Health-and-Nutrition/C2/Vegetarian-recipes-for-lactating-mothers/Assamese
| |
|
| 00:01 | স্তনপান কৰোৱা মাকসকলৰ বাবে নিৰামিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম : স্তনপান কৰোৱাৰ সময়ত পোষণৰ গুৰূত্বৰ বিষয়ে, |
| 00:12 | নিৰামিষ বিধিসমূহ কেনেকৈ প্ৰস্তুত কৰা হয় যেনে - মিশ্ৰিত অংকুৰিত চিল্লা, |
| 00:18 | নহৰু, ফ্লেক্সগুটি আৰু তিলৰ চাটনি, |
| 00:21 | চীনাবাদাম, শাক আৰু মিথিৰ কাটলেত, |
| 00:24 | পাৰ্ল মিলেত আৰু অমৰান্থ পাতৰ মুথিয়া, |
| 00:27 | অংকুৰিত মিথি গুটিৰ কাৰি |
| 00:30 | স্তনপান কৰোৱাৰ সময়ত, মাক এগৰাকীক অতিৰিক্ত পৰিমাণৰ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়-
গাখীৰ উৎপন্ন কৰিবলৈ, |
| 00:38 | ক্রমবর্ধমান শিশুৰ বাবে প্ৰয়োজনীয় পৰিপোষক পদাৰ্থ প্ৰদান কৰিবলৈ আৰু মাকৰ নিজৰ স্বাস্থ্য ৰক্ষা কৰিবলৈ |
| 00:44 | স্তনপানৰ সময়ত প্ৰয়োজন হোৱা দৰকাৰি পৰিপোষক পদাৰ্থসমূহ হৈছে -
প্ৰটিন, |
| 00:50 | ভিটামিনচ, মিনাৰেলচ, |
| 00:53 | অমেগা 3 ফেটি এচিদচ আৰু কোলাইন |
| 00:57 | অতিৰিক্তভাবে, পৰ্যাপ্ত পৰিমাণৰ আয়’দিন আৰু ভিটামিন D গ্ৰহণ কৰাটোওঁ দৰকাৰ |
| 01:03 | কাৰণ, আয়’দিনে শিশুৰ থাইৰয়্দ হৰ্মনচ বনাবলৈ আৰু বৃদ্ধি আৰু স্নায়বিক বিকাশত সহায় কৰে |
| 01:13 | গতিকে সদায় আয়’দিন যুক্ত নিমখ গ্ৰহণ কৰিব লাগে আয়’দিনৰ অভাৱক প্ৰতিৰোধ কৰিবলৈ |
| 01:20 | একেদৰে, ভিটামিন D প্ৰয়োজন হয় সুস্থ হাড় আৰু কেলচিয়াম শোষণ কৰিবলৈ |
| 01:28 | ভিটামিন D পাবলৈ উৎকৃষ্ট পদ্ধতিটো হৈছে 11.00am ৰ পৰা 3.00pm ৰ মাজত ১৫ ৰ পৰা ২০ মিনিটৰ বাবে ৰ’দৰ পোহৰ লোৱা |
| 01:40 | প্ৰয়োজনীয় পৰিপোষক পদাৰ্থসমূহৰ পাছত, আমি এতিয়া মাকৰ খাদ্যৰ বিষয়ে আলোচনা কৰিম |
| 01:44 | সদায় বিভিন্ন শাক-পাচলি যুক্ত কৰাটো অতিশয় দৰকাৰ |
| 01:49 | শাক-পাচলিত প্ৰয়োজনীয় পৰিপোষক পদাৰ্থসমূহ থাকে যি নিৰাপত্তা সৃষ্টি কৰাত সহায় কৰে |
| 01:55 | সিহঁত লগতে এন্তিঅক্সিদেন্তৰ ভাল উৎস হয় আৰু বেমাৰৰ সংকতকো কমায় |
| 02:02 | যদিওঁ সকলো প্ৰকাৰৰ শাক-পাচলি খাব লাগে, ইয়াত আমি অলপৰ বিষয়ে আলোচনা কৰিম যেনে - |
| 02:10 | কেপচিকাম,
শাক, |
| 02:13 | বন্ধাকবি,
ফুলকবি, |
| 02:15 | অমৰান্থ,
ৰঙালাউ, |
| 02:17 | গাজৰ,
মিথি পাত আৰু বেঙেনা |
| 02:22 | শাক-পাচলিৰ উপৰিওঁ, আমি Galactogogues ৰ বিষয়ে শিকিম |
| 02:27 | Galactogogues হৈছে পদাৰ্থ যি গাখীৰ উৎপন্ন কৰোতে সহায় কৰে |
| 02:32 | মাকে ইয়াক আহাৰৰ পৰা পাব পাৰে মূলত - নহৰু,
মিথিৰ গুটি আৰু পাত, |
| 02:37 | ফেনেল গুটি,
গাৰ্দেন ক্ৰেচ গুটি, |
| 02:40 | দ্ৰামষ্টিক পাত,
দিল পাত আৰু কেৰম গুটি |
| 02:45 | শাক-পাচলি আৰু Galactogogues উপৰিওঁ, মাকে সদায় ২-৩ লিটাৰ পানী খাব লাগে |
| 02:52 | প্ৰতিবাৰ আহাৰ খোৱাৰ আগতে তেওঁ এগিলাচ উতলাই ঠাণ্ডা কৰা পানী খাব লাগে |
| 02:58 | স্তনপান কৰোৱা মাকৰ বাবে দৰকাৰী সকলোৰে বিষয়ে শিকাৰ পাছত, আমি বিধিসমূহ প্ৰস্তুত কৰাৰে আৰম্ভ কৰিম ।
প্ৰথম বিধিটো হৈছে - মিশ্ৰিত অংকুৰিত চিল্লা |
| 03:10 | এই চিল্লা বনাবলৈ, আমাক লাগিব - অংকুৰিত বঙালী বুট, সেউজীয়া বুট আৰু মথ বিনৰ মিশ্ৰণৰ ১ কাপ, |
| 03:18 | ৩টা সেউজীয়া জলকীয়া,
৩ ফোতা নহৰু, |
| 03:22 | ½ পিয়াজ,
½ কাপ বেচন, |
| 03:26 | ১ চামোচ দৈ,
নিমখ সোৱাদ অনুসৰি, |
| 03:29 | ½ চামোচ কাৰি পাতৰ পাউদাৰ, |
| 03:32 | ১ চামোচ গাৰ্দেন ক্ৰেচ গুটিৰ পাউদাৰ,
২ চামোচ ঘিউ |
| 03:37 | গাৰ্দেন ক্ৰেচ গুটিৰ পাউদাৰ প্ৰস্তুত কৰিবলৈ:
১ চামোচ গুটি নিম্নৰ পৰা মধ্যম জুইত ভাজক তাৰ ৰং সলনি নোহোৱালৈকে |
| 03:46 | গুটিখিনি ঠাণ্ডা হ’বলৈ দিয়ক |
| 03:48 | এতিয়া, তাক মিক্সাৰ বা পাথৰৰ খুন্দনা এটাত খুন্দি পাউদাৰ এটা বনাওঁক |
| 03:53 | অংকুৰিত কৰিবলৈ - সেউজীয়া বুট, বঙালী বুট আৰু মথ বিনক পৃথকভাবে ৰাতিটো তিয়াই ৰাখক |
| 04:00 | ৰাতিপুৱা টুকি লওঁক আৰু সিহঁতক এখন চাফা মখমলৰ কাপোৰেৰে বান্ধক |
| 04:05 | সিহঁতক গৰম ঠাইত ২ দিনৰ বাবে থৈ দিয়ক অংকুৰিত হ’বলৈ |
| 04:09 | মন কৰিব - মথ বিনে হয়তো বেছি সময় ল’ব পাৰে অংকুৰিত হ’বলৈ সেউজীয়া বুট আৰু বঙালী বুটৰ তুলনাত |
| 04:17 | গতিকে, আপোনাৰ বিধিটো সেই অনুসৰি প্লেন কৰক |
| 04:20 | অংকুৰিত হোৱাৰ পাছত -
মিক্সাৰ বা পাথৰৰ খুন্দনা এটাত অংকুৰিত গুটিখিনি, নহৰু, জলকীয়া, দৈৰ পেষ্ট এটা বনাওঁক |
| 04:30 | এতিয়া বেচন আৰু পানী দিয়ক আৰু ইয়াক ভালকৈ মিহলাই লওঁক |
| 04:34 | এই মিশ্ৰণত, দিয়ক - কাটিথোৱা পিয়াজ, নিমখ, কাৰি পাতৰ পাউদাৰ আৰু গাৰ্দেন ক্ৰেচ গুটিৰ পাউদাৰ |
| 04:42 | এই সকলোখিনি প্ৰস্তুত কৰি হোৱাৰ পাছত -
পেন এখনত ১ চামোচ ঘিউ গৰম কৰক |
| 04:48 | মিশ্ৰণখিনি দিয়ক আৰু বহলাই দিয়ক |
