Health-and-Nutrition/C2/Nipple-conditions/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 স্তনপান কৰোৱা মাকসকলৰ স্তনাগ্ৰৰ অৱস্থাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম ক্ষত বা কৰ্কশ স্তনাগ্ৰৰ বিষয়ে আৰু
00:11 চেপেটা বা ওলোটা স্তনাগ্ৰ
00:15 প্ৰথম স্তনাগ্ৰৰ অৱস্থাটো হৈছে- ক্ষত বা কৰ্কশ স্তনাগ্ৰ
00:20 এইটো এটা অৱস্থা য’ত মাকৰ স্তনাগ্ৰ কৰ্কশ হয় আৰু তেজ ওলায়
00:26 ইয়াৰ বাবে স্তনাগ্ৰটো খজুৱতিযুক্ত আৰু সুকান হয়
00:30 এতিয়া, আহক ক্ষত বা কৰ্কশ স্তনাগ্ৰৰ বিভিন্ন কাৰণসমূহ আলোচনা কৰো যি হৈছে-
00:36 স্তনাগ্ৰৰ পৰা স্তনপান,
00:38 ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণ,
00:41 প্ৰতিটো স্তনপানৰ পাছত স্তনাগ্ৰক চাফা কৰাৰ অভ্যাস আৰু
00:45 বন্ধ জিভাৰ শিশু
00:47 আহক স্তনাগ্ৰৰ পৰা স্তনপানৰ সৈতে আৰম্ভ কৰো
00:50 স্তনাগ্ৰৰ পৰা স্তনপান হৈছে সৰ্বপ্ৰথম কাৰণ ক্ষত বা কৰ্কশ স্তনাগ্ৰৰ
00:56 স্তনাগ্ৰৰ পৰা স্তনপানৰ সময়ত, স্তনাগ্ৰটো শিশুৰ মুখৰ ভিতৰৰ কঠিন অংশত ঘহনি খায়
01:03 শিশুটোৱে স্তনাগ্ৰটো তালুৰ কঠিন অংশ আৰু জিভাৰ মাজত টিপে
01:08 এই টিপনৰ বাবে স্তনপান বেদনাদায়্ক হয় আৰু ফলত স্তনাগ্ৰ ক্ষত বা কৰ্কশ হয়
01:17 স্তনাগ্ৰৰ পৰা স্তনপান হৈছে সঠিককৈ যুক্ত নোহোৱাৰ ফল
01:20 সেইবাবে সঠিককৈ যুক্ত হোৱাই এটা গুৰূত্বপূৰ্ণ ভূমিকা লয় স্তনাগ্ৰৰ পৰা স্তনপানৰ বাবে হোৱা ক্ষত বা কৰ্কশ স্তনাগ্ৰক ত্যাগ কৰিবলৈ
01:29 মন কৰিব যে আমি সঠিককৈ স্তনৰ সৈতে যুক্ত হোৱাৰ কৌশলৰ বিষয়ে একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত আলোচনা কৰিছো
01:37 মনত ৰাখিব, ক্ষত বা কৰ্কশ স্তনাগ্ৰই সঠিককৈ যুক্ত হোৱাৰ সময়ত আঘাত কৰিব
01:43 যদি মাকে সঠিককৈ যুক্ত হোৱাৰ কৌশলৰ সৈতে আগবাঢ়ে তেন্তে লাহে লাহে ই বিষোৱা কমিব
01:51 পাছৰটো হৈছে ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণ
01:56 যদি মাকৰ ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণ থাকে, তেওঁ ডাক্তৰক দেখুৱাব লাগে
02:03 পাছত, কিছুমান মাকৰ প্ৰতিটো স্তনপানৰ আগত স্তনাগ্ৰক চাফা কৰাৰ অভ্যাস থাকে
02:09 ই স্তনাগ্ৰক সুকান কৰে
02:13 সেইবাবে, ইয়াক ত্যাগ কৰিব লাগে
02:16 মনত ৰাখিব, মাকে স্তনাগ্ৰক গা ধোৱাৰ সময়্ত এবাৰ চাফা কৰিব পাৰে
02:21 যদিহে, কৰ্কশ স্তনাগ্ৰৰ সৃষ্টি হয়, মাকে ইয়াক প্ৰতিটো স্তনপানৰ পাছত চাফা কৰিব লাগে
02:28 চাফা কৰাৰ পাছত, মাকে ঘাটোত তেওঁৰ পাছফালৰ গাখীৰ লগাব লাগে
02:32 যিহেতু পাছফালৰ গাখীৰত সংক্ৰমণক আৰোগ্য কৰিব পৰা আৰু যুদ্ধ কৰিব পৰা পদাৰ্থ থাকে
02:39 যি শিশুৰ মুখৰ পৰা কীটানুক স্তনাগ্ৰৰ ফাটৰ ভিতৰলৈ যাবলৈ বাধা দিয়ে
02:46 পাছৰটো হৈছে বন্ধ জিভাৰ শিশু
02:50 বন্ধ জিভা হৈছে এটা অৱস্থা য’ত শিশুটোৰ জিভাৰ আগটো মুখৰ ভিতৰৰ তলৰ অংশৰ লগত যুক্ত হৈ থাকে
02:58 ই এটা অতি দুৰ্লভ অৱস্থা
03:01 বন্ধ জিভাৰ শিশুৰ ক্ষেত্ৰত স্তনাগ্ৰৰ পৰা স্তনপান সাধাৰণতে দেখা যায়
03:06 যদিহে, শিশুটোৰ বন্ধ জিভা থাকে তেন্তে সঠিককৈ যুক্ত হোৱাটোৱেই যথেষ্ট নহয় আৰু শল্যচিকিৎসাৰ প্ৰয়োজন হয়
03:16 সেয়ে, তেনেক্ষেত্ৰত, মাকে সদায় ডাক্তৰক দেখুৱাব লাগে
03:22 এতিয়া, আহক ক্ষত বা কৰ্কশ স্তনাগ্ৰৰ বাবে চিকিৎসাৰ বিষয়ে আলোচনা কৰো
03:27 যদি মাক এগৰাকীৰ ক্ষত বা কৰ্কশ স্তনাগ্ৰ থাকে, তেন্তে স্বাস্থ্য কৰ্মীয়ে মাকৰ স্তন আৰু স্তনাগ্ৰ পৰীক্ষা কৰিব লাগে,
03:37 মাকক স্তনপানৰ আগতে তেওঁৰ নিজ হাতেৰে কিছু স্তনৰ গাখীৰ উলিয়াবলে ক’ব লাগে
03:42 ই স্তনটোক কোমল কৰিব আৰু শিশুটো সহজে যুক্ত হ’ব
03:47 ইয়াৰ উপৰিওঁ, নিজ হাতেৰে গাখীৰ উলিওৱাই সংক্ৰমণ, স্তনাগ্ৰ ফটা আৰু মাষ্টাইতিচৰ বিপদ কমাব
03:55 পাছত মাকক তেওঁৰ শিশুটোক স্তনৰ লগত সঠিককৈ যুক্ত হ’বলৈ সহায় কৰক
04:01 মনত ৰাখিব, কিমানবাৰ স্তনপান কৰোৱা হয় সি স্তনৰ গাখীৰৰ প্ৰবাহক নিৰ্ধাৰণ কৰে
04:09 সেইবাবে, মাকে স্তনপান বন্ধ কৰিব নালাগে
04:13 স্তনপানৰ সময়ত- তেওঁ কমকৈ বিষোৱা ফালৰ পৰা স্তনপান আৰম্ভ কৰিব লাগে
04:20 যদি এতিয়াওঁ স্তনপান বেদনাদায়ক হয় তেন্তে তেওঁ নিজৰ হাতেৰে স্তনৰ পৰা গাখীৰ উলিয়াব পাৰে আৰু তাক চামোচ এখন বা কাপ এটাৰে শিশুটোক খুৱাব পাৰে
04:32 লগতে, আগতে আলোচনা কৰাৰ দৰে প্ৰতিবাৰ স্তনপানৰ পাছত প্ৰভাবিত অংশত কিছু টোপাল পাছফালৰ গাখীৰ লগাব
04:42 মনত ৰাখিব, ক্ষত বা কৰ্কশ স্তনাগ্ৰত বা আনকি সুস্থ স্তনাগ্ৰটো নিম্নখিনি ব্যৱ্হাৰ নকৰিব-
04:49 চাবোন, তেল, লোচন, মলম আৰু সুগন্ধি
04:54 তাত যন্ত্ৰণাদায়ক পদাৰ্থ থাকিব পাৰে
04:57 যদি মাক এগৰাকীৰ ক্ষত বা কৰ্কশ স্তনাগ্ৰ থাকে ই অৱস্থাটো আৰু বেয়া কৰিব
05:03 বিষম অৱস্থাত, মাকে ডাক্তৰ বা স্বাস্থ্য কৰ্মীৰ পৰামৰ্শ ল’ব লাগে
05:09 ক্ষত বা কৰ্কশ স্তনাগ্ৰক প্ৰতিৰোধ কৰিবলৈ, জন্মৰ পাছত লগে লগেই স্তনপান আৰম্ভ কৰিব লাগে
05:15 সদায় নিশ্বিত কৰক যে স্তনপানৰ সময়ত যাতে শিশুটো গভীৰভাবে যুক্ত হয়
05:22 আমি আলোচনা কৰিবলগীয়া পাছৰ স্তনৰ অৱস্থাটো হৈছে, চেপেটা বা ওলোটা স্তনাগ্ৰ
05:28 চেপেটা স্তনাগ্ৰ এৰিঅ’লা অংশৰ পৰা বাহিৰলৈ নোলায়
05:33 আনহাতে, ওলোটা স্তনাগ্ৰ সাধাৰণতে ভিতৰৰ দিশলৈ সোমোৱা হয়
05:38 মাকৰ বাবে এইটো বুজাতো অতি দৰকাৰ যে চেপেটা বা ওলোটা স্তনাগ্ৰ স্তনপানৰ বাবে এটা বাধা নহয়
05:48 যিহেতু, সঠিককৈ যুক্ত হওঁতে, শিশুৱে এৰিঅ’লাৰ লগত যুক্ত হয় আৰু স্তনাগ্ৰত নহয়
05:56 মন কৰিব চেপেটা বা ওলোটা স্তনাগ্ৰৰ ক্ষেত্ৰত, মাকক প্ৰসৱৰ প্ৰথম সপ্তাহত সহায়ৰ প্ৰয়োজন হয়
06:03 এই সময়ত, স্বাস্থ্য কৰ্মীয়ে মাকক সঠিককৈ যুক্ত হ’বলৈ সহায় কৰিব লাগিব
06:08 ই তেওঁৰ আত্মবিশ্বাস বঢ়াব
06:11 মনত ৰাখিব, যদিহে মাক এগৰাকীৰ চেপেটা বা ওলোটা স্তনাগ্ৰ থাকে তেন্তে ফলপ্ৰসূ যুক্ত হোৱাৰ বাবে উৎকৃষ্ট স্থিতি হৈছে- ক্ৰচ ক্ৰেদল স্থিতি,
06:22 ফুটবল স্থিতি আৰু আধা-হাউলি জিৰোৱা অৱস্থান
06:26 আগৰ টিউট’ৰিয়েল এটাত বৰ্ণনা কৰাৰ দৰে, যিকোনো স্থিতিত, অত্যন্ত গুৰূত্বপূৰ্ণ কথাটো হৈছে মাকে স্তনটো সঠিকভাবে ধৰিব লাগিব
06:37 য’ত শিশুৰ উঠ আৰু মাকৰ আঙুলিসমূহ একেদিশত থাকিব লাগিব
06:42 মন কৰিব যে সঠিককৈ যুক্ত নহ’লে স্তনাগ্ৰত ঘাঁ লাগিব
06:47 মনত ৰাখিব, গাখীৰ খুওৱা বটল বা স্তনাগ্ৰৰ ঢাকনি ব্যৱ্হাৰ নকৰিব
06:52 ইয়াৰ বাবে চেপেটা বা ওলোটা স্তনাগ্ৰ থকা স্তনৰ পৰা স্তনপান কৰিবলৈ শিশু এটাৰ বাবে অসুবিধা হ’ব
07:00 মাকে কেইবাবাৰো শিশুটোক ছালৰ লগত ছালৰ স্পৰ্শ দিব লাগে
07:04 ই মাকৰ অক্সিত’চিন ৰিফ্লেক্স উত্তেজিত হ’বলৈ সহায় কৰে আৰু স্তনৰ গাখীৰ সহজে ওলায়
07:12 সদায় মনত ৰাখিব, সঠিককৈ যুক্ত হোৱাই হৈছে এই সকলো স্তনাগ্ৰৰ অৱস্থাৰ সৈতে যুঁজ কৰাৰ ছাবি
07:19 এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা । ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9