COVID19/C2/Making-a-protective-face-cover-at-home/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:00 ঘৰত এটা প্ৰতিৰক্ষামূলক মুখাৱৰণ বনোৱাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত আমি শিকিম:
00:10 এটা প্ৰতিৰক্ষামূলক মুখাৱৰণ পিন্ধাৰ প্ৰয়োজনীয়তা
00:14 স্বাস্থ্যকৰ্মী আৰু ক’ভিদ-১৯ ৰোগীসকলৰ বাবে গুৰূত্বপূৰ্ণ সাবধানীয়তা
00:20 প্ৰতিৰক্ষামূলক মুখাৱৰণ সম্বন্ধীয় সুৰক্ষাৰ বিধিসমূহ
00:25 প্ৰতিৰক্ষামূলক মুখাৱৰণ এখন চিলাই মেচিন এটাৰ সৈতে বা অবিহনে বনোৱাৰ প্ৰণালী
00:32 প্ৰতিৰক্ষামূলক মুখাৱৰণখন পিন্ধাৰ আগতে আৰু খোলোতে ল’বলগীয়া সাবধানতা
00:38 প্ৰতিৰক্ষামূলক মুখাৱৰণখন বীজাণুমুক্ত কৰা আৰু জমা ৰখাৰ সঠিক পদ্ধতি
00:44 আমি প্ৰথমে প্ৰতিৰক্ষামূলক মুখাৱৰণ এখন পিন্ধাৰ প্ৰয়োজনীয়তাক বুজিব লাগিব
00:50 আমি নিজকে ক’ৰ’না ভাইৰাচৰ পৰা বচাবলৈ, মুখাৱৰণ এখন পিন্ধাটো দৰকাৰ
00:56 ভাৰতবৰ্ষ হৈছে বহুল জনবসতিপূৰ্ণ, গতিকে মুখাৱৰণ এখন পিন্ধাক বিশেষভাবে পৰামৰ্শ দিয়া হৈছে
01:03 ক’ৰ’না ভাইৰাচক প্ৰতিহত আৰু নিয়ন্ট্ৰণ কৰিবলৈ বিভিন্ন প্ৰকাৰৰ মুখাৱৰণ ব্যৱহৃত হৈছে
01:10 তাৰ ভিতৰত ঘৰতে বনোৱা প্ৰতিৰক্ষামূলক মুখাৱৰণ বনাবলৈ সহজ আৰু পুনৰ ব্যৱ্হাৰ কৰিব পাৰি
01:18 আগবহাৰ আগতে, অনুগ্ৰহ কৰি গুৰূত্বপূৰ্ণ সাবধানীয়তাক মনত ৰাখিব
01:23 ঘৰতে বনোৱা মুখাৱৰণ স্বাস্থ্যকৰ্মীসকলৰ বাবে নহয়
01:28 ই লগতে ক’ভিদ-১৯ ৰোগীৰ সৈতে কাম কৰি থকা বা সংস্পৰ্শত থকা লোকৰ বাবে নহয়
01:37 ক’ভিদ-১৯ ৰোগীয়ে ঘৰতে বনোৱা মুখাৱৰণ ব্যৱ্হাৰ কৰিব নালাগে
01:42 তেনেকুৱা সকলো লোকে মাত্ৰ বিশেষ প্ৰতিৰক্ষামূলক আৱৰণ পিন্ধিব লাগে
01:48 লগতে আন সুৰক্ষাৰ নিয়মাৱলীসমূহো আপুনি সদায় মনত ৰাখিব লাগে
01:53 ঘৰতে বনোৱা মুখাৱৰণে সম্পূৰ্ণ সুৰক্ষা নিদিয়ে
01:58 সিহঁতে মাত্ৰ সংক্ৰমিত লোক এজনৰ পৰা বায়ুলৈ যোৱা দ্ৰপলেতচ উশাহৰ দ্বাৰা সোমোৱাৰ সম্ভাৱণীয়তাক কমায়
02:06 মুখাৱৰণখন নোধোৱাকৈ ব্যৱ্হাৰ নকৰিব
02:10 আপোনাৰ মুখাৱৰণখন আন লোকক নিদিব
02:14 সদায় নিম্নতম ২ মিটাৰৰ সামাজিক দুৰত্ব সকলোৰে লগত ৰাখিব
02:21 মাজে মাজে আপোনাৰ হাতদুটা চাবোনৰে ৪০ চেকেন্দৰ বাবে ধুব
02:26 আমি এতিয়া এটা সৰল পদ্ধতি চাম ঘৰত পুনৰ ব্যৱহৃত মুখাৱৰণ এটা বনাবলৈ
02:33 ইয়াক কপাহী কাপোৰ ব্যৱ্হাৰ কৰি বনাব পাৰি যি ঘৰত সহজে পোৱা যায়
02:38 ইয়াক বনাওতে নিশ্বিত কৰক যাতে ই মুখ আৰু নাকক সম্পূৰ্ণকৈ ধাকে
02:44 ইয়াক মুখৰ ওপৰত সহজে লগাব পাৰিব লাগিব
02:49 ঘৰতে বনোৱা মুখাৱৰণক চিলাই মেচিন এটাৰ সৈতে বা অবিহনে সহজে বনাব পাৰি
02:55 আহক আমি প্ৰথমে চাওঁ প্ৰতিৰক্ষামূলক মুখাৱৰণ এখন চিলাই মেচিন এটাৰ সৈতে কেনেকৈ বনোৱা হয়
03:02 আপোনাক এখন ১০০% কপাহী কাপোৰ লাগিব
03:06 কাপোৰখনৰ ৰঙৰ লগত কথা নাই
03:10 বনোৱাৰ আগতে, কাপোৰখন ভালদৰে ধুই লওঁক
03:13 আৰু ইয়াক নিমখীয়া পানীত ৫ মিনিট উতলাওঁক
03:17 কাপোৰখন ভালকৈ শুকাবলৈ দিয়ক আৰু তেতিয়া ইয়াক ব্যৱ্হাৰ কৰক
03:21 আন প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে:
03:23 চাৰি টুকুৰা কাপোৰৰ পটি
03:26 কেঁচি আৰু এটা চিলাই মেচিন
03:29 মই প্ৰতিৰক্ষামূলক মুখাৱৰণ এখন বনোৱাৰ প্ৰণালীটো বৰ্ণনা কৰিম
03:34 মুখাৱৰণখনৰ বাবে কাপোৰ কটাৰে আৰম্ভ কৰক
03:39 প্ৰাপ্তবয়স্কৰ বাবে ই হ’ব লাগে ৯ ইঞ্চি x ৭ ইঞ্চি
03:44 শিশুৰ বাবে ই হ’ব লাগে ৭ ইঞ্চি x ৫ ইঞ্চি
03:50 এতিয়া আমি পটিবিলাক কাটিম
03:53 প্ৰাপ্তবয়স্কৰ মুখাৱৰণৰ বাবে, ৪টা পটি কাটক বান্ধিবৰ আৰু পাইপিঙৰ বাবে
03:59 দুটুকুৰা প্ৰত্যেকে ১.৫ ইঞ্চি x ৫ ইঞ্চিৰ
04:05 লগতে দুটুকুৰা ১.৫ ইঞ্চি x ৪০ ইঞ্চিৰ
04:11 কাপোৰখনৰ এফালে এটা ১.৫ ইঞ্চি x ৫ ইঞ্চিৰ পটি লওঁক পাইপিং হিচাবে ব্যৱ্হাৰ কৰিবলৈ
04:19 কাপোৰখন জাপি তিনিটা ১.৫ ইঞ্চি জোখৰ তলমুৱা ভাঁজ বনাওঁক
04:28 ভাঁজখোৱা কাপোৰখন আনটো ফালে ঘূৰাওঁক আৰু এইফালেওঁ ভাঁজ বনোৱা ষ্টেপচক পুনৰাবৃত্তি কৰক
04:34 এতিয়া, কাপোৰখনৰ উচ্চতা ৯ ইঞ্চিৰ পৰা ৫ ইঞ্চিলৈ হ্ৰাস পাব
04:42 দুয়োফালে পাইপিং কৰি ভাঁজবিলাক সুৰক্ষিত কৰক
04:46 মন কৰিব যাতে সকলো ভাঁজবিলাক তলমুৱা হৈ থাকে
04:51 পাছত, মুখাৱৰণখনৰ ওপৰ আৰু তলফালে ৪০ ইঞ্চি দীঘল পটিটো লগাওঁক
04:59 পুনৰ এবাৰ এই পটিদুটা তিনিবাৰ ভাঁজ কৰি চিলাওঁক
05:05 আপোনাৰ মুখাৱৰণ এতিয়া ব্যৱ্হাৰ কৰিবলৈ প্ৰস্তুত হ’ল
05:09 ইয়াক পিন্ধোতে মুখাৱৰণখন আৰু আপোনাৰ মুখৰ মাজত কোনো ফাক নাথাকে
05:15 আপোনাৰ ফালে থকা চাইদত ভাঁজবিলাক তলমুৱা হৈ থাকিব লাগিব
05:21 পুনৰ ব্যৱ্হাৰৰ বাবে কেতিয়াওঁ মুখাৱৰণখন ওলোটাই নল’ব
05:24 আৰু প্ৰতিবাৰ ব্যৱ্হাৰ কৰি ইয়াক ভালদৰে ধুব
05:28 আপুনি নিজৰ মুখ বা চকুত স্পৰ্শ নকৰিব
05:31 ঘৰলৈ আহি হাতদুটা ভালদৰে ধুব
05:35 আহক এতিয়া চাওঁ চিলাই মেচিন এটাৰ অবিহনে মুখাৱৰণ এখন কেনেকৈ বনোৱা হয়
05:41 আপোনাক লাগিব: ১০০% সূতাৰ কাপোৰ বা এখন কপাহী ৰূমাল
05:47 আৰু দুডাল ৰবৰ বেণ্ড
05:50 মই এতিয়া প্ৰতিৰক্ষামূলক মুখাৱৰণখন বনোৱাৰ প্ৰণালীটো বৰ্ণনা কৰিম
05:55 ৰূমালখন এটা দিশৰ পৰা মধ্যভাগৰ অলপ ওপৰলৈ জাঁপক
06:01 এতিয়া আনটো দিশৰ পৰা এই জাঁপটোৰ ওপৰলৈ অহাকৈ ৰূমালখন জাঁপক
06:07 ইয়াক পুনৰ মাজৰ পৰা জাঁপক
06:11 ৰবৰ বেণ্ড এদাল লওঁক আৰু ইয়াক কাপোৰখনৰ বাওঁফালে বান্ধক
06:15 এতিয়া আন এদাল ৰবৰ বেণ্ডৰে আনটো ফাল বান্ধক
06:20 নিশ্বিত কৰক যে ৰবৰ বেণ্ড দুডালৰ মাজৰ ঠাইখিনি যাতে পৰ্য্যাপ্ত হয়
06:25 ই আপোনাৰ মুখ আৰু নাক ধাকিবলৈ সহায় কৰিব
06:30 ৰবৰ বেণ্ডৰ বাহিৰৰ ফালে থকা কাপোৰখনৰ এটা কাষ লওঁক আৰু ইয়াক ভিতৰৰ ফালে জাঁপক
06:36 ইয়াক দুয়োফালে কৰক
06:38 এতিয়া এটা ফালৰ পৰা জঁপা অংশটো আনটো ফালত সোমাই দিয়ক
06:43 আপোনাৰ মুখাৱৰণ এতিয়া ব্যৱ্হাৰ কৰিবলৈ প্ৰস্তুত হ’ল
06:47 এই মুখাৱৰণ পিন্ধিবলৈ ৰবৰ বেণ্ড দুডাল কাণত লগাই দিয়ক
06:53 আগতে উল্লেখ কৰাৰ দৰে, নিশ্বিত কৰক যাতে মুখাৱৰণখন আপোনাৰ মুখ আৰু নাকত ফিত হয়
07:00 সিহঁতৰ মাজত কোনো ফাক থাকিব নালাগিব
07:04 ঘৰতে বনোৱা প্ৰতিৰক্ষামূলক মুখাৱৰণ এখন পিন্ধাৰ আগতে সুৰক্ষাৰ নিয়মাৱলীসমূহ অনুসৰণ কৰিব
07:10 মুখাৱৰণখন পিন্ধাৰ আগতে আপোনাৰ হাতদুটা ভালকৈ ধুব
07:14 মুখাৱৰণখন তিতা বা সেমেকা হোৱাৰ লগে লগেই, বেলেগ এখন মুখাৱৰণ পিন্ধক
07:21 মুখাৱৰণখন এবাৰ ব্যৱ্হাৰ কৰাৰ পাছত, ইয়াক পুনৰ ব্যৱ্হাৰৰ বাবে ধোৱক
07:27 পৰিয়ালৰ সকলো সদশ্যৰ এখন পৃথক মুখাৱৰণ থাকিব লাগে
07:32 খোলাৰ সময়ত, মুখাৱৰণখনৰ আগ ভাগটো বা অন্য পৃষ্ঠ নুচুব
07:38 ইয়াক খোলক মাত্ৰ পাছফালৰ ফিটা বা ৰবৰ বেণ্ডৰ সৈতে
07:43 ফিটাযুক্ত মুখাৱৰণৰ বাবে, সদায় প্ৰথমতে তলৰ আৰু পাছত ওপৰৰ ফালৰ ফিটা খুলিব লাগে
07:51 খোলাৰ পাছত, হাত দুখন লগে লগে চাবোন আৰু পানীৰে ৪০ চেকেন্দৰ বাবে ধোৱক
07:58 আপুনি লগতে ৬৫% এলক’হলযুক্ত চেনিতাইজাৰ ব্যৱ্হাৰ কৰিব পাৰে
08:04 মই এতিয়া আপোনালোকক ক’ম মুখাৱৰণখন কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি
08:09 পদ্ধতিটো বাধ্যতামূলকভাবে অনুসৰণ কৰক
08:12 মুখাৱৰণখন চাবোন আৰু গৰম পানীৰে ভালকৈ ধোঁৱক
08:17 ইয়াক অতিকমেওঁ ৫ ঘন্টাৰ বাবে চোকা ৰ’দত শুকোৱাওঁক
08:21 বিকল্পভাবে, বীজাণুমুক্ত কৰিবলৈ আপুনি এটা প্ৰেচাৰ কুকাৰ ব্যৱ্হাৰ কৰিব পাৰে
08:25 মুখাৱৰণখন প্ৰেচাৰ কুকাৰ এটাত পানীত ৰাখক
08:29 নিমখ দিয়ক আৰু অতিকমেওঁ ১০ মিনিট উতলাওঁক
08:33 তেতিয়া, ইয়াক উলিয়াওঁক আৰু চাফা ঠাইত শুকাবলৈ দিয়ক
08:38 আপুনি লগতে মুখাৱৰণখন গৰম পানীত ১৫ মিনিট উতলাব পাৰে
08:44 যদি আপোনাৰ এটা প্ৰেচাৰ কুকাৰ বা উতলা পানী নাথাকে, চাবোন ব্যৱ্হাৰ কৰক
08:51 চাবোনৰে ধোঁৱক আৰু চাফা কৰক
08:54 আৰু মুখাৱৰণখনত ৫ মিনিটৰ বাবে তাপ দিয়ক
08:59 তাপ দিবলৈ আপুনি ইস্ত্ৰি এটা ব্যৱ্হাৰ কৰিব পাৰে
09:04 আপোনালৈ অনুৰোধ যাতে অতিকমেওঁ দুখন মুখাৱৰণ বনাওঁক
09:09 আপুনি এখন পিন্ধিব পাৰে, যেতিয়া আনখন ধোৱাঁ আৰু শুকোৱা হয়
09:13 এতিয়া, আহক শিকো চাফা মুখাৱৰণবিলাক কেনেকৈ যতনেৰে ৰাখিব
09:18 যিকোনো প্লাষ্টিকৰ ঠোঙা লওঁক, ইয়াক চাবোন আৰু পানীৰে ভালকৈ ধুই লওঁক
09:23 ইয়াক দুয়োফালৰ পৰা ভালকৈ শুকাব দিয়ক
09:27 এই চাফা ঠোঙাটোত অতিৰিক্ত মুখাৱৰণ ৰাখক আৰু ভালকৈ বন্ধ কৰক
09:32 এতিয়া আপুনি মুখাৱৰণবিলাক দৈনিক এখন এখনকৈ ব্যৱ্হাৰ কৰিব পাৰে
09:38 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি
09:41 আহক মূলভাব চাওঁ যি আমি এই টিউট’ৰিয়েলটোত শিকিলো
09:45 আমি শিকিলো ক’ৰ’না ভাইৰাচৰ কাৰণে এটা প্ৰতিৰক্ষামূলক মুখাৱৰণ পিন্ধাৰ প্ৰয়োজনীয়তা
09:51 আমি লগতে গুৰূত্বপূৰ্ণ সাবধানীয়তাৰ বিষয়ে শিকিলো
09:54 ঘৰতে বনোৱা মুখাৱৰণ স্বাস্থ্যকৰ্মীসকলৰ বাবে নহয়
09:59 ক’ভিদ-১৯ ৰোগীৰ সংস্পৰ্শলৈ অহা লোকেওঁ ইয়াক ব্যৱ্হাৰ কৰিব নালাগে
10:05 ক’ভিদ-১৯ ৰোগীয়েওঁ এই মুখাৱৰণ ব্যৱ্হাৰ কৰিব নালাগে
10:10 তেওঁলোক সকলোৱে বাধ্যতামূলকভাবে বিশেষ প্ৰতিৰক্ষামূলক আৱৰণ পিন্ধিব লাগে
10:15 আমি লগতে সুৰক্ষাৰ নিয়মাৱলীসমূহ শিকিলো
10:19 ঘৰতে বনোৱা মুখাৱৰণে সম্পূৰ্ণ সুৰক্ষা নিদিয়ে
10:23 মুখাৱৰণ এখন নোধোৱাকৈ ব্যৱ্হাৰ কৰিব নালাগে আৰু বেলেগক দিব নালাগে
10:29 নিম্নতম ২ মিটাৰৰ সামাজিক দুৰত্ব ৰখাটো বাধ্যতামূলক
10:34 মাজে মাজে হাতদুটা ৪০ চেকেন্দৰ বাবে চাবোনৰে ধুব
10:39 আমি লগতে মুখাৱৰণ এখন চিলাই মেচিন এটাৰ সৈতে বা অবিহনে বনোৱাৰ প্ৰণালীটো শিকিলো
10:45 প্ৰতিৰক্ষামূলক মুখাৱৰণখন পিন্ধাৰ আগতে আৰু খোলোতে ল’বলগীয়া সাবধানতাখিনি
10:51 আৰু প্ৰতিৰক্ষামূলক মুখাৱৰণবিলাক বীজাণুমুক্ত কৰা আৰু সযতনে ৰখাৰ সঠিক পদ্ধতি

Contributors and Content Editors

Mausamh9