Health-and-Nutrition/C2/Calcium-rich-non-vegetarian-recipes/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:00 | কেলচিয়াম প্ৰচুৰকৈ থকা আমিষ বিধিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:06 | এই টিউট’ৰিয়েলটোত, আমি কেলচিয়াম প্ৰচুৰকৈ থকা কিছু আমিষ বিধিৰ বিষয়ে শিকিম |
| 00:12 | কেলচিয়াম হৈছে আমাৰ শৰীৰত আটাইতকৈ বেছিকৈ থকা খনিজ দ্ৰব্য |
| 00:17 | শৰীৰৰ কেলচিয়ামৰ 99% পোৱা যায় হাড় আৰু দাতত |
| 00:22 | বাকীথকা 1% তেজত থাকে |
| 00:27 | আমাৰ শৰীৰত কেলচিয়ামৰ ভূমিকাক আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
| 00:32 | এই টিউট’ৰিয়েলচৰ বাবে আমাৰ ওৱেবচাইত চাওঁক |
| 00:35 | আহাৰৰ দ্বাৰা ভাল পৰিমাণৰ কেলচিয়াম লোৱাটো দৰকাৰ |
| 00:39 | কেলচিয়াম পোৱা যায় কিছু আমিষ খাদ্যত |
| 00:43 | উদাহৰণস্বৰূপে: মিছামাছ, লবষ্টাৰ, ব’ম্বে ডাক, শুকান মিছামাছ আৰু শুকান ব’নি মাছ |
| 00:52 | কেলচিয়ামৰ অন্য উৎসসমূহ হৈছে গাখীৰ, গাখীৰৰ বস্তু, বাদাম আৰু বীজসমূহ |
| 00:59 | কেলচিয়াম লগতে থাকে সেউজীয়া পাতথকা শাক-পাচলিত আৰু কিছু মাহত |
| 01:05 | আহক কেলচিয়াম প্ৰচুৰকৈ থকা কিছু আমিষ বিধি চাওঁ |
| 01:09 | প্ৰথম বিধিটো হৈছে শুকান মিছামাছৰ কাৰি |
| 01:13 | এই বিধি প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব: |
| 01:16 | ২০ গ্ৰাম বা ৩ চামোচ শুকান মিছামাছ |
| 01:20 | এফাল পিয়াজ, এফাল বিলাহী |
| 01:23 | ৩-৪ ফুটা নহৰূ |
| 01:25 | এটা নেমুৰ আকাৰৰ তেতেলী |
| 01:27 | কাৰি পাত এঠাল |
| 01:30 | এই বিধিৰ বাবে লগা মচলাখিনি হৈছে: |
| 01:33 | ১/৪ চামোচ হালধী পাউদাৰ |
| 01:35 | আধা চামোচ ৰঙা জলকীয়া পাউদাৰ |
| 01:38 | আধা চামোচ ধনীয়া পাউদাৰ |
| 01:41 | আধা চামোচ সৰিয়হৰ গুটি |
| 01:44 | আপোনাক লাগিব ২ চামোচ তেল বা ঘিউ |
| 01:48 | আৰু নিমখ সোৱাদ অনুসৰি |
| 01:51 | পদ্ধতি: |
| 01:53 | শুকান মিছামাছখিনিক ১৫ মিনিট পানীত ভিজাই ৰাখক |
| 01:57 | মাজতে, পাত্ৰ এটাত তেল গৰম কৰক |
| 02:00 | আৰু সৰিয়হৰ গুটি দিয়ক |
| 02:02 | সিহত ফুটিবলৈ ধৰিলে, |
| 02:04 | কাৰি পাত আৰু কাটিলোৱা নহৰূ দিয়ক |
| 02:07 | তেতিয়া, কাটিলোৱা পিয়াজ দিয়ক |
| 02:10 | মিশ্ৰণখিনিক লৰাই থাকক ই পাতল সোণালী ৰঙৰ নোহোৱালৈকে |
| 02:14 | পাছ্ত, বিলাহী আৰু মচলাখিনি দিয়্ক |
| 02:17 | ইয়াক ভালকৈ মিহলাওঁক |
| 02:19 | আধা কাপ পানী দিয়ক |
| 02:22 | ইয়াক ২-৩ মিনিট ৰান্ধক |
| 02:24 | শুকান মিছামাছখিনিক ছাকনী এখনত কিছু মিনিটৰ বাবে ছাকক |
| 02:29 | ইয়াক পাত্ৰটোত মিশ্ৰণখিনিত দিয়ক |
| 02:32 | ঢাকনি দিয়ক আৰু নিম্ন জুইত ৫-৬ মিনিট ৰান্ধক |
| 02:36 | শুকান মিছামাছৰ কাৰি তৈয়াৰ হ’ল |
| 02:39 | এই বিধিৰ এবাতিয়ে প্ৰায় ৮৭৬ মিলিগ্ৰাম কেলচিয়াম দিয়ে |
| 02:45 | আমাৰ পাছৰ বিধি হৈছে ব’ম্বে ডাক মাছৰ কাৰি |
| 02:50 | ইয়াৰ বাবে, আপোনাক লাগিব: ১৫০ গ্ৰাম ব’ম্বে ডাক মাছ |
| 02:55 | এফাল পিয়াজ, ২-৩ ফুটা নহৰূ |
| 02:59 | এটা বা দুটা সেউজীয়া জলকীয়া |
| 03:01 | ১ চামোচ জীৰা |
| 03:03 | আপোনাক লগতে লাগিব: ২ বা ৩ টুকুৰা ক’কম বা শুকান আম বা তেতেলী |
| 03:09 | ১/৪ সতেজ নাৰিকল |
| 03:12 | এমুঠি ধনীয়া পাত |
| 03:14 | আধা চামোচ হালধী পাউদাৰ |
| 03:16 | নিমখ সোৱাদ অনুসৰি |
| 03:18 | ২ চামোচ তেল বা ঘিউ |
| 03:21 | নেমু এফাল মেৰিনেচনৰ বাবে |
| 03:23 | পদ্ধতি: |
| 03:25 | মাছৰ টুকুৰাখিনি ভালকৈ ধুই চাফা কৰক |
| 03:28 | মাছৰ টুকুৰাখিনি মেৰিনেত কৰক নিমখ আৰু নেমু পানীৰে |
| 03:31 | ইয়াক এফালে ৰাখক ১৫ ৰ পৰা ৩০ মিনিট |
| 03:35 | আহক নাৰিকলৰ গাখীৰ কেনেকৈ প্ৰস্তুত কৰা হয় চাওঁ |
| 03:39 | নাৰিকলৰ টুকুৰাখিনিক আধা কাপ কুহুমীয়া গৰম পানীৰ সৈতে পিচক |
| 03:43 | নাৰিকলৰ মিশ্ৰণখিনিক ছাকনী এখনত ছাকক |
| 03:46 | নাৰিকলৰ গাখীৰখিনি বাতি এটাত লওঁক |
| 03:50 | নাৰিকলৰ সিতাখিনিক চাফা হাতেৰে চেপক অধিক গাখীৰ উলিয়াবলৈ |
| 03:55 | নাৰিকলৰ সিতাখিনিক মিক্সাৰত থওঁক |
| 03:58 | আধা কাপ কুহুমীয়া গৰম পানী দিয়ক আৰু পুনৰ পিচক |
| 04:03 | ইয়াক ছাকক । দ্বিতীয়বাৰ বাবে নাৰিকলৰ গাখীৰ উলিয়াওঁক |
| 04:08 | পদ্ধতিটো আৰু এবাৰ পুনৰ কৰক |
| 04:11 | উলিওঁৱা নাৰিকলৰ গাখীৰখিনি এফালে থওঁক |
| 04:15 | নাৰিকলৰ সিতাখিনি পেলাই নিদিব |
| 04:17 | মই ইয়াৰ সৈতে কি কৰিব লাগে পাছত ক’ম |
| 04:21 | পাছত, পিয়াজ, জলকীয়া, জীৰা, নহৰূ আৰু ধনীয়া পাতক পিচি লওঁক |
| 04:28 | অলপ পানী দিয়ক ডাঠ পেষ্ট এটা বনাবলৈ |
| 04:31 | পেন এখনত তেল বা ঘিউ গৰম কৰক |
| 04:35 | ইয়াত পেষ্টখিনি দিয়্ক |
| 04:37 | ইয়াক ২ বা ৩ মিনিট লৰাই থাকক |
| 04:40 | কাৰি পাত, ক’কম আৰু হালধী পাউদাৰ দিয়ক |
| 04:44 | ভালকৈ মিহলাওঁক |
| 04:46 | আধা কাপ পানী দিয়্ক |
| 04:48 | মেৰিনেত কৰি থোৱা মাছৰ টুকুৰাখিনি কাৰিত দিয়ক |
| 04:52 | পেনক ঢাকক আৰু নিম্ন জুইত ৭ ৰ পৰা ১০ মিনিট ৰান্ধক |
| 04:57 | প্ৰস্তুত কৰা নাৰিকলৰ গাখীৰক কাৰিত দিয়্ক আৰু লৰাওঁক |
| 05:01 | ২ মিনিট ৰান্ধক আৰু জুই বন্ধ কৰক |
| 05:05 | ব’ম্বে ডাক মাছৰ কাৰি তৈয়াৰ হ’ল |
| 05:08 | এই কাৰিৰ এবাতিয়ে প্ৰায় ২৮০ মিলিগ্ৰাম কেলচিয়াম দিয়ে |
| 05:14 | যদি ব’ম্বে ডাক উপলদ্ধ নহয় তেন্তে আপুনি তলৰ যিকোনো এটা ব্যৱ্হাৰ কৰিব পাৰে: |
| 05:19 | টেংগৰা মাছ |
| 05:21 | চীৰ মাছ, শিঙৰা মাছ |
| 05:24 | ভকুৱা মাছ |
| 05:27 | মই নাৰিকলৰ সিতাখিনিৰ বিষয়ে কওঁ যাক আমি আগতে থৈছিলো |
| 05:32 | আপুনি ইয়াক ভাজি পেলাই জমা ৰাখিব পাৰে |
| 05:35 | এই ভজা নাৰিকলৰ আঁহখিনিক দিব পাৰি কাৰিত |
| 05:38 | বা চিলা বেতাৰত |
| 05:41 | ইয়াক আনকি বাদাম আৰু বীজৰ সৈতে শুকান চাটনি পাউদাৰ বনাব পাৰি |
| 05:46 | ইয়াক ৰুটি আৰু পৰাথাৰ আটাত দিব পাৰি |
| 05:51 | ভজা নাৰিকল দিলে আঁহযাতীয় বস্তু আৰু সোৱাদ উন্নত হয় |
| 05:57 | আমাৰ তৃতীয় বিধি হৈছে মিছামাছৰ কাৰি |
| 06:00 | এই বিধিৰ বাবে, নিম্ন সামগ্ৰীখিনি লওঁক: |
| 06:04 | ৮০ গ্ৰাম মিছামাছ |
| 06:06 | এফাল মধ্যম পিয়াজ |
| 06:09 | এফাল মধ্যম বিলাহী |
| 06:11 | ৩ চামোচ তিল |
| 06:14 | কেইটামান কাৰি পাত |
| 06:16 | এই বিধিৰ বাবে লগা মচলাসমূহ হৈছে: |
| 06:20 | আধা চামোচ ৰঙা জলকীয়া পাউদাৰ |
| 06:22 | আধা চামোচ হালধী পাউদাৰ |
| 06:25 | আধা চামোচ ধনীয়া পাউদাৰ |
| 06:27 | আধা চামোচ গৰম মচলা পাউদাৰ |
| 06:30 | আপোনাক লাগিব এফাল নেমু, |
| 06:33 | নিমখ সোৱাদ অনুসৰি আৰু ২ চামোচ তেল বা ঘিউ |
| 06:37 | পদ্ধতি: |
| 06:39 | মিছামাছখিনিক ভালকৈ ধুই চাফা কৰক |
| 06:42 | মিছামাছখিনিৰ পাছফালে ফালক |
| 06:45 | এতিয়া, ইয়াৰ পৰা ক’লা সূতাদাল উলিয়াওঁক |
| 06:48 | এই ক’লা সূতাদাল আনফালৰ পৰাওঁ উলিয়াব লাগিব যদি থাকে |
| 06:54 | মিছামাছখিনিক মেৰিনেত কৰক নিমখ আৰু নেমু পানীৰে |
| 06:58 | ইয়াক এফালে ৰাখক ১৫ ৰ পৰা ৩০ মিনিট |
| 07:02 | পাছত, পেন এখনত মধ্যম জুইত তিলখিনিক শুকানকৈ ভাজক |
| 07:07 | ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক |
| 07:09 | ১ চামোচ তিল বেলেগকৈ ৰাখক সজাবৰ বাবে |
| 07:14 | পিয়াজ, বিলাহী আৰু ২ চামোচ ভজা তিলক মিক্সাৰ এটাত পিচক |
| 07:20 | ডাঠ পেষ্ট এটা বনাওঁক |
| 07:23 | পেন এখনত তেল গৰম কৰক |
| 07:25 | কাৰি পাতখিনি আৰু পেষ্টক দিয়ক |
| 07:28 | এই মিশ্ৰণক ২ ৰ পৰা ৩ মিনিট ভালকৈ লৰাওঁক |
| 07:32 | তেতিয়া, মচলাখিনি দিয়ক আৰু ভালকৈ মিহলাওঁক |
| 07:35 | আধা কাপ পানী দিয়্ক আৰু পাচ মিনিট ৰান্ধক |
| 07:40 | পাছত, মিছামাছখিনি দিয়ক আৰু ভালকৈ মিহলাওঁক |
| 07:43 | পেনখনক ঢাকক আৰু নিম্ন জুইত ১০ মিনিট ৰান্ধক |
| 07:48 | ১ চামোচ ভজা তিলৰ সৈতে সজাওঁক |
| 07:52 | মিছামাছৰ কাৰি তৈয়াৰ হ’ল |
| 07:54 | এবাতি মিছামাছৰ কাৰিয়ে প্ৰায় ২৫০ মিলিগ্ৰাম কেলচিয়াম দিয়ে |
| 08:01 | যদি মিছামাছ নাপায়, |
| 08:03 | আপুনি লগতে ল’বষ্টাৰ ল’ব পাৰে এই বিধিৰ বাবে |
| 08:07 | পাছৰ বিধিটো হৈছে শুকান মাছৰ পাউদাৰ |
| 08:11 | আপোনাক লাগিব ১৫ গ্ৰাম বা প্ৰায় ১/৪ কাপ শুকান মাছ |
| 08:17 | কিছু কেলচিয়াম প্ৰচুৰকৈ থকা শুকান মাছৰ উদাহৰণ হৈছে: |
| 08:22 | ৰিবিন মাছ, কিংগফিছ |
| 08:24 | টেংগৰা মাছ ইত্যাদি |
| 08:28 | এই বিধিৰ বাবে, আমি ব্যৱ্হাৰ কৰিছো শুকান ব’ম্বে ডাক |
| 08:32 | পাউদাৰ বনাবলৈ লগা আন সামগ্ৰীসমূহ হৈছে: |
| 08:36 | এটা বা দুটা ৰঙা জলকীয়া |
| 08:38 | ৩ বা ৪ ফুটা নহৰূ |
| 08:40 | ১ টা নেমুৰ আকাৰৰ তেতেলী |
| 08:43 | ১ চামোচ জীৰা |
| 08:45 | আৰু নিমখ সোৱাদ অনুসৰি |
| 08:48 | শুকান মাছৰ টুকুৰাখিনিক মধ্যম জুইত ২ মিনিট শুকানকৈ ভাজক |
| 08:53 | ইয়াক ঠাণ্ডা হ’বলৈ দিয়্ক |
| 08:55 | ভজা শুকান মাছ আৰু বাকীথকা সকলো সামগ্ৰীকে খুন্দনা এটাত পিচক |
| 09:01 | শুকান মাছৰ পাউদাৰ তৈয়াৰ হ’ল |
| 09:03 | আপুনি এই পাউদাৰক আহাৰত এদিনত ২ বা ৩ বাৰ ল’ব পাৰে |
| 09:08 | ১/৪ বাতি শুকান মাছৰ পাউদাৰত ২০৮ মিলিগ্ৰাম কেলচিয়াম থাকে |
| 09:14 | এই সকলো বিধিসমূহ লগতে এটা ভাল উৎস হয় নিম্ন পুষ্টিকৰ পদাৰ্থসমূহৰ: |
| 09:20 | প্ৰ’টিন |
| 09:22 | জিংক ফ’লেত |
| 09:25 | ফছফৰাচ |
| 09:27 | আইৰন অমেগা 3 ফেটি এচিদচ |
| 09:30 | এই পুষ্টিকৰ পদাৰ্থসমূহ আমাৰ দৈনিক আহাৰত থকাটো দৰকাৰ ভাল স্বাস্থ্যৰ বাবে |
| 09:36 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা সংযোগ কৰাৰ বাবে ধন্যবাদ |