Health-and-Nutrition/C2/Nipple-conditions/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | স্তনপান কৰোৱা মাকসকলৰ স্তনাগ্ৰৰ অৱস্থাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম ক্ষত বা কৰ্কশ স্তনাগ্ৰৰ বিষয়ে আৰু |
00:11 | চেপেটা বা ওলোটা স্তনাগ্ৰ |
00:15 | প্ৰথম স্তনাগ্ৰৰ অৱস্থাটো হৈছে- ক্ষত বা কৰ্কশ স্তনাগ্ৰ |
00:20 | এইটো এটা অৱস্থা য’ত মাকৰ স্তনাগ্ৰ কৰ্কশ হয় আৰু তেজ ওলায় |
00:26 | ইয়াৰ বাবে স্তনাগ্ৰটো খজুৱতিযুক্ত আৰু সুকান হয় |
00:30 | এতিয়া, আহক ক্ষত বা কৰ্কশ স্তনাগ্ৰৰ বিভিন্ন কাৰণসমূহ আলোচনা কৰো যি হৈছে- |
00:36 | স্তনাগ্ৰৰ পৰা স্তনপান, |
00:38 | ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণ, |
00:41 | প্ৰতিটো স্তনপানৰ পাছত স্তনাগ্ৰক চাফা কৰাৰ অভ্যাস আৰু |
00:45 | বন্ধ জিভাৰ শিশু |
00:47 | আহক স্তনাগ্ৰৰ পৰা স্তনপানৰ সৈতে আৰম্ভ কৰো |
00:50 | স্তনাগ্ৰৰ পৰা স্তনপান হৈছে সৰ্বপ্ৰথম কাৰণ ক্ষত বা কৰ্কশ স্তনাগ্ৰৰ |
00:56 | স্তনাগ্ৰৰ পৰা স্তনপানৰ সময়ত, স্তনাগ্ৰটো শিশুৰ মুখৰ ভিতৰৰ কঠিন অংশত ঘহনি খায় |
01:03 | শিশুটোৱে স্তনাগ্ৰটো তালুৰ কঠিন অংশ আৰু জিভাৰ মাজত টিপে |
01:08 | এই টিপনৰ বাবে স্তনপান বেদনাদায়্ক হয় আৰু ফলত স্তনাগ্ৰ ক্ষত বা কৰ্কশ হয় |
01:17 | স্তনাগ্ৰৰ পৰা স্তনপান হৈছে সঠিককৈ যুক্ত নোহোৱাৰ ফল |
01:20 | সেইবাবে সঠিককৈ যুক্ত হোৱাই এটা গুৰূত্বপূৰ্ণ ভূমিকা লয় স্তনাগ্ৰৰ পৰা স্তনপানৰ বাবে হোৱা ক্ষত বা কৰ্কশ স্তনাগ্ৰক ত্যাগ কৰিবলৈ |
01:29 | মন কৰিব যে আমি সঠিককৈ স্তনৰ সৈতে যুক্ত হোৱাৰ কৌশলৰ বিষয়ে একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত আলোচনা কৰিছো |
01:37 | মনত ৰাখিব, ক্ষত বা কৰ্কশ স্তনাগ্ৰই সঠিককৈ যুক্ত হোৱাৰ সময়ত আঘাত কৰিব |
01:43 | যদি মাকে সঠিককৈ যুক্ত হোৱাৰ কৌশলৰ সৈতে আগবাঢ়ে তেন্তে লাহে লাহে ই বিষোৱা কমিব |
01:51 | পাছৰটো হৈছে ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণ |
01:56 | যদি মাকৰ ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণ থাকে, তেওঁ ডাক্তৰক দেখুৱাব লাগে |
02:03 | পাছত, কিছুমান মাকৰ প্ৰতিটো স্তনপানৰ আগত স্তনাগ্ৰক চাফা কৰাৰ অভ্যাস থাকে |
02:09 | ই স্তনাগ্ৰক সুকান কৰে |
02:13 | সেইবাবে, ইয়াক ত্যাগ কৰিব লাগে |
02:16 | মনত ৰাখিব, মাকে স্তনাগ্ৰক গা ধোৱাৰ সময়্ত এবাৰ চাফা কৰিব পাৰে |
02:21 | যদিহে, কৰ্কশ স্তনাগ্ৰৰ সৃষ্টি হয়, মাকে ইয়াক প্ৰতিটো স্তনপানৰ পাছত চাফা কৰিব লাগে |
02:28 | চাফা কৰাৰ পাছত, মাকে ঘাটোত তেওঁৰ পাছফালৰ গাখীৰ লগাব লাগে |
02:32 | যিহেতু পাছফালৰ গাখীৰত সংক্ৰমণক আৰোগ্য কৰিব পৰা আৰু যুদ্ধ কৰিব পৰা পদাৰ্থ থাকে |
02:39 | যি শিশুৰ মুখৰ পৰা কীটানুক স্তনাগ্ৰৰ ফাটৰ ভিতৰলৈ যাবলৈ বাধা দিয়ে |
02:46 | পাছৰটো হৈছে বন্ধ জিভাৰ শিশু |
02:50 | বন্ধ জিভা হৈছে এটা অৱস্থা য’ত শিশুটোৰ জিভাৰ আগটো মুখৰ ভিতৰৰ তলৰ অংশৰ লগত যুক্ত হৈ থাকে |
02:58 | ই এটা অতি দুৰ্লভ অৱস্থা |
03:01 | বন্ধ জিভাৰ শিশুৰ ক্ষেত্ৰত স্তনাগ্ৰৰ পৰা স্তনপান সাধাৰণতে দেখা যায় |
03:06 | যদিহে, শিশুটোৰ বন্ধ জিভা থাকে তেন্তে সঠিককৈ যুক্ত হোৱাটোৱেই যথেষ্ট নহয় আৰু শল্যচিকিৎসাৰ প্ৰয়োজন হয় |
03:16 | সেয়ে, তেনেক্ষেত্ৰত, মাকে সদায় ডাক্তৰক দেখুৱাব লাগে |
03:22 | এতিয়া, আহক ক্ষত বা কৰ্কশ স্তনাগ্ৰৰ বাবে চিকিৎসাৰ বিষয়ে আলোচনা কৰো |
03:27 | যদি মাক এগৰাকীৰ ক্ষত বা কৰ্কশ স্তনাগ্ৰ থাকে, তেন্তে স্বাস্থ্য কৰ্মীয়ে মাকৰ স্তন আৰু স্তনাগ্ৰ পৰীক্ষা কৰিব লাগে, |
03:37 | মাকক স্তনপানৰ আগতে তেওঁৰ নিজ হাতেৰে কিছু স্তনৰ গাখীৰ উলিয়াবলে ক’ব লাগে |
03:42 | ই স্তনটোক কোমল কৰিব আৰু শিশুটো সহজে যুক্ত হ’ব |
03:47 | ইয়াৰ উপৰিওঁ, নিজ হাতেৰে গাখীৰ উলিওৱাই সংক্ৰমণ, স্তনাগ্ৰ ফটা আৰু মাষ্টাইতিচৰ বিপদ কমাব |
03:55 | পাছত মাকক তেওঁৰ শিশুটোক স্তনৰ লগত সঠিককৈ যুক্ত হ’বলৈ সহায় কৰক |
04:01 | মনত ৰাখিব, কিমানবাৰ স্তনপান কৰোৱা হয় সি স্তনৰ গাখীৰৰ প্ৰবাহক নিৰ্ধাৰণ কৰে |
04:09 | সেইবাবে, মাকে স্তনপান বন্ধ কৰিব নালাগে |
04:13 | স্তনপানৰ সময়ত- তেওঁ কমকৈ বিষোৱা ফালৰ পৰা স্তনপান আৰম্ভ কৰিব লাগে |
04:20 | যদি এতিয়াওঁ স্তনপান বেদনাদায়ক হয় তেন্তে তেওঁ নিজৰ হাতেৰে স্তনৰ পৰা গাখীৰ উলিয়াব পাৰে আৰু তাক চামোচ এখন বা কাপ এটাৰে শিশুটোক খুৱাব পাৰে |
04:32 | লগতে, আগতে আলোচনা কৰাৰ দৰে প্ৰতিবাৰ স্তনপানৰ পাছত প্ৰভাবিত অংশত কিছু টোপাল পাছফালৰ গাখীৰ লগাব |
04:42 | মনত ৰাখিব, ক্ষত বা কৰ্কশ স্তনাগ্ৰত বা আনকি সুস্থ স্তনাগ্ৰটো নিম্নখিনি ব্যৱ্হাৰ নকৰিব- |
04:49 | চাবোন, তেল, লোচন, মলম আৰু সুগন্ধি |
04:54 | তাত যন্ত্ৰণাদায়ক পদাৰ্থ থাকিব পাৰে |
04:57 | যদি মাক এগৰাকীৰ ক্ষত বা কৰ্কশ স্তনাগ্ৰ থাকে ই অৱস্থাটো আৰু বেয়া কৰিব |
05:03 | বিষম অৱস্থাত, মাকে ডাক্তৰ বা স্বাস্থ্য কৰ্মীৰ পৰামৰ্শ ল’ব লাগে |
05:09 | ক্ষত বা কৰ্কশ স্তনাগ্ৰক প্ৰতিৰোধ কৰিবলৈ, জন্মৰ পাছত লগে লগেই স্তনপান আৰম্ভ কৰিব লাগে |
05:15 | সদায় নিশ্বিত কৰক যে স্তনপানৰ সময়ত যাতে শিশুটো গভীৰভাবে যুক্ত হয় |
05:22 | আমি আলোচনা কৰিবলগীয়া পাছৰ স্তনৰ অৱস্থাটো হৈছে, চেপেটা বা ওলোটা স্তনাগ্ৰ |
05:28 | চেপেটা স্তনাগ্ৰ এৰিঅ’লা অংশৰ পৰা বাহিৰলৈ নোলায় |
05:33 | আনহাতে, ওলোটা স্তনাগ্ৰ সাধাৰণতে ভিতৰৰ দিশলৈ সোমোৱা হয় |
05:38 | মাকৰ বাবে এইটো বুজাতো অতি দৰকাৰ যে চেপেটা বা ওলোটা স্তনাগ্ৰ স্তনপানৰ বাবে এটা বাধা নহয় |
05:48 | যিহেতু, সঠিককৈ যুক্ত হওঁতে, শিশুৱে এৰিঅ’লাৰ লগত যুক্ত হয় আৰু স্তনাগ্ৰত নহয় |
05:56 | মন কৰিব চেপেটা বা ওলোটা স্তনাগ্ৰৰ ক্ষেত্ৰত, মাকক প্ৰসৱৰ প্ৰথম সপ্তাহত সহায়ৰ প্ৰয়োজন হয় |
06:03 | এই সময়ত, স্বাস্থ্য কৰ্মীয়ে মাকক সঠিককৈ যুক্ত হ’বলৈ সহায় কৰিব লাগিব |
06:08 | ই তেওঁৰ আত্মবিশ্বাস বঢ়াব |
06:11 | মনত ৰাখিব, যদিহে মাক এগৰাকীৰ চেপেটা বা ওলোটা স্তনাগ্ৰ থাকে তেন্তে ফলপ্ৰসূ যুক্ত হোৱাৰ বাবে উৎকৃষ্ট স্থিতি হৈছে- ক্ৰচ ক্ৰেদল স্থিতি, |
06:22 | ফুটবল স্থিতি আৰু আধা-হাউলি জিৰোৱা অৱস্থান |
06:26 | আগৰ টিউট’ৰিয়েল এটাত বৰ্ণনা কৰাৰ দৰে, যিকোনো স্থিতিত, অত্যন্ত গুৰূত্বপূৰ্ণ কথাটো হৈছে মাকে স্তনটো সঠিকভাবে ধৰিব লাগিব |
06:37 | য’ত শিশুৰ উঠ আৰু মাকৰ আঙুলিসমূহ একেদিশত থাকিব লাগিব |
06:42 | মন কৰিব যে সঠিককৈ যুক্ত নহ’লে স্তনাগ্ৰত ঘাঁ লাগিব |
06:47 | মনত ৰাখিব, গাখীৰ খুওৱা বটল বা স্তনাগ্ৰৰ ঢাকনি ব্যৱ্হাৰ নকৰিব |
06:52 | ইয়াৰ বাবে চেপেটা বা ওলোটা স্তনাগ্ৰ থকা স্তনৰ পৰা স্তনপান কৰিবলৈ শিশু এটাৰ বাবে অসুবিধা হ’ব |
07:00 | মাকে কেইবাবাৰো শিশুটোক ছালৰ লগত ছালৰ স্পৰ্শ দিব লাগে |
07:04 | ই মাকৰ অক্সিত’চিন ৰিফ্লেক্স উত্তেজিত হ’বলৈ সহায় কৰে আৰু স্তনৰ গাখীৰ সহজে ওলায় |
07:12 | সদায় মনত ৰাখিব, সঠিককৈ যুক্ত হোৱাই হৈছে এই সকলো স্তনাগ্ৰৰ অৱস্থাৰ সৈতে যুঁজ কৰাৰ ছাবি |
07:19 | ইয়াৰ দ্বাৰা আমি এই স্তনপান কৰোৱা মাকসকলৰ স্তনাগ্ৰৰ অৱস্থাৰ টিউট’ৰিয়েলটোৰ শেষ পালোহি |
07:26 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো ক্ষত বা কৰ্কশ স্তনাগ্ৰৰ বিষয়ে আৰু |
07:31 | চেপেটা বা ওলোটা স্তনাগ্ৰ |
07:34 | এই টিউট’ৰিয়েলটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্প, IIT বম্বেয়ে অবদান দিছে |
07:40 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে |
07:47 | এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
07:52 | এই টিউট’ৰিয়েলটোক WHEELS গ্ল’বেল ফাউন্দেচনে এটা উদাৰ অবদানৰ দ্বাৰা আংশিক পুঁজি দিছে |
07:59 | এই টিউট’ৰিয়েলটো “মা আৰু শিশু পোষণ প্ৰকল্পৰ” এটা অংশ হয় |
08:04 | এই টিউট’ৰিয়েলটোৰ বাবে ড’মেইন পৰ্যালোচক হৈছে- ডাঁ ৰুপল দালাল, MD শিশুৰোগ চিকিৎসা আৰু ডাঁ তাৰু জিন্দাল, MS ধাত্ৰীবিদ্যা আৰু স্ত্ৰীৰোগবিদ্যা । IIT বম্বেৰ পৰা পুষ্টিবিজ্ঞানী ৰজনী চাৱন্ত, এনিমেতৰ আৰ্থি আনবালাগানে আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |