Health-and-Nutrition/C2/Protein-rich-vegetarian-recipes/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:00 | প্ৰ’টিন প্ৰচুৰকৈ থকা নিৰামিষ বিধিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:05 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: |
| 00:07 | প্ৰ’টিনৰ লাভসমূহ |
| 00:09 | প্ৰ’টিন প্ৰচুৰকৈ থকা কিছু নিৰামিষ বিধি |
| 00:13 | প্ৰ’টিনে মাংসপেশীৰ কলাসমূহৰ বৃদ্ধি, মেৰামতি আৰু ৰক্ষণাবেক্ষণত সহায় কৰে |
| 00:19 | ই লগতে তেজৰ শৰ্কৰা লেভেলচ নিয়ণ্ট্ৰণ কৰে |
| 00:24 | প্ৰ’টিনৰ গুৰূত্বৰ বিষয়ে আন এটা টিউট’ৰিয়েলত বিতংকৈ বৰ্ণনা কৰা হৈছে |
| 00:30 | এই টিউট’ৰিয়েলৰ বাবে আমাৰ ওৱেবচাইত চাওঁক |
| 00:33 | আহক প্ৰ’টিনৰ নিৰামিষ উৎসসমূহ চাওঁ |
| 00:37 | গাখীৰ আৰু গাখীৰৰ বস্তুসমূহ, |
| 00:39 | ডালি, |
| 00:41 | বাদাম আৰু বীজসমূহ হৈছে প্ৰ’টিনৰ ভাল উৎস |
| 00:44 | এতিয়া, আহক কিছু প্ৰ’টিন প্ৰচুৰকৈ থকা নিৰামিষ বিধি চাওঁ |
| 00:49 | আমাৰ প্ৰথম বিধি হৈছে পনীৰ মছলা (টুকুৰা পনীৰৰ কাৰি) |
| 00:52 | এই বিধিটো বনাবলৈ, আপোনাক লাগিব: |
| 00:55 | ৭০ গ্ৰাম বা আধা কাপ পনীৰ, |
| 00:58 | ৭০ গ্ৰাম বা আধা কাপ দৈ, |
| 01:02 | ১ চামোচ ভজা বেচন, |
| 01:06 | আপোনাক লগতে লাগিব: ১ চামোচ ৰঙা জলকীয়া পাউদাৰ |
| 01:11 | আধা চামোচ হালধী পাউদাৰ |
| 01:15 | আধা চামোচ কাৰি পাতৰ পাউদাৰ |
| 01:19 | আধা চামোচ গৰম মচলা পাউদাৰ |
| 01:22 | ১ চামোচ তেল বা ঘিউ |
| 01:25 | নিমখ সোৱাদ অনুসৰি |
| 01:28 | পদ্ধতি: দৈখিনি বাতি এটাত ঘুটি থাকক কোমল নোহোৱালৈকে |
| 01:32 | মচলা, নিমখ, কাৰি পাতৰ পাউদাৰ আৰু বেচন যোগ কৰক |
| 01:38 | সকলোকে পুনৰ মিক্স কৰক |
| 01:40 | ইয়াত, পনীৰৰ টুকুৰাখিনি দি ভালকৈ মিক্স কৰক |
| 01:45 | বাতিটোত ঢাকনী এখন দিয়ক আৰু ৩০ মিনিট থাকিব দিয়ক |
| 01:51 | ১ চামোচ তেল বা ঘিউ পেন এখনত গৰম কৰক |
| 01:54 | দৈৰ মিশ্ৰণৰ সৈতে পনীৰখিনি দিয়ক |
| 01:58 | ইয়াত আধা গ্লাচ পানী দিয়ক |
| 02:01 | ইয়াক ২ ৰ পৰা ৫ মিনিট ৰান্ধক মিশ্ৰণটো ডাঠ নোহোৱালৈকে |
| 02:07 | পনীৰ মচলা তৈয়াৰ হ’ল |
| 02:09 | আধা বাতি পনীৰ মচলাত ২২ গ্ৰাম প্ৰ’টিন থাকে |
| 02:14 | পাছৰ বিধিটো হৈছে মগুৰ কাৰি |
| 02:18 | এই বিধিটো বনাবলৈ, আপোনাক লাগিব: |
| 02:21 | ১০০ গ্ৰাম বা ৩/৪ কাপ দৈ |
| 02:25 | ৩০ গ্ৰাম বা ১/৪ কাপ গঁজালি ওলোৱা মগু |
| 02:30 | ১/৪ কাপ ধুই কাটি লোৱা ধনীয়া পাত |
| 02:35 | ৪ চামোচ বেচন |
| 02:38 | আধা চামোচ হালধী পাউদাৰ |
| 02:41 | ১ চামোচ ৰঙা জলকীয়া পাউদাৰ |
| 02:44 | আপোনাক লগতে লাগিব: আধা চামোচ সৰিয়হৰ গুটি, |
| 02:49 | আধা চামোচ জীৰা গুটি, |
| 02:52 | এটা সেউজীয়া জলকীয়া, |
| 02:54 | ১ চামোচ তেল, |
| 02:56 | ৪ বা ৫ টা কাৰি পাত, |
| 02:59 | নিমখ সোৱাদ অনুসৰি |
| 03:02 | মই পদ্ধতিটো বৰ্ণনা কৰিম: |
| 03:04 | আমি প্ৰথমে গঁজালি মেলাৰে আৰম্ভ কৰিম |
| 03:07 | মগুখিনি এৰাতি পানীত ভিজাওঁক |
| 03:11 | ইয়াক ৰাতিপুৱা টোকক আৰু |
| 03:13 | চাফা মখমলৰ কাপোৰ এখনত বান্ধক |
| 03:16 | এদিনৰ বাবে গৰম ঠাইত অংকুৰিত হ’বলৈ সিহতক ৰাখক গঁজালি নোলোৱালৈকে |
| 03:23 | মিক্সাৰ এটা ব্যৱ্হাৰ কৰি গঁজালিখিনি আৰু সেউজীয়া জলকীয়াক পিচি ডাঠ পেষ্ট কৰক |
| 03:28 | যদি মিক্সাৰ উপলদ্ধ নহয় পাথৰৰ খুন্দনা এটা ব্যৱ্হাৰ কৰিব পাৰে |
| 03:33 | এই পেষ্টক বাতি এটাত থওঁক |
| 03:36 | ধনীয়া পাত, ২ চামোচ বেচন আৰু নিমখ দিয়ক আৰু ভালকৈ মিক্স কৰক |
| 03:43 | এই পেষ্টৰ সৰু সৰু গোলা বনাওঁক |
| 03:45 | আৰু ভাপ দিয়া প্লেত এখনত থওঁক |
| 03:48 | ইয়াক ষ্টিমাৰ এটাত ৬ ৰ পৰা ৮ মিনিটলৈ ভাপত দিয়ক |
| 03:53 | ভাপত দিয়া গোলাখিনিক ঠাণ্ডা হ’বলৈ দিয়ক |
| 03:56 | দৈৰ কাৰি বনাবলৈ, বাতি এটাত দৈখিনি ঘোটক |
| 03:59 | ২ চামোচ বেচন আৰু মচলা দিয়ক |
| 04:04 | আৰু সকলোখিনি ভালকৈ মিক্স কৰক |
| 04:08 | ১ কাপ পানী দিয়ক, পুনৰ মিক্স কৰক আৰু এই মিক্সাৰক বেলেগে ৰাখক |
| 04:13 | পেন এখনত তেল গৰম কৰক আৰু সৰিয়হ আৰু জীৰা গুটিখিনি দিয়ক |
| 04:18 | সিহত ফুটিবলৈ আৰম্ভ কৰিলে, কাৰি পাত আৰু দৈৰ মিক্সাৰ দিয়ক |
| 04:23 | ইয়াক মধ্যম জুইত ৰান্ধক |
| 04:26 | মাজে মাজে লৰাই থাকিব মিক্সাৰখিনি ডাঠ নোহোৱালৈকে |
| 04:30 | মিক্সাৰখিনি ডাঠ হ’লে ভাপত দিয়া গোলাখিনি দিব আৰু ১ মিনিট ৰান্ধিব |
| 04:36 | মগুৰ কাৰি তৈয়াৰ হ’ল |
| 04:39 | ইয়াৰ আধা বাতি কাৰিত প্ৰায় ১৭ গ্ৰাম প্ৰ’টিন থাকে |
| 04:44 | তৃতীয় বিধিটো হৈছে জোৱাৰ আৰু চ’য়া ড’চা মিক্স তিলৰ সৈতে |
| 04:50 | এই বিধিটো বনাবলৈ, আপোনাক লাগিব: |
| 04:53 | দেৰ চামোচ চ’য়া বিন, |
| 04:57 | ২ চামোচ জোৱাৰ, |
| 04:59 | ২ চামোচ ফলা ক’লা বুট, |
| 05:02 | আৰু ১ চামোচ মিথি গুটি |
| 05:06 | তিলৰ মিশ্ৰণটো বনাবলৈ আপোনাক লাগিব: |
| 05:09 | ২ চামোচ ভজা বঙালী বুট, |
| 05:12 | ২ চামোচ ফলা ক’লা বুট, |
| 05:15 | ২ চামোচ তিল, |
| 05:18 | ২ টা শুকান ৰঙা জলকীয়া, |
| 05:21 | ১ ঠাল কাৰি পাত, |
| 05:23 | আৰু নিমখ সোৱাদ অনুসৰি |
| 05:25 | আপোনাক লগতে লাগিব ১ চামোচ তেল বা ঘিউ |
| 05:30 | পদ্ধতি: ধুই লওঁক জোৱাৰ, |
| 05:32 | ফলা ক’লা বুট, |
| 05:34 | চ’য়া বিনচ আৰু পানীত ভিজাই ৰাখক ৮ ঘন্টাৰ বাবে |
| 05:39 | একেটা পাত্ৰতে মিথি গুটিখিনিওঁ ভিজাব |
| 05:43 | ৮ ঘন্টাৰ পাছত, সিহতক খুন্দি কোমল পেষ্ট এটা বনাব |
| 05:47 | ইয়াক বাতি এটাত থওঁক |
| 05:50 | বাতিটো গৰম ঠাইত ৭ ৰ পৰা ৮ ঘন্টা থওঁক মিশ্ৰিত হ’বলৈ |
| 05:57 | মাজতে, পেন এখন গৰম কৰি ৰঙা জলকীয়া আৰু কাৰি পাতখিনিক শুকানকৈ ভাজক মচমচীয়া হোৱাকৈ |
| 06:04 | সিহতক ঠাণ্ডা হ’বলৈ দিয়ক |
| 06:06 | একেখন পেনত, ফলা বঙালী বুট, ক’লা বুট আৰু তিলখিনি ভাজক |
| 06:12 | সিহত পাতল মুগা ৰঙৰ নোহোৱালৈকে ভাজক |
| 06:17 | ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক |
| 06:20 | ঠাণ্ডা হ’লে, খুন্দি মিহি পাউদাৰ কৰক |
| 06:23 | আমি ইয়াক পাছত ব্যৱ্হাৰ কৰিম |
| 06:25 | মিশ্ৰণটো প্ৰস্তুত হ’লে নিমখ দিব আৰু ভালকৈ মিহলাব |
| 06:30 | পেন এখনত তেল বা ঘিউ গৰম কৰক আৰু মিশ্ৰণখিনি দি লাহেকৈ বহলাই দিব |
| 06:36 | ড’চাটো অলপ সিজিলে, ২ চামোচ তৈয়াৰ কৰা পাউদাৰ দিব |
| 06:42 | ড’চাটো নিসিজালৈকে ঢাকনি এখন দিব |
| 06:45 | জোৱাৰ আৰু চ’য়া ড’চা তৈয়াৰ হ’ল |
| 06:48 | ২ টা ড’চাত প্ৰায় ১৭ গ্ৰাম প্ৰ’টিন থাকে |
| 06:53 | পাছৰ বিধিটো হৈছে বঙালী বুটৰ কাটলেটচ |
| 06:57 | এই বিধিটো বনাবলৈ, আপোনাক লাগিব: |
| 07:00 | ৫০ গ্ৰাম গঁজালি উলোৱা বঙালী বুট, |
| 07:03 | ৪০ গ্ৰাম বা দেৰ চামোচ দৈ, |
| 07:08 | ১ টা সৰূকৈ কাটিলোৱা গাজৰ, |
| 07:10 | ১ টা কাটিলোৱা সৰূ পিঁয়াজ, |
| 07:14 | ১৫ গ্ৰাম বা ১ চামোচ ভজা বেচন, |
| 07:18 | আৰু ২০ গ্ৰাম তিল |
| 07:22 | আপোনাক লগতে লাগিব: |
| 07:24 | আধা চামোচ হালধী পাউদাৰ, |
| 07:27 | ১ চামোচ জলকীয়া পাউদাৰ, |
| 07:31 | ১ চামোচ আদা-নহৰূৰ পেষ্ট, |
| 07:34 | ২ চামোচ তেল বা ঘিউ, |
| 07:37 | আৰু নিমখ সোৱাদ অনুসৰি |
| 07:40 | পদ্ধতি: গঁজালি উলোৱা বঙালী বুটক প্ৰেচাৰ কুকাৰত ৩ টা চিটি মাৰক |
| 07:45 | ইয়াক এফালে থওঁক প্ৰেচাৰ যাবলৈ |
| 07:49 | ঠাণ্ডা হোৱা গঁজালি উলোৱা বঙালী বুটক বাতি এটাত লৈ ভাঙি লওঁক |
| 07:54 | ইয়াত পিঁয়াজ, গাজৰ আৰু ভজা বেচন দি ভালকৈ মিহলাওঁক |
| 08:01 | এতিয়া, মচলা, নিমখ, আদা নহৰূৰ পেষ্ট আৰু দৈ দিয়ক |
| 08:07 | সকলোখিনি সামগ্ৰীকে মিহলাওঁক আৰু ৪ টা গোলা বনাওঁক |
| 08:12 | গোলাকেইটাক চেপেটা কৰি কাটলেটচ বনাওঁক |
| 08:14 | এই কাটলেটচত তিল লগাওঁক আৰু এফালে থওঁক |
| 08:19 | পেন এখনত তেল বা ঘিউ গৰম কৰক |
| 08:22 | কাটলেটচক অলপ ভাজক দুয়োফালে সোণালী মুগা ৰঙৰ নোহোৱালৈকে |
| 08:28 | বঙালী বুটৰ কাটলেটচ তৈয়াৰ হ’ল |
| 08:31 | ৪ টা কাটলেটত ১৭ গ্ৰাম প্ৰ’টিন থাকে |
| 08:35 | খাদ্যশস্য আৰু ডালিত অসম্পূৰ্ণ প্ৰ’টিন থাকে |
| 08:39 | খাদ্যশস্যত methionine কম থাকে |
| 08:42 | আৰু ডালিত লাইচিন কম থাকে |
| 08:45 | সেইবাবে, বিভিন্ন খাদ্যৰ গ্ৰোপচ একত্ৰিত কৰা হৈছে এই বিধিসমূহ বনাওঁতে |
| 08:51 | সিহতক একেলগে খালে খাদ্যত থকা অপৰ্যাপ্ত এমিন’ এচিদক পৰিপূৰণ কৰিব |
| 08:57 | ইয়াক কোৱা হয় প্ৰ’টিনৰ পৰিপূৰক একচন |
| 09:01 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |