LibreOffice-Suite-Base/C2/Build-a-complex-form-with-form-controls/Assamese
From Script | Spoken-Tutorial
Revision as of 16:48, 27 February 2017 by Pratik kamble (Talk | contribs)
Time | Narration |
00:00 | নম্সকাৰ দৰ্শক সকল. LibreOffice বেস-এৰ এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত| |
00:04 | জটিল ফর্ম সংক্রান্ত এই টিউটোৰিয়েলত, আমি শিকিম: |
00:08 | এটা জটিল ফর্ম নির্মান কৰা
আৰু ফর্ম পৰিবর্তন কৰা| |
00:13 | পূর্ববর্তী টিউটোৰিয়েলত, আমি শিকিছো কিভাবে LibreOffice বেসত ফর্ম ব্যবহাৰ কৰি তথ্য ভৰোৱা যায় আৰু কিভাবে ফর্মটো পৰিবর্তন কৰা যায়| |
00:22 | এই টিউটোৰিয়েলত, এটা জটিল ফর্ম নির্মাণ কৰা শিকা যাওক| |
00:28 | LibreOffice বেস প্রোগ্রাম আগৰে পৰা খোলা নাথাকলে, প্রথমে সেইটো খোলা যাওক| |
00:44 | লাইব্রেৰি ডেটাবেস খোলক| |
00:47 | বেস যদি ইতিমধ্যেই খোলা থাকে, তেনেহলে আপোনি ইয়াৰ পৰা ফাইল মেনুত ওপেনত ক্লিক কৰি লাইব্রেৰী ডাটাবেস খুলিব পাৰিব| |
00:57 | বা ফাইল মেনুত Recent Documents ক্লিক কৰি কৰিব পাৰিব| |
01:03 | এটা নতুন ফর্ম তৈয়াৰ কৰা যাওক, যি গ্রন্থাগাৰৰ সদস্যদক দিয়া কিতাপবোৰৰ হিসাব ৰখাত সহায়তা কৰিব| |
01:12 | তেনেহলে শিকা যাওক, এই স্ক্রিনত যি ফর্ম টো দেখা গৈছে সেইৰকমে ফর্ম কিভাবে তৈয়াৰ কৰা যায়| |
01:18 | LibreOffice বেস প্রধান উইন্ডোলৈ যাওক আৰু বাও প্যানেলৰ ডাটাবেস তালিকাত ফৰমস আইকনৰ উপৰত ক্লিক কৰক| |
01:29 | তাৰপিছত ক্লিক কৰক 'Use Wizard to create form' |
01:34 | এতিয়া ফৰমস উইন্ডো খুলি গৈছে আৰু সেইটোৰ উপৰত এতিয়া পৰিচিত ফর্ম উইজার্ড প্রর্দশিত হৈছে । |
01:41 | আমি আগতেই এই উইজার্ডক লৈ বিস্তাৰিত আলোচনা কৰিছিলো । তেনেহলে এতিয়া আলোচনা কৰি আগোৱাই যোৱা যাওক। |
01:49 | প্রথম ধাপ, ক্ষেত্র নির্বাচন । Tables or queries লেবেলৰ তলৰ ড্রপ ডাউন বাক্সৰ পৰা 'Tables:BooksIssued' নির্বাচন কৰক । |
02:02 | জোড়া তীৰ(double arrow ) বোতাম ব্যবহাৰ কৰি, সকলো ক্ষেত্রবোৰক বাওৰ পৰা সোফালে লৈ যাওক । |
02:10 | এইবাৰ Next বোতামত ক্লিক কৰক । |
02:12 | এইটো দ্বিতীয় ধাপ, কিন্তু আমি এতিয়াৰ বাবে এই ধাপত একো নকৰো । তলৰফালে Next বোতামত ক্লিক কৰক । |
02:20 | আমি এতিয়া পঞ্চম ধাপত আছো । প্রথম ব্যবস্থাটো 'Columnar – Labels Left' নির্বাচন কৰক আৰু Next বোতামত ক্লিক কৰক । |
02:30 | ষষ্ঠ ধাপতোকোও একো নকৰি Next বোতামত ক্লিক কৰক । |
02:36 | সপ্তম ধাপ, বৰফ নীলা(Ice blue) নির্বাচন কৰক আৰু Next বোতামত ক্লিক কৰক । |
02:42 | অষ্টম ধাপত ফর্ম-টোৰ নাম দিয়ক 'Books Issued to Members' । |
02:53 | আৰু 'Modify the form' বিকল্পটো ক্লিক কৰক । |
02:57 | ইয়াৰ পিছত Finish বোতামত ক্লিক কৰক । |
03:00 | লক্ষ্য কৰক, উইজার্ড পপআপ উইন্ডো আৰু দেখা নাপায় আৰু আমি ফর্ম ডিজাইন উইন্ডো দেখিব পাৰিছো । |
03:07 | তথ্য ভৰাবৰ বাবে ফর্মটোক ব্যবহাৰ কৰাৰ আগতে ইয়াতে কিছু পৰিবর্তন কৰা যাওক। |
03:15 | প্রথমে ফর্ম-এৰ সমস্ত উপাদান-বোৰক দলমুক্ত কৰা যাওক। |
03:22 | আমি এইটো কৰিছো, যাতে আমি সহজে ফর্মৰ উপাদানবোৰৰ বৈশিষ্ট্যক বেলেগ ভাবে সম্পাদনা কৰিবলৈ পাৰো । |
03:31 | সকলো ফর্ম উপাদানবোৰক একেবাৰে পৃথক কৰিবলৈ , প্রথমে সমস্ত ফর্ম উপাদানবোৰক নির্বাচন কৰা প্রয়োজন হয় । |
03:40 | এইটো কৰিবলৈ, প্রথমে ফৰম ডিজাইন টুলবাৰ খোলা যাওক। |
03:46 | ইয়াৰ বাবে উপৰৰ view মেনুত ক্লিক কৰক, তাৰপিছত Toolbars ক্লিক কৰক, তাৰপিছত ফর্ম ডিজাইনত ক্লিক কৰক । |
03:56 | এই টুলবাৰ-ত, এবাৰ মাউস পইন্টাৰ আইকনত ক্লিক কৰক, যিটো হল প্রথম আৰু সকোলোৰ পৰা বাওফালে আইকন । |
04:05 | আমি এতিয়াৰ পৰা এইটোক select বা নির্বাচন আইকন হিসাবে উল্লেখ কৰিম । |
04:11 | এইটোৱে ফর্ম উপাদান-বোৰক ক্লিক কৰি আৰু টানি নির্বাচন কৰাত সাহায্য হয় । |
04:18 | এতিয়া, ফর্ম-এৰ উপৰৰ বাওফালে ক্লিক কৰক আৰু বেকা কৰি তলৰ অংশত সোফালে টানি আনক । |
04:26 | এতিয়া আপোনি পর্যায়ক্রমে কলা আৰু বগা ৰেখা দ্বাৰা অঙ্কন কৰা এটা আয়তক্ষেত্র দেখিব পাৰিছে । |
04:32 | নিশ্চিত কৰক যাতে সমস্ত ফর্ম উপাদান এই আয়তক্ষেত্র-এৰ ভিতৰতেই থাকে । |
04:38 | আমি এই পদ্ধতি বাৰে বাৰে ব্যবহাৰ কৰিম ফর্মৰ উপাদানৰ দল নির্বাচন কৰিবলৈ । |
04:46 | আমি এতিয়া দেখিব পাৰিছো, সকলো উপাদান সৰু সেউজীয়া বাক্সত ঘেৰি অছে । |
04:53 | এতিয়া ইয়াত যি কি নহওক কিয়, এই এলাকাৰ সকলো উপাদানবোৰ সমানভাবে প্রভাবিত হব । |
05:02 | এইবাৰ ইয়াত যি কোনো এটা লেবেলৰ উপৰত মাউস পইন্টাৰ নিয়ো আহক । |
05:08 | লক্ষ্য কৰক, যি কোনো লেবেল আৰু টেক্সট বাক্সৰ উপৰত মাউস পইন্টাৰ-টো এটা যোগ-চিনহৰ নিচিনা দেখে । |
05:18 | এতিয়া এটা লেবেলৰ উপৰত সো ক্লিক কৰক আৰু তলৰ গ্রুপত ক্লিক কৰক আৰু তাৰ পিছত 'Ungroup'ত ক্লিক কৰক । |
05:28 | এতিয়া এটা শিৰোনাম লেখা যাওক, যি সমস্ত ফর্ম উপাদানৰ উপৰত থাকিব । |
05:35 | ইয়াৰ বাবে, ফর্ম উপাদানবোৰক তলৰ লৈ ঠেলা দিয়ক আৰু তাৰ পিছত সেইবোৰ ফর্ম-এৰ কেন্দ্রত আনা যাওক। |
05:43 | সেয়ে প্রথমে নিম্নমুখী তীৰ কিক(down arrow key) প্রায় সাতবাৰ টিপক । |
05:50 | তাৰপিছত সোমুখী তীৰ কিক ১৪ বাৰ টিপক । |
05:57 | লক্ষ্য কৰক যে ই এই সমস্ত নির্বাচিত ফর্ম উপাদানবোৰ সোফালে আৰু ফর্ম-এৰ কেন্দ্রফলে চলাই আছে । |
06:07 | এতিয়া, যত শিৰোনাম লিখিব বিছাৰো সেইঠাইলৈ কার্সাৰ নিয়ো আহক । |
06:14 | ইয়াৰ বাবে, ফর্ম উইন্ডো এলাকাৰ উপৰৰ বাওফালে ক্লিক কৰা যাওক, |
06:21 | এইবাৰ দুবাৰ Enter কি টিপক, |
06:26 | তাৰপিছত চাৰি বাৰ ট্যাব কী টিপক । ইয়াৰ পিছত লিখক 'Form to track Books Issued to Members' |
06:38 | এতিয়া যেতিয়া আপোনি লেবেল আৰু টেক্সট বাক্সত ক্লিক কৰিব, তাত দেখিব যে এই উপাদানবোৰ পৃথকভাবে নির্বাচিত বা উজ্জ্বল হৈ উঠিছে । |
06:52 | ঠিক আছে, তাৰপিছত, আমাৰ ফর্মত BookId আৰু MemberId লেবেল-এৰ নাম পৰিবর্তন কৰা যাওক। |
07:00 | এইটো কৰিবলৈ আপোনি BookId লেবেল-এৰ উপৰত ডবল ক্লিক কৰক, যাৰ ফলত আমাৰ পৰিচিত প্রোপার্টিস পপ আপ উইন্ডো প্রর্দশিত হব । |
07:12 | লেবেলৰ আগত লিখক Book Title |
07:18 | এতিয়া আমাৰ ফর্মত MemberId লেবেলৰ উপৰত ক্লিক কৰক । |
07:25 | লক্ষ্য কৰক, প্রোপাৰটিস উইনডো পৰিবর্তন হৈ গৈছে, ইয়াত লেবেল -এৰ আগত লিখক - 'Member Name' |
07:34 | চাওক, ট্যাব কি টিপাৰ সৈতে, ফর্মৰ লেবেলবোৰ পৰিবর্তন হৈ গৈছে । |
07:43 | ইয়াৰ পিছত , এতিয়া এই ফর্মৰ উপাদানবোৰৰ ফন্টৰ মাপ পৰিবর্তন কৰা যাওক। |
07:49 | আকৌ এবাৰ সকলো উপাদানবোৰক নির্বাচন কৰক । |
07:54 | ইয়াৰ বাবে আমি প্রথমে ক্লিক কৰি, আৰু তাৰ পিছত ধৰি টানি অনাৰ পদ্ধতিটো ব্যবহাৰ কৰিম । |
07:59 | এতিয়া, যিকোনো এটা লেবেলত ডবল ক্লিক কৰক, যাৰ ফলত Properties উইন্ডো প্রদর্শন হব । |
08:08 | তললৈ স্ক্রল কৰি ফন্ট বিছাৰক আৰু তাৰ সোফালে স্কোয়েৰ( square ) বাটনত ক্লিক কৰক । |
08:18 | নতুন পপআপ উইন্ডোত , বোল্ড আৰু আকাৰ(size) ৮ত ক্লিক কৰক । |
08:26 | এইবাৰ Ok বাটনত ক্লিক কৰক । |
08:29 | লক্ষ্য কৰক যে, ফর্মৰ সমস্ত উপাদানৰ ফন্ট বোল্ড আৰু ফন্ট সাইজ ৮ হৈ গৈছে । |
08:38 | ইয়াৰ পিছত, সমস্ত ফর্ম উপাদানক আমাৰ উইন্ডোৰ কেন্দ্রলৈ অনা যাওক। |
08:45 | ইয়াৰ বাবে, সকলো উপাদান নির্বাচন কৰক । |
08:49 | এতিয়া যিকোনো লেবেলৰ উপৰত ক্লিক কৰক আৰু ফর্ম ডিজাইন উইন্ডোৰ কেন্দ্রলৈ টানি নিয়ো আহক । |
09:00 | এতিয়া এই ফর্মটো সংৰক্ষণ কৰা যাওক। |
09:03 | এই উইন্ডোটো বন্ধ কৰক । আমাৰ ফর্মটো এতিয়া কেনে দেখিবো লাগিছে তাক চাও, |
09:10 | বেস প্রধান উইন্ডোলৈ যাওক আৰু সো প্যানেলৰ 'Books Issued to Members' ফর্মৰ উপৰত ডবল ক্লিক কৰক । |
09:20 | এইটোৱে এটা ফর্ম প্রর্দশিত কৰিছে যি তথ্য ভৰোৱাৰ ব্যবহাৰৰ বাবে প্রস্তুত । |
09:26 | এতিয়া এই ফর্মত, আপোনি কিছু নমুনা তথ্য দেখিব পাৰিছে । |
09:31 | আৰু কিতাপৰ শিৰোনাম আৰু সদস্যৰ নামৰ আগত, কিছু সংখ্যা দেখিব পাৰিছে, |
09:37 | এইবোৰ Books আৰু Members টেবোলৰ সচায়েই প্রধান সংখ্যা হয়, কিন্তু এই মানবোৰক ব্যবহাৰ কৰা খুব সহজ নহয় । |
09:46 | এইবোৰৰ পৰিবর্তে কি আপোনি, কিতাপবোৰৰ আসল শিৰোনাম আৰু সদস্যৰ আসল নাম দেখিব পছন্দ কৰিব ? |
09:50 | আৰু কিভাবে এইটো কৰিব ? |
09:53 | এটা উপায় হল তালিকা বাক্স(List box) নামৰ এটা ফর্ম নিয়ন্ত্রক(form control ) যোগ কৰা । |
09:59 | আমি পৰবর্তী টিউটোৰিয়েলত শিকিম কিভাবে এটা তালিকা বাক্স অথবা অন্যান্য ফর্ম নিয়ন্ত্রক যুক্ত কৰে আৰু সেইবোৰক ব্যবহাৰ কৰা যায় । |
10:08 | ইয়াতেই LibreOffice বেসত জটিল ফৰম সংক্রান্তৰ এই টিউটোৰিয়েল সমাপ্ত হল । |
10:13 | সংক্ষেপ, আমি শিকিছো:
এটা জটিল ফর্ম নির্মাণ আৰু ফর্ম পৰিবর্তন কৰা । |
10:20 | স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। এই বিষয় বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য http://spoken-tutorial.org/NMEICT-Intro |
10:40 | আই আই টি বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |