Health-and-Nutrition/C2/Cross-cradle-hold/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 স্তনপান কৰোৱাৰ ক্ৰচ ক্ৰেদল স্থিতিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম- মা আৰু শিশুৰ বাবে স্তনপান কৰোৱাৰ সঠিক স্থিতি নিৰ্বাচিত কৰিবলৈ,
00:16 স্তনপানৰ আগতে মাকৰ প্ৰস্তুতি আৰু
00:20 ক্ৰচ ক্ৰেদল স্থিতি কৰাৰ পৰ্যায়্ক্ৰমে প্ৰণালি
00:24 আহক আৰম্ভ কৰো
00:26 সম্পূৰ্ণ পৃথিৱীত, মাকসকলে নিজৰ শিশুসকলক বিভিন্ন প্ৰকাৰৰ স্থিতি ব্যৱ্হাৰ কৰি স্তনপান কৰায়
00:32 মাক এগৰাকি আৰু তেওঁৰ শিশুৰ বাবে স্তনপান কৰোৱাৰ সকলোতকৈ ভাল স্থিতি সেইটো হয় য’ত - মাক আৰু শিশু দুয়োৰে বাবে স্তনপান আৰম্ভৰ পৰা অন্তলৈকে আৰামদায়ক হয়,
00:43 শিশুটো মাকৰ স্তনলৈ গভীৰভাবে যুক্ত হ’ব পাৰে
00:48 আৰু পৰ্যাপ্ত গাখীৰ পায়
00:51 আহক আমি স্তনপান কৰোৱাৰ ক্ৰচ ক্ৰেদল স্থিতিৰ বিষয়ে শিকো
00:56 ক্ৰচ ক্ৰেদল স্থিতি হৈছে সকলোতকৈ ভাল স্থিতি কাৰণ- শিশুৰ শৰীৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকে, স্তনৰ সমৰ্থন আৰু গভীৰভাবে যুক্ত হ’ব পাৰে
01:06 শিশুটোক স্তনপান কৰোৱাৰ আগতে, মাকে তেওঁৰ হাত ভালদৰে ধুই শুকোৱাই ল’ব লাগে
01:12 পাছত তেওঁ উতলাই ঠাণ্ডা কৰা পানী এগিলাচ খাব লাগে
01:16 স্তনপান কৰোৱা মাকসকলে গড়হিচাবে এদিনত ৭৫০ ৰ পৰা ৮৫০ মিলিলিটাৰ গাখীৰ উৎপন্ন কৰে
01:24 সেইবাবে, তেওঁলোকে সদায় অধিক পানী খাব লাগে
01:29 পাছত, আহক মাকৰ স্থিতিক আলোচনা কৰো
01:33 মাকে মজিয়াত বা বিচনাত ক্ৰচ লেগ অৱস্থানত বহিব লাগে
01:38 বা, চকী এখনত বহি ভৰি দুটা মজিয়াত সমানে ৰাখিব লাগে
01:43 যদি চকীখন বেছি ওখ হয় আৰু তেওঁৰ ভৰিদুটাই মজিয়াখন ধুকি নাপাই তেন্তে তেওঁ মজিয়াত ৰখা সৰু ষ্টুল এখনত বা গাৰুত ভৰি দুটা সমানে থ’ব পাৰে
01:54 বহি থাকোতে, তেওঁ নিশ্বিত কৰিব লাগে যে - তেওঁৰ পিঠিখন চিধা হয় যাতে পিঠিৰ বিষ নহয়,
02:03 তেওঁৰ বাহুদুটা ওপৰলৈ উঠোৱা বা তললৈ নমোৱা হ’ব নালাগে
02:08 আৰু, এই আৰামদায়ক স্থিতি স্তনপান সমাপ্ত হোৱালৈকে বাহাল ৰাখিব লাগে
02:13 মাকে স্তনটো বাহিৰ উলিয়াব লাগে যোনটোৰ পৰা তেওঁ শিশুটোক স্তনপান কৰাব বিচাৰে
02:19 তেওঁ নিশ্বিত কৰিব লাগিব যে তেওঁৰ স্তনত ব্ৰা বা ব্লাউজৰ হেচা যাতে নপৰে
02:26 সুবিধাজনকভাবে বহাৰ পাছত, শিশুটোক মাকৰ ওচৰলৈ আনক
02:31 মাকে শিশুটোৰ মুৰটো সেইটো হাতেৰে ধৰিব লাগে যি স্তনপান কৰাবলগীয়া স্তনটোৰ বিপৰীত ফালে থাকে
02:39 শিশুটোৰ ভৰি দুটা মাকৰ একেটা হাতৰ বগলৰ ভিতৰত ৰাখিব লাগে
02:45 এই চিত্ৰখনত, মাকে তেওঁৰ শিশুটোক সোফালৰ স্তনৰ পৰা স্তনপান কৰাব । সেইবাবে, শিশুটোৰ ভৰি দুটা তেওঁৰ বাওঁফালে বগলৰ ভিতৰত থোৱা হৈছে
02:57 তেওঁ বাওঁহাতৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ব্যৱ্হাৰ কৰিছে শিশুটোৰ মুৰৰ তলৰ অংশটো ধৰিবলৈ
03:05 যদি মাকক শিশুটো উঠাবলৈ অতিৰিক্ত সহায় লাগে, তেওঁ কোলাত শিশুটোৰ তলত গাৰু এটা ৰাখিব পাৰে
03:15 মনত ৰাখিব, মাকে পিঠিখন বেকা কৰি স্তনটো কেতিয়াওঁ শিশুটোৰ ফালে আনিব নালাগে
03:21 ইয়াৰ দ্বাৰা তেওঁৰ অসহ্য লাগিব আৰু পিঠিৰ বিষ হ’ব
03:26 তেওঁ সদায় পিঠিখন চিধাকৈ ৰাখিব লাগে আৰু শিশুটোক উঠাই আনিব লাগে স্তনটো ধুকি পাবলৈ
03:33 পাছত, আহক মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ৰখাৰ সঠিক স্থিতিক চাওঁ
03:39 মাকৰ বুঢ়া আঙুলিটো এখন কাণৰ পাছফালে আৰু বাকী আঙুলিসমূহ শিশুটোৰ আনখন কাণৰ পাছফালে থাকিব লাগে
03:46 তেওঁ বুঢ়া আঙুলিটো বা আঙুলিসমূহ কাণৰ পাছফালৰ পৰা আতৰাই শিশুটোৰ ডিঙিলৈ নিব নালাগে
03:52 তেওঁৰ মণিবন্ধটো শিশুটোৰ বাহুদুটাৰ মাজত থাকিব লাগে
03:56 তেওঁৰ হাতে শিশুটোৰ মুৰৰ পাছফালে হেচা দিব নালাগে
04:04 ইয়াৰ দ্বাৰা শিশুটোৱে স্তনপানৰ সময়ত আৰাম পাব
04:08 পাছত, আহক শিশুটোৰ শৰীৰটো সঠিককৈ ৰখাৰ স্থিতি শিকো
04:15 মাকৰ শৰীৰত শিশুটোৰ পেটৰদ্বাৰা অলপ হেচা পৰিব লাগে
04:20 তেওঁলোকৰ শৰীৰৰ মাজত দুৰত্ব কম হ’লে শিশুটোক স্তন ধুকি পাবলৈ কম শক্তি লাগিব
04:26 আৰু, গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৰ বাবে সহজ হ’ব
04:32 অৱস্থান নিৰ্ণয় কৰাত দ্বিতীয় পইন্তটো হৈছে শিশুটোৰ শৰীৰৰ সমতলতা
04:37 যেতিয়া আমি আহাৰ খাওঁ, আমাৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় এদাল সৰলৰেখাত থাকে
04:43 কিন্তু, স্তনপান কৰাওঁতে, বহুতো মাকে প্ৰায়ে শিশুটোৰ মুৰটো কাষলৈ ঘূৰাই লয়
04:50 ইয়াৰদ্বাৰা স্তনপান শিশুটোৰ বাবে অস্বস্তিকৰ হ’ব
04:55 স্তনপান কৰাওঁতে শিশুটোৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় এদাল সৰলৰেখাত থাকিব লাগে
05:01 ইয়াৰদ্বাৰা শিশুটোৰ বাবে গাখীৰ গিলোতে সহজ হ’ব
05:05 এতিয়া আমি শিশুটোৰ শৰীৰৰ অৱস্থান নিৰ্ণয় কৰাত তৃতীয় পইন্তটোলৈ আহো
05:10 মাকে শিশুটোৰ সম্পূৰ্ণ শৰীৰটোক সহায় কৰিব লাগিব
05:14 অন্যথা স্তনত গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৱে বহুত চেষ্টা কৰিব লাগিব
05:22 পাছত, আহক শিশুটোৰ নাক আৰু থুতৰিৰ স্থিতি চাওঁ
05:28 শিশুটোৰ নাক মাকৰ স্তনাগ্ৰ একে ৰেখাতে থাকিব লাগিব
05:33 আৰু, তেওঁৰ থুতৰি স্তনটোৰ একেবাৰে ওচৰত আগৰফালে হ’ব লাগে
05:38 ই নিশ্বিত কৰিব যে শিশুটোৱে স্তনটোৰ সৈতে যুক্ত হওঁতে এৰিঅ’লাৰ তলৰ অংশটো মুখৰ ভিতৰত বেছিকৈ লয়
05:45 আৰু সেইবাবে, তলৰ হনু ব্যৱ্হাৰ কৰি অধিক গাখীৰ খাব পাৰিব
05:51 মন কৰিব, স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশটো হৈছে এৰিঅ’লা
05:57 এতিয়া শিশুটো সঠিক স্থিতিত ৰখাৰ পাছত, আহক স্তনটো কেনেকৈ ধৰিব লাগে শিকো
06:04 তেওঁৰ আনটো হাতত থকা আঙুলিসমূহ ব্যৱ্হাৰ কৰি, মাকে স্তনটো তলফালৰ পৰা U আকাৰত ধৰিব লাগে
06:12 এই চিত্ৰখনত মাকে তেওঁৰ সোফালৰ স্তনটো ধৰিবলৈ সোহাতটো ব্যৱ্হাৰ কৰিব
06:19 বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ৰখাৰ সঠিক স্থিতিক বুজিবলৈ, কল্পনা কৰক মাকৰ সোফালৰ স্তনটো এটা ঘড়ি আৰু স্তনাগ্ৰটো হৈছে তাৰ কেন্দ্ৰ
06:31 মাকে তেওঁৰ সোহাতৰ বুঢ়া আঙুলিটো এই ঘড়িটোৰ ৯ নম্বৰ স্থানত থ’ব লাগিব
06:38 আৰু তেওঁৰ সোহাতৰ তৰ্জনী আঙুলি আৰু মধ্য আঙুলি ৩ নম্বৰ স্থানত থ’ব লাগিব
06:46 আঙুলিসমূহ সদায় শিশুৰ উঠৰ সমান্তৰাল হ’ব লাগে । কিয়?
06:51 আহক ইয়াক এটা সৰল উদাহৰণৰ সৈতে বুজো
06:56 যেতিয়া আমি এটা বৰা পাউ বা বাৰ্গাৰ খাওঁ, আমাৰ মুখ আৰু উঠ অনুভূমিকভাবে খোল খায়
07:02 আমি বৰা পাউ বা বাৰ্গাৰটো অনুভূমিকভাবে ধৰো এটা ডাঙৰ কামোৰ মাৰিবলৈ
07:08 ইয়াত, বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ উঠৰ সমান্তৰালকৈ থোৱা হয়
07:12 যদি আমি বৰা পাউ বা বাৰ্গাৰটো উলম্বভাবে ধৰো, আমি এটা ডাঙৰ কামোৰ মাৰিব নোৱাৰিম
07:19 একেদৰে, শিশুটোৰ উঠৰ দিশক লক্ষ্য কৰক
07:25 উঠদুটা ইয়াত লম্ব । সেইবাবে, বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহো লগতে স্তনটোত লম্বকৈ থ’ব লাগে
07:34 ই শিশুটোক মুখত এৰিঅ’লাটোৰ ডাঙৰ অংশ এটা ল’বলৈ সহায় কৰিব
07:39 শিশুটোৰ উঠৰ সমান্তৰাল হোৱাৰ উপৰিওঁ, মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহো সদায় স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত্বত থাকিব লাগে
07:50 পুনৰ, বৰা পাউ বা বাৰ্গাৰ এটা খাওঁতে, যদি আমি ইয়াক অতি ওচৰত ধৰো, আমাৰ আঙুলিসমূহে মুখক ডাঙৰ কামোৰ এটা ল’বলৈ বাধা দিব
08:00 যদি আমি ইয়াক বেছি দুৰত ধৰো, তেন্তে ইয়াৰ আকাৰ আমাৰ মুখত যাবলৈ সঠিক নহ’ব
08:07 সেইবাবে, আমি ইয়াক সঠিক দুৰত্বত ধৰো ডাঙৰ কামোৰ এটা ল’বলৈ
08:12 একেদৰে, শিশুটোৰ বাবে, সঠিক দুৰত্বটো হৈছে স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত এই চিত্ৰখনত দেখুৱাৰ দৰে
08:20 এই দুৰত্বই নিশ্বিত কৰিব যে - মাকৰ আঙুলিসমূহে যাতে শিশুটোৰ মুখত এৰিঅ’লাটোৰ ডাঙৰ অংশ এটা ল’বলৈ বাধা নিদিয়ে,
08:29 মাকে মাত্ৰ স্তনাগ্ৰটো সংকুচিত নকৰে যি অতি কম গাখীৰ দিব,
08:35 মাকে এৰিঅ’লাটোৰ তলত অৱস্থিত ডাঙৰ দুগ্ধ নলিকাসমূহ সংকুচিত কৰিব যাতে অধিক গাখীৰ উলায়
08:42 আৰু, স্তনৰ আকাৰটো সঠিক হ’ব যাতে শিশুটোৱে গভীৰভাবে যুক্ত হ’ব পাৰে
08:49 মাকৰ বুঢ়া আঙুলিটো স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত্বত স্তনটোৰ সেইফালে থাকিব লাগে য’ত শিশুটোৰ নাকটো থাকে
08:59 আৰু, তেওঁৰ দুটা আঙুলি স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত্বত স্তনটোৰ সেইফালে থাকিব লাগে য’ত শিশুটোৰ থুতৰিটো থাকে
09:09 আহক বৰা পাউ বা বাৰ্গাৰৰ উদাহৰণটোলৈ ঘূৰি যাওঁ
09:13 বৰা পাউ বা বাৰ্গাৰটো সঠিককৈ ধৰাৰ পাছত, আমি ডাঙৰ কামোৰ এটা ল’বলৈ সদায় ইয়াক সংকুচিত কৰো
09:21 একেদৰে, মাকে স্তনক তলফালৰ পৰা U আকাৰত ধৰি অলপ সংকুচিত কৰিব লাগে
09:28 ই শিশুটোক স্তনৰ ডাঙৰ অংশ এটা মুখত লোৱাত সহায় কৰিব
09:34 কিন্তু মনত ৰাখিব, মাকে তেওঁৰ স্তনক V আকাৰত সংকুচিত কৰিব নালাগে
09:39 V আকাৰত সংকুচিত কৰিলে স্তনত বিষ হ’ব আৰু স্তনাগ্ৰৰ পৰা কম গাখীৰ উলাব
09:45 লগতে নিশ্বিত কৰিব যে বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহৰ দ্বাৰা স্তনত যাতে সমান সংকোচন হয়
09:52 অন্যথা, স্তনাগ্ৰটো হয়তো সোফালে বা বাওঁফালে গুচি যাব আৰু গভীৰভাবে যুক্ত নহ’ব
10:00 মনত ৰাখিব, কেতিয়াওঁ স্তনটোক তললৈ শিশুটোৰ ফালে নানিব
10:08 সদায় শিশুটোক স্তনটোৰ ফালে আনিব
10:12 এতিয়া, শিশুটো ক্ৰচ ক্ৰেদল স্থিতিত আছে আৰু স্তনপানৰ বাবে স্তনৰ সৈতে যুক্ত হ’বলৈ তৈয়াৰ আছে
10:18 স্তনৰ সৈতে গভীৰভাবে যুক্ত হোৱাৰ সঠিক কৌশলটো একেটা চিৰিজৰ আনএটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
10:24 শিশুটো এবাৰ স্তনৰ সৈতে গভীৰভাবে যুক্ত হ’লে আৰু যদি স্তনটো বেছি গধুৰ নহয় তেন্তে মাকে হাতৰ পৰা স্তনটো এৰি সেই হাতটো শিশুটোৰ তলত ৰাখি সহাৰি দিব লাগে
10:40 এই স্থিতিত, মাকে তেওঁৰ দুয়োটা বাহু শৰীৰৰ অতি ওচৰত আনিব লাগে
10:46 ই তেওঁক স্তনপানৰ সময়ত আৰামত ৰাখিব
10:50 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি

সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Debosmita, Mausamh9