Health-and-Nutrition/C2/Vegetarian-recipes-for-lactating-mothers/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 স্তনপান কৰোৱা মাকসকলৰ বাবে নিৰামিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম : স্তনপান কৰোৱাৰ সময়ত পোষণৰ গুৰূত্বৰ বিষয়ে,
00:12 নিৰামিষ বিধিসমূহ কেনেকৈ প্ৰস্তুত কৰা হয় যেনে - মিশ্ৰিত অংকুৰিত চিল্লা,
00:18 নহৰু, ফ্লেক্সগুটি আৰু তিলৰ চাটনি,
00:21 চীনাবাদাম, শাক আৰু মিথিৰ কাটলেত,
00:24 পাৰ্ল মিলেত আৰু অমৰান্থ পাতৰ মুথিয়া,
00:27 অংকুৰিত মিথি গুটিৰ কাৰি
00:30 স্তনপান কৰোৱাৰ সময়ত, মাক এগৰাকীক অতিৰিক্ত পৰিমাণৰ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়-

গাখীৰ উৎপন্ন কৰিবলৈ,

00:38 ক্রমবর্ধমান শিশুৰ বাবে প্ৰয়োজনীয় পৰিপোষক পদাৰ্থ প্ৰদান কৰিবলৈ আৰু মাকৰ নিজৰ স্বাস্থ্য ৰক্ষা কৰিবলৈ
00:44 স্তনপানৰ সময়ত প্ৰয়োজন হোৱা দৰকাৰি পৰিপোষক পদাৰ্থসমূহ হৈছে -

প্ৰটিন,

00:50 ভিটামিনচ, মিনাৰেলচ,
00:53 অমেগা 3 ফেটি এচিদচ আৰু কোলাইন
00:57 অতিৰিক্তভাবে, পৰ্যাপ্ত পৰিমাণৰ আয়’দিন আৰু ভিটামিন D গ্ৰহণ কৰাটোওঁ দৰকাৰ
01:03 কাৰণ, আয়’দিনে শিশুৰ থাইৰয়্দ হৰ্মনচ বনাবলৈ আৰু বৃদ্ধি আৰু স্নায়বিক বিকাশত সহায় কৰে
01:13 গতিকে সদায় আয়’দিন যুক্ত নিমখ গ্ৰহণ কৰিব লাগে আয়’দিনৰ অভাৱক প্ৰতিৰোধ কৰিবলৈ
01:20 একেদৰে, ভিটামিন D প্ৰয়োজন হয় সুস্থ হাড় আৰু কেলচিয়াম শোষণ কৰিবলৈ
01:28 ভিটামিন D পাবলৈ উৎকৃষ্ট পদ্ধতিটো হৈছে 11.00am ৰ পৰা 3.00pm ৰ মাজত ১৫ ৰ পৰা ২০ মিনিটৰ বাবে ৰ’দৰ পোহৰ লোৱা
01:40 প্ৰয়োজনীয় পৰিপোষক পদাৰ্থসমূহৰ পাছত, আমি এতিয়া মাকৰ খাদ্যৰ বিষয়ে আলোচনা কৰিম
01:44 সদায় বিভিন্ন শাক-পাচলি যুক্ত কৰাটো অতিশয় দৰকাৰ
01:49 শাক-পাচলিত প্ৰয়োজনীয় পৰিপোষক পদাৰ্থসমূহ থাকে যি নিৰাপত্তা সৃষ্টি কৰাত সহায় কৰে
01:55 সিহঁত লগতে এন্তিঅক্সিদেন্তৰ ভাল উৎস হয় আৰু বেমাৰৰ সংকতকো কমায়
02:02 যদিওঁ সকলো প্ৰকাৰৰ শাক-পাচলি খাব লাগে, ইয়াত আমি অলপৰ বিষয়ে আলোচনা কৰিম যেনে -
02:10 কেপচিকাম,

শাক,

02:13 বন্ধাকবি,

ফুলকবি,

02:15 অমৰান্থ,

ৰঙালাউ,

02:17 গাজৰ,

মিথি পাত আৰু বেঙেনা

02:22 শাক-পাচলিৰ উপৰিওঁ, আমি Galactogogues ৰ বিষয়ে শিকিম
02:27 Galactogogues হৈছে পদাৰ্থ যি গাখীৰ উৎপন্ন কৰোতে সহায় কৰে
02:32 মাকে ইয়াক আহাৰৰ পৰা পাব পাৰে মূলত - নহৰু,

মিথিৰ গুটি আৰু পাত,

02:37 ফেনেল গুটি,

গাৰ্দেন ক্ৰেচ গুটি,

02:40 দ্ৰামষ্টিক পাত,

দিল পাত আৰু কেৰম গুটি

02:45 শাক-পাচলি আৰু Galactogogues উপৰিওঁ, মাকে সদায় ২-৩ লিটাৰ পানী খাব লাগে
02:52 প্ৰতিবাৰ আহাৰ খোৱাৰ আগতে তেওঁ এগিলাচ উতলাই ঠাণ্ডা কৰা পানী খাব লাগে
02:58 স্তনপান কৰোৱা মাকৰ বাবে দৰকাৰী সকলোৰে বিষয়ে শিকাৰ পাছত, আমি বিধিসমূহ প্ৰস্তুত কৰাৰে আৰম্ভ কৰিম ।

প্ৰথম বিধিটো হৈছে - মিশ্ৰিত অংকুৰিত চিল্লা

03:10 এই চিল্লা বনাবলৈ, আমাক লাগিব - অংকুৰিত বঙালী বুট, সেউজীয়া বুট আৰু মথ বিনৰ মিশ্ৰণৰ ১ কাপ,
03:18 ৩টা সেউজীয়া জলকীয়া,

৩ ফোতা নহৰু,

03:22 ½ পিয়াজ,

½ কাপ বেচন,

03:26 ১ চামোচ দৈ,

নিমখ সোৱাদ অনুসৰি,

03:29 ½ চামোচ কাৰি পাতৰ পাউদাৰ,
03:32 ১ চামোচ গাৰ্দেন ক্ৰেচ গুটিৰ পাউদাৰ,

২ চামোচ ঘিউ

03:37 গাৰ্দেন ক্ৰেচ গুটিৰ পাউদাৰ প্ৰস্তুত কৰিবলৈ:

১ চামোচ গুটি নিম্নৰ পৰা মধ্যম জুইত ভাজক তাৰ ৰং সলনি নোহোৱালৈকে

03:46 গুটিখিনি ঠাণ্ডা হ’বলৈ দিয়ক
03:48 এতিয়া, তাক মিক্সাৰ বা পাথৰৰ খুন্দনা এটাত খুন্দি পাউদাৰ এটা বনাওঁক
03:53 অংকুৰিত কৰিবলৈ - সেউজীয়া বুট, বঙালী বুট আৰু মথ বিনক পৃথকভাবে ৰাতিটো তিয়াই ৰাখক
04:00 ৰাতিপুৱা টুকি লওঁক আৰু সিহঁতক এখন চাফা মখমলৰ কাপোৰেৰে বান্ধক
04:05 সিহঁতক গৰম ঠাইত ২ দিনৰ বাবে থৈ দিয়ক অংকুৰিত হ’বলৈ
04:09 মন কৰিব - মথ বিনে হয়তো বেছি সময় ল’ব পাৰে অংকুৰিত হ’বলৈ সেউজীয়া বুট আৰু বঙালী বুটৰ তুলনাত
04:17 গতিকে, আপোনাৰ বিধিটো সেই অনুসৰি প্লেন কৰক
04:20 অংকুৰিত হোৱাৰ পাছত -

মিক্সাৰ বা পাথৰৰ খুন্দনা এটাত অংকুৰিত গুটিখিনি, নহৰু, জলকীয়া, দৈৰ পেষ্ট এটা বনাওঁক

04:30 এতিয়া বেচন আৰু পানী দিয়ক আৰু ইয়াক ভালকৈ মিহলাই লওঁক
04:34 এই মিশ্ৰণত, দিয়ক - কাটিথোৱা পিয়াজ, নিমখ, কাৰি পাতৰ পাউদাৰ আৰু গাৰ্দেন ক্ৰেচ গুটিৰ পাউদাৰ
04:42 এই সকলোখিনি প্ৰস্তুত কৰি হোৱাৰ পাছত -

পেন এখনত ১ চামোচ ঘিউ গৰম কৰক

04:48 মিশ্ৰণখিনি দিয়ক আৰু বহলাই দিয়ক
04:50 চিল্লাটো মধ্যম জুইত ৰান্ধক, দুয়োফালে নিসিজালৈকে
04:54 মিশ্ৰিত অংকুৰিত চিল্লা প্ৰস্তুত হ’ল
04:57 যদিহে, এই বিধিটোত উল্লেখিত ডালিখিনি উপলদ্ধ নহয় তেন্তে আপুনি ব্যৱ্হাৰ কৰিব পাৰে -
05:04 ক’লা চকুৰ বিনচ,

চানা,

05:07 হৰ্চ গ্ৰাম,

চয়াবিন,

05:10 ৰঙা মচুৰ ডালি আৰু

ৰাজমাহ

05:13 মন কৰিব:

অংকুৰিত হ’বলৈ লগা সময় নিৰ্ভৰ কৰে ডালিবিধৰ প্ৰকাৰ আৰু বতৰৰ অৱস্থাৰ ওপৰত

05:20

এই বিধিত প্ৰ্চুৰ পৰিমাণে থাকে -

প্ৰটিন,

ফাইবাৰ,

05:25 অমেগা 3 ফেটি এচিদচ,

ফ’লেত,

05:28 মেগনেচিয়াম,

জিংক

05:31 দ্বিতীয় বিধিটো হৈছে নহৰু, ফ্লেক্সগুটি আৰু তিলৰ চাটনি
05:36 ইয়াক প্ৰস্তুত কৰিবলৈ, আমাক লাগিব -

৩ চামোচ ফ্লেক্সগুটি,

05:40 ৩ চামোচ তিলৰ গুটি,
05:43 ৫ ফোতা নহৰু,

৪ টা ৰঙা জলকীয়া,

05:46 ৫ বা ৬ টুকুৰা তিয়াই থোৱা তেতেলী,

নিমখ সোৱাদ অনুসৰি,

05:51 ½ চামোচ তেল বা ঘিউ
05:54 প্ৰথমে, তিল আৰু ফ্লেক্স গুটিক পৃথকভাবে ভাজি লওঁক ।

গুটিখিনি ঠাণ্ডা হ’বলৈ দিয়ক

06:00 পাছত, পেন এখনত ½ চামোচ তেল গৰম কৰক আৰু নহৰু আৰু ৰঙা জলকীয়াক ২ মিনিটৰ বাবে ভাজক
06:07 ঠাণ্ডা হোৱাৰ পাছত, ইয়াক গুটিখিনিৰ লগত মিহলাওঁক । ইয়াত তেতেলী আৰু নিমখ দিয়ক
06:13 মিক্সাৰ বা পাথৰৰ খুন্দনা এটাত পানী দি পেষ্ট এটা বনাওঁক ।

চাতনি প্ৰস্তুত হ’ল

06:20 তিলৰ গুটি উপলদ্ধ নহ’লে, আপুনি লগতে তলত উল্লেখিতৰ এটা বা অধিকৰ সংযোগক ব্যৱ্হাৰ কৰিব পাৰে:
06:28 ৰুকিলোৱা নাৰিকল,

চীনাবাদাম,

06:31 ক’লা তিলৰ গুটি,

ৰঙালাউৰ গুটি,

চানফ্লাৱাৰ গুটি

06:36 এই বিধিত প্ৰ্চুৰ পৰিমাণে থাকে- অমেগা 3 ফেটি এচিদচ,

কেলচিয়াম,

06:41 ফ’লেত,

প্ৰটিন,

06:43 ফাইবাৰ

জিংক

06:46 তৃতীয় বিধিটো যাক আমি বনাবলৈ শিকিম সি হৈছে -

চীনাবাদাম, শাক আৰু মিথিৰ কাটলেত

06:53 এই কাটলেত প্ৰস্তুত কৰিবলৈ, আমাক লাগিব -

½ কাপ চীনাবাদাম পাউদাৰ,

২ চামোচ বেচন,

২ চামোচ আটা,

07:02 ½ কাপ কাটিলোৱা শাক,

¼ কাপ কাটিলোৱা মিথি পাত,

07:07 ১ চামোচ ধনীয়া পাত,

১ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ,

নিমখ সোৱাদ অনুসৰি,

07:13 ১ চামোচ গুটিৰ পাউদাৰ, আপুনি তিল বা ফ্লেক্স গুটিৰ সংযোগক ব্যৱ্হাৰ কৰিব পাৰে,
07:19 ১ চামোচ নেমুৰ ৰস,
07:21 ১ চামোচ নহৰুৰ পেষ্ট,

৪ চামোচ তেল

07:26 চীনাবাদাম পাউদাৰ প্ৰস্তুত কৰিবলৈ - পেন এখনত ½ কাপ চীনাবাদামখিনি ভাজি লওঁক তাৰ ৰং সলনি হৈ সুগন্ধ নোলোৱালৈকে
07:33 তাক ঠাণ্ডা হ’বলৈ দিয়ক ।

তেতিয়া সেইখিনিক আপোনাৰ তলুৱাৰ মাজত লৈ ঘঁহক বাহিৰৰ বাকলি আতৰাবলৈ

07:40 মিক্সাৰ বা পাথৰৰ খুন্দনা এটাত তাক খুন্দি ভাল পাউদাৰ এটা বনাওঁক
07:44 এতিয়া বাতি এটাত চীনাবাদাম পাউদাৰ আৰু আন সকলো সামগ্ৰীক দিয়ক ।

অলপ পানী ব্যৱ্হাৰ কৰি ইয়াৰ ডাঠ প্ৰলেপ এটা বনাওঁক

07:53 প্ৰলেপখিনিক ৪ টা অংশত ভগাওঁক আৰু ইয়াক কাটলেতৰ আকৃতি বনাই লওঁক ।

তাৱা এখনত অলপ তেল গৰম কৰক

08:00 প্ৰতিটো কাটলেত ইয়াত ভাজক, সিহঁত দুয়োফালৰ পৰা সোণালী বাদামী নহোৱালৈকে ।

চীনাবাদামৰ কাটলেতচ প্ৰস্তুত হ’ল

08:07 আপুনি এই কাটলেতক নেমুৰ আচাৰ বা গোচবেৰি চাটনিৰে খাব পাৰে
08:12 নেমুত থকা ভিটামিন C এ কাটলেতত থকা আইৰনৰ শোষণত সহায় কৰিব
08:19 এই কাটলেত বিধিত প্ৰচুৰ পৰিমাণে থাকে -

প্ৰটিন,

আইৰন,

08:24 ফ’লেত,

ভাল চৰ্বী আৰু পটেচিয়াম

08:28 চতুৰ্থ বিধিটো হৈছে পাৰ্ল মিলেত আৰু অমৰান্থৰ মুথিয়া
08:33 ইয়াক প্ৰস্তুত কৰিবলৈ, আমাক লাগিব -

½ কাপ পাৰ্ল মিলেতৰ আটা,

১ টা সৰু পিয়াজ,

08:39 ½ কাপ অমৰান্থ পাত,

½ চামোচ হালধি পাউদাৰ,

08:44 নিমখ সোৱাদ অনুসৰি,

¼ চামোচ দ্ৰামষ্টিক পাতৰ পাউদাৰ,

08:49 ১ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ,
08:52 ½ চামোচ সৰিয়হৰ গুটি,

½ চামোচ জীৰা গুটি,

08:57 ২ চামোচ তিলৰ গুটি,

১ চামোচ তেল

09:01 বাতি এটাত আটা, পিয়াজ আৰু অমৰান্থ পাত লওঁক
09:06 এতিয়া হালধি পাউদাৰ, নেমুৰ ৰস আৰু দ্ৰামষ্টিক পাতৰ পাউদাৰ লওঁক । সিহঁতক ভালকৈ মিহলাওঁক
09:12 অলপ অলপকৈ পানী দি ইয়াৰ ডাঠ প্ৰলেপ এটা বনাওঁক
09:17 আপোনাৰ হাতত অলপ তেল লগাই লওঁক আৰু এই প্ৰলেপক সৰু সৰু অংশত ভগাওঁক
09:23 অংশখিনিক চুঙা আকৃতিৰ ৰোল কৰক
09:27 ষ্টিমাৰ এটাত ৰোলখিনিক ১০-১৫ মিনিটৰ বাবে নিম্নৰ পৰা মধ্যম জুইত ভাপত দিয়ক
09:33 ৰোলখিনি ঠাণ্ডা হ’বলৈ দিয়ক আৰু তেতিয়া সিহঁতক ঘূৰণীয়া টুকুৰাত কাতি লওঁক
09:38 এতিয়া পেন এখনত ১ চামোচ তেল গৰম কৰক
09:41 সৰিয়হৰ গুটি, তিলৰ গুটি আৰু জীৰা গুটি দিয়ক ।

সিহঁত ফুটিবলৈ ধৰিলে, মুথিয়া টুকুৰাখিনি দিয়ক

09:49 টুকুৰাখিনি মচমচীয়া নোহোৱালৈকে লৰাই থাকক
09:52 পাৰ্ল মিলেত আৰু অমৰান্থ পাতৰ মুথিয়া প্ৰস্তুত হ’ল
09:55 যদিহে পাৰ্ল মিলেত উপলদ্ধ নহয়, আপুনি লগতে ব্যৱ্হাৰ কৰিব পাৰে

চৰ্ঘম আটা বা ফিংগাৰ মিলেত আটা

10:03 এই বিধিত প্ৰচুৰ পৰিমাণে থাকে -

প্ৰটিন,

10:06 ফ্চফৰাচ,

ফ’লেত,

10:09 আইৰন,

ফাইবাৰ,

10:11 বেতা কেৰ’তিন আৰু

পটেচিয়াম

10:15 আমি চাবলগা শেষৰ বিধিটো হৈছে অংকুৰিত মিথি গুটিৰ কাৰি
10:20 ইয়াক প্ৰস্তুত কৰিবলৈ, আমাক লাগিব - ১ কাপ অংকুৰিত মিথি গুটি,

১ টা মধ্যম পিয়াজ,

10:27 ১ টা বিলাহী,

নিমখ সোৱাদ অনুসৰি,

10:29 ১ চামোচ জলকীয়াৰ পাউদাৰ,

½ চামোচ হালধি পাউদাৰ,

10:34 ১ চামোচ নেমুৰ ৰস,

১ চামোচ সৰিয়হ আৰু জীৰা,

10:39 ১ চামোচ তেল
10:41 মিথি গুটি অংকুৰিত কৰিবলৈ: মিথি গুটিখিনিক ৰাতিটো পানীত তিয়াই ৰাখক
10:46 পানীখিনি টুকি লওঁক আৰু ইয়াক এখন চাফা মখমলৰ কাপোৰেৰে বান্ধক ।

ইয়াক এফালে ২ বা ৩ দিনৰ বাবে থৈ দিয়ক অংকুৰিত হ’বলৈ

10:53 বিধিটো প্ৰস্তুত কৰিবলৈ: পেন এখনত অলপ তেল গৰম কৰক
10:57 সৰিয়হ আৰু জীৰা গুটি দিয়ক আৰু ফুটিবলৈ দিয়ক
11:01 ইয়াত, পিয়াজ দিয়ক আৰু ৰং সলনি নোহোৱালৈকে ভাজক
11:05 এতিয়া বিলাহী দিয়ক আৰু সিহঁত কোমল নোহোৱালৈকে ভাজক
11:09 পাছত, মচলাখিনি দিয়ক আৰু ২ মিনিটৰ বাবে ভাজক
11:12 ইয়াত, অংকুৰিত মিথি আৰু ২ চামোচ পানী দিয়ক
11:17 ভালকৈ মিহলাই ঢাকনি দিয়ক আৰু ৬-৮ মিনিটৰ বাবে ৰান্ধক
11:21 জুই বন্ধ কৰক আৰু নেমুৰ ৰস দিয়ক
11:24 অংকুৰিত মিথি গুটিৰ কাৰি প্ৰস্তুত হ’ল
11:28 এই বিধিত প্ৰচুৰ পৰিমাণে থাকে -

প্ৰটিন,

ফাইবাৰ,

11:32 ফচফৰাচ,

কেলচিয়াম,

11:35 আইৰন আৰু

অমেগা 3 ফেটি এচিদ

11:38 অংকুৰিত মিথি গুটি হৈছে উৎকৃষ্ট galactogogues
11:42 এই টিউট’ৰিয়েলৰ সকলো বিধিতে প্ৰ্চুৰ পৰিমাণে পৰিপূৰক পদাৰ্থ পোৱা যায় যি প্ৰয়োজনীয় হয় -

গাখীৰ উৎপন্ন কৰিবলৈ,

11:49 শিশুটোৰ বৃদ্ধি আৰু বিকাশৰ বাবে আৰু

মাকক সুস্থ ৰাখিবলৈ

11:54 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9