COVID19/C2/Making-a-protective-face-cover-at-home/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:00 | ঘৰত এটা প্ৰতিৰক্ষামূলক মুখাৱৰণ বনোৱাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:06 | এই টিউট’ৰিয়েলটোত আমি শিকিম: |
| 00:10 | এটা প্ৰতিৰক্ষামূলক মুখাৱৰণ পিন্ধাৰ প্ৰয়োজনীয়তা |
| 00:14 | স্বাস্থ্যকৰ্মী আৰু ক’ভিদ-১৯ ৰোগীসকলৰ বাবে গুৰূত্বপূৰ্ণ সাবধানীয়তা |
| 00:20 | প্ৰতিৰক্ষামূলক মুখাৱৰণ সম্বন্ধীয় সুৰক্ষাৰ বিধিসমূহ |
| 00:25 | প্ৰতিৰক্ষামূলক মুখাৱৰণ এখন চিলাই মেচিন এটাৰ সৈতে বা অবিহনে বনোৱাৰ প্ৰণালী |
| 00:32 | প্ৰতিৰক্ষামূলক মুখাৱৰণখন পিন্ধাৰ আগতে আৰু খোলোতে ল’বলগীয়া সাবধানতা |
| 00:38 | প্ৰতিৰক্ষামূলক মুখাৱৰণখন বীজাণুমুক্ত কৰা আৰু জমা ৰখাৰ সঠিক পদ্ধতি |
| 00:44 | আমি প্ৰথমে প্ৰতিৰক্ষামূলক মুখাৱৰণ এখন পিন্ধাৰ প্ৰয়োজনীয়তাক বুজিব লাগিব |
| 00:50 | আমি নিজকে ক’ৰ’না ভাইৰাচৰ পৰা বচাবলৈ, মুখাৱৰণ এখন পিন্ধাটো দৰকাৰ |
| 00:56 | ভাৰতবৰ্ষ হৈছে বহুল জনবসতিপূৰ্ণ, গতিকে মুখাৱৰণ এখন পিন্ধাক বিশেষভাবে পৰামৰ্শ দিয়া হৈছে |
| 01:03 | ক’ৰ’না ভাইৰাচক প্ৰতিহত আৰু নিয়ন্ট্ৰণ কৰিবলৈ বিভিন্ন প্ৰকাৰৰ মুখাৱৰণ ব্যৱহৃত হৈছে |
| 01:10 | তাৰ ভিতৰত ঘৰতে বনোৱা প্ৰতিৰক্ষামূলক মুখাৱৰণ বনাবলৈ সহজ আৰু পুনৰ ব্যৱ্হাৰ কৰিব পাৰি |
| 01:18 | আগবহাৰ আগতে, অনুগ্ৰহ কৰি গুৰূত্বপূৰ্ণ সাবধানীয়তাক মনত ৰাখিব |
| 01:23 | ঘৰতে বনোৱা মুখাৱৰণ স্বাস্থ্যকৰ্মীসকলৰ বাবে নহয় |
| 01:28 | ই লগতে ক’ভিদ-১৯ ৰোগীৰ সৈতে কাম কৰি থকা বা সংস্পৰ্শত থকা লোকৰ বাবে নহয় |
| 01:37 | ক’ভিদ-১৯ ৰোগীয়ে ঘৰতে বনোৱা মুখাৱৰণ ব্যৱ্হাৰ কৰিব নালাগে |
| 01:42 | তেনেকুৱা সকলো লোকে মাত্ৰ বিশেষ প্ৰতিৰক্ষামূলক আৱৰণ পিন্ধিব লাগে |
| 01:48 | লগতে আন সুৰক্ষাৰ নিয়মাৱলীসমূহো আপুনি সদায় মনত ৰাখিব লাগে |
| 01:53 | ঘৰতে বনোৱা মুখাৱৰণে সম্পূৰ্ণ সুৰক্ষা নিদিয়ে |
| 01:58 | সিহঁতে মাত্ৰ সংক্ৰমিত লোক এজনৰ পৰা বায়ুলৈ যোৱা দ্ৰপলেতচ উশাহৰ দ্বাৰা সোমোৱাৰ সম্ভাৱণীয়তাক কমায় |
| 02:06 | মুখাৱৰণখন নোধোৱাকৈ ব্যৱ্হাৰ নকৰিব |
| 02:10 | আপোনাৰ মুখাৱৰণখন আন লোকক নিদিব |
| 02:14 | সদায় নিম্নতম ২ মিটাৰৰ সামাজিক দুৰত্ব সকলোৰে লগত ৰাখিব |
| 02:21 | মাজে মাজে আপোনাৰ হাতদুটা চাবোনৰে ৪০ চেকেন্দৰ বাবে ধুব |
| 02:26 | আমি এতিয়া এটা সৰল পদ্ধতি চাম ঘৰত পুনৰ ব্যৱহৃত মুখাৱৰণ এটা বনাবলৈ |
| 02:33 | ইয়াক কপাহী কাপোৰ ব্যৱ্হাৰ কৰি বনাব পাৰি যি ঘৰত সহজে পোৱা যায় |
| 02:38 | ইয়াক বনাওতে নিশ্বিত কৰক যাতে ই মুখ আৰু নাকক সম্পূৰ্ণকৈ ধাকে |
| 02:44 | ইয়াক মুখৰ ওপৰত সহজে লগাব পাৰিব লাগিব |
| 02:49 | ঘৰতে বনোৱা মুখাৱৰণক চিলাই মেচিন এটাৰ সৈতে বা অবিহনে সহজে বনাব পাৰি |
| 02:55 | আহক আমি প্ৰথমে চাওঁ প্ৰতিৰক্ষামূলক মুখাৱৰণ এখন চিলাই মেচিন এটাৰ সৈতে কেনেকৈ বনোৱা হয় |
| 03:02 | আপোনাক এখন ১০০% কপাহী কাপোৰ লাগিব |
| 03:06 | কাপোৰখনৰ ৰঙৰ লগত কথা নাই |
| 03:10 | বনোৱাৰ আগতে, কাপোৰখন ভালদৰে ধুই লওঁক |
| 03:13 | আৰু ইয়াক নিমখীয়া পানীত ৫ মিনিট উতলাওঁক |
| 03:17 | কাপোৰখন ভালকৈ শুকাবলৈ দিয়ক আৰু তেতিয়া ইয়াক ব্যৱ্হাৰ কৰক |
| 03:21 | আন প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে: |
| 03:23 | চাৰি টুকুৰা কাপোৰৰ পটি |
| 03:26 | কেঁচি আৰু এটা চিলাই মেচিন |
| 03:29 | মই প্ৰতিৰক্ষামূলক মুখাৱৰণ এখন বনোৱাৰ প্ৰণালীটো বৰ্ণনা কৰিম |
| 03:34 | মুখাৱৰণখনৰ বাবে কাপোৰ কটাৰে আৰম্ভ কৰক |
| 03:39 | প্ৰাপ্তবয়স্কৰ বাবে ই হ’ব লাগে ৯ ইঞ্চি x ৭ ইঞ্চি |
| 03:44 | শিশুৰ বাবে ই হ’ব লাগে ৭ ইঞ্চি x ৫ ইঞ্চি |
| 03:50 | এতিয়া আমি পটিবিলাক কাটিম |
| 03:53 | প্ৰাপ্তবয়স্কৰ মুখাৱৰণৰ বাবে, ৪টা পটি কাটক বান্ধিবৰ আৰু পাইপিঙৰ বাবে |
| 03:59 | দুটুকুৰা প্ৰত্যেকে ১.৫ ইঞ্চি x ৫ ইঞ্চিৰ |
| 04:05 | লগতে দুটুকুৰা ১.৫ ইঞ্চি x ৪০ ইঞ্চিৰ |
| 04:11 | কাপোৰখনৰ এফালে এটা ১.৫ ইঞ্চি x ৫ ইঞ্চিৰ পটি লওঁক পাইপিং হিচাবে ব্যৱ্হাৰ কৰিবলৈ |
| 04:19 | কাপোৰখন জাপি তিনিটা ১.৫ ইঞ্চি জোখৰ তলমুৱা ভাঁজ বনাওঁক |
| 04:28 | ভাঁজখোৱা কাপোৰখন আনটো ফালে ঘূৰাওঁক আৰু এইফালেওঁ ভাঁজ বনোৱা ষ্টেপচক পুনৰাবৃত্তি কৰক |
| 04:34 | এতিয়া, কাপোৰখনৰ উচ্চতা ৯ ইঞ্চিৰ পৰা ৫ ইঞ্চিলৈ হ্ৰাস পাব |
| 04:42 | দুয়োফালে পাইপিং কৰি ভাঁজবিলাক সুৰক্ষিত কৰক |
| 04:46 | মন কৰিব যাতে সকলো ভাঁজবিলাক তলমুৱা হৈ থাকে |
| 04:51 | পাছত, মুখাৱৰণখনৰ ওপৰ আৰু তলফালে ৪০ ইঞ্চি দীঘল পটিটো লগাওঁক |
| 04:59 | পুনৰ এবাৰ এই পটিদুটা তিনিবাৰ ভাঁজ কৰি চিলাওঁক |
| 05:05 | আপোনাৰ মুখাৱৰণ এতিয়া ব্যৱ্হাৰ কৰিবলৈ প্ৰস্তুত হ’ল |
| 05:09 | ইয়াক পিন্ধোতে মুখাৱৰণখন আৰু আপোনাৰ মুখৰ মাজত কোনো ফাক নাথাকে |
| 05:15 | আপোনাৰ ফালে থকা চাইদত ভাঁজবিলাক তলমুৱা হৈ থাকিব লাগিব |
| 05:21 | পুনৰ ব্যৱ্হাৰৰ বাবে কেতিয়াওঁ মুখাৱৰণখন ওলোটাই নল’ব |
| 05:24 | আৰু প্ৰতিবাৰ ব্যৱ্হাৰ কৰি ইয়াক ভালদৰে ধুব |
| 05:28 | আপুনি নিজৰ মুখ বা চকুত স্পৰ্শ নকৰিব |
| 05:31 | ঘৰলৈ আহি হাতদুটা ভালদৰে ধুব |
| 05:35 | আহক এতিয়া চাওঁ চিলাই মেচিন এটাৰ অবিহনে মুখাৱৰণ এখন কেনেকৈ বনোৱা হয় |
| 05:41 | আপোনাক লাগিব: ১০০% সূতাৰ কাপোৰ বা এখন কপাহী ৰূমাল |
| 05:47 | আৰু দুডাল ৰবৰ বেণ্ড |
| 05:50 | মই এতিয়া প্ৰতিৰক্ষামূলক মুখাৱৰণখন বনোৱাৰ প্ৰণালীটো বৰ্ণনা কৰিম |
| 05:55 | ৰূমালখন এটা দিশৰ পৰা মধ্যভাগৰ অলপ ওপৰলৈ জাঁপক |
| 06:01 | এতিয়া আনটো দিশৰ পৰা এই জাঁপটোৰ ওপৰলৈ অহাকৈ ৰূমালখন জাঁপক |
| 06:07 | ইয়াক পুনৰ মাজৰ পৰা জাঁপক |
| 06:11 | ৰবৰ বেণ্ড এদাল লওঁক আৰু ইয়াক কাপোৰখনৰ বাওঁফালে বান্ধক |
| 06:15 | এতিয়া আন এদাল ৰবৰ বেণ্ডৰে আনটো ফাল বান্ধক |
| 06:20 | নিশ্বিত কৰক যে ৰবৰ বেণ্ড দুডালৰ মাজৰ ঠাইখিনি যাতে পৰ্য্যাপ্ত হয় |
| 06:25 | ই আপোনাৰ মুখ আৰু নাক ধাকিবলৈ সহায় কৰিব |
| 06:30 | ৰবৰ বেণ্ডৰ বাহিৰৰ ফালে থকা কাপোৰখনৰ এটা কাষ লওঁক আৰু ইয়াক ভিতৰৰ ফালে জাঁপক |
| 06:36 | ইয়াক দুয়োফালে কৰক |
| 06:38 | এতিয়া এটা ফালৰ পৰা জঁপা অংশটো আনটো ফালত সোমাই দিয়ক |
| 06:43 | আপোনাৰ মুখাৱৰণ এতিয়া ব্যৱ্হাৰ কৰিবলৈ প্ৰস্তুত হ’ল |
| 06:47 | এই মুখাৱৰণ পিন্ধিবলৈ ৰবৰ বেণ্ড দুডাল কাণত লগাই দিয়ক |
| 06:53 | আগতে উল্লেখ কৰাৰ দৰে, নিশ্বিত কৰক যাতে মুখাৱৰণখন আপোনাৰ মুখ আৰু নাকত ফিত হয় |
| 07:00 | সিহঁতৰ মাজত কোনো ফাক থাকিব নালাগিব |
| 07:04 | ঘৰতে বনোৱা প্ৰতিৰক্ষামূলক মুখাৱৰণ এখন পিন্ধাৰ আগতে সুৰক্ষাৰ নিয়মাৱলীসমূহ অনুসৰণ কৰিব |
| 07:10 | মুখাৱৰণখন পিন্ধাৰ আগতে আপোনাৰ হাতদুটা ভালকৈ ধুব |
| 07:14 | মুখাৱৰণখন তিতা বা সেমেকা হোৱাৰ লগে লগেই, বেলেগ এখন মুখাৱৰণ পিন্ধক |
| 07:21 | মুখাৱৰণখন এবাৰ ব্যৱ্হাৰ কৰাৰ পাছত, ইয়াক পুনৰ ব্যৱ্হাৰৰ বাবে ধোৱক |
| 07:27 | পৰিয়ালৰ সকলো সদশ্যৰ এখন পৃথক মুখাৱৰণ থাকিব লাগে |
| 07:32 | খোলাৰ সময়ত, মুখাৱৰণখনৰ আগ ভাগটো বা অন্য পৃষ্ঠ নুচুব |
| 07:38 | ইয়াক খোলক মাত্ৰ পাছফালৰ ফিটা বা ৰবৰ বেণ্ডৰ সৈতে |
| 07:43 | ফিটাযুক্ত মুখাৱৰণৰ বাবে, সদায় প্ৰথমতে তলৰ আৰু পাছত ওপৰৰ ফালৰ ফিটা খুলিব লাগে |
| 07:51 | খোলাৰ পাছত, হাত দুখন লগে লগে চাবোন আৰু পানীৰে ৪০ চেকেন্দৰ বাবে ধোৱক |
| 07:58 | আপুনি লগতে ৬৫% এলক’হলযুক্ত চেনিতাইজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
| 08:04 | মই এতিয়া আপোনালোকক ক’ম মুখাৱৰণখন কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি |
| 08:09 | পদ্ধতিটো বাধ্যতামূলকভাবে অনুসৰণ কৰক |
| 08:12 | মুখাৱৰণখন চাবোন আৰু গৰম পানীৰে ভালকৈ ধোঁৱক |
| 08:17 | ইয়াক অতিকমেওঁ ৫ ঘন্টাৰ বাবে চোকা ৰ’দত শুকোৱাওঁক |
| 08:21 | বিকল্পভাবে, বীজাণুমুক্ত কৰিবলৈ আপুনি এটা প্ৰেচাৰ কুকাৰ ব্যৱ্হাৰ কৰিব পাৰে |
| 08:25 | মুখাৱৰণখন প্ৰেচাৰ কুকাৰ এটাত পানীত ৰাখক |
| 08:29 | নিমখ দিয়ক আৰু অতিকমেওঁ ১০ মিনিট উতলাওঁক |
| 08:33 | তেতিয়া, ইয়াক উলিয়াওঁক আৰু চাফা ঠাইত শুকাবলৈ দিয়ক |
| 08:38 | আপুনি লগতে মুখাৱৰণখন গৰম পানীত ১৫ মিনিট উতলাব পাৰে |
| 08:44 | যদি আপোনাৰ এটা প্ৰেচাৰ কুকাৰ বা উতলা পানী নাথাকে, চাবোন ব্যৱ্হাৰ কৰক |
| 08:51 | চাবোনৰে ধোঁৱক আৰু চাফা কৰক |
| 08:54 | আৰু মুখাৱৰণখনত ৫ মিনিটৰ বাবে তাপ দিয়ক |
| 08:59 | তাপ দিবলৈ আপুনি ইস্ত্ৰি এটা ব্যৱ্হাৰ কৰিব পাৰে |
| 09:04 | আপোনালৈ অনুৰোধ যাতে অতিকমেওঁ দুখন মুখাৱৰণ বনাওঁক |
| 09:09 | আপুনি এখন পিন্ধিব পাৰে, যেতিয়া আনখন ধোৱাঁ আৰু শুকোৱা হয় |
| 09:13 | এতিয়া, আহক শিকো চাফা মুখাৱৰণবিলাক কেনেকৈ যতনেৰে ৰাখিব |
| 09:18 | যিকোনো প্লাষ্টিকৰ ঠোঙা লওঁক, ইয়াক চাবোন আৰু পানীৰে ভালকৈ ধুই লওঁক |
| 09:23 | ইয়াক দুয়োফালৰ পৰা ভালকৈ শুকাব দিয়ক |
| 09:27 | এই চাফা ঠোঙাটোত অতিৰিক্ত মুখাৱৰণ ৰাখক আৰু ভালকৈ বন্ধ কৰক |
| 09:32 | এতিয়া আপুনি মুখাৱৰণবিলাক দৈনিক এখন এখনকৈ ব্যৱ্হাৰ কৰিব পাৰে |
| 09:38 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি |
| 09:41 | আহক মূলভাব চাওঁ যি আমি এই টিউট’ৰিয়েলটোত শিকিলো |
| 09:45 | আমি শিকিলো ক’ৰ’না ভাইৰাচৰ কাৰণে এটা প্ৰতিৰক্ষামূলক মুখাৱৰণ পিন্ধাৰ প্ৰয়োজনীয়তা |
| 09:51 | আমি লগতে গুৰূত্বপূৰ্ণ সাবধানীয়তাৰ বিষয়ে শিকিলো |
| 09:54 | ঘৰতে বনোৱা মুখাৱৰণ স্বাস্থ্যকৰ্মীসকলৰ বাবে নহয় |
| 09:59 | ক’ভিদ-১৯ ৰোগীৰ সংস্পৰ্শলৈ অহা লোকেওঁ ইয়াক ব্যৱ্হাৰ কৰিব নালাগে |
| 10:05 | ক’ভিদ-১৯ ৰোগীয়েওঁ এই মুখাৱৰণ ব্যৱ্হাৰ কৰিব নালাগে |
| 10:10 | তেওঁলোক সকলোৱে বাধ্যতামূলকভাবে বিশেষ প্ৰতিৰক্ষামূলক আৱৰণ পিন্ধিব লাগে |
| 10:15 | আমি লগতে সুৰক্ষাৰ নিয়মাৱলীসমূহ শিকিলো |
| 10:19 | ঘৰতে বনোৱা মুখাৱৰণে সম্পূৰ্ণ সুৰক্ষা নিদিয়ে |
| 10:23 | মুখাৱৰণ এখন নোধোৱাকৈ ব্যৱ্হাৰ কৰিব নালাগে আৰু বেলেগক দিব নালাগে |
| 10:29 | নিম্নতম ২ মিটাৰৰ সামাজিক দুৰত্ব ৰখাটো বাধ্যতামূলক |
| 10:34 | মাজে মাজে হাতদুটা ৪০ চেকেন্দৰ বাবে চাবোনৰে ধুব |
| 10:39 | আমি লগতে মুখাৱৰণ এখন চিলাই মেচিন এটাৰ সৈতে বা অবিহনে বনোৱাৰ প্ৰণালীটো শিকিলো |
| 10:45 | প্ৰতিৰক্ষামূলক মুখাৱৰণখন পিন্ধাৰ আগতে আৰু খোলোতে ল’বলগীয়া সাবধানতাখিনি |
| 10:51 | আৰু প্ৰতিৰক্ষামূলক মুখাৱৰণবিলাক বীজাণুমুক্ত কৰা আৰু সযতনে ৰখাৰ সঠিক পদ্ধতি |