Health-and-Nutrition/C2/Vegetarian-recipes-for-pregnant-women/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:00 | গৰ্ভৱতী মহিলাৰ বাবে নিৰামিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম : |
| 00:10 | পুষ্টিকৰ পদাৰ্থ বেছিকৈ থকা আহাৰৰ গুৰূত্ব |
| 00:13 | কিছু পুষ্টিকৰ নিৰামিষ বিধিৰ বিষয়ে |
| 00:17 | প্ৰথমে, আহক পুষ্টিকৰ পদাৰ্থ বেছিকৈ থকা আহাৰৰ গুৰূত্বক বুজো |
| 00:23 | গৰ্ভধাৰণৰ সময়ত পুষ্টিকৰ পদাৰ্থৰ প্ৰয়োজন বৰ্দ্ধিত হয় |
| 00:28 | ই হৈছে মূলত কোষসমূহৰ বিকাশৰ বাবে |
| 00:32 | পুষ্টিকৰ পদাৰ্থ বেছিকৈ থকা আহাৰে ভ্ৰুণৰ বৃদ্ধি আৰু বিকাশক সমৰ্থন কৰে |
| 00:38 | সেইবাবে, ভালকৈ পৰিপুষ্ট আহাৰ গ্ৰহণ কৰাটো দৰকাৰ |
| 00:43 | ভালকৈ পৰিপুষ্ট আহাৰে গৰ্ভধাৰণৰ সময়ত হোৱা জটিলতাক বাধা দিবলৈ সহায় কৰে |
| 00:48 | আহাৰত প্ৰচুৰ পৰিমাণে থাকিব লাগে প্ৰ’টিনচ, |
| 00:51 | ভাল চৰ্বী, ভিটামিনচ |
| 00:53 | আৰু খনিজ পদাৰ্থ |
| 00:55 | পুষ্টিকৰ পদাৰ্থ বেছিকৈ থকা আহাৰ খালে বমি বমি ভাব আৰু কোষ্ঠকাঠিন্যৰ পৰা আৰাম পোৱা যায় |
| 01:02 | ই লগতে বিপদ কমায় এনিমিয়া, |
| 01:05 | গৰ্ভধাৰণৰ মধুমেহ |
| 01:07 | আৰু উচ্চ ৰক্তচাপৰ |
| 01:09 | ই লগতে সম্ভাৱনাক কমায় কম ওজনৰ শিশু জন্ম হোৱাৰ |
| 01:13 | আৰু অকাল প্ৰসবৰ |
| 01:16 | ভাল আহাৰৰ উপৰিওঁ, প্ৰতিদিনে ৮ ৰ পৰা ১০ গিলাচ পানী খোৱাক নিশ্বিত কৰক |
| 01:22 | পুষ্টিকৰ আহাৰ খোৱাৰ লগতে, ইয়াত থকা পুষ্টিকৰ উপাদান শোষণ কৰাটোওঁ দৰকাৰ |
| 01:29 | খাদ্যত থকা ফাইটেতচ, অক্সালেতচ আৰু টানিনচে পুষ্টিকৰ উপাদানৰ শোষণত প্ৰভাৱ পেলাই |
| 01:36 | পুষ্টিকৰ উপাদানৰ শোষণক বৃদ্ধি কৰিব পাৰি বিভিন্ন ৰন্ধনৰ কৌশলসমূহ ব্যৱ্হাৰ কৰি |
| 01:42 | উদাহৰণস্বৰূপে: ভিজোৱা, |
| 01:45 | অংকুৰিত কৰা, ভজা |
| 01:47 | আৰু কিম্বন |
| 01:48 | ভাপঁত দিয়া, লৰাই ভজা |
| 01:50 | আৰু সিজোৱা হৈছে কিছু অন্য উদাহৰণ |
| 01:54 | পুষ্টিকৰ উপাদানক বৃদ্ধি কৰিবলৈ, আমি লগতে বিভিন্ন পুষ্টিকৰ পাউদাৰ ব্যৱ্হাৰ কৰিব পাৰো |
| 02:01 | পাউদাৰ হয়তো ড্ৰামষ্টিক পাতৰ, |
| 02:03 | কাৰি পাতৰ বা বাদাম আৰু বীজৰ ব্যৱ্হাৰ কৰিব পাৰি |
| 02:07 | এই পাউদাৰসমূহ বনোৱাৰ পদ্ধতিক আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
| 02:12 | অধিক তথ্যৰ বাবে আমাৰ ওৱেবচাইত চাব |
| 02:15 | গৰ্ভধাৰণৰ সমষ্ট ৯ মাহতে স্বাস্থ্যকৰ ওজন বৃদ্ধি হোৱাটো আৱশ্যক |
| 02:20 | পৰামৰ্শ দিয়া হয় ত্যাগ কৰিবলৈ চেনী, |
| 02:23 | মিঠৈ, প্ৰচেচ কৰা |
| 02:25 | আৰু খাবলৈ তৈয়াৰ কৰা খাদ্যসমূহ |
| 02:28 | ত্যাগ কৰিব কেফেইন, এলকহল |
| 02:30 | আৰু চাধা |
| 02:32 | ডক্তৰৰ অনুমতি নোলোৱাকৈ দৰব নাখাব |
| 02:36 | ইয়াৰ বিষয়ে অধিককৈ আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
| 02:40 | এতিয়া আহক প্ৰথম বিধিটোৰে আৰম্ভ কৰো যি হৈছে ক’লা চকুৰ বিনৰ ইদলি |
| 02:46 | এই বিধি তৈয়াৰ কৰিবলৈ আমাক প্ৰত্যেকৰে ২ চামোচকৈ লাগিব: |
| 02:50 | হ’ল পাৰ্ল মিলেত |
| 02:52 | হ’ল ফক্সতেইল মিলেত |
| 02:54 | আমাক লগতে ১ চামোচকৈ লাগিব |
| 02:57 | অংকুৰিত হোৱা ক’লা চকুৰ বিন |
| 02:59 | অংকুৰিত হোৱা বঙালী বুট |
| 03:01 | মিথি গুটি |
| 03:03 | ভজা সূৰ্য্যমূখী ফুলৰ গুটি |
| 03:05 | আমাক লগতে ১/৪ চামোচকৈ লাগিব |
| 03:10 | ড্ৰামষ্টিক পাতৰ পাউদাৰ, কাৰি পাতৰ পাউদাৰ |
| 03:13 | বাদাম আৰু বীজৰ পাউদাৰ |
| 03:15 | আৰু নিমখ |
| 03:17 | প্ৰথমে ক’লা চকুৰ বিন আৰু বঙালী বুটক অংকুৰিত কৰাৰে আৰম্ভ কৰো |
| 03:22 | মই গঁজালি উলোৱাৰ পদ্ধতিক বৰ্ণনা কৰিম |
| 03:25 | ক’লা চকুৰ বিন আৰু বঙালী বুটক পৃথককৈ ৰাতিটোৰ বাবে ভিজাই ৰাখক |
| 03:31 | ৰাতিপুৱা ছাকক আৰু সিহতক পৃথককৈ মখমলৰ কাপোৰ এখনত বান্ধক |
| 03:36 | সিহতক গৰম ঠাইত ২ দিনৰ বাবে থওঁক অংকুৰিত হ’বলৈ |
| 03:40 | মনত ৰাখিব যে বিভিন্ন বিনচে বেলেগ বেলেগ সময় লয় অংকুৰিত হ’বলৈ |
| 03:45 | গঁজালি উলালে মিলেতচ আৰু মিথি গুটিক একেলগে ভিজাওঁক |
| 03:50 | সিহতক ৬ বা ৮ ঘন্টাৰ বাবে বা ৰাতিটো ভিজাওঁক |
| 03:55 | ছাকক আৰু মিলেতচক সূৰ্য্যমূখী ফুলৰ গুটি আৰু গঁজালিৰ সৈতে খুন্দি কোমল প্ৰলেপ এটা বনাওঁক |
| 04:01 | খুন্দিবৰ বাবে, আপুনি এটা পাথৰৰ খুন্দনা বা মিক্সাৰ এটা ল’ব পাৰে |
| 04:06 | খুন্দাৰ পাছত, ইয়াক ৰাতিটো বা ৬ বা ৮ ঘন্টাৰ বাবে ঢাকি ৰাখক কিম্বনৰ বাবে |
| 04:13 | ৰন্ধাৰ আগতে, নিমখ আৰু আন সকলো পাউদাৰসমূহ প্ৰলেপটোত দিয়ক আৰু ভালকৈ মিহলাওঁক |
| 04:19 | ইদলি বনোৱা সাচক গ্ৰিজ কৰক আৰু ইয়াত প্ৰলেপখিনি দিয়ক |
| 04:24 | ইয়াক কুকাৰ বা ষ্টিমাৰ এটাত থওঁক আৰু ১০ বা ১২ মিনিট ৰান্ধক |
| 04:29 | বা আপুনি কুকাৰৰ ১/৪ অংশত পানী দি চিতি নমৰাকৈ ভাপত দিব পাৰে |
| 04:35 | ৭ বা ৮ মিনিটৰ পাছত ইদলিখিনি আতৰাওঁক আৰু গৰমে গৰমে খাওঁক |
| 04:41 | এই বিধিত প্ৰচুৰকৈ থাকে প্ৰ’টিন, |
| 04:45 | কেলচিয়াম আৰু আইৰন |
| 04:47 | ইয়াত লগতে প্ৰচুৰকৈ থাকে ফ’লেত, |
| 04:50 | মেগনেচিয়াম আৰু পটাচিয়াম |
| 04:53 | পাছৰ বিধিটো হৈছে মিলেত খিচিৰি |
| 04:56 | ইয়াক বনাবলৈ, আমাক প্ৰত্যেকৰে ১ চামোচকৈ লাগিব |
| 05:01 | হ’ল বাৰ্নয়াৰ্দ মিলেত, অংকুৰিত পাৰ্ল মিলেত |
| 05:04 | অংকুৰিত চ’য়াবিন |
| 05:06 | এটা কাটিলোৱা পিয়াজ, এটা কাটিলোৱা গাজৰ |
| 05:09 | এটা কাটিলোৱা বিত |
| 05:11 | আমাক লগতে ১ চামোচকৈ লাগিব |
| 05:15 | সতেজ নাৰিকল ৰোকা |
| 05:17 | আৰু পপি গুটি |
| 05:19 | আমাক লগতে লাগিব |
| 05:21 | আধা কাপ দৈ |
| 05:23 | প্ৰতিবিধ সামগ্ৰীৰে ১/৪ চামোচকৈ |
| 05:26 | হালধী পাউদাৰ, ধনীয়া |
| 05:28 | আৰু জীৰা গুটিৰ পাউদাৰ |
| 05:30 | জীৰা গুটি, |
| 05:32 | ড্ৰামষ্টিক পাতৰ পাউদাৰ, কাৰি পাতৰ পাউদাৰ, |
| 05:35 | নিমখ সোৱাদ অনুসৰি আৰু |
| 05:37 | ১ চামোচ তেল বা ঘিউ |
| 05:40 | মন কৰিব, মই পাৰ্ল মিলেত আৰু চ’য়া বিনক পৃথককৈ ভিজাই ৰাখিছো গঁজালি উলাবলৈ |
| 05:46 | এবিধ সামগ্ৰীক হয়তো গঁজালি উলাবলৈ বেছি সময় লাগিব পাৰে বা দুয়োবিধেই একে সময়তেই অংকুৰিত হ’ব পাৰে |
| 05:52 | মোৰ ক্ষেত্ৰত, চ’য়া বিনক গঁজালি উলাবলৈ বেছি সময় লাগিল |
| 05:57 | বাৰ্নয়াৰ্দ মিলেতক ৬ বা ৮ ঘন্টাৰ বাবে পানীত ভিজাই ৰাখক |
| 06:01 | পানীখিনি ছাকক আৰু এফালে থওঁক |
| 06:04 | প্ৰেচাৰ কুকাৰ এটাত তেল গৰম কৰক আৰু জীৰা গুটি দিয়ক |
| 06:09 | এতিয়া, শাক-পাচলি, গঁজালি উলোৱা মিলেতচ, গঁজালি উলোৱা চ’য়াবিন আৰু দৈখিনি দিয়ক |
| 06:17 | নাৰিকল ৰোকা, পপি গুটি, নিমখ, পাউদাৰসমূহ আৰু সকলো শুকান মচলা দিয়ক |
| 06:23 | ভালকৈ মিহলাওঁক |
| 06:25 | পাছত, ১ কাপ পানী দিয়ক |
| 06:28 | প্ৰেচাৰ কুকাৰত খিচিৰিখিনিক ২ টা চিটি মাৰক |
| 06:32 | হ’লে, গৰমে গৰমে খাওঁক |
| 06:35 | এই বিধিত প্ৰচুৰকৈ থাকে প্ৰ’টিনচ, |
| 06:38 | ভাল চৰ্বী, ভিটামিন-A |
| 06:40 | আৰু কেলচিয়াম |
| 06:42 | ইয়াত খনিজ পদাৰ্থ প্ৰচুৰকৈ থাকে যেনে আইৰন, |
| 06:45 | ফ’লেত, মেগনেচিয়াম |
| 06:47 | আৰু ফছফৰাছ |
| 06:49 | আমাৰ তৃতীয় বিধি হৈছে মগু মাহৰ ৰাপ |
| 06:53 | এই বিধিৰ বাবে আমাক লাগিব: |
| 06:55 | মল্টেদ ৰাগী আটা- ¼ কাপ |
| 06:58 | বঙালী বুটৰ বেচন- ১ চামোচ |
| 07:01 | গঁজালি উলোৱা মগু- আধা কাপ |
| 07:04 | ভাঙিলোৱা পনীৰ- ¼ কাপ |
| 07:06 | কাটিলোৱা পিয়াজ- ১ চামোচ |
| 07:08 | কাটিলোৱা বিলাহী- ১ চামোচ |
| 07:12 | আমাক লগতে লাগিব ১/৪ চামোচকৈ প্ৰত্যেকৰে: |
| 07:15 | হালধী পাউদাৰ |
| 07:17 | ধনীয়া আৰু জীৰা গুটিৰ পাউদাৰ |
| 07:19 | জীৰা গুটি, কাৰি পাতৰ পাউদাৰ |
| 07:22 | ড্ৰামষ্টিক পাতৰ পাউদাৰ |
| 07:24 | ১ চামোচ তেল বা ঘিউ |
| 07:27 | আমাক লগতে লাগিব নেমু এফাল |
| 07:29 | আৰু নিমখ সোৱাদ অনুসৰি |
| 07:32 | পদ্ধতিঃ মগুখিনিক অংকুৰিত কৰক এই টিউট’ৰিয়েলত আগতে উল্লেখ কৰাৰ দৰে |
| 07:37 | মল্টেদ ৰাগী আটা বনাবলৈ, ৰাগীখিনি ৰাতিটো ভিজাই ৰাখক |
| 07:42 | এতিয়া সিহতক মখমলৰ কাপোৰ এখনত বান্ধক আৰু ৬ বা ৮ ঘন্টাৰ বাবে বা ৰাতিটো ৰাখক |
| 07:48 | ইয়াৰ গঁজালি উলালে, অংকুৰিত হোৱা ৰাগীখিনিক শুকানকৈ ভাজক আইৰনৰ কেৰাহি এটাত |
| 07:54 | ইয়াৰ পাছত, খুন্দনা এটাত ইয়াক খুন্দি আটা বনাওঁক আৰু এফালে থওঁক |
| 08:01 | আইৰনৰ পেন এখনত তেল গৰম কৰক |
| 08:04 | জীৰা গুটি, শুকান মচলা আৰু পাউদাৰখিনি দিয়ক |
| 08:09 | কাটিলোৱা পিয়াজ আৰু বিলাহীখিনি দিয়ক আৰু কোমল নোহোৱালৈকে লৰাই ভাজক |
| 08:14 | পাছত, গঁজালি উলোৱা মগুখিনি দিয়ক আৰু ১০ মিনিটৰ বাবে ৰান্ধক |
| 08:19 | পনীৰ আৰু নিমখ দিয়ক আৰু ৫ ৰ পৰা ১০ মিনিট ৰান্ধক |
| 08:24 | ¼ কাপ পানী দিয়ক আৰু পুনৰ ৫ ৰ পৰা ১০ মিনিট ৰান্ধক |
| 08:30 | জুই বন্ধ কৰক আৰু ঠাণ্ডা হ’বলৈ দিয়ক |
| 08:34 | এতিয়া নেমু পানী দিয়ক আৰু মিশ্ৰণখিনিক এফালে থওঁক |
| 08:38 | পাছত, মল্টেদ ৰাগী আটা আৰু বঙালী বুটৰ বেচনক বাতি এটাত মিহলাওঁক |
| 08:44 | কুহুমীয়া গৰম পানী দিয়ক আৰু ইয়াক মাৰি লডা এটা কৰক |
| 08:48 | এতিয়া গোল আকাৰৰ পৰাথা বেলি লওঁক |
| 08:51 | পৰাথাক দুয়োফালে ভাজক আইৰনৰ পেন এখনত |
| 08:56 | পৰাথাটো প্লেত এখনত থওঁক আৰু মগুৰ মিশ্ৰণ দিয়ক পৰাথাটোৰ মাজত |
| 09:02 | এতিয়া সিহতক ভাজ কৰি ৰাপ কৰক আৰু খাওঁক |
| 09:05 | এই বিধিত প্ৰচুৰকৈ থাকে প্ৰ’টিন |
| 09:07 | আৰু ভাল চৰ্বী |
| 09:10 | ই লগতে এটা উৎস হয় কেলচিয়াম, |
| 09:12 | আইৰন, ফ’লেত, |
| 09:14 | মেগনেচিয়াম আৰু জিংকৰ |
| 09:16 | ইয়াত উল্লেখ কৰা মিলেতচৰ উপৰিওঁ, আপুনি আন মিলেতচ আৰু খাদ্যশস্যক ল’ব পাৰে |
| 09:22 | উদাহৰণস্বৰূপে: জোৱাৰ, |
| 09:24 | ক’ড’ মিলেত, ভঙা ঘেঁহু |
| 09:26 | বা হ’ল ঘেঁহু |
| 09:28 | একেদৰে, আপুনি লগতে আন অংকুৰিত হোৱাক ল’ব পাৰে |
| 09:32 | উদাহৰণস্বৰূপে: অংকুৰিত কাবুলী বুট, |
| 09:35 | অংকুৰিত সেউজীয়া মটৰ বা |
| 09:37 | অংকুৰিত মথ বিনচ |
| 09:39 | উল্লেখিত বীজৰ উপৰিওঁ, আপুনি লগতে ল’কেলি উপলদ্ধ আন বীজসমূহ ল’ব পাৰে |
| 09:46 | উদাহৰণস্বৰূপে: তিল গুটি, |
| 09:48 | ৰঙালাউৰ গুটি, |
| 09:50 | ফ্লেক্স গুটি আৰু গাৰ্দেন ক্ৰেচ গুটি |
| 09:53 | এই সকলো বিধিকে সংলগ্ন কৰক এটা স্বাস্থ্যকৰ গৰ্ভধাৰণ আৰু শিশুটোৰ ভাল স্বাস্থ্যৰ বাবে |
| 10:00 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |