LibreOffice-Suite-Writer/C2/Typing-text-and-basic-formatting/Assamese
From Script | Spoken-Tutorial
Resources for recording Typing text and Basic Formatting
| Time | NARRATION |
| 00:01 | LibreOffice Writer-অত টেক্সট টাইপিং আৰু বেছিক ফৰমেটিং সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ স্বাগতম |
| 00:07 | আমি এই প্ৰশিক্ষণত তলত দিয়াখিনি শিকিম. |
| 00:10 | ৰাইটাৰত টেক্স এলাইনিং কৰা. |
| 00:12 | বুলেট আৰু নাম্বাৰিং. |
| 00:14 | ৰাইটাৰৰ কাট, কপি আৰু পেষ্ট অপচন. |
| 00:18 | ব’ল্ড, আণ্ডাৰলাইন আৰু ইটালিকচ অপচনচ. |
| 00:21 | ফন্ট নাম, ফন্ট চাইজ, ফন্ট কালাৰ. |
| 00:26 | সাধাৰণভাৱে লিখা ডকুমেণ্টতৰ তুলনাত, এইবোৰ সুবিধা প্ৰয়োগ কৰা ডকুমেণ্ট পঢ়িবৰ বাবে বেছি আকৰ্ষণীয় আৰু সহজ হৈ পৰে. |
| 00:36 | ইয়াত আমি আমাৰ অপাৰেটিং চিচটেম হিচাপে উবুণ্টু লিনাক্স 10.04 আৰু LibreOffice Suite Version 3.3.4 ব্যৱহাৰ কৰিছোঁ |
| 00:47 | আমি প্ৰথমতে ৰাইটাৰত টেক্স এলাইন কৰাৰ বিষয়ে শিকিম. |
| 00:50 | আপুনি ৰাইটাৰত আপোনাৰ পছন্দ অনুসৰি এটা নতুন ডকুমেন্ট খুলিব পাৰে আৰু এই সুবিধাবোৰ প্ৰয়োগ কৰিব পাৰে. |
| 00:57 | আমি যিহেতু আমাৰ শেহতীয় প্ৰশিক্ষণত resume.odt নামৰ ফাইল এটা তৈয়াৰ কৰিছিলো, এতিয়া সেই ফাইলটো খুলিম. |
| 01:08 | আমি আগতে RESUME শব্দটো টাইপ কৰিছিলো আৰু ইয়াক পৃষ্ঠাৰ মাজত এলাইন কৰি থৈছিলো. |
| 01:14 | গতিকে, আহক শব্দটো চিলেক্ট কৰি ‘‘এলাইন লেফট’’ত ক্লিক কৰোঁ৷ আপুনি দেখা পাব ঘে, RESUME শব্দটো লেফট এলাইন্ হৈ যাব, অৰ্থাৎ এইটো ডকুমেন্ট পৃষ্ঠাৰ বাঁওফালৰ মাৰ্জিনৰ কাষলৈ গুচি যাব. |
| 01:25 | আমি ঘদি ‘এলাইন ৰাইট’ত ক্লিক কৰো, আপুনি দেখা পাব যে RESUME শব্দটো পৃষ্ঠাৰ সোঁফাললৈ এলাইনড্ হ’ব. |
| 01:32 | আমি ঘদি ‘Justify’-ত ক্লিক কৰো, তেতিয়া RESUME শব্দটো পৃষ্ঠাৰ বাওঁ মাৰ্জিন আৰু সোঁ মাৰ্জিনৰ মাজত সমভাৱে এলাইনড হ’ব. |
| 01:44 | লেখাৰ এটা শাৰী বা এটা পেৰাগ্ৰাফৰ ক্ষেত্ৰত এই সুবিধাটো সহজভাৱে বুজিব পৰা হয়. |
| 01:51 | এইটো আন-ডু কৰোঁ আহক |
| 01:54 | বেলেগ বেলেগ পইণ্ট লিখিবৰ বাবে Bullet আৰু Numbering ব্যৱহাৰ কৰা হয়. |
| 01:58 | প্ৰত্যেকটো পইন্ট এটা বুলেট বা সংখ্যাৰে আৰম্ভ হয়. |
| 02:02 | এইদৰে ডকুমেণ্টৰ বেলেগ বেলেগ পইন্ট স্পষ্ট কৰি তুলিব পৰা যায়. |
| 02:07 | প্ৰথমতে মেনুবাৰত থকা ‘ফৰমেট’ অপচনত ক্লিক কৰি আৰু তাৰ পিছত ‘বুলেটচ এণ্ড নাম্বাৰিং’-অত ক্লিক কৰি এই সুবিধাটো পাব পৰা যায়. |
| 02:15 | বুলেটচ আৰু নাম্বাৰিং অপচনত ক্লিক কৰাৰ পিছত ওলাই অহা ডাইলগ বক্সটোৰ বেলেগ বেলেগ টেবচৰ ডিতৰত বিডিন্ন ষ্টাইল প্ৰদৰ্শিত হয়, যিবোৰ আপুনি আপোনাৰ ডকুমেন্টত প্ৰয়োগ কৰিব পাৰিব |
| 02:26 | নাম্বাৰিং আপচনটো চিলেক্ট কৰি একেধৰণে নাম্বাৰিং কৰিব পাৰি আৰু তেতিয়া প্ৰত্যেকটো লাইন এটা নতুন সংখ্যাৰে আৰম্ভ হ’ব. |
| 02:34 | গতিকে আহক নাম্বাৰিং টাইপ ষ্টাইলৰ ডিতৰত থকা দ্বিতীয় ষ্টাইলত ক্লিক কৰোঁ. |
| 02:40 | এতিয়া ওকে বাটনত ক্লিক কৰক. |
| 02:42 | এতিয়া আপুনি আপোনাৰ প্ৰথম ষ্টেটমেন্টটো লিখিবলৈ প্ৰস্তুত হ’ল. |
| 02:46 | আহক NAME: RAMESH টাইপ কৰোঁ |
| 02:50 | এতিয়া এটা ষ্টেটমেন্ট টাইপ কৰাৰ পিছত ‘‘এন্টাৰ কী’’ টো দবালে আপুনি দেখিবলৈ পাব ঘে এটা নতুন বুলেট পইন্ট বা এটা নতুন ইক্ৰিমেন্টেল নাম্বাৰ তৈয়াৰ হৈছে. |
| 03:05 | আপুনি নিৰ্বাচন কৰা ফৰমেটৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি ‘বুলেট’ৰ অধীনত বুলেট আৰু নাম্বাৰৰ ডিতৰত নাম্বাৰ থাকিব পাৰে. |
| 03:13 | গতিকে আমি ৰিজিউমত 'FATHER'S NAME colon MAHESH' হিচাপে দ্বিতীয় ষ্টেটমেন্টটো টাইপ কৰিম. |
| 03:20 | পুনৰ এন্টাৰ কীটো দবাওক আৰু 'MOTHER'S NAME colon SHWETA' টাইপ কৰক. |
| 03:27 | একেধৰণে, বেলেগ বেলেগ পইন্ট হিচাপে আমি "FATHERS OCCUPATION colon GOVERNMENT SERVENT" আৰু "MOTHERS OCCUPATION colon HOUSE WIFE" টাইপ কৰিম. |
| 03:39 | আমি টেব আৰু চিফট টেব ব্যৱহাৰ কৰি বুলেটৰ ইনডেণ্ট ক্ৰমে বঢ়াব বা কমাব পাৰোঁ. |
| 03:47 | ০৩.৪৭ বুলেট আৰু নাম্বাৰিং অপচন বন্ধ কৰিবৰ বাবে প্ৰথমতে HOUSEWIFE শব্দটোৰ পিছতে কাৰচৰডাল থওক আৰু Enter কীত প্ৰথমে ক্লিক কৰি Bullets and Numbering ডাইলগ বক্সৰ Numbering Off অপশ্যনত ক্লিক কৰক।
. |
| 04:03 | দেখা পাব যে নতুনকৈ টাইপ কৰা টেক্সতত বুলেট ষ্টাইল অহা নাই. |
| 04:10 | লক্ষ্য কৰক যে আমাৰ ডকুমেন্টত ‘NAME’ শব্দটো আমি দুবাৰ টাইপ কৰিছোঁ. |
| 04:14 | একেটা লেখা বাৰে বাৰে টাইপ কৰাৰ সলনি ৰাইটাৰত Copy আৰু Paste অপচন ব্যৱহাৰ কৰিব পাৰোঁ. |
| 04:21 | এইটো কেনেকৈ কৰিব পৰা যায়, সেই বিষয়ে শিকোঁ আহক. |
| 04:24 | এতিয়া আমি MOTHER'S NAME টেক্সটৰ পৰা NAME শব্দটো মচিম আৰু কপি আৰু পেষ্ট অপচন ব্যৱহাৰ কৰি NAME শব্দটো পুনৰ লিখিম |
| 04:33 | FATHER'S NAME টেক্সটত, প্ৰথমতে নেম শব্দটো ড্ৰেগিং কৰি চিলেক্ট কৰক. |
| 04:40 | এতিয়া মাউচৰ সোঁ-বাটনত ক্লিক কৰক আৰু কপি অপচনত ক্লিক কৰক. |
| 04:45 | MOTHER'S শব্দটোৰ পিছত কাৰচৰডাল থওক. |
| 04:48 | আকৌ মাউচত সোঁফালে ক্লিক কৰক আৰু পেষ্ট অপচনত ক্লিক কৰক. |
| 04:54 | নেম শব্দটো স্বয়ংক্ৰিয়ভাৱে পেষ্ট হোৱা আমি দেখিবলৈ পাম. |
| 04:57 | এই অপচনবোৰৰ বাবে শ্বৰ্টকাট কীও আছে— কপি কৰিবলৈ CTRL+C আৰু পেষ্ট কৰিবলৈ CTRL+V. |
| 05:08 | সৰহ পৰিমাণৰ একে লেখা পুনৰাই লিখাৰ ক্ষেত্ৰত এই সুবিধাটো বৰ উপযোগী, য’ত গোটেই লেখাখিনি পুনৰাই লিখাৰ প্ৰয়োজন নহয়. |
| 05:19 | কাট আৰু পেষ্ট সুবিধা ব্যৱহাৰ ডকুমেণ্টৰ এটা টেক্সট এঠাইৰ পৰা অন্য ঠাইলৈ নিব পাৰি. |
| 05:26 | এতিয়া এইটো কেনেকৈ কৰিব পাৰি চাওঁ আহক. |
| 05:29 | আহক প্ৰথমতে MOTHER'S শব্দটোৰ পিছত থকা NAME শব্দটো ডিলিট কৰোঁ. |
| 05:34 | এই শব্দটো কাট আৰু পেষ্ট কৰিবলৈ, প্ৰথমতে ফাডাৰচ্ নেম ষ্টেটমেন্টত তকা নেম শব্দটো চিলেক্ট কৰক. |
| 05:40 | মাউচত সোঁফালে ক্লিক কৰক আৰু কাট অপচনত ক্লিক কৰক৷ লক্ষ্য কৰক যে FATHER’S শব্দৰ পিছত থকা NAME শব্দটো নোহোৱা হৈ গৈছে, অৰ্থাৎ এইটো কাট বা ডিলিট হৈ গৈছে. |
| 05:54 | এতিয়া MOTHERS'S শব্দটোৰ পিছত কাৰচৰটো থওক আৰু মাউচত সোঁফালে ক্লিক কৰক. |
| 05:59 | পেষ্ট অপচনত ক্লিক কৰক. |
| 06:02 | দেখা পাব যে এতিয়া শব্দটো MOTHERS'S শব্দটোৰ পিছত পেষ্ট হৈছে. |
| 06:07 | কাট কৰাৰ চৰ্টকাট কী হৈছে CTRL+X |
| 06:11 | গতিকে, টেক্সটৰ কপি আৰু কাটৰ পাৰ্থক্য হল এয়ে যে ‘কপি’ অপচনে শব্দক ইয়াৰ পূৰ্বৰ ঠাইত পৰিৱৰ্তন নঘটোৱাকৈ ৰাখি থয় আৰু ‘কাট’ অপচনে শব্দক ইয়াৰ পূৰ্বৰ ঠাইৰ পৰা সম্পূৰ্ণকৈ মোহাৰি পেলায়. |
| 06:27 | আহক NAME শব্দটো FATHER’S শব্দটোৰ পিছত পেষ্ট কৰোঁ আৰু আগবাঢ়োঁ. |
| 06:31 | EDUCATION DETAILS হিচাপে এটা নতুন শিৰোনাম টাইপ কৰোঁ. |
| 06:35 | ৰাইটাৰৰ বুলেটচ এণ্ড নাম্বাৰিঙৰ বিষয়ে শিকাৰ পিছত, আমি এতিয়া যিকোনো টেক্সটৰ ফন্ট নেম আৰু ফন্ট চাইজ কেনেকৈ সলনি কৰিব আৰু প্ৰয়োগ কৰিব পাৰি তাক শিকিম |
| 06:45 | ওপৰত থকা ফৰমেট টুলবাৰত ‘ফন্ট নেম’ নামৰ আমাৰ এখন ক্ষেত্ৰ আছে. |
| 06:52 | ডিফল্ট হিচাপে ফন্ট নেম Liberation Serif নিৰ্বাচিত হৈ থাকে. |
| 06:57 | আপোনাৰ টেক্সটৰ ফণ্টৰ ধৰণ নিৰ্বাচন আৰু সলনি কৰিবলৈ Font Name ব্যৱহাৰ কৰা হয়. |
| 07:04 | উদাহৰণ হিচাবে, EDUCATION DETAILS শিৰোনামটোত এটা বেলেগ ফন্ট ষ্টাইল আৰু আকাৰ দিওঁ. |
| 07:11 | গতিকে প্ৰথমতে EDUCATION DETAILS টেক্সটখিনি চিলেক্ট কৰি ফন্ট নেম ফিল্ডৰ তলৰ কাঁড় চিনডালত ক্লিক কৰক. |
| 07:19 | আপুনি ড্ৰপ ডাউন মেনুখনত সৰহকৈ ফন্ট নেম অপচন দেখিবলৈ পাব. |
| 07:25 | Liberation Sans-ৰ সন্ধান কৰক আৰু ইয়াত সহজভাৱে ক্লিক কৰক. |
| 07:29 | আপুনি চিলেক্ট কৰা টেক্সটৰ ফন্টটো সলনি হোৱা দেখিব. |
| 07:34 | ফন্ট নাম ফিল্ডৰ ওচৰতে ফন্ট চাইজ ফিন্ডটো আছে. |
| 07:38 | নামটোৱে কোৱাৰ ধৰণে, চিলেক্ট কৰা টেক্সটৰ আকাৰ বা আপুনি টাইপ কৰিব বিচৰা নতুন টেক্সটৰ আকাৰ বঢ়াব বা কমাবলৈ Font Size ব্যৱহাৰ কৰা হয়. |
| 07:52 | গতিকে আমি প্ৰথমতে EDUCATION DETAILS টেক্সটখিনি চিলেক্ট কৰিম |
| 07:55 | বৰ্তমানৰ ফণ্টৰ আকাৰ 12 দেখুৱাইছে. |
| 07:58 | এতিয়া ফন্ট চাইজৰ তলমুৱা কাঁড়ত ক্লিক কৰক আৰু 11-অত ক্লিক কৰক. |
| 08:05 | আপুনি টেক্সটৰ ফন্ট চাইজটো কমি যোৱা দেখিবলৈ পাব. |
| 08:09 | একে ধৰণে ফন্ট চাইজ বৃদ্ধিও কৰিব পাৰি. |
| 08:13 | ফন্ট চাইজৰ বিষয়ে শিকাৰ পিছত, আমি চাম— কেনেকৈ ৰাইটাৰত ফন্ট কালাৰ সলনি কৰিব পাৰি. |
| 08:21 | Font Color ব্যৱহাৰ কৰি ডকুমেণ্ট বা টাইপ কৰা আখৰৰ টেক্সটৰ ৰং নিৰ্বাচন কৰা হয়. |
| 08:27 | উদাহৰণ হিচাপে, আহক EDUCATION DETAILS শিৰোনামটোত ৰং দিওঁ. |
| 08:32 | গতিকে EDUCATION DETAILS বোলা টেক্সটখিনি আকৌ চিলেক্ট কৰক. |
| 08:36 | এতিয়া টুলবাৰৰ ‘ফন্ট কালাৰ’ অপচনৰ তুলমুৱা কাঁড়ত ক্লিক কৰক আৰু টেক্সটত পাতল সেউজীয়া ৰং প্ৰয়োগ কৰিবলৈ Light Green বাকচত ক্লিক কৰক. |
| 08:48 | এতিয়া আপুনি শিৰোনামটো সেউজীয়া ৰঙৰ হোৱা দেখিবলৈ পাব. |
| 08:52 | ফন্ট চাইজ অপচনৰ পিছত আপুনি বল্ড, ইটালীক আৰু আণ্ডাৰলাইন নামৰ তিনিটা অপচন দেখিবলৈ পাব. |
| 09:00 | নামটোৱে কোৱা ধৰণে, এইবোৰে আপোনাৰ টেক্সটখিনি বল্ড বা ইটালীক বা আণ্ডাৰ লাইনড্ হিচাপে তৈয়াৰ কৰিব. |
| 09:07 | গতিকে প্ৰথমতে EDUCATION DETAILS শিৰোনামটো চিলেক্ট কৰক. |
| 09:11 | এতিয়া টেক্সটখিনি বল্ড কৰিবলৈ বল্ড আইকনত ক্লিক কৰক. |
| 09:15 | নিৰ্বাচিত টেক্সটখিনি বল্ড হোৱা আপুনি দেখিবলৈ পাব. |
| 09:19 | একেধৰণে, যদি আপুনি ইটালীক আইকনত ক্লিক কৰে তেন্তে এইটোৱে টেক্সটোক ইটালীকলৈ পৰিৱৰ্তন কৰিব. |
| 09:25 | আণ্ডাৰলাইনত ক্লিক কৰক. |
| 09:26 | আণ্ডাৰলাইন আইকনত ক্লিক কৰিলে আপোনাৰ টেক্সটখিনি আণ্ডাৰলাইনড হৈ পৰে. |
| 09:31 | আপোনাৰ নিৰ্বাচিত টেক্সটো এতিয়া আণ্ডাৰলাইনড হোৱা দেখা পাইছে. |
| 09:35 | শিৰোনামটো বল্ড আৰু আণ্ডাৰলাইন কৰি ৰাখিবলৈ ইটালীক অপচনটো নাইকিয়া কৰিবলৈ ইয়াত পুনৰ ক্লিক কৰক আৰু আন দুটা অপচন নিৰ্বাচিত কৰি ৰাখক. |
| 09:45 | এতিয়া শিৰোনামটো বল্ড আৰু আণ্ডাৰলাইনড হৈ আছে. |
| 09:50 | ইয়াতে LibreOffice Writer বিষয়ক কথন প্ৰশিক্ষণৰ প্ৰায় সামৰণি পৰিছে |
| 09:55 | সংক্ষেপে, আমি শিকিলো—: |
| 09:57 | ৰাইটাৰত টেক্সট এলাইনিং কৰা |
| 10:00 | বুলেটচ আৰু নাম্বাৰিং. |
| 10:02 | ৰাইটাৰৰ কাট, কপি আৰু পেষ্ট অপচনচ. |
| 10:05 | বল্ড, আণ্ডাৰলাইন আৰু ইটালীকচ অপচনচ. |
| 10:09 | ৰাইটাৰৰ ফন্ট নাম, ফন্ট চাইজ, ফন্ট কালাৰ. |
| 10:13 | বিস্তাৰিত কৰ্মসূচী: |
| 10:16 | বুলেটচ আৰু নাম্বাৰিং সক্ৰিয় কৰক. |
| 10:18 | এটা ষ্টাইল পছন্দ কৰি কিছুমান পইন্টচ লিখক. |
| 10:22 | অলপ টেক্সট নিৰ্বাচন কৰি ইয়াৰ ফন্ট নাম Free Sans আৰু ফন্টৰ আকাৰ 16-অলৈ পৰিৱৰ্তন কৰক. |
| 10:29 | টেক্সটখিনি ইটালীকচ কৰক. |
| 10:32 | ফন্টৰ ৰং ৰঙালৈ সলনি কৰক. |
| 10:35 | তলৰ সংযোগত থকা ভিডিঅ’টো চাওক:. |
| 10:38 | ইয়াত কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ আছে. |
| 10:41 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে. |
| 10:46 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
| 10:52 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 10:55 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক |
| 11:02 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
| 11:06 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে |
| 11:14 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য |
| 11:18 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব |
| 11:25 | আমি অপুনাৰ অন্শগ্ৰহন আৰু প্ৰতিক্ৰিয়া স্ৱাগতম জনাইচু.
মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ |