Health-and-Nutrition/C2/Protein-rich-vegetarian-recipes/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:00 | প্ৰ’টিন প্ৰচুৰকৈ থকা নিৰামিষ বিধিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:05 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: |
| 00:09 | প্ৰ’টিনৰ লাভসমূহ । প্ৰ’টিন প্ৰচুৰকৈ থকা কিছু নিৰামিষ বিধি |
| 00:14 | প্ৰ’টিনে মাংসপেশীৰ কলাসমূহৰ বৃদ্ধি, মেৰামতি আৰু ৰক্ষণাবেক্ষণত সহায় কৰে |
| 00:21 | ই লগতে তেজৰ শৰ্কৰা লেভেলচ নিয়ণ্ট্ৰণ কৰে |
| 00:26 | প্ৰ’টিনৰ গুৰূত্বৰ বিষয়ে আন এটা টিউট’ৰিয়েলত বিতংকৈ বৰ্ণনা কৰা হৈছে |
| 00:31 | এই টিউট’ৰিয়েলৰ বাবে আমাৰ ওৱেবচাইত চাওঁক |
| 00:35 | আহক প্ৰ’টিনৰ নিৰামিষ উৎসসমূহ চাওঁ |
| 00:39 | গাখীৰ আৰু গাখীৰৰ বস্তুসমূহ, |
| 00:41 | ডালি, |
| 00:43 | বাদাম আৰু বীজসমূহ হৈছে প্ৰ’টিনৰ ভাল উৎস |
| 00:47 | এতিয়া, আহক কিছু প্ৰ’টিন প্ৰচুৰকৈ থকা নিৰামিষ বিধি চাওঁ |
| 00:52 | আমাৰ প্ৰথম বিধি হৈছে পনীৰ মছলা (টুকুৰা পনীৰৰ কাৰি) |
| 00:55 | এই বিধিটো বনাবলৈ, আপোনাক লাগিব: |
| 00:58 | ৭০ গ্ৰাম বা আধা কাপ পনীৰ |
| 01:01 | ৭০ গ্ৰাম বা আধা কাপ দৈ |
| 01:04 | ১ চামোচ ভজা বেচন |
| 01:08 | আপোনাক লগতে লাগিব: |
| 01:10 | ১ চামোচ ৰঙা জলকীয়া পাউদাৰ |
| 01:12 | আধা চামোচ হালধী পাউদাৰ |
| 01:15 | আধা চামোচ কাৰি পাতৰ পাউদাৰ |
| 01:18 | আধা চামোচ গৰম মচলা পাউদাৰ |
| 01:21 | ১ চামোচ তেল বা ঘিউ |
| 01:23 | নিমখ সোৱাদ অনুসৰি |
| 01:25 | পদ্ধতি: |
| 01:27 | দৈখিনি বাতি এটাত ঘুটি থাকক কোমল নোহোৱালৈকে |
| 01:31 | মচলা, নিমখ, কাৰি পাতৰ পাউদাৰ আৰু বেচন যোগ কৰক |
| 01:36 | সকলোকে পুনৰ মিক্স কৰক |
| 01:38 | ইয়াত, পনীৰৰ টুকুৰাখিনি দি ভালকৈ মিক্স কৰক |
| 01:43 | বাতিটোত ঢাকনী এখন দিয়ক আৰু ৩০ মিনিট থাকিব দিয়ক |
| 01:47 | ১ চামোচ তেল বা ঘিউ পেন এখনত গৰম কৰক |
| 01:51 | দৈৰ মিশ্ৰণৰ সৈতে পনীৰখিনি দিয়ক |
| 01:55 | ইয়াত আধা গ্লাচ পানী দিয়ক |
| 01:58 | ইয়াক ২ ৰ পৰা ৫ মিনিট ৰান্ধক মিশ্ৰণটো ডাঠ নোহোৱালৈকে |
| 02:02 | পনীৰ মচলা তৈয়াৰ হ’ল |
| 02:05 | আধা বাতি পনীৰ মচলাত ২২ গ্ৰাম প্ৰ’টিন থাকে |
| 02:10 | পাছৰ বিধিটো হৈছে মগুৰ কাৰি |
| 02:13 | এই বিধিটো বনাবলৈ, আপোনাক লাগিব: |
| 02:16 | ১০০ গ্ৰাম বা ৩/৪ কাপ দৈ |
| 02:19 | ৩০ গ্ৰাম বা ১/৪ কাপ গঁজালি ওলোৱা মগু |
| 02:23 | ১/৪ কাপ ধুই কাটি লোৱা ধনীয়া পাত |
| 02:27 | ৪ চামোচ বেচন |
| 02:30 | আধা চামোচ হালধী পাউদাৰ |
| 02:33 | ১ চামোচ ৰঙা জলকীয়া পাউদাৰ |
| 02:36 | আপোনাক লগতে লাগিব: |
| 02:38 | আধা চামোচ সৰিয়হৰ গুটি |
| 02:40 | আধা চামোচ জীৰা গুটি |
| 02:43 | এটা সেউজীয়া জলকীয়া |
| 02:45 | ১ চামোচ তেল |
| 02:47 | ৪ বা ৫ টা কাৰি পাত |
| 02:49 | নিমখ সোৱাদ অনুসৰি |
| 02:51 | পদ্ধতি: |
| 02:53 | আমি প্ৰথমে গঁজালি মেলাৰে আৰম্ভ কৰিম |
| 02:55 | মগুখিনি এৰাতি পানীত ভিজাওঁক |
| 02:59 | ইয়াক ৰাতিপুৱা টোকক আৰু চাফা মখমলৰ কাপোৰ এখনত বান্ধক |
| 03:03 | এদিনৰ বাবে গৰম ঠাইত অংকুৰিত হ’বলৈ সিহতক ৰাখক গঁজালি নোলোৱালৈকে |
| 03:09 | মিক্সাৰ এটা ব্যৱ্হাৰ কৰি গঁজালিখিনি আৰু সেউজীয়া জলকীয়াক পিচি ডাঠ পেষ্ট কৰক |
| 03:14 | যদি মিক্সাৰ উপলদ্ধ নহয় পাথৰৰ খুন্দনা এটা ব্যৱ্হাৰ কৰিব পাৰে |
| 03:19 | এই পেষ্টক বাতি এটাত থওঁক |
| 03:21 | ধনীয়া পাত, ২ চামোচ বেচন আৰু নিমখ দিয়ক আৰু ভালকৈ মিক্স কৰক |
| 03:27 | এই পেষ্টৰ সৰু সৰু গোলা বনাওঁক আৰু ভাপ দিয়া প্লেত এখনত থওঁক |
| 03:32 | ইয়াক ষ্টিমাৰ এটাত ৬ ৰ পৰা ৮ মিনিটলৈ ভাপত দিয়ক |
| 03:36 | ভাপত দিয়া গোলাখিনিক ঠাণ্ডা হ’বলৈ দিয়ক |
| 03:40 | দৈৰ কাৰি বনাবলৈ, বাতি এটাত দৈখিনি ঘোটক |
| 03:44 | ২ চামোচ বেচন আৰু মচলা দিয়ক আৰু সকলোখিনি ভালকৈ মিক্স কৰক |
| 03:50 | ১ কাপ পানী দিয়ক, পুনৰ মিক্স কৰক আৰু এই মিক্সাৰক বেলেগে ৰাখক |
| 03:55 | পেন এখনত তেল গৰম কৰক আৰু সৰিয়হ আৰু জীৰা গুটিখিনি দিয়ক |
| 04:00 | সিহত ফুটিবলৈ আৰম্ভ কৰিলে, কাৰি পাত আৰু দৈৰ মিক্সাৰ দিয়ক |
| 04:04 | ইয়াক মধ্যম জুইত ৰান্ধক |
| 04:07 | মাজে মাজে লৰাই থাকিব মিক্সাৰখিনি ডাঠ নোহোৱালৈকে |
| 04:12 | মিক্সাৰখিনি ডাঠ হ’লে ভাপত দিয়া গোলাখিনি দিব আৰু ১ মিনিট ৰান্ধিব |
| 04:17 | মগুৰ কাৰি তৈয়াৰ হ’ল |
| 04:20 | ইয়াৰ আধা বাতি কাৰিত প্ৰায় ১৭ গ্ৰাম প্ৰ’টিন থাকে |
| 04:25 | তৃতীয় বিধিটো হৈছে জোৱাৰ আৰু চ’য়া ড’চা মিক্স তিলৰ সৈতে |
| 04:31 | এই বিধিটো বনাবলৈ, আপোনাক লাগিব: |
| 04:34 | দেৰ চামোচ চ’য়া বিন |
| 04:37 | ২ চামোচ জোৱাৰ |
| 04:40 | ২ চামোচ ফলা ক’লা বুট |
| 04:43 | ১ চামোচ মিথি গুটি |
| 04:45 | তিলৰ মিশ্ৰণটো বনাবলৈ আপোনাক লাগিব: |
| 04:49 | ২ চামোচ ভজা বঙালী বুট |
| 04:52 | ২ চামোচ ফলা ক’লা বুট |
| 04:54 | ২ চামোচ তিল |
| 04:57 | ২ টা শুকান ৰঙা জলকীয়া |
| 04:59 | ১ ঠাল কাৰি পাত |
| 05:01 | নিমখ সোৱাদ অনুসৰি |
| 05:03 | আপোনাক লগতে লাগিব ১ চামোচ তেল বা ঘিউ |
| 05:08 | পদ্ধতি: ধুই লওঁক জোৱাৰ, |
| 05:10 | ফলা ক’লা বুট, চ’য়া বিনচ |
| 05:13 | আৰু পানীত ভিজাই ৰাখক ৮ ঘন্টাৰ বাবে |
| 05:16 | একেটা পাত্ৰতে মিথি গুটিখিনিওঁ ভিজাব |
| 05:20 | ৮ ঘন্টাৰ পাছত, সিহতক খুন্দি কোমল পেষ্ট এটা বনাব |
| 05:23 | ইয়াক বাতি এটাত থওঁক |
| 05:26 | বাতিটো গৰম ঠাইত ৭ ৰ পৰা ৮ ঘন্টা থওঁক মিশ্ৰিত হ’বলৈ |
| 05:31 | মাজতে, পেন এখন গৰম কৰি ৰঙা জলকীয়া আৰু কাৰি পাতখিনিক শুকানকৈ ভাজক মচমচীয়া হোৱাকৈ |
| 05:37 | সিহতক ঠাণ্ডা হ’বলৈ দিয়ক |
| 05:39 | একেখন পেনত, ফলা বঙালী বুট, ক’লা বুট আৰু তিলখিনি ভাজক |
| 05:47 | সিহত পাতল মুগা ৰঙৰ নোহোৱালৈকে ভাজক |
| 05:50 | ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক |
| 05:52 | ঠাণ্ডা হ’লে, খুন্দি মিহি পাউদাৰ কৰক |
| 05:56 | আমি ইয়াক পাছত ব্যৱ্হাৰ কৰিম |
| 05:59 | মিশ্ৰণটো প্ৰস্তুত হ’লে নিমখ দিব আৰু ভালকৈ মিহলাব |
| 06:03 | পেন এখনত তেল বা ঘিউ গৰম কৰক আৰু মিশ্ৰণখিনি দি লাহেকৈ বহলাই দিব |
| 06:08 | ড’চাটো অলপ সিজিলে, ২ চামোচ তৈয়াৰ কৰা পাউদাৰ দিব |
| 06:14 | ড’চাটো নিসিজালৈকে ঢাকনি এখন দিব |
| 06:18 | জোৱাৰ আৰু চ’য়া ড’চা তৈয়াৰ হ’ল |
| 06:21 | ২ টা ড’চাত প্ৰায় ১৭ গ্ৰাম প্ৰ’টিন থাকে |
| 06:25 | পাছৰ বিধিটো হৈছে বঙালী বুটৰ কাটলেটচ |
| 06:29 | এই বিধিটো বনাবলৈ, আপোনাক লাগিব: |
| 06:31 | ৫০ গ্ৰাম গঁজালি উলোৱা বঙালী বুট |
| 06:34 | ৪০ গ্ৰাম বা দেৰ চামোচ দৈ |
| 06:38 | ১ টা সৰূকৈ কাটিলোৱা গাজৰ |
| 06:41 | ১ টা কাটিলোৱা সৰূ পিঁয়াজ |
| 06:44 | ১৫ গ্ৰাম বা ১ চামোচ ভজা বেচন |
| 06:48 | ২০ গ্ৰাম তিল |
| 06:51 | আপোনাক লগতে লাগিব: |
| 06:53 | আধা চামোচ হালধী পাউদাৰ |
| 06:56 | ১ চামোচ জলকীয়া পাউদাৰ |
| 06:58 | ১ চামোচ আদা-নহৰূৰ পেষ্ট |
| 07:01 | ২ চামোচ তেল বা ঘিউ |
| 07:03 | নিমখ সোৱাদ অনুসৰি |
| 07:05 | পদ্ধতি: |
| 07:07 | গঁজালি উলোৱা বঙালী বুটক প্ৰেচাৰ কুকাৰত ৩ টা চিটি মাৰক |
| 07:10 | ইয়াক এফালে থওঁক প্ৰেচাৰ যাবলৈ |
| 07:14 | ঠাণ্ডা হোৱা গঁজালি উলোৱা বঙালী বুটক বাতি এটাত লৈ ভাঙি লওঁক |
| 07:19 | ইয়াত পিঁয়াজ, গাজৰ আৰু ভজা বেচন দি ভালকৈ মিহলাওঁক |
| 07:25 | এতিয়া, মচলা, নিমখ, আদা নহৰূৰ পেষ্ট আৰু দৈ দিয়ক |
| 07:31 | সকলোখিনি সামগ্ৰীকে মিহলাওঁক আৰু ৪ টা গোলা বনাওঁক |
| 07:35 | গোলাকেইটাক চেপেটা কৰি কাটলেটচ বনাওঁক |
| 07:38 | এই কাটলেটচত তিল লগাওঁক আৰু এফালে থওঁক |
| 07:42 | পেন এখনত তেল বা ঘিউ গৰম কৰক |
| 07:45 | কাটলেটচক অলপ ভাজক দুয়োফালে সোণালী মুগা ৰঙৰ নোহোৱালৈকে |
| 07:49 | বঙালী বুটৰ কাটলেটচ তৈয়াৰ হ’ল |
| 07:52 | ৪ টা কাটলেটত ১৭ গ্ৰাম প্ৰ’টিন থাকে |
| 07:56 | খাদ্যশস্য আৰু ডালিত অসম্পূৰ্ণ প্ৰ’টিন থাকে |
| 08:00 | খাদ্যশস্যত methionine কম থাকে আৰু ডালিত লাইচিন কম থাকে |
| 08:04 | সেইবাবে, বিভিন্ন খাদ্যৰ গ্ৰোপচ একত্ৰিত কৰা হৈছে এই বিধিসমূহ বনাওঁতে |
| 08:10 | সিহতক একেলগে খালে খাদ্যত থকা অপৰ্যাপ্ত এমিন’ এচিদক পৰিপূৰণ কৰিব |
| 08:16 | ইয়াক কোৱা হয় প্ৰ’টিনৰ পৰিপূৰক একচন |
| 08:20 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |