Health-and-Nutrition/C2/Non-vegetarian-recipes-for-lactating-mothers/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:00 স্তনপান কৰোৱা মাকসকলৰ বাবে আমিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম : স্তনপান কৰোৱাৰ সময়ত পোষণৰ গুৰূত্বৰ বিষয়ে,
00:13 আমিষ বিধিসমূহ কেনেকৈ প্ৰস্তুত কৰা হয় যেনে - মুৰ্গী মাংসৰ কাৰি দ্ৰামষ্টিকচৰ সৈতে,
00:20 চীনাবাদাম নহৰুৰ মচলাত মুৰ্গীৰ মাংস,
00:24 মাছ নাৰিকলৰ কাৰি, মিশ্ৰিত শাক-পাচলিৰ কাৰি ডিমৰ সৈতে আৰু মাছ শাকৰ কাৰি
00:31 স্তনপান কৰোৱাৰ সময়ত, মাক এগৰাকীক অতিৰিক্ত পৰিমাণৰ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়-

গাখীৰ উৎপন্ন কৰিবলৈ,

00:38 ক্রমবর্ধমান শিশুৰ বাবে প্ৰয়োজনীয় পৰিপোষক পদাৰ্থ প্ৰদান কৰিবলৈ আৰু মাকৰ দৈনিক প্ৰয়োজনীয়খিনি পাবলৈ
00:45 স্তনপানৰ সময়ত প্ৰয়োজন হোৱা দৰকাৰি পৰিপোষক পদাৰ্থসমূহ হৈছে -

ভিটামিনচ, মিনাৰেলচ,

00:51 অমেগা 3 ফেটি এচিদচ আৰু কোলাইন
00:54 পৰিপোষক পদাৰ্থসমূহৰ উপৰিওঁ, আমি Galactogogues ৰ বিষয়ে শিকিম
00:59 Galactogogues হৈছে পদাৰ্থ যি গাখীৰ উৎপন্ন কৰোতে সহায় কৰে
01:04 মাকে ইয়াক আহাৰৰ পৰা পাব পাৰে মূলত - নহৰু,
01:08 মিথিৰ গুটি আৰু পাত,
01:10 ফেনেল গুটি,
01:12 গাৰ্দেন ক্ৰেচ গুটি,

দ্ৰামষ্টিক পাত,

01:15 দিল পাত আৰু কেৰম গুটি
01:19 মন কৰিব: স্তনপান কৰোৱা মাকসকলৰ বাবে পোষণৰ বিষয়ে একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
01:28 স্তনপানৰ সময়ত পোষণৰ গুৰূত্বৰ বিষয়ে বুজাৰ পাছত, আমি বিধিসমূহ প্ৰস্তুত কৰাৰে আৰম্ভ কৰিম
01:37 আহক আমাৰ প্ৰথম বিধিটোৰে আৰম্ভ কৰো যি হৈছে - মুৰ্গী মাংসৰ কাৰি দ্ৰামষ্টিকচৰ সৈতে
01:43 ইয়াক বনাবলৈ, আমাক লাগিব - ১০০ গ্ৰাম মুৰ্গীৰ মাংস,
01:47 ২ পিচ দ্ৰামষ্টিক,

কাৰি পাতৰ ১টা ডাল,

01:51 ১ চামোচ ক’লা জালুকৰ গুটি,

১টা কাটি লোৱা পিয়াজ,

01:55 ৪টা লং নহৰু,

সোৱাদ অনুসৰি নিমখ

02:00 ½ চামোচ হালধি পাউদাৰ,

½ চামোচ জলকীয়া পাউদাৰ,

02:05 ১টা সেউজীয়া জলকীয়া,

১ মুঠি ধনীয়া পাত,

২ চামোচ তেল

02:11 পেন এখনত ১ চামোচ তেল গৰম কৰক । ইয়াত পিয়াজ, নহৰু, জালুক আৰু সেউজীয়া জলকীয়া দিয়ক
02:19 সিহঁত সোণালী ৰঙৰ নোহোৱালৈকে ভাজক । এতিয়া তাত কাৰি পাত, ধনীয়া পাত দিয়ক আৰু ২-৩ চেকেন্দমান ভাজক
02:27 সিহঁতক ঠাণ্ডা কৰক আৰু অলপ পানী দি খুন্দি পেষ্ট এটা বনাই লওঁক
02:32 পাছত, দ্ৰামষ্টিকক প্ৰেচাৰত বা সিজাই ৰান্ধক ভালকৈ নিসিজালৈকে
02:36 পেন এখনত ১ চামোচ তেল গৰম কৰক । প্ৰস্তুত কৰা পেষ্টক তাত ২ মিনিটৰ বাবে ভাজক
02:42 ইয়াত, সকলো মচলা আৰু মুৰ্গীৰ মাংস দিয়ক । এতিয়া আধা কাপ পানী দি ভালদৰে মিহলাই লওঁক
02:50 ঢাকনি দি ৰান্ধক মুৰ্গীৰ মাংসখিনি কোমল নোহোৱালৈকে
02:53 ইয়াত, সিজোৱা বা প্ৰেচাৰত ৰন্ধা দ্ৰামষ্টিকক দিয়ক । ইয়াক ২-৪ মিনিটৰ বাবে ৰান্ধক
02:59 দ্ৰামষ্টিকৰ সৈতে মুৰ্গী মাংসৰ কাৰি প্ৰস্তুত হ’ল
03:03 আমি শিকিব লগীয়া দ্বিতীয় বিধিটো হৈছে “চীনাবাদাম নহৰুৰ মচলাত মুৰ্গীৰ মাংস”
03:08 ইয়াক প্ৰস্তুত কৰিবলৈ, আমাক লাগিব - ১০০ গ্ৰাম মুৰ্গীৰ মাংস,

২ চামোচ চীনাবাদাম,

03:14 ৫ টা লং নহৰু,

১টা কাটিলোৱা বিলাহী,

03:18 ১টা কাটিলোৱা পিয়াজ,

1/2 চামোচ হালধি,

03:21 সোৱাদ অনুসৰি নিমখ,

১ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ,

03:25 ২ চামোচ তেল
03:27 চীনাবাদাম নহৰুৰ পেষ্ট প্ৰস্তুত কৰিবলৈ - পেন এখনত মধ্যম জুইত চীনাবাদামখিনি ভাজি লওঁক
03:34 সিহঁতক ক্ৰমান্বয়ে লৰাই থাকক যাতে জ্বলি নাযাই । পাছত ঠাণ্ডা হ’বলৈ দিয়ক
03:39 ভজা চীনাবাদামখিনিক আপোনাৰ তলুৱাৰ মাজত লৈ ঘঁহক বাহিৰৰ বাকলি আতৰাবলৈ
03:45 এতিয়া পেন এখনত, ১ চামোচ তেল গৰম কৰক আৰু তাত পিয়াজ, বিলাহী আৰু নহৰু দিয়ক । বিলাহী কোমল নোহোৱালৈকে ভাজক
03:54 তাক ঠাণ্ডা হ’বলৈ দিয়ক । ঠাণ্ডা হোৱাৰ পাছত, ইয়াক চীনাবাদামৰ সৈতে মিলাওঁক
03:59 অলপ পানী দি খুন্দি পেষ্ট এটা বনাই লওঁক
04:03 পেন এখনত ১ চামোচ তেল গৰম কৰক
04:05 এতিয়া চীনাবাদাম নহৰুৰ পেষ্ট দিয়ক আৰু ২ মিনিটৰ বাবে ৰান্ধক । পাছত, সকলো মচলা দিয়ক আৰু ভালদৰে মিহলাই লওঁক
04:15 ইয়াত, মুৰ্গীৰ মাংস দিয়ক আৰু ২ মিনিটৰ বাবে ৰান্ধক । এতিয়া অলপ পানী দি ভালদৰে মিহলাই লওঁক
04:21 পেনখনত ঢাকনি দিয়ক আৰু মুৰ্গীৰ মাংসখিনি কোমল নোহোৱালৈকে ৰান্ধক
04:25 চীনাবাদাম নহৰুৰ মচলাত মুৰ্গীৰ মাংস প্ৰস্তুত হ’ল
04:28 তৃতীয় বিধিটো হৈছে “মাছ নাৰিকলৰ কাৰি”
04:32 ইয়াৰ বাবে, লওঁক- ১০০ গ্ৰাম ৰৌমাছ,

½ কাপ ৰুকিলোৱা নাৰিকল, ৪টা ৰঙা জলকীয়া,

04:38 ½ চামোচ হালধি,

সোৱাদ অনুসৰি নিমখ,

04:42 ৪টা লং নহৰু,

১টা সৰু নেমুৰ আকাৰৰ তেতেলীৰ বল,

04:47 ১টা কাটিলোৱা পিয়াজ,

½ চামোচ মিথি গুটি,

04:51 ½ চামোচ জীৰা গুটি,

১ চামোচ তেল

04:56 যদিহে, ৰৌমাছ উপলদ্ধ নহয় তেন্তে আপুনি ইয়াৰ যিকোনো এটা ব্যৱ্হাৰ কৰিব পাৰে - মেকেৰল, পমফ্ৰেত বা ব’ম্বে দাক
05:06 মাছটো চাফা কৰক, ২ চিকুট নিমখ দিয়ক আৰু ইয়াক ১০ মিনিট ৰাখক
05:11 ভজা ৰঙা জলকীয়া, মিথি গুটি, জীৰা গুটিক শুকোৱাওঁক সিহঁতৰ ৰং সলনি নোহোৱালৈকে
05:17 ভাজিলোৱা সামগ্ৰীখিনি নাৰিকল, তেতেলী আৰু নহৰুৰ সৈতে খুন্দি পেষ্ট এটা বনাই লওঁক
05:25 পেন এখনত, ১ চামোচ তেল দিয়ক আৰু গৰম কৰক
05:29 এতিয়া পিয়াজ দিয়ক আৰু পিয়াজখিনি সোণালী ৰঙৰ নোহোৱালৈকে ভাজক
05:33 ইয়াত, খুন্দিলোৱা পেষ্টখিনি দিয়ক আৰু ৫-৬ মিনিট ৰান্ধক । মচলাখিনি দিয়ক আৰু ভালদৰে মিহলাওঁক
05:42 ইয়াত, মচলাযুক্ত মাছখিনি দিয়ক আৰু ১০ মিনিট ৰান্ধক । মাছ নাৰিকলৰ কাৰি প্ৰস্তুত হ’ল
05:49 চতুৰ্থ বিধিটো হৈছে “মিশ্ৰিত শাক-পাচলি সিজোৱা ডিমৰ সৈতে কাৰি”
05:53 ইয়াক বনাবলৈ, আমাক লাগিব- ২টা সিজোৱা ডিম,

২টা ফুলকবি,

05:59 ১টা মধ্যম পিয়াজ,

২ ডাল কাটি লোৱা ফ্ৰেঞ্চ বিন,

06:02 ১টা মধ্যম কাটিলোৱা বিলাহী,

½ সৰু কাটিলোৱা কেপচিকাম,

06:07 ১ চামোচ তিলৰ গুটি,

১ চামোচ জলকীয়াৰ পাউদাৰ,

06:12 নিমখ সোৱাদ অনুসৰি,

½ চামোচ হালধি পাউদাৰ,

06:16 ১ চামোচ প’প্পি গুটি,

½ চামোচ গাৰ্দেন ক্ৰেচ গুটিৰ পাউদাৰ,

06:21 ১ চামোচ তেল
06:24 পেন এখনত তিল আৰু প’প্পি গুটি ভাজি শুকোৱাই লওঁক । তাক ঠাণ্ডা হ’বলৈ দিয়ক
06:29 পাছত, পেন এখনত আধা চামোচ তেল দিয়ক আৰু বিলাহীখিনি ভাজক
06:35 ঠাণ্ডা কৰাৰ পাছত, বিলাহী আৰু গুটিখিনিক মিক্সাৰ বা পাথৰৰ খুন্দনা এটাত খুন্দি লওঁক
06:41 পেন এখনত ১ চামোচ তেল গৰম কৰক । পিয়াজ দিয়ক আৰু সোণালী ৰঙৰ নোহোৱালৈকে ভাজক
06:48 এতিয়া তাত বিলাহীৰ পেষ্ট দিয়ক আৰু ৫ মিনিট ৰান্ধক । নিমখ, হালধি, জলকীয়া পাউদাৰ দিয়ক আৰু ভালদৰে লৰাই থাকক
06:57 ইয়াত, কিছু পানী আৰু শাক-পাচলি দিয়ক
07:01 ঢাকনি দিয়ক আৰু শাক-পাচলিখিনি কোমল নোহোৱালৈকে ৰান্ধক
07:04 সিজোৱা ডিমটো দুটুকুৰা কৰক আৰু কাৰিত দি দিয়ক । এক মিনিটৰ বাবে ৰান্ধক
07:10 মিশ্ৰিত শাক-পাচলি সিজোৱা ডিমৰ সৈতে কাৰি প্ৰস্তুত হ’ল
07:14 আমি চাবলগীয়া শেষৰ বিধিটো হৈছে “শাক মাছৰ কাৰি”-
07:19 ইয়াক প্ৰস্তুত কৰিবলৈ, আমাক লাগিব -

২ পিচ চালমন মাছ,

07:22 ৪-৫টা শাকৰ পাত,

নিমখ সোৱাদ অনুসৰি,

07:26 ১ চামোচ জলকীয়াৰ পাউদাৰ,

½ চামোচ হালধি পাউদাৰ,

07:31 ১ চামোচ শণ গুটিৰ পাউদাৰ,

১ চামোচ ঘিউ বা তেল,

07:36 ১ মুঠি ধনীয়া পাত,

১ চামোচ নেমুৰ ৰস,

07:41 ১টা সেউজীয়া জলকীয়া,

১ চামোচ গৰম মচলা পাউদাৰ

07:45 মাছ কেইটুকুৰা ধুই লওঁক । কিছু নিমখ আৰু হালধি ঘহি লওঁক আৰু অলপ থৈ দিয়ক
07:52 শাকখিনি ভালদৰে পানীত ধুই লওঁক । পেন এখনত পানী উতলাওঁক আৰু তাত শাকখিনি দি ৫ মিনিটৰ বাবে ৰান্ধক
08:01 পাছত, পানীখিনি চেকক আৰু ঠাণ্ডা হ’বলৈ দিয়ক । শাকখিনি, ধনীয়া আৰু সেউজীয়া জলকীয়াক খুন্দি পেষ্ট এটা বনাই লওঁক
08:09 পেন এখনত ১ চামোচ ঘিউ বা তেল গৰম কৰক আৰু মাছখিনি নিসিজালৈকে ভাজক
08:15 একেলগে আন এখন পেনত ১ চামোচ ঘিউ বা তেল গৰম কৰক
08:22 শাকৰ পেষ্টখিনি দিয়ক আৰু অলপ পানী দি ৫ মিনিটৰ বাবে ৰান্ধক । ইয়াত, মচলাখিনি দিয়ক আৰু ভালদৰে মিহলাওঁক
08:30 এতিয়া, ভাজি থোৱা মাছৰ টুকুৰাখিনি দিয়ক আৰু মচলাখিনি মাছত ভালদৰে প্ৰলেপ নধৰালেকে ৰান্ধক
08:37 গৰম মচলা আৰু শণ গুটিৰ পাউদাৰ দিয়ক আৰু ২ মিনিটৰ বাবে ৰান্ধক
08:42 ষ্ট’ভটো বন্ধ কৰক আৰু নেমুৰ ৰস দিয়ক । মাছ শাকৰ কাৰি প্ৰস্তুত হ’ল
08:49 ওপৰৰ সকলো বিধিটে প্ৰচুৰ পৰিমাণে থাকে -

প্ৰটিন,

08:54 ভিটামিন B12,
08:57 ভাল চৰ্বীসমূহ,
09:00 আইৰন,
09:02 ফ’লেত,
09:04 পটাছিয়াম,
09:06 ভিটামিন A,
09:08 ভিটামিন D,
09:12 জিংক,
09:14 মেগনেচিয়াম
09:17 এই পুষ্টিকৰ পদাৰ্থসমূহে সহায় কৰে - শিশুটোৰ বৃদ্ধি আৰু বিকাশত,
09:22 মাকৰ গাখীৰ উৎপন্ন কৰোতে আৰু মাকক সুস্থ ৰাখিবলৈ
09:27 ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9