| 04:50 | চিল্লাটো মধ্যম জুইত ৰান্ধক, দুয়োফালে নিসিজালৈকে |
| 04:54 | মিশ্ৰিত অংকুৰিত চিল্লা প্ৰস্তুত হ’ল |
| 04:57 | যদিহে, এই বিধিটোত উল্লেখিত ডালিখিনি উপলদ্ধ নহয় তেন্তে আপুনি ব্যৱ্হাৰ কৰিব পাৰে - |
| 05:04 | ক’লা চকুৰ বিনচ,
চানা, |
| 05:07 | হৰ্চ গ্ৰাম,
চয়াবিন, |
| 05:10 | ৰঙা মচুৰ ডালি আৰু
ৰাজমাহ |
| 05:13 | মন কৰিব:
অংকুৰিত হ’বলৈ লগা সময় নিৰ্ভৰ কৰে ডালিবিধৰ প্ৰকাৰ আৰু বতৰৰ অৱস্থাৰ ওপৰত |
|
05:20 |
এই বিধিত প্ৰ্চুৰ পৰিমাণে থাকে -
প্ৰটিন, ফাইবাৰ, |
| 05:25 | অমেগা 3 ফেটি এচিদচ,
ফ’লেত, |
| 05:28 | মেগনেচিয়াম,
জিংক |
| 05:31 | দ্বিতীয় বিধিটো হৈছে নহৰু, ফ্লেক্সগুটি আৰু তিলৰ চাটনি |
| 05:36 | ইয়াক প্ৰস্তুত কৰিবলৈ, আমাক লাগিব -
৩ চামোচ ফ্লেক্সগুটি, |
| 05:40 | ৩ চামোচ তিলৰ গুটি, |
| 05:43 | ৫ ফোতা নহৰু,
৪ টা ৰঙা জলকীয়া, |
| 05:46 | ৫ বা ৬ টুকুৰা তিয়াই থোৱা তেতেলী,
নিমখ সোৱাদ অনুসৰি, |
| 05:51 | ½ চামোচ তেল বা ঘিউ |
| 05:54 | প্ৰথমে, তিল আৰু ফ্লেক্স গুটিক পৃথকভাবে ভাজি লওঁক ।
গুটিখিনি ঠাণ্ডা হ’বলৈ দিয়ক |
| 06:00 | পাছত, পেন এখনত ½ চামোচ তেল গৰম কৰক আৰু নহৰু আৰু ৰঙা জলকীয়াক ২ মিনিটৰ বাবে ভাজক |
| 06:07 | ঠাণ্ডা হোৱাৰ পাছত, ইয়াক গুটিখিনিৰ লগত মিহলাওঁক । ইয়াত তেতেলী আৰু নিমখ দিয়ক |
| 06:13 | মিক্সাৰ বা পাথৰৰ খুন্দনা এটাত পানী দি পেষ্ট এটা বনাওঁক ।
চাতনি প্ৰস্তুত হ’ল |
| 06:20 | তিলৰ গুটি উপলদ্ধ নহ’লে, আপুনি লগতে তলত উল্লেখিতৰ এটা বা অধিকৰ সংযোগক ব্যৱ্হাৰ কৰিব পাৰে: |
| 06:28 | ৰুকিলোৱা নাৰিকল,
চীনাবাদাম, |
| 06:31 | ক’লা তিলৰ গুটি,
ৰঙালাউৰ গুটি, চানফ্লাৱাৰ গুটি |
| 06:36 | এই বিধিত প্ৰ্চুৰ পৰিমাণে থাকে- অমেগা 3 ফেটি এচিদচ,
কেলচিয়াম, |
| 06:41 | ফ’লেত,
প্ৰটিন, |
| 06:43 | ফাইবাৰ
জিংক |
| 06:46 | তৃতীয় বিধিটো যাক আমি বনাবলৈ শিকিম সি হৈছে -
চীনাবাদাম, শাক আৰু মিথিৰ কাটলেত |
| 06:53 | এই কাটলেত প্ৰস্তুত কৰিবলৈ, আমাক লাগিব -
½ কাপ চীনাবাদাম পাউদাৰ, ২ চামোচ বেচন, ২ চামোচ আটা, |
| 07:02 | ½ কাপ কাটিলোৱা শাক,
¼ কাপ কাটিলোৱা মিথি পাত, |
| 07:07 | ১ চামোচ ধনীয়া পাত,
১ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ, নিমখ সোৱাদ অনুসৰি, |
| 07:13 | ১ চামোচ গুটিৰ পাউদাৰ, আপুনি তিল বা ফ্লেক্স গুটিৰ সংযোগক ব্যৱ্হাৰ কৰিব পাৰে, |
| 07:19 | ১ চামোচ নেমুৰ ৰস, |
| 07:21 | ১ চামোচ নহৰুৰ পেষ্ট,
৪ চামোচ তেল |
| 07:26 | চীনাবাদাম পাউদাৰ প্ৰস্তুত কৰিবলৈ - পেন এখনত ½ কাপ চীনাবাদামখিনি ভাজি লওঁক তাৰ ৰং সলনি হৈ সুগন্ধ নোলোৱালৈকে |
| 07:33 | তাক ঠাণ্ডা হ’বলৈ দিয়ক ।
তেতিয়া সেইখিনিক আপোনাৰ তলুৱাৰ মাজত লৈ ঘঁহক বাহিৰৰ বাকলি আতৰাবলৈ |
| 07:40 | মিক্সাৰ বা পাথৰৰ খুন্দনা এটাত তাক খুন্দি ভাল পাউদাৰ এটা বনাওঁক |
| 07:44 | এতিয়া বাতি এটাত চীনাবাদাম পাউদাৰ আৰু আন সকলো সামগ্ৰীক দিয়ক ।
অলপ পানী ব্যৱ্হাৰ কৰি ইয়াৰ ডাঠ প্ৰলেপ এটা বনাওঁক |
| 07:53 | প্ৰলেপখিনিক ৪ টা অংশত ভগাওঁক আৰু ইয়াক কাটলেতৰ আকৃতি বনাই লওঁক ।
তাৱা এখনত অলপ তেল গৰম কৰক |
| 08:00 | প্ৰতিটো কাটলেত ইয়াত ভাজক, সিহঁত দুয়োফালৰ পৰা সোণালী বাদামী নহোৱালৈকে ।
চীনাবাদামৰ কাটলেতচ প্ৰস্তুত হ’ল |
| 08:07 | আপুনি এই কাটলেতক নেমুৰ আচাৰ বা গোচবেৰি চাটনিৰে খাব পাৰে |
| 08:12 | নেমুত থকা ভিটামিন C এ কাটলেতত থকা আইৰনৰ শোষণত সহায় কৰিব |
| 08:19 | এই কাটলেত বিধিত প্ৰচুৰ পৰিমাণে থাকে -
প্ৰটিন, আইৰন, |
| 08:24 | ফ’লেত,
ভাল চৰ্বী আৰু পটেচিয়াম |
| 08:28 | চতুৰ্থ বিধিটো হৈছে পাৰ্ল মিলেত আৰু অমৰান্থৰ মুথিয়া |
| 08:33 | ইয়াক প্ৰস্তুত কৰিবলৈ, আমাক লাগিব -
½ কাপ পাৰ্ল মিলেতৰ আটা, ১ টা সৰু পিয়াজ, |
| 08:39 | ½ কাপ অমৰান্থ পাত,
½ চামোচ হালধি পাউদাৰ, |
| 08:44 | নিমখ সোৱাদ অনুসৰি,
¼ চামোচ দ্ৰামষ্টিক পাতৰ পাউদাৰ, |
| 08:49 | ১ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ, |
| 08:52 | ½ চামোচ সৰিয়হৰ গুটি,
½ চামোচ জীৰা গুটি, |
| 08:57 | ২ চামোচ তিলৰ গুটি,
১ চামোচ তেল |
| 09:01 | বাতি এটাত আটা, পিয়াজ আৰু অমৰান্থ পাত লওঁক |
| 09:06 | এতিয়া হালধি পাউদাৰ, নেমুৰ ৰস আৰু দ্ৰামষ্টিক পাতৰ পাউদাৰ লওঁক । সিহঁতক ভালকৈ মিহলাওঁক |
| 09:12 | অলপ অলপকৈ পানী দি ইয়াৰ ডাঠ প্ৰলেপ এটা বনাওঁক |
| 09:17 | আপোনাৰ হাতত অলপ তেল লগাই লওঁক আৰু এই প্ৰলেপক সৰু সৰু অংশত ভগাওঁক |
| 09:23 | অংশখিনিক চুঙা আকৃতিৰ ৰোল কৰক |
| 09:27 | ষ্টিমাৰ এটাত ৰোলখিনিক ১০-১৫ মিনিটৰ বাবে নিম্নৰ পৰা মধ্যম জুইত ভাপত দিয়ক |
| 09:33 | ৰোলখিনি ঠাণ্ডা হ’বলৈ দিয়ক আৰু তেতিয়া সিহঁতক ঘূৰণীয়া টুকুৰাত কাতি লওঁক |
| 09:38 | এতিয়া পেন এখনত ১ চামোচ তেল গৰম কৰক |
| 09:41 | সৰিয়হৰ গুটি, তিলৰ গুটি আৰু জীৰা গুটি দিয়ক ।
সিহঁত ফুটিবলৈ ধৰিলে, মুথিয়া টুকুৰাখিনি দিয়ক |
| 09:49 | টুকুৰাখিনি মচমচীয়া নোহোৱালৈকে লৰাই থাকক |
| 09:52 | পাৰ্ল মিলেত আৰু অমৰান্থ পাতৰ মুথিয়া প্ৰস্তুত হ’ল |
| 09:55 | যদিহে পাৰ্ল মিলেত উপলদ্ধ নহয়, আপুনি লগতে ব্যৱ্হাৰ কৰিব পাৰে
চৰ্ঘম আটা বা ফিংগাৰ মিলেত আটা |
| 10:03 | এই বিধিত প্ৰচুৰ পৰিমাণে থাকে -
প্ৰটিন, |
| 10:06 | ফ্চফৰাচ,
ফ’লেত, |
| 10:09 | আইৰন,
ফাইবাৰ, |
| 10:11 | বেতা কেৰ’তিন আৰু
পটেচিয়াম |
| 10:15 | আমি চাবলগা শেষৰ বিধিটো হৈছে অংকুৰিত মিথি গুটিৰ কাৰি |
| 10:20 | ইয়াক প্ৰস্তুত কৰিবলৈ, আমাক লাগিব - ১ কাপ অংকুৰিত মিথি গুটি,
১ টা মধ্যম পিয়াজ, |
| 10:27 | ১ টা বিলাহী,
নিমখ সোৱাদ অনুসৰি, |
| 10:29 | ১ চামোচ জলকীয়াৰ পাউদাৰ,
½ চামোচ হালধি পাউদাৰ, |
| 10:34 | ১ চামোচ নেমুৰ ৰস,
১ চামোচ সৰিয়হ আৰু জীৰা, |
| 10:39 | ১ চামোচ তেল |
| 10:41 | মিথি গুটি অংকুৰিত কৰিবলৈ: মিথি গুটিখিনিক ৰাতিটো পানীত তিয়াই ৰাখক |
| 10:46 | পানীখিনি টুকি লওঁক আৰু ইয়াক এখন চাফা মখমলৰ কাপোৰেৰে বান্ধক ।
ইয়াক এফালে ২ বা ৩ দিনৰ বাবে থৈ দিয়ক অংকুৰিত হ’বলৈ |
| 10:53 | বিধিটো প্ৰস্তুত কৰিবলৈ: পেন এখনত অলপ তেল গৰম কৰক |
| 10:57 | সৰিয়হ আৰু জীৰা গুটি দিয়ক আৰু ফুটিবলৈ দিয়ক |
| 11:01 | ইয়াত, পিয়াজ দিয়ক আৰু ৰং সলনি নোহোৱালৈকে ভাজক |
| 11:05 | এতিয়া বিলাহী দিয়ক আৰু সিহঁত কোমল নোহোৱালৈকে ভাজক |
| 11:09 | পাছত, মচলাখিনি দিয়ক আৰু ২ মিনিটৰ বাবে ভাজক |
| 11:12 | ইয়াত, অংকুৰিত মিথি আৰু ২ চামোচ পানী দিয়ক |
| 11:17 | ভালকৈ মিহলাই ঢাকনি দিয়ক আৰু ৬-৮ মিনিটৰ বাবে ৰান্ধক |
| 11:21 | জুই বন্ধ কৰক আৰু নেমুৰ ৰস দিয়ক |
| 11:24 | অংকুৰিত মিথি গুটিৰ কাৰি প্ৰস্তুত হ’ল |
| 11:28 | এই বিধিত প্ৰচুৰ পৰিমাণে থাকে -
প্ৰটিন, ফাইবাৰ, |
| 11:32 | ফচফৰাচ,
কেলচিয়াম, |
| 11:35 | আইৰন আৰু
অমেগা 3 ফেটি এচিদ |
| 11:38 | অংকুৰিত মিথি গুটি হৈছে উৎকৃষ্ট galactogogues |
| 11:42 | এই টিউট’ৰিয়েলৰ সকলো বিধিতে প্ৰ্চুৰ পৰিমাণে পৰিপূৰক পদাৰ্থ পোৱা যায় যি প্ৰয়োজনীয় হয় -
গাখীৰ উৎপন্ন কৰিবলৈ, |
| 11:49 | শিশুটোৰ বৃদ্ধি আৰু বিকাশৰ বাবে আৰু
মাকক সুস্থ ৰাখিবলৈ |
| 11:54 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |