Health-and-Nutrition/C2/Vegetarian-recipes-for-adolescents/Assamese
|
|
00:01 | কিশোৰৰ বাবে নিৰামিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:05 | এই টিউট’ৰিয়েলটোত, আমি শিকিম : কিশোৰ কি হয়? |
00:09 | কিশোৰ অৱস্থাত পুষ্টিৰ গুৰূত্ব আৰু |
00:12 | কিশোৰৰ বাবে নিৰামিষ বিধিসমূহ কেনেকৈ প্ৰস্তুত কৰা হয় যেনে:
চয়াবিন কাটলেত, |
00:18 | জোৱাৰ আৰু বিলাহীৰ চীলা, |
00:20 | চীনাবাদামৰ কাৰি,
পাৰ্ল মিলেত আৰু জোৱাৰ শাক-পাচলিৰ খিচৰি আৰু |
00:24 | ষ্টাফদ পৰাথা তিলৰ গুটিৰ চাটনিৰ সৈতে |
00:28 | প্ৰথমে, আহক বুজো কিশোৰ অৱস্থা কি হয়? |
00:32 | কিশোৰ অৱস্থা হৈছে শিশুকালৰ পৰা প্ৰাপ্তবয়স্কলৈ ৰূপান্তৰ হোৱা অৱস্থা |
00:37 | ১০ ৰ পৰা ১৯ বছৰ বয়সৰ সকলোকে কিশোৰ হিচাবে গণ্য কৰা হয় |
00:42 | এই সময়ত মূলত শাৰিৰীক, যৌন, মানসিক আৰু সামাজিক বিকাশ পৰিবৰ্তন হয় |
00:49 | এতিয়া, আহক কিশোৰ অৱস্থাত বৰ্ধিত হাৰত পুষ্টিৰ প্ৰয়োজন হোৱাৰ কাৰণসমূহ চাওঁ |
00:55 | প্ৰথমে, দ্ৰুতভাবে শাৰীৰিক বৃদ্ধি হয় যেনে উচ্চতা আৰু ওজন |
00:59 | দ্বিতীয়তে, বেমাৰ আৰু গৰ্ভধাৰণৰ সময়ত শৰীৰক পুষ্টিগত সমৰ্থন প্ৰদান কৰিবলৈ |
01:06 | এই সময়ত, কিশোৰসকলে লগতে হয়তো আবেগপ্রবণ পৰিবৰ্তনত ভূগিব পাৰে যেনে বিষাদ, উদ্বেগ আৰু মনৰ সলনি |
01:15 | লগতে, কিশোৰ অৱস্থাত সামাজিক বিকাশৰ পৰিবৰ্তন হয় |
01:20 | উদাহৰণস্বৰূপে, তেওঁলোকৰ জীৱনশৈলী আৰু খাদ্যৰ অভ্যাসসমূহত পৰিবৰ্তন হয় |
01:25 | তেওঁলোকৰ খাদ্যৰ পচন্দসমূহ হয়তো বন্ধুসকলে ভালপোৱা বা বেয়াপোৱাৰ দ্বাৰা প্ৰভাবিত হয় |
01:29 | সেইবাবে, ভাল পুষ্টিৰ দৰকাৰ হয় এই বিকাশজনিত পৰিবৰ্তনসমূহক সমৰ্থন কৰিবলৈ |
01:35 | কিশোৰী এগৰাৰীক প্ৰয়োজন হয় ২০০০-২৪০০ কেলৰিচ আৰু ৪০-৫৫ গ্ৰাম প্ৰটিন প্ৰতিদিনে |
01:43 | আহক কিশোৰৰ বাবে কিছু সুস্থ নিৰামিষ বিধি চাওঁ |
01:47 | আমি আৰম্ভ কৰাৰ আগতে, মন কৰিব যে এই টিউট’ৰিয়েলত ব্যাখ্যা কৰা সকলো বিধিসমূহত, ১ কাপ সমান হয় ২৫০ মিলিলিটাৰৰ |
01:55 | আমাৰ প্ৰথম বিধিটো হৈছে চয়াবিন কাটলেত: |
01:58 | ইয়াক প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব:
¼ কাপ চয়াবিন, ¼ কাপ গুচোৱা বঙালী বুট, |
02:04 | ½ বীত,
¼ কাপ সিজোৱা মটৰ, |
02:07 | ২ চামোচ চীনাবাদামৰ পাউদাৰ,
১ চামোচ বেচন, |
02:11 | ১ চামোচ ধনীয়া পাউদাৰ,
½ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ, |
02:16 | ½ চামোচ সুকান আমৰ পাউদাৰ,
নিমখ সোৱাদ অনুসৰি, |
02:20 | ১ চামোচ দ্ৰামষ্টিক পাতৰ পাউদাৰ,
২ চামোচ তিলৰ গুটি, ১ চামোচ তেল |
02:26 | আৰম্ভ কৰিবলৈ, আমি প্ৰথমে চয়াবিনক অংকুৰিত কৰি ল’ম । চয়াবিনখিনিক ৰাতিটোৰ বাবে পানীত তিয়াই ৰাখক |
02:32 | পানীৰপৰা টোকক আৰু চাকনি এখনত ৰাখক অতিৰিক্ত পানীখিনি আতৰাবলৈ |
02:35 | চয়াবিনখিনিক ঠাণ্ডা আৰু সুকান ঠাই এদোখৰত ৰাখক পোনপটীয়া তাপৰ পৰা আতৰত |
02:40 | প্ৰতিদিনে ২-৩ বাৰ চয়াবিনখিনিক ধোৱক আৰু টুকক যেতিয়ালৈকে অংকুৰিত নহয় ।
ই চয়াবিনখিনি লোকচান হোৱাক ত্যাগ কৰিব |
02:49 | চয়াবিনখিনি অংকুৰিত হ’বলৈ প্ৰায় ৩-৪ দিন সময় ল’ব পাৰে |
02:53 | এতিয়া, গুচোৱা বঙালী বুটখিনি ৰাতিটোৰ বাবে তিয়াই ৰাখক |
02:56 | পিছদিনা চাকনি এখনত ইয়াক চাকি লওঁক |
02:58 | প্ৰেচাৰ কুকাৰ এটাত, গুচোৱা বঙালী বুট আৰু অংকুৰিত হোৱা চয়াবিনক একেলগে ৰান্ধক |
03:03 | এক কাপ পানী ব্যৱ্হাৰ কৰক আৰু এটা হোইচল মাৰিবলৈ দিয়ক ।
ঠাণ্ডা হোৱাৰ পাছত, চয়াবিন আৰু গুচোৱা বঙালী বুটক একেলগে খুন্দি ডাঠ পেষ্ট এটা বনাওঁক |
03:12 | এতিয়া দ্ৰামষ্টিক পাতৰ পাউদাৰ বনাবলৈ:
দ্ৰামষ্টিক পাতখিনি মধ্যম জুইত ভাজি লওঁক |
03:17 | ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক আৰু মিক্সাৰ বা খুন্দনা এটা ব্যৱ্হাৰ কৰি ইয়াৰ পাউদাৰ এটা বনাওঁক |
03:22 | কাটলেতৰ মিশ্ৰণটো প্ৰস্তুত কৰিবলৈ- বাতি এটাত খুন্দা চয়াবিন আৰু গুচোৱা বঙালী বুটক লওঁক |
03:28 | ফেটি লোৱা বীত আৰু সিজোৱা মটৰ দিয়ক ।
এতিয়া চীনাবাদামৰ পাউদাৰ, বেচন আৰু দ্ৰামষ্টিক পাতৰ পাউদাৰ দিয়ক |
03:35 | বাকীথকা মচলাখিনি দিয়ক আৰু ভালকৈ মিহলাই লওঁক |
03:38 | তেতিয়া ইয়াৰ পৰা সৰু ঘূৰণীয়া কাটলেত বনাওঁক ।
কাটলেতৰ সকলো ফালে তিলৰ গুটিৰ প্ৰলেপ লগাওঁক |
03:45 | এতিয়া, পেন এখনত তেল গৰম কৰক আৰু কাটলেতক দুয়োফালে ভাজক ।
চয়াবিনৰ কাটলেত প্ৰস্তুত হ’ল |
03:51 | এই বিধিত প্ৰ্চুৰ পৰিমাণে থাকে :
প্ৰটিন, কেলচিয়াম, আইৰন, মেগনেচিয়াম, অমেগা 3 ফেটি এচিদ |
03:57 | আহক আমি আমাৰ পাছৰ বিধিটোলৈ যাওঁ যি হৈছে জোৱাৰ আৰু বিলাহীৰ চীলা |
04:01 | এই বিধিটোৰ বাবে, আপোনাক লাগিব: 1/2 কাপ অংকুৰিত জোৱাৰ,
২ চামোচ বেচন, ১ চামোচ দ্ৰামষ্টিক পাতৰ পাউদাৰ, |
04:09 | ১ টা বিলাহী আৰু ½ পিয়াজ,
১ চামোচ দৈ, |
04:12 | ½ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ,
½ চামোচ ধনীয়া পাউদাৰ, |
04:16 | ½ চামোচ হালধি পাউদাৰ,
নিমখ সোৱাদ অনুসৰি, |
04:19 | ১ চামোচ তেল |
04:21 | মন কৰিব যে পাতৰ পাউদাৰ বনোৱা প্ৰণালীটো একেটা টিউট’ৰিয়েলত আগতে বৰ্ণনা কৰা হৈছে |
04:27 | প্ৰথমে আমি অংকুৰিত জোৱাৰ ব্যৱ্হাৰ কৰি জোৱাৰৰ পাউদাৰ প্ৰস্তুত কৰিম |
04:31 | অংকুৰিত জোৱাৰক এদিন বা দুদিনৰ বাবে ৰ’দত শুকোৱাওঁক |
04:34 | এতিয়া তাক নিম্ন জুইত ভাজক ই সম্পূৰ্ণ সুকান নোহোৱালৈকে |
04:38 | পাছত, পাথৰৰ খুন্দনা এটা বা মিক্সাৰ এটা ব্যৱ্হাৰ কৰি ইয়াৰ পাউদাৰ এটা বনাওঁক |
04:42 | এতিয়া, আহক আমি বিধিটোৰ সৈতে আৰম্ভ কৰো:
বাতি এটাত জোৱাৰৰ পাউদাৰ আৰু বেচন লওঁক |
04:48 | বাকী থকা সামগ্ৰীসমূহ আৰু মচলাখিনি দিয়ক । ভালকৈ মিহলাওঁক আৰু লাহে লাহে পানী দিয়ক |
04:53 | এনেকৈ ফেটি লওঁক যাতে ডাঠ হয় আৰু মেল খাই যায় |
04:56 | পেন এখন গৰম কৰক আৰু তেল দিয়ক |
04:58 | পেন খনত এচামোচ ফেটি লোৱা দিয়ক আৰু ইয়াক ঘূৰণীয়া গতিত মেলি দিয়ক |
05:03 | চীলাটো মধ্যম জুইত দুয়োফালে ভাজক |
05:07 | জোৱাৰৰ চীলা প্ৰস্তুত হ’ল |
05:09 | জোৱাৰ হৈছে এটা ভাল উৎস প্ৰটিন, মেগনেচিয়াম, জিংক আৰু ফাইবাৰৰ |
05:14 | যদি জোৱাৰৰ পাউদাৰ উপলদ্ধ নহয় আপুনি ব্যৱ্হাৰ কৰিব পাৰে-
ফিংগাৰ মিলেত পাউদাৰ বা পাৰ্ল মিলেত পাউদাৰ বা অমৰান্থ পাউদাৰ |
05:22 | চীলা খাব পাৰি: গুচবেৰি চাটনি, নাৰিকলৰ চাটনি, নেমুৰ আচাৰ, বিলাহীৰ চাটনি বা দৈৰ সৈতে |
05:30 | গুচবেৰি, নেমুটেঙা, বিলাহী, মধুৰিআম, কমলা হৈছে ভিটামিন C ৰ ভাল উৎস |
05:37 | আপোনাৰ আহাৰত ভিটামিন C প্ৰ্চুৰ পৰিমাণে থকা খাদ্য খাবলৈ চেষ্টা কৰিব । ই শৰীৰত আইৰণৰ শোষণক বৃদ্ধি কৰিব |
05:43 | আইৰণৰ প্ৰয়োজন কিশোৰতকৈ কিশোৰীসকলৰ বেছি হয় কাৰণ মাহেকীয়াজনিত তেজৰ ক্ষতি হোৱাৰ বাবে |
05:50 | আহক আমি আমাৰ পাছৰ বিধিটোলৈ যাওঁ যি হৈছে চীনাবাদামৰ কাৰি |
05:53 | এই বিধিটো প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব:
½ কাপ চীনাবাদাম, ½ কাপ লাউ, |
05:58 | ১ টা মধ্যম আকাৰৰ পিয়াজ,
১ টা সৰু বিলাহী, ৪-৫ টুকুৰা নাৰিকল, |
06:04 | ½ চামোচ আদা নহৰুৰ পেষ্ট,
¼ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ, |
06:08 | ¼ চামোচ ধনীয়া পাউদাৰ,
¼ চামোচ হালধি পাউদাৰ, |
06:12 | ½ চামোচ জীৰা গুটি,
নিমখ সোৱাদ অনুসৰি, ১ চামোচ তেল |
06:18 | প্ৰণালী: প্ৰথমে ৰাতিটোৰ বাবে চীনাবাদামখিনি পানীত তিয়াই ৰাখক |
06:21 | এতিয়া তাক প্ৰেচাৰত ১ কাপ পানী দি ২ টা হোইচল মাৰক |
06:25 | মাজতে পিয়াজ, বিলাহী আৰু নাৰিকলক খুন্দি ডাঠ পেষ্ট এটা বনাওঁক |
06:30 | ৰন্ধা পাত্ৰ এটাত তেল গৰম কৰক আৰু তাত কিছু জীৰাৰ গুটি আৰু আদা নহৰুৰ পেষ্ট দিয়ক ।
এতিয়া ইয়াত খুন্দিথোৱা পেষ্টখিনি দিয়ক |
06:37 | লাউৰ টুকুৰাখিনি আৰু বাকীথকা মচলাখিনি দিয়ক । ইয়াক ২ মিনিটৰ বাবে লৰাই থাকক |
06:42 | ৰন্ধা পাত্ৰটোত সিজোৱা মটৰখিনি দিয়ক |
06:45 | এতিয়া আধা কাপ পানী দিয়ক গ্ৰেভিটো বনাবলৈ আৰু নিম্ন জুইত ৫ মিনিটৰ বাবে ৰান্ধক ।
চীনাবাদামৰ কাৰি প্ৰস্তুত হ’ল |
06:53 | যদিহে চীনাবাদাম উপলদ্ধ নহয়, আপুনি লগতে ব্যৱ্হাৰ কৰিব পাৰে:
বগা মটৰ, বঙালী গোটা বুট, কিদনি বিন, কাজুবাদাম |
07:02 | আৰু যদি লাউ উপলদ্ধ নহয় তেন্তে আপুনি ব্যৱ্হাৰ কৰিব পাৰে:
ৰঙালাউ, চিচিঙ্গা, বেঙেনা বা কেপচিকাম |
07:09 | চীনাবাদামত ভাল প্ৰকাৰৰ চৰ্বী থাকে |
07:12 | সিহঁত লগতে অতিশয় ভাল উৎস হয় :
প্ৰটিনচ, মেগনেচিয়াম, জিংক আৰু এন্টিঅক্সিদেন্তচ |
07:19 | বাদাম আৰু গুটিত লগতে ফ’লেত থাকে |
07:22 | কিশোৰ অৱস্থাত পৰ্যাপ্ত পৰিমাণৰ ফ’লেতে সহায় কৰিব গৰ্ভধাৰণৰ সময়ত জন্মৰ বিকৃতিসমূহক প্ৰতিৰোধ কৰিবলৈ |
07:28 | পাছত আমি বিধিটো শিকিম পাৰ্ল মিলেত আৰু জোৱাৰ শাক-পাচলিৰ খিচৰি |
07:33 | এই বিধিটো প্ৰস্তুত কৰিবলৈ আপুনি এটা মিশ্ৰণ ব্যৱ্হাৰ কৰিব পাৰে-
অমৰান্থ বা ক’দ’ মিলেত বা ফিংগাৰ মিলেত বা ফক্সটেইল মিলেতৰ |
07:41 | এই বিধিটোৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে:
⅓ কাপ পাৰ্ল মিলেত, ⅓ কাপ জোৱাৰ, |
07:46 | ⅓ কাপ সেউজীয়া বুট,
১ চামোচ চীনাবাদাম, |
07:49 | ½ কাপ মিশ্ৰিত শাক-পাচলি যেনে গাজৰ, ফ্ৰেঞ্চ বিন, মটৰমাহ,
½ মধ্যম আকাৰৰ পিয়াজ, |
07:56 | ½ চামোচ জীৰা গুটি,
১ চামোচ কাৰি পাতৰ পাউদাৰ, |
07:59 | ¼ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ,
¼ চামোচ হালধি পাউদাৰ, |
08:04 | নিমখ সোৱাদ অনুসৰি,
১ চামোচ তেল বা ঘিউ |
08:07 | মন কৰিব যে পাতৰ পাউদাৰ বনোৱা প্ৰণালীটো একেটা টিউট’ৰিয়েলত আগতে বৰ্ণনা কৰা হৈছে |
08:12 | প্ৰণালী: প্ৰথমে, ৰাতিটোৰ বাবে পাৰ্ল মিলেত আৰু জোৱাৰক পানীত তিয়াই ৰাখক |
08:17 | পিছদিনা ৰাতিপুৱা ইয়াক চাকি লওঁক আৰু এফালে ৰাখক |
08:20 | প্ৰেচাৰ কুকাৰ এটাত তেল বা ঘিউ গৰম কৰক ।
ইয়াত জীৰা গুটি আৰু কটা পিয়াজ দিয়ক |
08:25 | শাক-পাচলি, মচলা, নিমখ দিয়ক আৰু ভালকৈ মিহলাওঁক |
08:29 | ইয়াক ২ মিনিটৰ বাবে লৰাই থাকক ।
কুকাৰত পাৰ্ল মিলেত, জোৱাৰ আৰু সেউজীয়া বুট দিয়ক |
08:35 | এতিয়া ২ কাপ পানী দিয়ক আৰু প্ৰেচাৰ কুকাৰ বন্ধ কৰক |
08:38 | উচ্চ জুইত ৩ টা হোইচল মাৰক |
08:41 | তেতিয়া ১৫ মিনিটৰ বাবে নিম্ন জুইত ৰান্ধক |
08:44 | পাৰ্ল মিলেত আৰু জোৱাৰ শাক-পাচলিৰ খিচৰি প্ৰস্তুত হ’ল |
08:47 | এই বিধিটোত প্ৰ্চুৰ পৰিমাণে থাকে প্ৰটিন, আইৰন, কেলচিয়াম, মেগনেচিয়াম আৰু জিংক |
08:53 | এতিয়া আমি শেষৰ বিধিটোলৈ আহো যি হৈছে ষ্টাফদ পৰাথা তিলৰ গুটিৰ চাটনিৰ সৈতে |
08:59 | এই বিধিটো প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব:
১ কাপ আটা, ½ কাপ বঙালী বুট, |
09:05 | ½ মধ্যম আকাৰৰ পিয়াজ,
½ চামোচ কেৰম গুটি, |
09:08 | ১ চামোচ ফ্লেক্স গুটিৰ পাউদাৰ,
½ চামোচ সুকান আমৰ পাউদাৰ, |
09:13 | ½ চামোচ ধনীয়া পাউদাৰ,
¼ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ, |
09:17 | ১ টা নেমুটেঙা, নিমখ সোৱাদ অনুসৰি, ২ চামোচ তেল বা ২ চামোচ ঘিউ |
09:23 | প্ৰথমে আমি চাম কেনেকৈ ভাজিলোৱা বঙালী বুটৰ পাউদাৰ বনোৱা হয় ।
পেন এখন গৰম কৰক আৰু বঙালী বুটক ২-৩ মিনিটৰ বাবে ভাজক |
09:30 | ইয়াক একেৰাহে লৰাই থাকক যাতে জ্বলি নাযায় ।
ইয়াক ভাজি হ’লে, এফালে থৈ দিয়ক ঠাণ্ডা হ’বলৈ |
09:36 | এতিয়া, ভাজিলোৱা বঙালী বুটক খুন্দি ভালকৈ পাউদাৰ কৰি লওঁক |
09:40 | এতিয়া ভৰাব লগীয়াখিনি প্ৰস্তুত কৰিবলৈ:
প্ৰথমে ভাজিলোৱা বঙালী বুটৰ পাউদাৰ আৰু কটা পিয়াজক মিহলাওঁক |
09:46 | এতিয়া ৰঙা জলকীয়াৰ পাউদাৰ, সুকান আমৰ পাউদাৰ, ধনীয়া পাউদাৰ, নিমখ দিয়ক আৰু ভালকৈ মিহলাওঁক |
09:52 | কিছু নেমুৰ ৰস আৰু পানী দিয়ক ভৰাব লগীয়াখিনি ফেটিবলৈ |
09:55 | আহক আমি চাওঁ পৰাথাটো কেনেকৈ প্ৰস্তুত কৰিব লাগে |
09:58 | আনএটা বাতিত আটা লওঁক আৰু তাত ফ্লেক্স গুটি, কেৰম গুটি আৰু নিমখ দিয়ক |
10:03 | প্ৰয়োজনীয় পৰিমাণৰ পানী দিয়ক আৰু কোমলকৈ মাৰি লওঁক |
10:07 | এতিয়া মাৰিলোৱা আটাখিনিক লাডুত ভগাওঁক |
10:09 | বেলক পৰাথা বনাবলৈ আৰু মাজত ভৰাব লগীয়াখিনিৰপৰা অলপ ভৰাওঁক |
10:13 | ভৰোৱাখিনিক ভালকৈ মেৰিয়াই লওঁক আৰু চেপেটা লাডু বনাওঁক |
10:17 | এতিয়া ইয়াক পুনৰ বেলক পৰাথা এটা বনাবলৈ |
10:20 | পেন গৰম কৰক আৰু পৰাথাটো দুয়োফালৰ পৰা ভালকৈ ভাজক ।
ষ্টাফদ পৰাথা প্ৰস্তুত হ’ল |
10:25 | ভৰাবৰ বাবে, যদি ভাজিলোৱা বঙালী বুট উপলদ্ধ নহয়, আপুনি ব্যৱ্হাৰ কৰিব পাৰে: |
10:29 | সিজোৱা ফলা বঙালী বুট বা অংকুৰিত হোৱা সিজোৱা সেউজীয়া বুট, |
10:34 | পৰাথাটো তিলৰ গুটিৰ চাটনিৰ সৈতে চাৰ্ভ কৰিব পাৰি |
10:38 | তিলৰ গুটিৰ চাটনি প্ৰস্তুত কৰিবলৈ আপোনাক লাগিব:
¼ কাপ তিলৰ গুটি, |
10:42 | ১ চামোচ ফলা বঙালী বুট,
৪-৫ টুকুৰা ফ্ৰেচ নাৰিকল, ৩-৫ টুকুৰা তেতেলী, |
10:49 | ১ টা শুকান ৰঙা জলকীয়া,
২-৩ ফোতা নহৰু, |
10:52 | ১ চামোচ জীৰাৰ গুটি,
নিমখ সোৱাদ অনুসৰি, ১ চামোচ তেল |
10:57 | প্ৰণালী: পেন এখনত তেল গৰম কৰক |
11:00 | তিলৰ গুটি, বঙালী বুট, নহৰু, নাৰিকল, ৰঙা জলকীয়া আৰু জীৰাৰ গুটিক ভাজক ।
ইয়াক ২ মিনিটৰ বাবে ভাজক |
11:07 | ইয়াক জুইৰ পৰা নমোৱাৰ পাছত নিমখ আৰু তেতেলী দিয়ক । সকলোখিনি সামগ্ৰীকে খুন্দি লওঁক |
11:14 | আধা কাপ পানী দিয়ক এটা কোমল পেষ্ট বনাবলৈ ।
তিলৰ গুটিৰ চাটনি প্ৰস্তুত হ’ল |
11:19 | এই বিধিত প্ৰ্চুৰ পৰিমাণে থাকে:
প্ৰটিনচ, কেলচিয়াম, মেগনেচিয়াম জিংক আৰু ফ’লেত |
11:25 | এই পুষ্টিকৰ পদাৰ্থই মাংসপেশী আৰু কংকালৰ বিকাশত সহায় কৰিব |
11:29 | কম বয়সৰ পৰাই খাদ্যৰ দ্বাৰা পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম পোৱাটো অতিশয় দৰকাৰ |
11:34 | কেলচিয়ামৰ অভাবত পাছৰ ষ্টেজত মহিলাৰ অস্টিওপৰোচিচ হ’ব পাৰে |
11:40 | এই টিউট’ৰিয়েলৰ সকলো বিধিটে প্ৰচুৰ পৰিমাণে পুষ্টিকৰ পদাৰ্থ থাকে যাৰ প্ৰয়োজন হয় কিশোৰ অৱস্থাত পৰ্যাপ্ত বৃদ্ধিৰ বাবে |
11:47 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |