LibreOffice-Suite-Base/C2/Build-a-complex-form-with-form-controls/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নম্সকাৰ দৰ্শক সকল. LibreOffice বেস-এৰ এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত|
00:04 জটিল ফর্ম সংক্রান্ত এই টিউটোৰিয়েলত, আমি শিকিম:
00:08 এটা জটিল ফর্ম নির্মান কৰা

আৰু ফর্ম পৰিবর্তন কৰা|

00:13 পূর্ববর্তী টিউটোৰিয়েলত, আমি শিকিছো কিভাবে LibreOffice বেসত ফর্ম ব্যবহাৰ কৰি তথ্য ভৰোৱা যায় আৰু কিভাবে ফর্মটো পৰিবর্তন কৰা যায়|
00:22 এই টিউটোৰিয়েলত, এটা জটিল ফর্ম নির্মাণ কৰা শিকা যাওক|
00:28 LibreOffice বেস প্রোগ্রাম আগৰে পৰা খোলা নাথাকলে, প্রথমে সেইটো খোলা যাওক|
00:44 লাইব্রেৰি ডেটাবেস খোলক|
00:47 বেস যদি ইতিমধ্যেই খোলা থাকে, তেনেহলে আপোনি ইয়াৰ পৰা ফাইল মেনুত ওপেনত ক্লিক কৰি লাইব্রেৰী ডাটাবেস খুলিব পাৰিব|
00:57 বা ফাইল মেনুত Recent Documents ক্লিক কৰি কৰিব পাৰিব|
01:03 এটা নতুন ফর্ম তৈয়াৰ কৰা যাওক, যি গ্রন্থাগাৰৰ সদস্যদক দিয়া কিতাপবোৰৰ হিসাব ৰখাত সহায়তা কৰিব|
01:12 তেনেহলে শিকা যাওক, এই স্ক্রিনত যি ফর্ম টো দেখা গৈছে সেইৰকমে ফর্ম কিভাবে তৈয়াৰ কৰা যায়|
01:18 LibreOffice বেস প্রধান উইন্ডোলৈ যাওক আৰু বাও প্যানেলৰ ডাটাবেস তালিকাত ফৰমস আইকনৰ উপৰত ক্লিক কৰক|
01:29 তাৰপিছত ক্লিক কৰক 'Use Wizard to create form'
01:34 এতিয়া ফৰমস উইন্ডো খুলি গৈছে আৰু সেইটোৰ উপৰত এতিয়া পৰিচিত ফর্ম উইজার্ড প্রর্দশিত হৈছে ।
01:41 আমি আগতেই এই উইজার্ডক লৈ বিস্তাৰিত আলোচনা কৰিছিলো । তেনেহলে এতিয়া আলোচনা কৰি আগোৱাই যোৱা যাওক।
01:49 প্রথম ধাপ, ক্ষেত্র নির্বাচন । Tables or queries লেবেলৰ তলৰ ড্রপ ডাউন বাক্সৰ পৰা 'Tables:BooksIssued' নির্বাচন কৰক ।
02:02 জোড়া তীৰ(double arrow ) বোতাম ব্যবহাৰ কৰি, সকলো ক্ষেত্রবোৰক বাওৰ পৰা সোফালে লৈ যাওক । 
02:10 এইবাৰ Next বোতামত ক্লিক কৰক ।
02:12 এইটো দ্বিতীয় ধাপ, কিন্তু আমি এতিয়াৰ বাবে এই ধাপত একো নকৰো । তলৰফালে Next বোতামত ক্লিক কৰক ।
02:20 আমি এতিয়া পঞ্চম ধাপত আছো । প্রথম ব্যবস্থাটো 'Columnar – Labels Left' নির্বাচন কৰক আৰু Next বোতামত ক্লিক কৰক ।
02:30 ষষ্ঠ ধাপতোকোও একো নকৰি Next বোতামত ক্লিক কৰক ।
02:36 সপ্তম ধাপ, বৰফ নীলা(Ice blue) নির্বাচন কৰক আৰু Next বোতামত ক্লিক কৰক ।
02:42 অষ্টম ধাপত ফর্ম-টোৰ নাম দিয়ক 'Books Issued to Members'  ।
02:53 আৰু 'Modify the form' বিকল্পটো ক্লিক কৰক ।
02:57 ইয়াৰ পিছত Finish বোতামত ক্লিক কৰক ।
03:00 লক্ষ্য কৰক, উইজার্ড পপআপ উইন্ডো আৰু দেখা নাপায় আৰু আমি ফর্ম ডিজাইন উইন্ডো দেখিব পাৰিছো ।
03:07 তথ্য ভৰাবৰ বাবে ফর্মটোক ব্যবহাৰ কৰাৰ আগতে ইয়াতে কিছু পৰিবর্তন কৰা যাওক।
03:15 প্রথমে ফর্ম-এৰ সমস্ত উপাদান-বোৰক দলমুক্ত কৰা যাওক।
03:22 আমি এইটো কৰিছো, যাতে আমি সহজে ফর্মৰ উপাদানবোৰৰ বৈশিষ্ট্যক বেলেগ ভাবে সম্পাদনা কৰিবলৈ পাৰো ।
03:31 সকলো ফর্ম উপাদানবোৰক একেবাৰে পৃথক কৰিবলৈ , প্রথমে সমস্ত ফর্ম উপাদানবোৰক নির্বাচন কৰা প্রয়োজন হয় ।
03:40 এইটো কৰিবলৈ, প্রথমে ফৰম ডিজাইন টুলবাৰ খোলা যাওক।
03:46 ইয়াৰ বাবে উপৰৰ view মেনুত ক্লিক কৰক, তাৰপিছত Toolbars ক্লিক কৰক, তাৰপিছত ফর্ম ডিজাইনত ক্লিক কৰক ।
03:56 এই টুলবাৰ-ত, এবাৰ মাউস পইন্টাৰ আইকনত ক্লিক কৰক, যিটো হল প্রথম আৰু সকোলোৰ পৰা বাওফালে আইকন ।
04:05 আমি এতিয়াৰ পৰা এইটোক select বা নির্বাচন আইকন হিসাবে উল্লেখ কৰিম ।
04:11 এইটোৱে ফর্ম উপাদান-বোৰক ক্লিক কৰি আৰু টানি নির্বাচন কৰাত সাহায্য হয় ।
04:18 এতিয়া, ফর্ম-এৰ উপৰৰ বাওফালে ক্লিক কৰক আৰু বেকা কৰি তলৰ অংশত সোফালে টানি আনক ।
04:26 এতিয়া আপোনি পর্যায়ক্রমে কলা আৰু বগা ৰেখা দ্বাৰা অঙ্কন কৰা এটা আয়তক্ষেত্র দেখিব পাৰিছে ।
04:32 নিশ্চিত কৰক যাতে সমস্ত ফর্ম উপাদান এই আয়তক্ষেত্র-এৰ ভিতৰতেই থাকে ।
04:38 আমি এই পদ্ধতি বাৰে বাৰে ব্যবহাৰ কৰিম ফর্মৰ উপাদানৰ দল নির্বাচন কৰিবলৈ ।
04:46 আমি এতিয়া দেখিব পাৰিছো, সকলো উপাদান সৰু সেউজীয়া বাক্সত ঘেৰি অছে ।
04:53 এতিয়া ইয়াত যি কি নহওক কিয়, এই এলাকাৰ সকলো উপাদানবোৰ সমানভাবে প্রভাবিত হব ।
05:02 এইবাৰ ইয়াত যি কোনো এটা লেবেলৰ উপৰত মাউস পইন্টাৰ নিয়ো আহক ।
05:08 লক্ষ্য কৰক, যি কোনো লেবেল আৰু টেক্সট বাক্সৰ উপৰত মাউস পইন্টাৰ-টো এটা যোগ-চিনহৰ নিচিনা দেখে ।
05:18 এতিয়া এটা লেবেলৰ উপৰত সো ক্লিক কৰক আৰু তলৰ গ্রুপত ক্লিক কৰক আৰু তাৰ পিছত 'Ungroup'ত ক্লিক কৰক ।
05:28 এতিয়া এটা শিৰোনাম লেখা যাওক, যি সমস্ত ফর্ম উপাদানৰ উপৰত থাকিব ।
05:35 ইয়াৰ বাবে, ফর্ম উপাদানবোৰক তলৰ লৈ ঠেলা দিয়ক আৰু তাৰ পিছত সেইবোৰ ফর্ম-এৰ কেন্দ্রত আনা যাওক।
05:43 সেয়ে প্রথমে নিম্নমুখী তীৰ কিক(down arrow key) প্রায় সাতবাৰ টিপক ।
05:50 তাৰপিছত সোমুখী তীৰ কিক ১৪ বাৰ টিপক ।
05:57 লক্ষ্য কৰক যে ই এই সমস্ত নির্বাচিত ফর্ম উপাদানবোৰ সোফালে আৰু ফর্ম-এৰ কেন্দ্রফলে চলাই আছে ।
06:07 এতিয়া, যত শিৰোনাম লিখিব বিছাৰো সেইঠাইলৈ কার্সাৰ নিয়ো আহক ।
06:14 ইয়াৰ বাবে, ফর্ম উইন্ডো এলাকাৰ উপৰৰ বাওফালে ক্লিক কৰা যাওক,
06:21 এইবাৰ দুবাৰ Enter কি টিপক,
06:26 তাৰপিছত চাৰি বাৰ ট্যাব কী টিপক । ইয়াৰ পিছত লিখক 'Form to track Books Issued to Members'
06:38 এতিয়া যেতিয়া আপোনি লেবেল আৰু টেক্সট বাক্সত ক্লিক কৰিব, তাত দেখিব যে এই উপাদানবোৰ পৃথকভাবে নির্বাচিত বা উজ্জ্বল হৈ উঠিছে ।
06:52 ঠিক আছে, তাৰপিছত, আমাৰ ফর্মত BookId আৰু MemberId লেবেল-এৰ নাম পৰিবর্তন কৰা যাওক।
07:00 এইটো কৰিবলৈ আপোনি BookId লেবেল-এৰ উপৰত ডবল ক্লিক কৰক, যাৰ ফলত আমাৰ পৰিচিত প্রোপার্টিস পপ আপ উইন্ডো প্রর্দশিত হব ।
07:12 লেবেলৰ আগত লিখক Book Title
07:18 এতিয়া আমাৰ ফর্মত MemberId লেবেলৰ উপৰত ক্লিক কৰক ।
07:25 লক্ষ্য কৰক, প্রোপাৰটিস উইনডো পৰিবর্তন হৈ গৈছে, ইয়াত লেবেল -এৰ আগত লিখক - 'Member Name'
07:34 চাওক, ট্যাব কি টিপাৰ সৈতে, ফর্মৰ লেবেলবোৰ পৰিবর্তন হৈ গৈছে ।
07:43 ইয়াৰ পিছত , এতিয়া এই ফর্মৰ উপাদানবোৰৰ ফন্টৰ মাপ পৰিবর্তন কৰা যাওক।
07:49 আকৌ এবাৰ সকলো উপাদানবোৰক নির্বাচন কৰক ।
07:54 ইয়াৰ বাবে আমি প্রথমে ক্লিক কৰি, আৰু তাৰ পিছত ধৰি টানি অনাৰ পদ্ধতিটো ব্যবহাৰ কৰিম ।
07:59 এতিয়া, যিকোনো এটা লেবেলত ডবল ক্লিক কৰক, যাৰ ফলত Properties উইন্ডো প্রদর্শন হব ।
08:08 তললৈ স্ক্রল কৰি ফন্ট বিছাৰক আৰু তাৰ সোফালে স্কোয়েৰ( square ) বাটনত ক্লিক কৰক ।
08:18 নতুন পপআপ উইন্ডোত , বোল্ড আৰু আকাৰ(size) ৮ত ক্লিক কৰক ।
08:26 এইবাৰ Ok বাটনত ক্লিক কৰক ।
08:29 লক্ষ্য কৰক যে, ফর্মৰ সমস্ত উপাদানৰ ফন্ট বোল্ড আৰু ফন্ট সাইজ ৮ হৈ গৈছে ।
08:38 ইয়াৰ পিছত, সমস্ত ফর্ম উপাদানক আমাৰ উইন্ডোৰ কেন্দ্রলৈ অনা যাওক।
08:45 ইয়াৰ বাবে, সকলো উপাদান নির্বাচন কৰক ।
08:49 এতিয়া যিকোনো লেবেলৰ উপৰত ক্লিক কৰক আৰু ফর্ম ডিজাইন উইন্ডোৰ কেন্দ্রলৈ টানি নিয়ো আহক ।
09:00 এতিয়া এই ফর্মটো সংৰক্ষণ কৰা যাওক।
09:03 এই উইন্ডোটো বন্ধ কৰক । আমাৰ ফর্মটো এতিয়া কেনে দেখিবো লাগিছে তাক চাও,
09:10 বেস প্রধান উইন্ডোলৈ যাওক আৰু সো প্যানেলৰ 'Books Issued to Members' ফর্মৰ উপৰত ডবল ক্লিক কৰক ।
09:20 এইটোৱে এটা ফর্ম প্রর্দশিত কৰিছে যি তথ্য ভৰোৱাৰ ব্যবহাৰৰ বাবে প্রস্তুত ।
09:26 এতিয়া এই ফর্মত, আপোনি কিছু নমুনা তথ্য দেখিব পাৰিছে ।
09:31 আৰু কিতাপৰ শিৰোনাম আৰু সদস্যৰ নামৰ আগত, কিছু সংখ্যা দেখিব পাৰিছে,
09:37 এইবোৰ Books আৰু Members টেবোলৰ সচায়েই প্রধান সংখ্যা হয়, কিন্তু এই মানবোৰক ব্যবহাৰ কৰা খুব সহজ নহয় ।
09:46 এইবোৰৰ পৰিবর্তে কি আপোনি, কিতাপবোৰৰ আসল শিৰোনাম আৰু সদস্যৰ আসল নাম দেখিব পছন্দ কৰিব ?
09:50 আৰু কিভাবে এইটো কৰিব ?
09:53 এটা উপায় হল তালিকা বাক্স(List box) নামৰ এটা ফর্ম নিয়ন্ত্রক(form control ) যোগ কৰা ।
09:59 আমি পৰবর্তী টিউটোৰিয়েলত শিকিম কিভাবে এটা তালিকা বাক্স অথবা অন্যান্য ফর্ম নিয়ন্ত্রক যুক্ত কৰে আৰু সেইবোৰক ব্যবহাৰ কৰা যায় ।
10:08 ইয়াতেই LibreOffice বেসত জটিল ফৰম সংক্রান্তৰ এই টিউটোৰিয়েল সমাপ্ত হল ।
10:13 সংক্ষেপ, আমি শিকিছো:

এটা জটিল ফর্ম নির্মাণ আৰু ফর্ম পৰিবর্তন কৰা ।

10:20 স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। এই বিষয় বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য http://spoken-tutorial.org/NMEICT-Intro
10:40 আই আই টি বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi, Pratik kamble