Health-and-Nutrition/C2/Non-vegetarian-recipes-for-lactating-mothers/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:00 | স্তনপান কৰোৱা মাকসকলৰ বাবে আমিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম : স্তনপান কৰোৱাৰ সময়ত পোষণৰ গুৰূত্বৰ বিষয়ে, |
| 00:13 | আমিষ বিধিসমূহ কেনেকৈ প্ৰস্তুত কৰা হয় যেনে - মুৰ্গী মাংসৰ কাৰি দ্ৰামষ্টিকচৰ সৈতে, |
| 00:20 | চীনাবাদাম নহৰুৰ মচলাত মুৰ্গীৰ মাংস, |
| 00:24 | মাছ নাৰিকলৰ কাৰি, মিশ্ৰিত শাক-পাচলিৰ কাৰি ডিমৰ সৈতে আৰু মাছ শাকৰ কাৰি |
| 00:31 | স্তনপান কৰোৱাৰ সময়ত, মাক এগৰাকীক অতিৰিক্ত পৰিমাণৰ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়-
গাখীৰ উৎপন্ন কৰিবলৈ, |
| 00:38 | ক্রমবর্ধমান শিশুৰ বাবে প্ৰয়োজনীয় পৰিপোষক পদাৰ্থ প্ৰদান কৰিবলৈ আৰু মাকৰ দৈনিক প্ৰয়োজনীয়খিনি পাবলৈ |
| 00:45 | স্তনপানৰ সময়ত প্ৰয়োজন হোৱা দৰকাৰি পৰিপোষক পদাৰ্থসমূহ হৈছে -
ভিটামিনচ, মিনাৰেলচ, |
| 00:51 | অমেগা 3 ফেটি এচিদচ আৰু কোলাইন |
| 00:54 | পৰিপোষক পদাৰ্থসমূহৰ উপৰিওঁ, আমি Galactogogues ৰ বিষয়ে শিকিম |
| 00:59 | Galactogogues হৈছে পদাৰ্থ যি গাখীৰ উৎপন্ন কৰোতে সহায় কৰে |
| 01:04 | মাকে ইয়াক আহাৰৰ পৰা পাব পাৰে মূলত - নহৰু, |
| 01:08 | মিথিৰ গুটি আৰু পাত, |
| 01:10 | ফেনেল গুটি, |
| 01:12 | গাৰ্দেন ক্ৰেচ গুটি,
দ্ৰামষ্টিক পাত, |
| 01:15 | দিল পাত আৰু কেৰম গুটি |
| 01:19 | মন কৰিব: স্তনপান কৰোৱা মাকসকলৰ বাবে পোষণৰ বিষয়ে একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
| 01:28 | স্তনপানৰ সময়ত পোষণৰ গুৰূত্বৰ বিষয়ে বুজাৰ পাছত, আমি বিধিসমূহ প্ৰস্তুত কৰাৰে আৰম্ভ কৰিম |
| 01:37 | আহক আমাৰ প্ৰথম বিধিটোৰে আৰম্ভ কৰো যি হৈছে - মুৰ্গী মাংসৰ কাৰি দ্ৰামষ্টিকচৰ সৈতে |
| 01:43 | ইয়াক বনাবলৈ, আমাক লাগিব - ১০০ গ্ৰাম মুৰ্গীৰ মাংস, |
| 01:47 | ২ পিচ দ্ৰামষ্টিক,
কাৰি পাতৰ ১টা ডাল, |
| 01:51 | ১ চামোচ ক’লা জালুকৰ গুটি,
১টা কাটি লোৱা পিয়াজ, |
| 01:55 | ৪টা লং নহৰু,
সোৱাদ অনুসৰি নিমখ |
| 02:00 | ½ চামোচ হালধি পাউদাৰ,
½ চামোচ জলকীয়া পাউদাৰ, |
| 02:05 | ১টা সেউজীয়া জলকীয়া,
১ মুঠি ধনীয়া পাত, ২ চামোচ তেল |
| 02:11 | পেন এখনত ১ চামোচ তেল গৰম কৰক । ইয়াত পিয়াজ, নহৰু, জালুক আৰু সেউজীয়া জলকীয়া দিয়ক |
| 02:19 | সিহঁত সোণালী ৰঙৰ নোহোৱালৈকে ভাজক । এতিয়া তাত কাৰি পাত, ধনীয়া পাত দিয়ক আৰু ২-৩ চেকেন্দমান ভাজক |
| 02:27 | সিহঁতক ঠাণ্ডা কৰক আৰু অলপ পানী দি খুন্দি পেষ্ট এটা বনাই লওঁক |
| 02:32 | পাছত, দ্ৰামষ্টিকক প্ৰেচাৰত বা সিজাই ৰান্ধক ভালকৈ নিসিজালৈকে |
| 02:36 | পেন এখনত ১ চামোচ তেল গৰম কৰক । প্ৰস্তুত কৰা পেষ্টক তাত ২ মিনিটৰ বাবে ভাজক |
| 02:42 | ইয়াত, সকলো মচলা আৰু মুৰ্গীৰ মাংস দিয়ক । এতিয়া আধা কাপ পানী দি ভালদৰে মিহলাই লওঁক |
| 02:50 | ঢাকনি দি ৰান্ধক মুৰ্গীৰ মাংসখিনি কোমল নোহোৱালৈকে |
| 02:53 | ইয়াত, সিজোৱা বা প্ৰেচাৰত ৰন্ধা দ্ৰামষ্টিকক দিয়ক । ইয়াক ২-৪ মিনিটৰ বাবে ৰান্ধক |
| 02:59 | দ্ৰামষ্টিকৰ সৈতে মুৰ্গী মাংসৰ কাৰি প্ৰস্তুত হ’ল |
| 03:03 | আমি শিকিব লগীয়া দ্বিতীয় বিধিটো হৈছে “চীনাবাদাম নহৰুৰ মচলাত মুৰ্গীৰ মাংস” |
| 03:08 | ইয়াক প্ৰস্তুত কৰিবলৈ, আমাক লাগিব - ১০০ গ্ৰাম মুৰ্গীৰ মাংস,
২ চামোচ চীনাবাদাম, |
| 03:14 | ৫ টা লং নহৰু,
১টা কাটিলোৱা বিলাহী, |
| 03:18 | ১টা কাটিলোৱা পিয়াজ,
1/2 চামোচ হালধি, |
| 03:21 | সোৱাদ অনুসৰি নিমখ,
১ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ, |
| 03:25 | ২ চামোচ তেল |
| 03:27 | চীনাবাদাম নহৰুৰ পেষ্ট প্ৰস্তুত কৰিবলৈ - পেন এখনত মধ্যম জুইত চীনাবাদামখিনি ভাজি লওঁক |
| 03:34 | সিহঁতক ক্ৰমান্বয়ে লৰাই থাকক যাতে জ্বলি নাযাই । পাছত ঠাণ্ডা হ’বলৈ দিয়ক |
| 03:39 | ভজা চীনাবাদামখিনিক আপোনাৰ তলুৱাৰ মাজত লৈ ঘঁহক বাহিৰৰ বাকলি আতৰাবলৈ |
| 03:45 | এতিয়া পেন এখনত, ১ চামোচ তেল গৰম কৰক আৰু তাত পিয়াজ, বিলাহী আৰু নহৰু দিয়ক । বিলাহী কোমল নোহোৱালৈকে ভাজক |
| 03:54 | তাক ঠাণ্ডা হ’বলৈ দিয়ক । ঠাণ্ডা হোৱাৰ পাছত, ইয়াক চীনাবাদামৰ সৈতে মিলাওঁক |
| 03:59 | অলপ পানী দি খুন্দি পেষ্ট এটা বনাই লওঁক |
| 04:03 | পেন এখনত ১ চামোচ তেল গৰম কৰক |
| 04:05 | এতিয়া চীনাবাদাম নহৰুৰ পেষ্ট দিয়ক আৰু ২ মিনিটৰ বাবে ৰান্ধক । পাছত, সকলো মচলা দিয়ক আৰু ভালদৰে মিহলাই লওঁক |
| 04:15 | ইয়াত, মুৰ্গীৰ মাংস দিয়ক আৰু ২ মিনিটৰ বাবে ৰান্ধক । এতিয়া অলপ পানী দি ভালদৰে মিহলাই লওঁক |
| 04:21 | পেনখনত ঢাকনি দিয়ক আৰু মুৰ্গীৰ মাংসখিনি কোমল নোহোৱালৈকে ৰান্ধক |
| 04:25 | চীনাবাদাম নহৰুৰ মচলাত মুৰ্গীৰ মাংস প্ৰস্তুত হ’ল |
| 04:28 | তৃতীয় বিধিটো হৈছে “মাছ নাৰিকলৰ কাৰি” |
| 04:32 | ইয়াৰ বাবে, লওঁক- ১০০ গ্ৰাম ৰৌমাছ,
½ কাপ ৰুকিলোৱা নাৰিকল, ৪টা ৰঙা জলকীয়া, |
| 04:38 | ½ চামোচ হালধি,
সোৱাদ অনুসৰি নিমখ, |
| 04:42 | ৪টা লং নহৰু,
১টা সৰু নেমুৰ আকাৰৰ তেতেলীৰ বল, |
| 04:47 | ১টা কাটিলোৱা পিয়াজ,
½ চামোচ মিথি গুটি, |
| 04:51 | ½ চামোচ জীৰা গুটি,
১ চামোচ তেল |
| 04:56 | যদিহে, ৰৌমাছ উপলদ্ধ নহয় তেন্তে আপুনি ইয়াৰ যিকোনো এটা ব্যৱ্হাৰ কৰিব পাৰে - মেকেৰল, পমফ্ৰেত বা ব’ম্বে দাক |
| 05:06 | মাছটো চাফা কৰক, ২ চিকুট নিমখ দিয়ক আৰু ইয়াক ১০ মিনিট ৰাখক |
| 05:11 | ভজা ৰঙা জলকীয়া, মিথি গুটি, জীৰা গুটিক শুকোৱাওঁক সিহঁতৰ ৰং সলনি নোহোৱালৈকে |
| 05:17 | ভাজিলোৱা সামগ্ৰীখিনি নাৰিকল, তেতেলী আৰু নহৰুৰ সৈতে খুন্দি পেষ্ট এটা বনাই লওঁক |
| 05:25 | পেন এখনত, ১ চামোচ তেল দিয়ক আৰু গৰম কৰক |
| 05:29 | এতিয়া পিয়াজ দিয়ক আৰু পিয়াজখিনি সোণালী ৰঙৰ নোহোৱালৈকে ভাজক |
| 05:33 | ইয়াত, খুন্দিলোৱা পেষ্টখিনি দিয়ক আৰু ৫-৬ মিনিট ৰান্ধক । মচলাখিনি দিয়ক আৰু ভালদৰে মিহলাওঁক |
| 05:42 | ইয়াত, মচলাযুক্ত মাছখিনি দিয়ক আৰু ১০ মিনিট ৰান্ধক । মাছ নাৰিকলৰ কাৰি প্ৰস্তুত হ’ল |
| 05:49 | চতুৰ্থ বিধিটো হৈছে “মিশ্ৰিত শাক-পাচলি সিজোৱা ডিমৰ সৈতে কাৰি” |
| 05:53 | ইয়াক বনাবলৈ, আমাক লাগিব- ২টা সিজোৱা ডিম,
২টা ফুলকবি, |
| 05:59 | ১টা মধ্যম পিয়াজ,
২ ডাল কাটি লোৱা ফ্ৰেঞ্চ বিন, |
| 06:02 | ১টা মধ্যম কাটিলোৱা বিলাহী,
½ সৰু কাটিলোৱা কেপচিকাম, |
| 06:07 | ১ চামোচ তিলৰ গুটি,
১ চামোচ জলকীয়াৰ পাউদাৰ, |
| 06:12 | নিমখ সোৱাদ অনুসৰি,
½ চামোচ হালধি পাউদাৰ, |
| 06:16 | ১ চামোচ প’প্পি গুটি,
½ চামোচ গাৰ্দেন ক্ৰেচ গুটিৰ পাউদাৰ, |
| 06:21 | ১ চামোচ তেল |
| 06:24 | পেন এখনত তিল আৰু প’প্পি গুটি ভাজি শুকোৱাই লওঁক । তাক ঠাণ্ডা হ’বলৈ দিয়ক |
| 06:29 | পাছত, পেন এখনত আধা চামোচ তেল দিয়ক আৰু বিলাহীখিনি ভাজক |
| 06:35 | ঠাণ্ডা কৰাৰ পাছত, বিলাহী আৰু গুটিখিনিক মিক্সাৰ বা পাথৰৰ খুন্দনা এটাত খুন্দি লওঁক |
| 06:41 | পেন এখনত ১ চামোচ তেল গৰম কৰক । পিয়াজ দিয়ক আৰু সোণালী ৰঙৰ নোহোৱালৈকে ভাজক |
| 06:48 | এতিয়া তাত বিলাহীৰ পেষ্ট দিয়ক আৰু ৫ মিনিট ৰান্ধক । নিমখ, হালধি, জলকীয়া পাউদাৰ দিয়ক আৰু ভালদৰে লৰাই থাকক |
| 06:57 | ইয়াত, কিছু পানী আৰু শাক-পাচলি দিয়ক |
| 07:01 | ঢাকনি দিয়ক আৰু শাক-পাচলিখিনি কোমল নোহোৱালৈকে ৰান্ধক |
| 07:04 | সিজোৱা ডিমটো দুটুকুৰা কৰক আৰু কাৰিত দি দিয়ক । এক মিনিটৰ বাবে ৰান্ধক |
| 07:10 | মিশ্ৰিত শাক-পাচলি সিজোৱা ডিমৰ সৈতে কাৰি প্ৰস্তুত হ’ল |
| 07:14 | আমি চাবলগীয়া শেষৰ বিধিটো হৈছে “শাক মাছৰ কাৰি”- |
| 07:19 | ইয়াক প্ৰস্তুত কৰিবলৈ, আমাক লাগিব -
২ পিচ চালমন মাছ, |
| 07:22 | ৪-৫টা শাকৰ পাত,
নিমখ সোৱাদ অনুসৰি, |
| 07:26 | ১ চামোচ জলকীয়াৰ পাউদাৰ,
½ চামোচ হালধি পাউদাৰ, |
| 07:31 | ১ চামোচ শণ গুটিৰ পাউদাৰ,
১ চামোচ ঘিউ বা তেল, |
| 07:36 | ১ মুঠি ধনীয়া পাত,
১ চামোচ নেমুৰ ৰস, |
| 07:41 | ১টা সেউজীয়া জলকীয়া,
১ চামোচ গৰম মচলা পাউদাৰ |
| 07:45 | মাছ কেইটুকুৰা ধুই লওঁক । কিছু নিমখ আৰু হালধি ঘহি লওঁক আৰু অলপ থৈ দিয়ক |
| 07:52 | শাকখিনি ভালদৰে পানীত ধুই লওঁক । পেন এখনত পানী উতলাওঁক আৰু তাত শাকখিনি দি ৫ মিনিটৰ বাবে ৰান্ধক |
| 08:01 | পাছত, পানীখিনি চেকক আৰু ঠাণ্ডা হ’বলৈ দিয়ক । শাকখিনি, ধনীয়া আৰু সেউজীয়া জলকীয়াক খুন্দি পেষ্ট এটা বনাই লওঁক |
| 08:09 | পেন এখনত ১ চামোচ ঘিউ বা তেল গৰম কৰক আৰু মাছখিনি নিসিজালৈকে ভাজক |
| 08:15 | একেলগে আন এখন পেনত ১ চামোচ ঘিউ বা তেল গৰম কৰক |
| 08:22 | শাকৰ পেষ্টখিনি দিয়ক আৰু অলপ পানী দি ৫ মিনিটৰ বাবে ৰান্ধক । ইয়াত, মচলাখিনি দিয়ক আৰু ভালদৰে মিহলাওঁক |
| 08:30 | এতিয়া, ভাজি থোৱা মাছৰ টুকুৰাখিনি দিয়ক আৰু মচলাখিনি মাছত ভালদৰে প্ৰলেপ নধৰালেকে ৰান্ধক |
| 08:37 | গৰম মচলা আৰু শণ গুটিৰ পাউদাৰ দিয়ক আৰু ২ মিনিটৰ বাবে ৰান্ধক |
| 08:42 | ষ্ট’ভটো বন্ধ কৰক আৰু নেমুৰ ৰস দিয়ক । মাছ শাকৰ কাৰি প্ৰস্তুত হ’ল |
| 08:49 | ওপৰৰ সকলো বিধিটে প্ৰচুৰ পৰিমাণে থাকে -
প্ৰটিন, |
| 08:54 | ভিটামিন B12, |
| 08:57 | ভাল চৰ্বীসমূহ, |
| 09:00 | আইৰন, |
| 09:02 | ফ’লেত, |
| 09:04 | পটাছিয়াম, |
| 09:06 | ভিটামিন A, |
| 09:08 | ভিটামিন D, |
| 09:12 | জিংক, |
| 09:14 | মেগনেচিয়াম |
| 09:17 | এই পুষ্টিকৰ পদাৰ্থসমূহে সহায় কৰে - শিশুটোৰ বৃদ্ধি আৰু বিকাশত, |
| 09:22 | মাকৰ গাখীৰ উৎপন্ন কৰোতে আৰু মাকক সুস্থ ৰাখিবলৈ |
| 09:27 | ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |