Health-and-Nutrition/C2/Cross-cradle-hold/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | স্তনপান কৰোৱাৰ ক্ৰচ ক্ৰেদল স্থিতিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম- মা আৰু শিশুৰ বাবে স্তনপান কৰোৱাৰ সঠিক স্থিতি নিৰ্বাচিত কৰিবলৈ, |
00:16 | স্তনপানৰ আগতে মাকৰ প্ৰস্তুতি আৰু |
00:20 | ক্ৰচ ক্ৰেদল স্থিতি কৰাৰ পৰ্যায়্ক্ৰমে প্ৰণালি |
00:24 | আহক আৰম্ভ কৰো |
00:26 | সম্পূৰ্ণ পৃথিৱীত, মাকসকলে নিজৰ শিশুসকলক বিভিন্ন প্ৰকাৰৰ স্থিতি ব্যৱ্হাৰ কৰি স্তনপান কৰায় |
00:32 | মাক এগৰাকি আৰু তেওঁৰ শিশুৰ বাবে স্তনপান কৰোৱাৰ সকলোতকৈ ভাল স্থিতি সেইটো হয় য’ত - মাক আৰু শিশু দুয়োৰে বাবে স্তনপান আৰম্ভৰ পৰা অন্তলৈকে আৰামদায়ক হয়, |
00:43 | শিশুটো মাকৰ স্তনলৈ গভীৰভাবে যুক্ত হ’ব পাৰে |
00:48 | আৰু পৰ্যাপ্ত গাখীৰ পায় |
00:51 | আহক আমি স্তনপান কৰোৱাৰ ক্ৰচ ক্ৰেদল স্থিতিৰ বিষয়ে শিকো |
00:56 | ক্ৰচ ক্ৰেদল স্থিতি হৈছে সকলোতকৈ ভাল স্থিতি কাৰণ- শিশুৰ শৰীৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকে, স্তনৰ সমৰ্থন আৰু গভীৰভাবে যুক্ত হ’ব পাৰে |
01:06 | শিশুটোক স্তনপান কৰোৱাৰ আগতে, মাকে তেওঁৰ হাত ভালদৰে ধুই শুকোৱাই ল’ব লাগে |
01:12 | পাছত তেওঁ উতলাই ঠাণ্ডা কৰা পানী এগিলাচ খাব লাগে |
01:16 | স্তনপান কৰোৱা মাকসকলে গড়হিচাবে এদিনত ৭৫০ ৰ পৰা ৮৫০ মিলিলিটাৰ গাখীৰ উৎপন্ন কৰে |
01:24 | সেইবাবে, তেওঁলোকে সদায় অধিক পানী খাব লাগে |
01:29 | পাছত, আহক মাকৰ স্থিতিক আলোচনা কৰো |
01:33 | মাকে মজিয়াত বা বিচনাত ক্ৰচ লেগ অৱস্থানত বহিব লাগে |
01:38 | বা, চকী এখনত বহি ভৰি দুটা মজিয়াত সমানে ৰাখিব লাগে |
01:43 | যদি চকীখন বেছি ওখ হয় আৰু তেওঁৰ ভৰিদুটাই মজিয়াখন ধুকি নাপাই তেন্তে তেওঁ মজিয়াত ৰখা সৰু ষ্টুল এখনত বা গাৰুত ভৰি দুটা সমানে থ’ব পাৰে |
01:54 | বহি থাকোতে, তেওঁ নিশ্বিত কৰিব লাগে যে - তেওঁৰ পিঠিখন চিধা হয় যাতে পিঠিৰ বিষ নহয়, |
02:03 | তেওঁৰ বাহুদুটা ওপৰলৈ উঠোৱা বা তললৈ নমোৱা হ’ব নালাগে |
02:08 | আৰু, এই আৰামদায়ক স্থিতি স্তনপান সমাপ্ত হোৱালৈকে বাহাল ৰাখিব লাগে |
02:13 | মাকে স্তনটো বাহিৰ উলিয়াব লাগে যোনটোৰ পৰা তেওঁ শিশুটোক স্তনপান কৰাব বিচাৰে |
02:19 | তেওঁ নিশ্বিত কৰিব লাগিব যে তেওঁৰ স্তনত ব্ৰা বা ব্লাউজৰ হেচা যাতে নপৰে |
02:26 | সুবিধাজনকভাবে বহাৰ পাছত, শিশুটোক মাকৰ ওচৰলৈ আনক |
02:31 | মাকে শিশুটোৰ মুৰটো সেইটো হাতেৰে ধৰিব লাগে যি স্তনপান কৰাবলগীয়া স্তনটোৰ বিপৰীত ফালে থাকে |
02:39 | শিশুটোৰ ভৰি দুটা মাকৰ একেটা হাতৰ বগলৰ ভিতৰত ৰাখিব লাগে |
02:45 | এই চিত্ৰখনত, মাকে তেওঁৰ শিশুটোক সোফালৰ স্তনৰ পৰা স্তনপান কৰাব । সেইবাবে, শিশুটোৰ ভৰি দুটা তেওঁৰ বাওঁফালে বগলৰ ভিতৰত থোৱা হৈছে |
02:57 | তেওঁ বাওঁহাতৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ব্যৱ্হাৰ কৰিছে শিশুটোৰ মুৰৰ তলৰ অংশটো ধৰিবলৈ |
03:05 | যদি মাকক শিশুটো উঠাবলৈ অতিৰিক্ত সহায় লাগে, তেওঁ কোলাত শিশুটোৰ তলত গাৰু এটা ৰাখিব পাৰে |
03:15 | মনত ৰাখিব, মাকে পিঠিখন বেকা কৰি স্তনটো কেতিয়াওঁ শিশুটোৰ ফালে আনিব নালাগে |
03:21 | ইয়াৰ দ্বাৰা তেওঁৰ অসহ্য লাগিব আৰু পিঠিৰ বিষ হ’ব |
03:26 | তেওঁ সদায় পিঠিখন চিধাকৈ ৰাখিব লাগে আৰু শিশুটোক উঠাই আনিব লাগে স্তনটো ধুকি পাবলৈ |
03:33 | পাছত, আহক মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ৰখাৰ সঠিক স্থিতিক চাওঁ |
03:39 | মাকৰ বুঢ়া আঙুলিটো এখন কাণৰ পাছফালে আৰু বাকী আঙুলিসমূহ শিশুটোৰ আনখন কাণৰ পাছফালে থাকিব লাগে |
03:46 | তেওঁ বুঢ়া আঙুলিটো বা আঙুলিসমূহ কাণৰ পাছফালৰ পৰা আতৰাই শিশুটোৰ ডিঙিলৈ নিব নালাগে |
03:52 | তেওঁৰ মণিবন্ধটো শিশুটোৰ বাহুদুটাৰ মাজত থাকিব লাগে |
03:56 | তেওঁৰ হাতে শিশুটোৰ মুৰৰ পাছফালে হেচা দিব নালাগে |
04:04 | ইয়াৰ দ্বাৰা শিশুটোৱে স্তনপানৰ সময়ত আৰাম পাব |
04:08 | পাছত, আহক শিশুটোৰ শৰীৰটো সঠিককৈ ৰখাৰ স্থিতি শিকো |
04:15 | মাকৰ শৰীৰত শিশুটোৰ পেটৰদ্বাৰা অলপ হেচা পৰিব লাগে |
04:20 | তেওঁলোকৰ শৰীৰৰ মাজত দুৰত্ব কম হ’লে শিশুটোক স্তন ধুকি পাবলৈ কম শক্তি লাগিব |
04:26 | আৰু, গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৰ বাবে সহজ হ’ব |
04:32 | অৱস্থান নিৰ্ণয় কৰাত দ্বিতীয় পইন্তটো হৈছে শিশুটোৰ শৰীৰৰ সমতলতা |
04:37 | যেতিয়া আমি আহাৰ খাওঁ, আমাৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় এদাল সৰলৰেখাত থাকে |
04:43 | কিন্তু, স্তনপান কৰাওঁতে, বহুতো মাকে প্ৰায়ে শিশুটোৰ মুৰটো কাষলৈ ঘূৰাই লয় |
04:50 | ইয়াৰদ্বাৰা স্তনপান শিশুটোৰ বাবে অস্বস্তিকৰ হ’ব |
04:55 | স্তনপান কৰাওঁতে শিশুটোৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় এদাল সৰলৰেখাত থাকিব লাগে |
05:01 | ইয়াৰদ্বাৰা শিশুটোৰ বাবে গাখীৰ গিলোতে সহজ হ’ব |
05:05 | এতিয়া আমি শিশুটোৰ শৰীৰৰ অৱস্থান নিৰ্ণয় কৰাত তৃতীয় পইন্তটোলৈ আহো |
05:10 | মাকে শিশুটোৰ সম্পূৰ্ণ শৰীৰটোক সহায় কৰিব লাগিব |
05:14 | অন্যথা স্তনত গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৱে বহুত চেষ্টা কৰিব লাগিব |
05:22 | পাছত, আহক শিশুটোৰ নাক আৰু থুতৰিৰ স্থিতি চাওঁ |
05:28 | শিশুটোৰ নাক মাকৰ স্তনাগ্ৰ একে ৰেখাতে থাকিব লাগিব |
05:33 | আৰু, তেওঁৰ থুতৰি স্তনটোৰ একেবাৰে ওচৰত আগৰফালে হ’ব লাগে |
05:38 | ই নিশ্বিত কৰিব যে শিশুটোৱে স্তনটোৰ সৈতে যুক্ত হওঁতে এৰিঅ’লাৰ তলৰ অংশটো মুখৰ ভিতৰত বেছিকৈ লয় |
05:45 | আৰু সেইবাবে, তলৰ হনু ব্যৱ্হাৰ কৰি অধিক গাখীৰ খাব পাৰিব |
05:51 | মন কৰিব, স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশটো হৈছে এৰিঅ’লা |
05:57 | এতিয়া শিশুটো সঠিক স্থিতিত ৰখাৰ পাছত, আহক স্তনটো কেনেকৈ ধৰিব লাগে শিকো |
06:04 | তেওঁৰ আনটো হাতত থকা আঙুলিসমূহ ব্যৱ্হাৰ কৰি, মাকে স্তনটো তলফালৰ পৰা U আকাৰত ধৰিব লাগে |
06:12 | এই চিত্ৰখনত মাকে তেওঁৰ সোফালৰ স্তনটো ধৰিবলৈ সোহাতটো ব্যৱ্হাৰ কৰিব |
06:19 | বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ৰখাৰ সঠিক স্থিতিক বুজিবলৈ, কল্পনা কৰক মাকৰ সোফালৰ স্তনটো এটা ঘড়ি আৰু স্তনাগ্ৰটো হৈছে তাৰ কেন্দ্ৰ |
06:31 | মাকে তেওঁৰ সোহাতৰ বুঢ়া আঙুলিটো এই ঘড়িটোৰ ৯ নম্বৰ স্থানত থ’ব লাগিব |
06:38 | আৰু তেওঁৰ সোহাতৰ তৰ্জনী আঙুলি আৰু মধ্য আঙুলি ৩ নম্বৰ স্থানত থ’ব লাগিব |
06:46 | আঙুলিসমূহ সদায় শিশুৰ উঠৰ সমান্তৰাল হ’ব লাগে । কিয়? |
06:51 | আহক ইয়াক এটা সৰল উদাহৰণৰ সৈতে বুজো |
06:56 | যেতিয়া আমি এটা বৰা পাউ বা বাৰ্গাৰ খাওঁ, আমাৰ মুখ আৰু উঠ অনুভূমিকভাবে খোল খায় |
07:02 | আমি বৰা পাউ বা বাৰ্গাৰটো অনুভূমিকভাবে ধৰো এটা ডাঙৰ কামোৰ মাৰিবলৈ |
07:08 | ইয়াত, বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ উঠৰ সমান্তৰালকৈ থোৱা হয় |
07:12 | যদি আমি বৰা পাউ বা বাৰ্গাৰটো উলম্বভাবে ধৰো, আমি এটা ডাঙৰ কামোৰ মাৰিব নোৱাৰিম |
07:19 | একেদৰে, শিশুটোৰ উঠৰ দিশক লক্ষ্য কৰক |
07:25 | উঠদুটা ইয়াত লম্ব । সেইবাবে, বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহো লগতে স্তনটোত লম্বকৈ থ’ব লাগে |
07:34 | ই শিশুটোক মুখত এৰিঅ’লাটোৰ ডাঙৰ অংশ এটা ল’বলৈ সহায় কৰিব |
07:39 | শিশুটোৰ উঠৰ সমান্তৰাল হোৱাৰ উপৰিওঁ, মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহো সদায় স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত্বত থাকিব লাগে |
07:50 | পুনৰ, বৰা পাউ বা বাৰ্গাৰ এটা খাওঁতে, যদি আমি ইয়াক অতি ওচৰত ধৰো, আমাৰ আঙুলিসমূহে মুখক ডাঙৰ কামোৰ এটা ল’বলৈ বাধা দিব |
08:00 | যদি আমি ইয়াক বেছি দুৰত ধৰো, তেন্তে ইয়াৰ আকাৰ আমাৰ মুখত যাবলৈ সঠিক নহ’ব |
08:07 | সেইবাবে, আমি ইয়াক সঠিক দুৰত্বত ধৰো ডাঙৰ কামোৰ এটা ল’বলৈ |
08:12 | একেদৰে, শিশুটোৰ বাবে, সঠিক দুৰত্বটো হৈছে স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত এই চিত্ৰখনত দেখুৱাৰ দৰে |
08:20 | এই দুৰত্বই নিশ্বিত কৰিব যে - মাকৰ আঙুলিসমূহে যাতে শিশুটোৰ মুখত এৰিঅ’লাটোৰ ডাঙৰ অংশ এটা ল’বলৈ বাধা নিদিয়ে, |
08:29 | মাকে মাত্ৰ স্তনাগ্ৰটো সংকুচিত নকৰে যি অতি কম গাখীৰ দিব, |
08:35 | মাকে এৰিঅ’লাটোৰ তলত অৱস্থিত ডাঙৰ দুগ্ধ নলিকাসমূহ সংকুচিত কৰিব যাতে অধিক গাখীৰ উলায় |
08:42 | আৰু, স্তনৰ আকাৰটো সঠিক হ’ব যাতে শিশুটোৱে গভীৰভাবে যুক্ত হ’ব পাৰে |
08:49 | মাকৰ বুঢ়া আঙুলিটো স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত্বত স্তনটোৰ সেইফালে থাকিব লাগে য’ত শিশুটোৰ নাকটো থাকে |
08:59 | আৰু, তেওঁৰ দুটা আঙুলি স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত্বত স্তনটোৰ সেইফালে থাকিব লাগে য’ত শিশুটোৰ থুতৰিটো থাকে |
09:09 | আহক বৰা পাউ বা বাৰ্গাৰৰ উদাহৰণটোলৈ ঘূৰি যাওঁ |
09:13 | বৰা পাউ বা বাৰ্গাৰটো সঠিককৈ ধৰাৰ পাছত, আমি ডাঙৰ কামোৰ এটা ল’বলৈ সদায় ইয়াক সংকুচিত কৰো |
09:21 | একেদৰে, মাকে স্তনক তলফালৰ পৰা U আকাৰত ধৰি অলপ সংকুচিত কৰিব লাগে |
09:28 | ই শিশুটোক স্তনৰ ডাঙৰ অংশ এটা মুখত লোৱাত সহায় কৰিব |
09:34 | কিন্তু মনত ৰাখিব, মাকে তেওঁৰ স্তনক V আকাৰত সংকুচিত কৰিব নালাগে |
09:39 | V আকাৰত সংকুচিত কৰিলে স্তনত বিষ হ’ব আৰু স্তনাগ্ৰৰ পৰা কম গাখীৰ উলাব |
09:45 | লগতে নিশ্বিত কৰিব যে বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহৰ দ্বাৰা স্তনত যাতে সমান সংকোচন হয় |
09:52 | অন্যথা, স্তনাগ্ৰটো হয়তো সোফালে বা বাওঁফালে গুচি যাব আৰু গভীৰভাবে যুক্ত নহ’ব |
10:00 | মনত ৰাখিব, কেতিয়াওঁ স্তনটোক তললৈ শিশুটোৰ ফালে নানিব |
10:08 | সদায় শিশুটোক স্তনটোৰ ফালে আনিব |
10:12 | এতিয়া, শিশুটো ক্ৰচ ক্ৰেদল স্থিতিত আছে আৰু স্তনপানৰ বাবে স্তনৰ সৈতে যুক্ত হ’বলৈ তৈয়াৰ আছে |
10:18 | স্তনৰ সৈতে গভীৰভাবে যুক্ত হোৱাৰ সঠিক কৌশলটো একেটা চিৰিজৰ আনএটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
10:24 | শিশুটো এবাৰ স্তনৰ সৈতে গভীৰভাবে যুক্ত হ’লে আৰু যদি স্তনটো বেছি গধুৰ নহয় তেন্তে মাকে হাতৰ পৰা স্তনটো এৰি সেই হাতটো শিশুটোৰ তলত ৰাখি সহাৰি দিব লাগে |
10:40 | এই স্থিতিত, মাকে তেওঁৰ দুয়োটা বাহু শৰীৰৰ অতি ওচৰত আনিব লাগে |
10:46 | ই তেওঁক স্তনপানৰ সময়ত আৰামত ৰাখিব |
10:50 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
10:54 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো: মাক আৰু শিশুৰ বাবে স্তনপান কৰাৰ সঠিক স্তিতিক বাচিবলৈ, |
11:03 | স্তনপান কৰাৰ আগতে মাকৰ প্ৰস্তুতি আৰু ক্ৰচ ক্ৰেদল স্থিতি কৰাৰ সম্পূৰ্ণ বিধিগত প্ৰণালি |
11:09 | এই টিউট’ৰিয়েলটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্প, IIT বম্বেয়ে অবদান দিছে |
11:15 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে |
11:23 | এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
11:28 | এই টিউট’ৰিয়েলটোক WHEELS গ্ল’বেল ফাউন্দেচনে এটা উদাৰ অবদানৰ দ্বাৰা আংশিক পুঁজি দিছে |
11:34 | এই টিউট’ৰিয়েলটো মা আৰু শিশু পোষণ প্ৰকল্পৰ এটা অংশ হয় |
11:39 | এই টিউট’ৰিয়েলটোৰ বাবে ড’মেইন পৰ্যালোচক হৈছে ডাঁ ৰুপল দালাল, MD শিশুৰোগ চিকিৎসা |
11:45 | IIT বম্বেৰ পৰা আহাৰ বিশেষজ্ঞ তচনিম চেইখ, এনিমেতৰ চিতল যোচিয়ে আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |