Health-and-Nutrition/C2/Vegetarian-recipes-for-pregnant-women/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:00 গৰ্ভৱতী মহিলাৰ বাবে নিৰামিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম :
00:10 পুষ্টিকৰ পদাৰ্থ বেছিকৈ থকা আহাৰৰ গুৰূত্ব
00:13 কিছু পুষ্টিকৰ নিৰামিষ বিধিৰ বিষয়ে
00:17 প্ৰথমে, আহক পুষ্টিকৰ পদাৰ্থ বেছিকৈ থকা আহাৰৰ গুৰূত্বক বুজো
00:23 গৰ্ভধাৰণৰ সময়ত পুষ্টিকৰ পদাৰ্থৰ প্ৰয়োজন বৰ্দ্ধিত হয়
00:28 ই হৈছে মূলত কোষসমূহৰ বিকাশৰ বাবে
00:32 পুষ্টিকৰ পদাৰ্থ বেছিকৈ থকা আহাৰে ভ্ৰুণৰ বৃদ্ধি আৰু বিকাশক সমৰ্থন কৰে
00:38 সেইবাবে, ভালকৈ পৰিপুষ্ট আহাৰ গ্ৰহণ কৰাটো দৰকাৰ
00:43 ভালকৈ পৰিপুষ্ট আহাৰে গৰ্ভধাৰণৰ সময়ত হোৱা জটিলতাক বাধা দিবলৈ সহায় কৰে
00:48 আহাৰত প্ৰচুৰ পৰিমাণে থাকিব লাগে প্ৰ’টিনচ,
00:51 ভাল চৰ্বী, ভিটামিনচ
00:53 আৰু খনিজ পদাৰ্থ
00:55 পুষ্টিকৰ পদাৰ্থ বেছিকৈ থকা আহাৰ খালে বমি বমি ভাব আৰু কোষ্ঠকাঠিন্যৰ পৰা আৰাম পোৱা যায়
01:02 ই লগতে বিপদ কমায় এনিমিয়া,
01:05 গৰ্ভধাৰণৰ মধুমেহ
01:07 আৰু উচ্চ ৰক্তচাপৰ
01:09 ই লগতে সম্ভাৱনাক কমায় কম ওজনৰ শিশু জন্ম হোৱাৰ
01:13 আৰু অকাল প্ৰসবৰ
01:16 ভাল আহাৰৰ উপৰিওঁ, প্ৰতিদিনে ৮ ৰ পৰা ১০ গিলাচ পানী খোৱাক নিশ্বিত কৰক
01:22 পুষ্টিকৰ আহাৰ খোৱাৰ লগতে, ইয়াত থকা পুষ্টিকৰ উপাদান শোষণ কৰাটোওঁ দৰকাৰ
01:29 খাদ্যত থকা ফাইটেতচ, অক্সালেতচ আৰু টানিনচে পুষ্টিকৰ উপাদানৰ শোষণত প্ৰভাৱ পেলাই
01:36 পুষ্টিকৰ উপাদানৰ শোষণক বৃদ্ধি কৰিব পাৰি বিভিন্ন ৰন্ধনৰ কৌশলসমূহ ব্যৱ্হাৰ কৰি
01:42 উদাহৰণস্বৰূপে: ভিজোৱা,
01:45 অংকুৰিত কৰা, ভজা
01:47 আৰু কিম্বন
01:48 ভাপঁত দিয়া, লৰাই ভজা
01:50 আৰু সিজোৱা হৈছে কিছু অন্য উদাহৰণ
01:54 পুষ্টিকৰ উপাদানক বৃদ্ধি কৰিবলৈ, আমি লগতে বিভিন্ন পুষ্টিকৰ পাউদাৰ ব্যৱ্হাৰ কৰিব পাৰো
02:01 পাউদাৰ হয়তো ড্ৰামষ্টিক পাতৰ,
02:03 কাৰি পাতৰ বা বাদাম আৰু বীজৰ ব্যৱ্হাৰ কৰিব পাৰি
02:07 এই পাউদাৰসমূহ বনোৱাৰ পদ্ধতিক আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
02:12 অধিক তথ্যৰ বাবে আমাৰ ওৱেবচাইত চাব
02:15 গৰ্ভধাৰণৰ সমষ্ট ৯ মাহতে স্বাস্থ্যকৰ ওজন বৃদ্ধি হোৱাটো আৱশ্যক
02:20 পৰামৰ্শ দিয়া হয় ত্যাগ কৰিবলৈ চেনী,
02:23 মিঠৈ, প্ৰচেচ কৰা
02:25 আৰু খাবলৈ তৈয়াৰ কৰা খাদ্যসমূহ
02:28 ত্যাগ কৰিব কেফেইন, এলকহল
02:30 আৰু চাধা
02:32 ডক্তৰৰ অনুমতি নোলোৱাকৈ দৰব নাখাব
02:36 ইয়াৰ বিষয়ে অধিককৈ আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
02:40 এতিয়া আহক প্ৰথম বিধিটোৰে আৰম্ভ কৰো যি হৈছে ক’লা চকুৰ বিনৰ ইদলি
02:46 এই বিধি তৈয়াৰ কৰিবলৈ আমাক প্ৰত্যেকৰে ২ চামোচকৈ লাগিব:
02:50 হ’ল পাৰ্ল মিলেত
02:52 হ’ল ফক্সতেইল মিলেত
02:54 আমাক লগতে ১ চামোচকৈ লাগিব
02:57 অংকুৰিত হোৱা ক’লা চকুৰ বিন
02:59 অংকুৰিত হোৱা বঙালী বুট
03:01 মিথি গুটি
03:03 ভজা সূৰ্য্যমূখী ফুলৰ গুটি
03:05 আমাক লগতে ১/৪ চামোচকৈ লাগিব
03:10 ড্ৰামষ্টিক পাতৰ পাউদাৰ, কাৰি পাতৰ পাউদাৰ
03:13 বাদাম আৰু বীজৰ পাউদাৰ
03:15 আৰু নিমখ
03:17 প্ৰথমে ক’লা চকুৰ বিন আৰু বঙালী বুটক অংকুৰিত কৰাৰে আৰম্ভ কৰো
03:22 মই গঁজালি উলোৱাৰ পদ্ধতিক বৰ্ণনা কৰিম
03:25 ক’লা চকুৰ বিন আৰু বঙালী বুটক পৃথককৈ ৰাতিটোৰ বাবে ভিজাই ৰাখক
03:31 ৰাতিপুৱা ছাকক আৰু সিহতক পৃথককৈ মখমলৰ কাপোৰ এখনত বান্ধক
03:36 সিহতক গৰম ঠাইত ২ দিনৰ বাবে থওঁক অংকুৰিত হ’বলৈ
03:40 মনত ৰাখিব যে বিভিন্ন বিনচে বেলেগ বেলেগ সময় লয় অংকুৰিত হ’বলৈ
03:45 গঁজালি উলালে মিলেতচ আৰু মিথি গুটিক একেলগে ভিজাওঁক
03:50 সিহতক ৬ বা ৮ ঘন্টাৰ বাবে বা ৰাতিটো ভিজাওঁক
03:55 ছাকক আৰু মিলেতচক সূৰ্য্যমূখী ফুলৰ গুটি আৰু গঁজালিৰ সৈতে খুন্দি কোমল প্ৰলেপ এটা বনাওঁক
04:01 খুন্দিবৰ বাবে, আপুনি এটা পাথৰৰ খুন্দনা বা মিক্সাৰ এটা ল’ব পাৰে
04:06 খুন্দাৰ পাছত, ইয়াক ৰাতিটো বা ৬ বা ৮ ঘন্টাৰ বাবে ঢাকি ৰাখক কিম্বনৰ বাবে
04:13 ৰন্ধাৰ আগতে, নিমখ আৰু আন সকলো পাউদাৰসমূহ প্ৰলেপটোত দিয়ক আৰু ভালকৈ মিহলাওঁক
04:19 ইদলি বনোৱা সাচক গ্ৰিজ কৰক আৰু ইয়াত প্ৰলেপখিনি দিয়ক
04:24 ইয়াক কুকাৰ বা ষ্টিমাৰ এটাত থওঁক আৰু ১০ বা ১২ মিনিট ৰান্ধক
04:29 বা আপুনি কুকাৰৰ ১/৪ অংশত পানী দি চিতি নমৰাকৈ ভাপত দিব পাৰে
04:35 ৭ বা ৮ মিনিটৰ পাছত ইদলিখিনি আতৰাওঁক আৰু গৰমে গৰমে খাওঁক
04:41 এই বিধিত প্ৰচুৰকৈ থাকে প্ৰ’টিন,
04:45 কেলচিয়াম আৰু আইৰন
04:47 ইয়াত লগতে প্ৰচুৰকৈ থাকে ফ’লেত,
04:50 মেগনেচিয়াম আৰু পটাচিয়াম
04:53 পাছৰ বিধিটো হৈছে মিলেত খিচিৰি
04:56 ইয়াক বনাবলৈ, আমাক প্ৰত্যেকৰে ১ চামোচকৈ লাগিব
05:01 হ’ল বাৰ্নয়াৰ্দ মিলেত, অংকুৰিত পাৰ্ল মিলেত
05:04 অংকুৰিত চ’য়াবিন
05:06 এটা কাটিলোৱা পিয়াজ, এটা কাটিলোৱা গাজৰ
05:09 এটা কাটিলোৱা বিত
05:11 আমাক লগতে ১ চামোচকৈ লাগিব
05:15 সতেজ নাৰিকল ৰোকা
05:17 আৰু পপি গুটি
05:19 আমাক লগতে লাগিব
05:21 আধা কাপ দৈ
05:23 প্ৰতিবিধ সামগ্ৰীৰে ১/৪ চামোচকৈ
05:26 হালধী পাউদাৰ, ধনীয়া
05:28 আৰু জীৰা গুটিৰ পাউদাৰ
05:30 জীৰা গুটি,
05:32 ড্ৰামষ্টিক পাতৰ পাউদাৰ, কাৰি পাতৰ পাউদাৰ,
05:35 নিমখ সোৱাদ অনুসৰি আৰু
05:37 ১ চামোচ তেল বা ঘিউ
05:40 মন কৰিব, মই পাৰ্ল মিলেত আৰু চ’য়া বিনক পৃথককৈ ভিজাই ৰাখিছো গঁজালি উলাবলৈ
05:46 এবিধ সামগ্ৰীক হয়তো গঁজালি উলাবলৈ বেছি সময় লাগিব পাৰে বা দুয়োবিধেই একে সময়তেই অংকুৰিত হ’ব পাৰে
05:52 মোৰ ক্ষেত্ৰত, চ’য়া বিনক গঁজালি উলাবলৈ বেছি সময় লাগিল
05:57 বাৰ্নয়াৰ্দ মিলেতক ৬ বা ৮ ঘন্টাৰ বাবে পানীত ভিজাই ৰাখক
06:01 পানীখিনি ছাকক আৰু এফালে থওঁক
06:04 প্ৰেচাৰ কুকাৰ এটাত তেল গৰম কৰক আৰু জীৰা গুটি দিয়ক
06:09 এতিয়া, শাক-পাচলি, গঁজালি উলোৱা মিলেতচ, গঁজালি উলোৱা চ’য়াবিন আৰু দৈখিনি দিয়ক
06:17 নাৰিকল ৰোকা, পপি গুটি, নিমখ, পাউদাৰসমূহ আৰু সকলো শুকান মচলা দিয়ক
06:23 ভালকৈ মিহলাওঁক
06:25 পাছত, ১ কাপ পানী দিয়ক
06:28 প্ৰেচাৰ কুকাৰত খিচিৰিখিনিক ২ টা চিটি মাৰক
06:32 হ’লে, গৰমে গৰমে খাওঁক
06:35 এই বিধিত প্ৰচুৰকৈ থাকে প্ৰ’টিনচ,
06:38 ভাল চৰ্বী, ভিটামিন-A
06:40 আৰু কেলচিয়াম
06:42 ইয়াত খনিজ পদাৰ্থ প্ৰচুৰকৈ থাকে যেনে আইৰন,
06:45 ফ’লেত, মেগনেচিয়াম
06:47 আৰু ফছফৰাছ
06:49 আমাৰ তৃতীয় বিধি হৈছে মগু মাহৰ ৰাপ
06:53 এই বিধিৰ বাবে আমাক লাগিব:
06:55 মল্টেদ ৰাগী আটা- ¼ কাপ
06:58 বঙালী বুটৰ বেচন- ১ চামোচ
07:01 গঁজালি উলোৱা মগু- আধা কাপ
07:04 ভাঙিলোৱা পনীৰ- ¼ কাপ
07:06 কাটিলোৱা পিয়াজ- ১ চামোচ
07:08 কাটিলোৱা বিলাহী- ১ চামোচ
07:12 আমাক লগতে লাগিব ১/৪ চামোচকৈ প্ৰত্যেকৰে:
07:15 হালধী পাউদাৰ
07:17 ধনীয়া আৰু জীৰা গুটিৰ পাউদাৰ
07:19 জীৰা গুটি, কাৰি পাতৰ পাউদাৰ
07:22 ড্ৰামষ্টিক পাতৰ পাউদাৰ
07:24 ১ চামোচ তেল বা ঘিউ
07:27 আমাক লগতে লাগিব নেমু এফাল
07:29 আৰু নিমখ সোৱাদ অনুসৰি
07:32 পদ্ধতিঃ মগুখিনিক অংকুৰিত কৰক এই টিউট’ৰিয়েলত আগতে উল্লেখ কৰাৰ দৰে
07:37 মল্টেদ ৰাগী আটা বনাবলৈ, ৰাগীখিনি ৰাতিটো ভিজাই ৰাখক
07:42 এতিয়া সিহতক মখমলৰ কাপোৰ এখনত বান্ধক আৰু ৬ বা ৮ ঘন্টাৰ বাবে বা ৰাতিটো ৰাখক
07:48 ইয়াৰ গঁজালি উলালে, অংকুৰিত হোৱা ৰাগীখিনিক শুকানকৈ ভাজক আইৰনৰ কেৰাহি এটাত
07:54 ইয়াৰ পাছত, খুন্দনা এটাত ইয়াক খুন্দি আটা বনাওঁক আৰু এফালে থওঁক
08:01 আইৰনৰ পেন এখনত তেল গৰম কৰক
08:04 জীৰা গুটি, শুকান মচলা আৰু পাউদাৰখিনি দিয়ক
08:09 কাটিলোৱা পিয়াজ আৰু বিলাহীখিনি দিয়ক আৰু কোমল নোহোৱালৈকে লৰাই ভাজক
08:14 পাছত, গঁজালি উলোৱা মগুখিনি দিয়ক আৰু ১০ মিনিটৰ বাবে ৰান্ধক
08:19 পনীৰ আৰু নিমখ দিয়ক আৰু ৫ ৰ পৰা ১০ মিনিট ৰান্ধক
08:24 ¼ কাপ পানী দিয়ক আৰু পুনৰ ৫ ৰ পৰা ১০ মিনিট ৰান্ধক
08:30 জুই বন্ধ কৰক আৰু ঠাণ্ডা হ’বলৈ দিয়ক
08:34 এতিয়া নেমু পানী দিয়ক আৰু মিশ্ৰণখিনিক এফালে থওঁক
08:38 পাছত, মল্টেদ ৰাগী আটা আৰু বঙালী বুটৰ বেচনক বাতি এটাত মিহলাওঁক
08:44 কুহুমীয়া গৰম পানী দিয়ক আৰু ইয়াক মাৰি লডা এটা কৰক
08:48 এতিয়া গোল আকাৰৰ পৰাথা বেলি লওঁক
08:51 পৰাথাক দুয়োফালে ভাজক আইৰনৰ পেন এখনত
08:56 পৰাথাটো প্লেত এখনত থওঁক আৰু মগুৰ মিশ্ৰণ দিয়ক পৰাথাটোৰ মাজত
09:02 এতিয়া সিহতক ভাজ কৰি ৰাপ কৰক আৰু খাওঁক
09:05 এই বিধিত প্ৰচুৰকৈ থাকে প্ৰ’টিন
09:07 আৰু ভাল চৰ্বী
09:10 ই লগতে এটা উৎস হয় কেলচিয়াম,
09:12 আইৰন, ফ’লেত,
09:14 মেগনেচিয়াম আৰু জিংকৰ
09:16 ইয়াত উল্লেখ কৰা মিলেতচৰ উপৰিওঁ, আপুনি আন মিলেতচ আৰু খাদ্যশস্যক ল’ব পাৰে
09:22 উদাহৰণস্বৰূপে: জোৱাৰ,
09:24 ক’ড’ মিলেত, ভঙা ঘেঁহু
09:26 বা হ’ল ঘেঁহু
09:28 একেদৰে, আপুনি লগতে আন অংকুৰিত হোৱাক ল’ব পাৰে
09:32 উদাহৰণস্বৰূপে: অংকুৰিত কাবুলী বুট,
09:35 অংকুৰিত সেউজীয়া মটৰ বা
09:37 অংকুৰিত মথ বিনচ
09:39 উল্লেখিত বীজৰ উপৰিওঁ, আপুনি লগতে ল’কেলি উপলদ্ধ আন বীজসমূহ ল’ব পাৰে
09:46 উদাহৰণস্বৰূপে: তিল গুটি,
09:48 ৰঙালাউৰ গুটি,
09:50 ফ্লেক্স গুটি আৰু গাৰ্দেন ক্ৰেচ গুটি
09:53 এই সকলো বিধিকে সংলগ্ন কৰক এটা স্বাস্থ্যকৰ গৰ্ভধাৰণ আৰু শিশুটোৰ ভাল স্বাস্থ্যৰ বাবে
10:00 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9