Linux-AWK/C2/Built-in-Functions-in-awk/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | নমস্কাৰ আৰু awk ত বুইল্ট-ইন ফাংচনচৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত আমি বিভিন্ন প্ৰকাৰৰ বুইল্ট-ইন ফাংচনচৰ বিষয়ে শিকিম যেনে- আৰিথমেতিক ফাংচনচ |
00:15 | ষ্ট্ৰিংগ ফাংচনচ |
00:17 | ইনপুত/আউতপুত ফাংচনচ আৰু টাইম-ষ্টাম্প ফাংচনচ |
00:23 | আমি ইয়াক কিছু উদাহৰণৰ দ্বাৰা কৰিম |
00:26 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু gedit টেকস্ত এদিতৰ 3.20.1 ব্যৱ্হাৰ কৰিছো |
00:38 | আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:42 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপুনি এই ওৱেবচাইতত আগৰ awk টিউট’ৰিয়েলচ চাব লাগিব |
00:49 | আপোনাৰ C বা C++ ৰ দৰে যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ কিছু মূল জ্ঞান থাকিব লাগিব |
00:56 | যদি নাই, তেন্তে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইতত সংগত টিউট’ৰিয়েলচ চাওঁক |
01:02 | এই টিউট’ৰিয়েলত ব্যৱহৃত ফাইলসমূহ এই টিউট’ৰিয়েল পেজৰ ক’দ ফাইলচ লিংকত উপলদ্ধ । সিহঁতক দাউনল’দ আৰু এক্সট্ৰেক্ত কৰক |
01:12 | awk ত বুইল্ট-ইন ফাংচনচ সদায় উপলদ্ধ থাকে কল কৰিবলৈ |
01:17 | প্ৰথমে আমি আৰিথমেতিক ফাংচনচৰ বিষয়ে শিকিম । স্কোৱাৰ ৰোত ফাংচনে (sqrt (x)) এটা নাম্বাৰ x ৰ প’জিতিভ স্কোৱাৰ ৰোত ঘূৰাই দিয়ে |
01:27 | int ফাংচনে x ক এটা ইন্তিজাৰ ভেলুলৈ ট্ৰানকেতচ কৰে |
01:32 | এক্সপ’নেনচিয়ল ফাংচনে x ৰ এক্সপ’নেনচিয়ল দিয়ে |
01:37 | লগ ফাংচনে x ৰ আচল লগাৰিথম ভেলু ঘূৰাই দিয়ে |
01:43 | sin আৰু cos এ sine(x) আৰু cosine(x) দিয়ে |
01:49 | মন কৰিব যে আৰগুমেন্ত x ৰেদিয়ানচত উল্লেখ কৰিব লাগিব |
01:55 | আহক এটা উদাহৰণ চাওঁ এই ফাংচনচক বুজিবলৈ |
02:00 | মই ইতিমধ্যে ক’দটো আৰিথমেতিক আন্দাৰস্ক’ৰ ফাংচন দত awk নামৰ ফাইল এটাত লিখিলো । একেটা ক’দ ফাইলচ লিংকত উপলদ্ধ |
02:10 | ইয়াত, আমি এটা প’জিতিভ আৰু নিগেতিভ নাম্বাৰৰ স্কোৱাৰ ৰোত প্ৰিন্ট কৰিছো |
02:17 | পাছত আমি এটা প’জিতিভ আৰু নিগেতিভ নাম্বাৰৰ ইন্তিজাৰ ভেলু প্ৰিন্ট কৰিছো |
02:24 | পাছত আমি এটা সৰু নাম্বাৰ আৰু এটা অতি ডাঙৰ নাম্বাৰৰ এক্সপ’ননচিয়েল প্ৰিন্ট কৰিছো |
02:31 | তাৰ পাছত, প’জিতিভ আৰু নিগেতিভ নাম্বাৰৰ আচল লগাৰিথম প্ৰিন্ট হৈছে |
02:38 | আমি লগতে 0.52 ৰেদিয়ানৰ sin আৰু cosine ভেলু প্ৰিন্ট কৰিছো, যি হৈছে প্ৰকৃততে 30 ডিগ্ৰী । আহক টাৰ্মিনেলত ফাইলটো এক্সিকিউত কৰো |
02:50 | CTRL, ALT আৰু T কীচ টিপি টাৰ্মিনেল খোলক |
02:55 | পাছত cd কমান্দ ব্যৱ্হাৰ কৰি ফ’ল্দাৰটোলৈ যাওঁক য’ত আপুনি ফাইলচ দাউনল’দ আৰু এক্সত্ৰেক্ত কৰিছিলে |
03:03 | এতিয়া লিখক awk স্পেচ -f স্পেচ আৰিথমেতিক_ফাংচন.awk আৰু এন্টাৰ টিপক আউতপুত চাবলৈ |
03:14 | কিছুসংখ্যক বস্তু এই আউতপুতৰ পৰা ক্লিয়ৰ হৈছে |
03:18 | sqrt() ফাংচনে এটা প’জিতিভ নাম্বাৰৰ স্কোৱাৰ ৰোত দিয়ে |
03:23 | ই nan বা নত এ নাম্বাৰ ঘূৰাই দিয়ে যদি নাম্বাৰটো নিগেতিভ হয় |
03:29 | int() এ যিকোনো প’জিতিভ বা নিগেতিভ নাম্বাৰৰ ট্ৰানকেতেদ ইন্তিজাৰ দিয়ে |
03:36 | exp() এ নাম্বাৰ এটাৰ এক্সপ’নেনচিয়ল দিয়ে । যদি নাম্বাৰটো অতি ডাঙৰ হয়, ফাংচনে inf ঘূৰাই দিয়ে |
03:47 | প’জিতিভ নাম্বাৰৰ আচল লগাৰিথম log() ফাংচনে দিয়ে |
03:53 | যদি নাম্বাৰটো নিগেতিভ হয়, ফাংচনে nan ঘূৰাই দিয়ে |
03:58 | Sine আৰু cosine ফাংচনে সংগত ভেলুচ ঘূৰাই দিয়ে । আপুনি কেলকুলেতৰ ব্যৱ্হাৰ কৰি ভেলুটো প্ৰমাণ কৰিব পাৰে |
04:07 | এতিয়া, আহক ৰেন্দম ফাংচনচ চাওঁ |
04:11 | rand() এ 0 আৰু 1 ৰ মাজত যিকোনো ৰেন্দম নাম্বাৰ এটা ঘূৰাই দিয়ে । কিন্তু কেতিয়াওঁ 0 বা 1 ঘূৰাই নিদিয়ে |
04:21 | উৎপন্ন হোৱা নাম্বাৰচ ওৱান awk এক্সিকিউচনৰ ভিতৰত ৰেন্দম হ’ব |
04:27 | কিন্তু awk প্ৰোগ্ৰামৰ বিভিন্ন এক্সিকিউচনত প্ৰেদিক্তেবল হয় |
04:33 | srand(x) ব্যৱহৃত হয় ৰেন্দম ফাংচনৰ বাবে seed ভেলু x দিবলৈ |
04:39 | x ৰ অনুপস্থিতিত, দেৰ দেত আৰু টাইম seed ভেলু হিচাবে ব্যৱহৃত হয় । আহক ইয়াক এটা উদাহৰণৰ সৈতে বুজো |
04:49 | মই ৰেন্দম ফাংচনৰ বাবে এটা ক’দ লিখিলো আৰু ইয়াক random.awk হিচাবে ছেভ কৰিলো |
04:56 | ইয়াত, ফৰ লোপৰ ভিতৰত, rand() ফাংচনে 0 আৰু 1 ৰ মাজত ৰেন্দম নাম্বাৰ এটা উৎপন্ন কৰিব |
05:04 | তেতিয়া উৎপন্ন হোৱা নাম্বাৰটো 50 ৰে পূৰণ হ’ব আৰু প্ৰিন্ট হ’ব |
05:10 | গতিকে, এই ক’দে 50 ৰ ভিতৰত পাচটা ৰেন্দম নাম্বাৰ উৎপন্ন কৰিব |
05:16 | টাৰ্মিনেললৈ যাওঁক আৰু ফাইলটো এক্সিকিউত কৰক । মই টাৰ্মিনেল খালি কৰো |
05:23 | লিখক: awk স্পেচ হাইফেন f স্পেচ ৰেন্দম দত awk আৰু এন্টাৰ টিপক |
05:31 | চাওঁক, ই পাচটা ৰেন্দম নাম্বাৰ দিছে |
05:35 | কি হ’ব যদি মই ক’দটো পুনৰ এক্সিকিউত কৰো? |
05:39 | আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক আৰু এন্টাৰ টিপক |
05:47 | আমি একেটা আউতপুত পাইছো । যি বুজায়, awk এ স্ক্ৰিপ্তটোৰ প্ৰতিটো এক্সিকিউচনৰ বাবে ৰেন্দম নাম্বাৰৰ একেটা চেত উৎপন্ন কৰি আছে |
05:57 | তেন্তে কেনেকৈ আমি প্ৰতিটো এক্সিকিউচনত ৰেন্দম নাম্বাৰৰ এটা নতুন চেত পাব পাৰো? ক’দটোলৈ পুনৰ এবাৰ যাওঁক |
06:06 | ফৰ লোপৰ আগত, srand() ফাংচন লিখক |
06:11 | ফাইলটো ছেভ কৰিবলৈ Crtl আৰু S কীচ টিপক |
06:16 | এতিয়া টাৰ্মিনেললৈ যাওঁক |
06:19 | আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক আৰু এন্টাৰ টিপক |
06:27 | ই ৰেন্দম নাম্বাৰৰ এটা বেলেগ চেত দিছে |
06:31 | গতিকে, আমি srand ফাংচন ব্যৱ্হাৰ কৰি ৰেন্দম নাম্বাৰৰ এটা নতুন চেত উৎপন্ন কৰিব পাৰো, যেতিয়া ই এটা আৰগুমেন্তৰ অবিহনে ব্যৱহৃত হয় |
06:40 | পাছত আমি কিছু ষ্ট্ৰিংগ ফাংচনচচাম । লেনথ ফাংচনে এটা নিৰ্দিষ্ট ষ্ট্ৰিংগ s ৰ লেনথ দিয়ে |
06:49 | ইন্দেক্স ফাংচনে ডাঙৰ ষ্ট্ৰিংগ s1 ৰ ভিতৰত ষ্ট্ৰিংগ s2 ৰ অৱস্থানক দিতাৰমাইন কৰে |
06:57 | উদাহৰণস্বৰূপে, ইন্দেক্স পেৰেনথেচিচৰ ভিতৰত দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত লিনাক্স কমা দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত n, 3 ঘূৰাই দিয়ে । আহক উদাহৰণ এটা চাওঁ |
07:10 | awkdemo.txt ফাইলটো খোলক |
07:14 | আমি জানো যে awkdemo.txt ফাইলটোত প্ৰতিটো ষ্টুদেন্তৰ এটা 4 দিজিত ৰোল নাম্বাৰ আছে |
07:21 | টাইপিং ভুলৰ বাবে, ৰোল নাম্বাৰত হয়তো দিজিতচৰ ভুল নাম্বাৰ থাকিব পাৰে । আমি awk কমান্দচ ব্যৱ্হাৰ কৰি সহজে ইয়াক চিহ্নিত কৰিব পাৰো |
07:30 | টাৰ্মিনেললৈ যাওঁক । মই টাৰ্মিনেল খালি কৰো |
07:36 | এতিয়া ইয়াত দৰ্শিত ধৰণে কমান্দটো লিখক । ইয়াত আমি চাইছো 1st ফিল্দৰ লেনথ সমান 4 হয়নে নহয় |
07:46 | যদি নহয়, তেন্তে সেই নিৰ্দিষ্ট ৰেকৰ্দ প্ৰিন্ট হ’ব । এন্টাৰ টিপক |
07:53 | চাওঁক, এটা ৰোল-নাম্বাৰ S02 আছে যাক অশুদ্ধকৈ টাইপ কৰা হৈছে |
08:00 | ইয়াৰ তিনিটা দিজিত আছে, য’ত বাকী সকলোৰে চাৰিটা দিজিত আছে |
08:07 | substr(s,a,b) ফাংচনে এটা ডাঙৰ ষ্ট্ৰিংগ s ৰ পৰা এটা চাবষ্ট্ৰিংগ এক্সত্ৰেক্ত কৰে |
08:14 | মই পাৰামিটাৰচ বৰ্ণনা কৰো |
08:17 | ইয়াত s হৈছে ষ্ট্ৰিংগ |
08:20 | a এ s ৰ স্থানক সূচাই য’ৰ পৰা এক্সত্ৰেকচন আৰম্ভ হ’ব |
08:26 | b এ কেৰেক্তাৰৰ নাম্বাৰক সূচাই যি এক্সত্ৰেক্ত কৰা হ’ব । আহক এটা উদাহৰণ চাওঁ |
08:33 | awkdemo.txt ফাইললৈ যাওঁক |
08:37 | ইয়াত ৰোল নাম্বাৰৰ প্ৰথম আখৰে হ’ষ্টেল ক’দক দৰ্শাই য’ত নিৰ্দিষ্ট ষ্টুদেন্ত থাকে |
08:46 | ধৰক আমি ষ্টুদেন্তৰ তালিকাক বিচাৰিছো, যোন হ’ষ্টেল A ত আছে |
08:52 | তাক পাবলৈ, আহক টাৰ্মিনেললৈ যাওঁ |
08:56 | ইয়াত দৰ্শিত ধৰণে কমান্দটো লিখক |
09:00 | ইয়াত আমি $1 ৰে সূচোৱা ষ্ট্ৰিংগ লওঁ |
09:05 | আমি জানো যে $1 এ প্ৰথম ফিল্দক দৰ্শাই, যি হৈছে ৰোল নাম্বাৰ আমাৰ ক্ষেত্ৰত |
09:12 | পাছত, আমি এটা চাবষ্ট্ৰিংগ এক্সত্ৰেক্ত কৰো যি প’জিচন ওৱানত আৰম্ভ হয় কেৰেক্তাৰ লেনথ ওৱানৰ সৈতে |
09:19 | তেতিয়া, যদি ই কেপিতেল A ৰ সমান হয়, তেন্তে ফাইলৰ পৰা সেই লাইনটো প্ৰিন্ট হ’ব । এন্টাৰ টিপক আউতপুত চাবলৈ |
09:29 | আমি হ’ষ্টেল A ত থকা ষ্টুদেন্তৰ তালিকাখন পালো |
09:34 | আমি ফাংচন split ক আগতে দেখিছো । গতিকে, মই ইয়াত সবিশেষ বৰ্ণনা নকৰো |
09:40 | যদি আপোনাৰ কিবা সন্দেহ আছে তেন্তে আগৰ awk টিউট’ৰিয়েলচ চাওঁক |
09:45 | কিছু অন্য ফাংচনচ আছে যি ইনপুত/আউতপুতলৈ সংগত থকা । system() ফাংচনে - আমাক awk ৰ ভিতৰত যিকোনো unix কমান্দ ৰান কৰিবলৈ সহায় কৰে |
09:56 | এতিয়া, আমি awk কমান্দৰ দ্বাৰা unix কমান্দ দেত ৰান কৰিম |
10:01 | টাৰ্মিনেলত ইয়াত দৰ্শিত ধৰণে কমান্দটো লিখক আৰু এন্টাৰ টিপক |
10:09 | টাৰ্মিনেলত আজিৰ দেত আৰু টাইম এটা আউতপুত হিচাবে দৰ্শিত হৈছে |
10:15 | এতিয়া, আমাক এইটো কিয় লাগে? আমি awk কমান্দৰ মাত্ৰ BEGIN চেকচনটোহে ৰাখিছো |
10:21 | প্ৰকৃত পৃথিবীৰ ক্ষেত্ৰত, আমি হয়তো চিষ্টেম দেত প্ৰিন্ট কৰিবলৈ বিচাৰিব পাৰো, প্ৰয়োজনীয় আউতপুতটো দেখুৱাৰ আগতে |
10:28 | তেনেক্ষেত্ৰত, আমি awk কমান্দৰ পৰা চিষ্টেম কমান্দচ এক্সিকিউত কৰিব লাগিব |
10:34 | টাইম ষ্টাম্পচৰ সৈতে দিল কৰা কিছু ফাংচনচ আছে যেনে systime(), strftime(), ইত্যাদি |
10:43 | এই ফাংচনচৰ বিষয়ে জানিবলৈ ইন্টাৰনেতত ব্ৰাউজ কৰক |
10:48 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
10:53 | এই টিউট’ৰিয়েলটোত আমি বিভিন্ন প্ৰকাৰৰ বুইল্ট-ইন ফাংচনচৰ বিষয়ে শিকিলো যেনে- আৰিথমেতিক ফাংচনচ, ষ্ট্ৰিংগ ফাংচনচ, ইনপুত/আউতপুত ফাংচনচ আৰু টাইম-ষ্টাম্পচ ফাংচনচ |
11:06 | এটা অনুশিলনী হিচাবে - awk প্ৰোগ্ৰাম এটা লিখক প্ৰতিটো ৰেকৰ্দৰ অন্তিম ফিল্দক প্ৰিন্ট কৰিবলৈ |
11:13 | য’ত ষ্টুদেন্তৰ নামটোত সৰু u আছে তৃতীয় আখৰ হিচাবে awkdemo.txt ফাইলটো ব্যৱ্হাৰ কৰি |
11:22 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
11:30 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
11:43 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
11:47 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
11:59 | স্ক্ৰিপ্তটো অন্তৰাই অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |