প দেখা পাব।
10:16 Messages larger than বাকচত শুদ্ধ চিন দিয়ক।
10:19 এতিয়া, KB-ৰ ঘৰত 60 ভৰাওক।
10:24 ৬0 কেবিতকৈ ডাঙৰ মেচেজ থাণ্ডাৰবাৰ্ডে ডাউনলোড নকৰে।
10:30 জাংক মেচেজ চিনাক্ত কৰিব পৰাটো থাণ্ডাৰবাৰ্ডৰ আন এটা দৰকাৰী সুবিধা।
10:35 জাংক মেচেজ আৰু নন জাংক মেচেজ চিনিবলৈ আপুনি থাণ্ডাৰবাৰ্ডক শিকাব পাৰে।
10:41 এইটো কৰিবৰ বাবে প্ৰথমে আপুনি জাংক চেটিংচ সজাব লাগিব আৰু তাৰপিছত মেইলবোৰ জাংক আৰু নন জাংক হিচাপে চিহ্নিত কৰিব লাগিব।
10:48 প্ৰথম অৱস্থাত আপুনি নিজাকৈ জাংক মেইল চিনাক্ত কৰিব লাগিব
10:52 প্ৰত্যেক মেইলৰ বাবে জাংক মেইল বুটামত ক্লিক কৰি। সময় যোৱাৰ লগে লগে,
10:56 আপোনাৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰি,
10:59 থাণ্ডাৰবাৰ্ডে স্বয়ংক্ৰিয়ভাৱে জাংক মেইল চিনাক্ত কৰিব
11:03 আৰু সেইবোৰ জাংক ফল্ডাৰলৈ পঠাই দিব।
11:07 বাওঁফালৰ সূচীৰ একাউণ্ট চেটিংচ ডায়লগ বাকচত জাংক চেটিংচত ক্লিক কৰক।
11:13 সোঁফালৰ সূচীত জাংক চেটিংচ ডায়লগ বাকচ ওলায়।
11:18 মন কৰক যে পূৰ্বনিৰ্ধাৰিতভাৱে Enable adaptive junk mail controls for this account বাকচত শুদ্ধ চিন দি থোৱা আছে।
11:27 Do not mark mail as junk if the sender is in list-অৰ অধীনত থকা সকলো বিকল্পত শুদ্ধ চিন দিয়ক।
11:35 মুভ নিউ জাংক মেচেজ ঘৰটো নিৰ্বাচন কৰক আৰু অপশ্যনত জাংক ফল্ডাৰ নিৰ্বাচন কৰক। অ’কেত ক্লিক কৰক।
11:44 এতিয়া ইনবক্সত ক্লিক কৰক আৰু প্ৰথম মেইলটো নিৰ্বাচন কৰক।
11:48 মেইলৰ কথাখিনি তলৰ সূচীত প্ৰদৰ্শিত হয়।
11:52 জাংক আইকনত ক্লিক কৰক।
11:54 লক্ষ্য কৰক যে হেডাৰ জাংক মেইল প্ৰদৰ্শিত হৈছে।
11:58 একে ধৰণে আপুনি অন্যান্য পছন্দসমূহো সজাব পাৰে!
12:03 থাণ্ডাৰবাৰ্ডত সজোৱা মেইল একাউণ্ট এটা আমি ডিলিট কৰিব পাৰোঁ নে? হয়, পাৰোঁ!
12:10 বাওঁফালৰ সূচীত STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক।
12:16 সোঁফালৰ সূচীত একাউণ্টচৰ অধীনত থকা ভিউ চেটিংচ ফৰ দিছ একাউণ্ট নিৰ্বাচন কৰক।
12:21 একাউণ্ট চেটিংচ ডায়লগ বাকচ ওলায়।
12:25 তলৰ বাওঁকোণত Account Actions-অত ক্লিক কৰক আৰু তাৰ পিছত Remove Account-অত ক্লিক কৰক।
12:32 এটা সতৰ্কীকৰণ বাৰ্তা প্ৰদৰ্শিত হয়।
12:35 যদি আমি অ’কেত ক্লিক কৰোঁ, তেনেহ’লে একাউণ্টটো ডিলিট হৈ যাব।
12:39 যি কি নহওক, এই শিক্ষণৰ প্ৰয়োজনত আমি একাউণ্টটো ডিলিট নকৰোঁ।
12:45 গতিকে আমি কেনচেলত ক্লিক কৰিম।
12:47 এতিয়া এই ডায়লগ বাকচটো বন্ধ কৰি দিওঁ।
12:51 মনত ৰাখিব, যেতিয়া আপুনি কোনো এটা ইমেইল একাউণ্ট ডিলিট কৰে,
12:53 সেই ইমেইল একাউণ্টৰ
12:56 সকলোবোৰ ফল্ডাৰ আৰু মেইল
12:58 থাণ্ডাৰবাৰ্ডৰ পৰা ডিলিট হৈ যাব।
13:00 সবিশেষ তেতিয়াও মজিলা থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ সূচীত প্ৰদৰ্শিত হৈ থাকিব পাৰে।
13:06 সেয়া হ’লেও, যেতিয়া আপুনি পুনৰ লগ-ইন কৰে, তেতিয়া সেইবিলাক আৰু প্ৰদৰ্শিত নহয়।
13:12 ইয়াতে Mozilla Thunderbird 10.0.2-ৰ শিক্ষণ সমাপ্ত হৈছে।
13:18 এই শিক্ষণত আমি শিকিলো কেনেকৈ:
13:20 এটা ইমেইল একাউণ্টত নতুন ফল্ডাৰ যোগ দিব পাৰি।
13:24 মেচেজ বিচাৰিবলৈ advanced filters সজাব পাৰি।
13:28 মেচেজ ফিল্টাৰ পৰিচালনা কৰিব পাৰি।
13:30 আপুনি আৰু শিকিলে, কেনেকৈ:
13:32 য়াহু একাউণ্ট নিজাকৈ কনফিগাৰ কৰিব পাৰি।
13:35 কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰিব পাৰি।
13:38 মেইল একাউণ্টৰ একাউণ্ট চেটিংচ সলনি কৰিব পাৰি আৰু
13:40 এটা মেইল একাউণ্ট ডিলিট কৰিব পৰি।
13:44 আপোনাৰ বাবে এটা কৰিবলগীয়া কাম।
13:46 এটা ইমেইল একাউণ্ট নিজাকৈ সজাওক।
13:49 একাউণ্টটোৰ চেটিংচ সলনি কৰক।
13:52 মেচেজ আৰ্কাইভ কৰিবৰ বাবে প্ৰিফাৰেন্স সজাওক
13:56 জাংক চেটিংচৰ প্ৰিফাৰেন্স সলনি কৰক
14:00 এটা ইমেইল একাউণ্ট ডিলিট কৰক
14:02 তলৰ সংযোগত থকা ভিডিঅ’ চাওক
14:05 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
14:09 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে
14:13 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
14:15 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
14:18 অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
14:22 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org এই ঠিকনাত লিখক
14:29 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
14:33 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
14:40 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
14:51 এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble