Drupal/C2/Installation-of-Drupal/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Drupal ইনস্টলেশন স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম. |
00:06 | এই টিউটোৰিয়েলত আমি Drupalক উবুন্টু লিনাক্স আৰু উইন্ডোজ অপাৰেটিং সিস্টেমত ডাউনলোড আৰু ইনস্টল কৰা শিকিম. |
00:17 | এই টিউটোৰিয়েলৰ বাবে, আপোনাৰ প্রয়োজন হব-ওয়েবৰ পৰা সর্বশেষ সংস্কৰণ ইনস্টল কৰিবলৈ ইন্টাৰনেট সংযোগ বা আপোনাক প্রয়োজনীয় স্থানীয় ফাইলৰ সৈতে প্রদান কৰা হব . |
00:30 | লগতে আপোনাৰ উচৰত এটা মেশিন হব লাগিব যত উভয় উবুন্টু লিনাক্স বা উইন্ডোজ অপাৰেটিং সিস্টেম ইনস্টল কৰা থাকিব লাগিব. |
00:38 | এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনি উল্লেখ কৰা অপাৰেটিং সিস্টেমৰ সৈতে পৰিচয় হব লাগিব. |
00:45 | Drupal ইনস্টল কৰাৰ অনেক উপায় আছে. |
00:48 | এই টিউটোৰিয়েলৰ বাবে, মই Bitnami ড্রুপাল স্ট্যাক ব্যবহাৰ কৰিম যিহেতু এইটো এটা খুব সহজ ইনস্টলেশন পদ্ধতি. |
00:57 | Bitnami ড্রুপাল স্ট্যাক ইনস্টল কৰাৰ বাবে,আপোনাক লাগিব:ইন্টেল এক্স 86 বা সামঞ্জস্যপূর্ণ প্রসেসৰ |
01:05 | সর্বনিম্ন 256 মেগাবাইট ৰেম |
01:08 | সর্বনিম্ন 150 মেগাবাইট হার্ড ড্রাইভ স্থান আৰু |
01:13 | TCP / IP প্রটোকল সমর্থন. |
01:16 | সামঞ্জস্যপূর্ণ অপাৰেটিং সিস্টেম এনেধৰনৰ: |
01:20 | কোনো এক্স 86 লিনাক্স অপাৰেটিং সিস্টেম |
01:24 | কোনো ধৰনৰ 32 বিট উইন্ডোজ অপাৰেটিং সিস্টেম যেনে উইন্ডোজ ভিস্তা, উইন্ডোজ 7, উইন্ডোজ 8, উইন্ডোজ 10, উইন্ডোজ সার্ভাৰ 2008 বা উইন্ডোজ সার্ভাৰ 2012 . |
01:41 | কোনো OS X অপাৰেটিং সিস্টেম এক্স 86. |
01:46 | আহক আমি আমাৰ পছন্দৰ ওয়েব ব্রাউজাৰ খুলো আৰু দেখোৱাURL ত যাওক. |
01:53 | তললৈ স্ক্রোল কৰক আৰু উইন্ডোজ আৰু লিনাক্স অপাৰে টিং সিস্টেমৰ বাবে ইনস্টলাৰ চাওক. |
02:01 | আপোনি আপোনাৰ অপাৰে টিং সিস্টেম অনুযায়ী ইনস্টলাৰ নির্বাচন কৰিব লাগিব. |
02:06 | মই যিহেতু এজন লিনাক্স ব্যবহাৰকাৰী হয়, মই Linux ইনস্টলাৰ নির্বাচন কৰিম. |
02:11 | আপোনি যৰি এজন উইন্ডোজ ব্যবহাৰকাৰী হয় তেনেহলে, উইন্ডোজৰ বাবে Drupal ইনস্টলাৰ চয়ন কৰক. |
02:17 | ইয়াতে আমি Drupal এৰ সমস্ত বিভিন্ন সংস্কৰণ দেখিব পাৰো. |
02:22 | আপোনি ডাউনলোড কৰিবলগীয়া সংস্কৰণৰ বিষয়ে নিশ্চিত নহয়, তেনেহলে আপোনি প্রস্তাবিত সংস্কৰণ ডাউনলোড কৰিব পাৰে. |
02:29 | এইটো ৰে কর্ডিংৰ সময়ত, Drupal 8.1.3 প্রস্তাবিত সংস্কৰণ. |
02:36 | আপোনি চেষ্টা কৰা সময়ত এইটো ভিন্ন হব পাৰে . |
02:39 | সো হাতৰ ফালে থকা ডাউনলোড বাটনত ক্লিক কৰক. |
02:43 | এটা পপআপ উইন্ডো প্রদর্শিত হয় যিয়ে আমাক Bitnami ওয়েবসাইটত এটা অ্যাকাউন্ট তৈয়াৰ কৰিবলৈ প্রৰোচনা কৰে. |
02:50 | এতিয়াৰ বাবে, No thanks”ত ক্লিক কৰক . |
02:53 | অবিলম্বে, এইটো ইনস্টলাৰ ডাউনলোড কৰা আৰম্ভ কৰিব. OK বাটনত ক্লিক কৰক ফাইলটো চেভ কৰিবলৈ. |
03:01 | ইনস্টলেশন সংক্রান্ত নিম্নলিখিত ধাপবোৰ উইন্ডোজ আৰু লিনাক্স অপাৰেটিং সিস্টেমেৰ বাবে একেই. |
03:07 | আপোনাক যদি Bitnami ইনস্টলাৰ ফাইলৰ সৈতে উপলব্ধ কৰা হৈছে, তেনেহলে ডাউনলোড কৰাৰ পৰিবর্তে তাৰে এটা ব্যবহাৰ কৰক. |
03:15 | আপোনাৰ ডাউনলোড ফোল্ডাৰ খোলক যতইনস্টলাৰ ফাইল ডাউনলোড কৰা হৈছে. |
03:20 | এই ইনস্টলাৰ ফাইল চলাবৰ বাবে, আমাৰ অ্যাডমিন অ্যাক্সেস থাকিব লাগিব. |
03:25 | আপোনি যদি এজন উইন্ডোজ ব্যবহাৰকাৰী হয় তেনেহলে ইনস্টলাৰ ফাইলত সো ক্লিক কৰক, আৰু তাৰপিছত Run as administrator নির্বাচন কৰক. |
03:33 | আপোনি যদি এটা লিনাক্স ব্যবহাৰকাৰী হয়, তেনেহলে ইনস্টলাৰ ফাইলত সো ক্লিক কৰক আৰু Properties নির্বাচন কৰক. |
03:40 | তাৰপিছত Permissions ট্যাবত ক্লিক কৰক . আৰু Allow executing file as program অপশনৰ চেক বক্সটোত ক্লিক কৰক. |
03:48 | এই উইন্ডো বন্ধ কৰিবলৈ Close বাটনত ক্লিক কৰক. |
03:52 | এতিয়া, ইনস্টলাৰ ফাইলত ডাবল ক্লিক কৰক. |
03:55 | ইন্সটলেশন আৰম্ভ হয়. Next বাটনত ক্লিক কৰক. |
04:01 | ইয়াতে আমি যি উপাদান ইনস্টল কৰিব বিছাৰো তাকে আমি নির্বাচন কৰিব পাৰো. |
04:06 | প্রতিটো উপাদানৰ উপৰত ক্লিক কৰক আৰু প্রথমে তাৰ বিষয়ত বিস্তাৰিতভাবে পড়ক. |
04:12 | মই সকলো নির্বাচিত উপাদান ৰাখিবলৈ পছন্দ কৰো. Next বাটনত ক্লিক কৰক. |
04:18 | এই উইন্ডোত, আমি ফোল্ডাৰ চয়ন কৰিব লাগিব যত আমি Drupal ইনস্টল কৰিব লাগিব. |
04:24 | মই মোৰ হোম ফোল্ডাৰ নির্বাচন কৰিম. |
04:27 | উইন্ডোজত এইটো C colonত বা প্রধান ড্রাইভত ডিফল্টৰুপে ইনস্টল কৰা হব. |
04:34 | Next বাটনত ক্লিক কৰক. |
04:36 | এতিয়া আমি এটা Drupal অ্যাডমিন অ্যাকাউন্ট তৈয়াৰ কৰিব লাগিব. |
04:40 | মই "প্রিয়া" হিচাবে real name টাইপ কৰিম. এই নামটো আবেদনত প্রদর্শিত হব. |
04:47 | ইয়াতে আপোনাৰ নিজৰ নাম টাইপ কৰক. |
04:50 | Email Address ক্ষেত্ৰত মই লিখিম "priyaspoken@gmail.com". |
04:56 | আপোনি নিজৰ বৈধ ই-মেইল ঠিকনা ব্যবহাৰ কৰক. |
05:00 | ইয়াৰ পিছত , আমি এডমিনিস্ট্রেটৰ বাবে আমাৰ অগ্রাধিকাৰ ব্যবহাৰকাৰী নাম আৰু পাসওয়ার্ড দিব লাগিব. |
05:07 | Login user nameত, মই অ্যাডমিন "টাইপ কৰিম. |
05:11 | পাসওয়ার্ড ত মই এটা পাসওয়ার্ড টাইপ কৰিম. নিশ্চিতকৰণৰ বাবে পাসওয়ার্ডটো পুনৰায় টাইপ কৰক. |
05:17 | আপোনি আপোনাৰ পছন্দ অনুযায়ী যি কোনো লগইন নাম আৰু পাসওয়ার্ড টাইপ কৰিব পাৰে. |
05:22 | Next বাটনত ক্লিক কৰক. |
05:24 | লিনাক্সত, Apacheৰ বাবে ডিফল্ট শোনা পোর্ট হয় 8080 আৰু MySQLৰ বাবে হয় 3306. |
05:34 | উইন্ডোজত, এইটো হল 80 আৰু 3306. |
05:39 | যদি এই পোর্টবোৰ ইতিমধ্যে অন্যান্য অ্যাপ্লিকেশনৰ দ্বাৰা ব্যবহাৰ কৰা হৈছে, এইটোক ব্যবহাৰ কৰিবলৈ বিকল্প পোর্টৰ বাবে অনুৰোধ জনাওক. |
05:47 | মই ইতিমধ্যে মোৰ মেশিনত MySQL ইনস্টল কৰি থৈছো. সেয়ে এইটোৱে বিকল্প পোর্টৰ বাবে অনুৰোধ জনায়. |
05:54 | মই 3307 দিও. |
05:57 | Next বাটনত ক্লিক কৰক. |
05:59 | এতিয়া আমি আমাৰ Drupalৰ সাইটত এটা নাম দিব লাগিব. মই নামটো Drupal 8বুলি টাইপ কৰিম. |
06:06 | আপোনি আপোনাৰ পছন্দ অনুযায়ী যি কোনো নাম দিব পাৰে. |
06:10 | Next বাটনত ক্লিক কৰক. |
06:12 | ইয়াতে এইটোৱে আমাক Bitnami Cloud Hostingৰ বাবে অনুৰোধ জনায়. এতিয়াৰ বাবে, মোক এইটো নালাগে. |
06:19 | সেয়ে, এইটোক অতৰুৱাবলৈ চেক বক্সটোত ক্লিক কৰক. |
06:23 | তাৰপিছত Next বাটনত ক্লিক কৰক. |
06:26 | এতিয়া Drupal ইনস্টল কৰাৰ বাবে প্রস্তুত হয়. Next বাটনত ক্লিক কৰক. |
06:31 | এইটোৱে ইনস্টলেশন সম্পন্ন কৰিবলৈ কিছু মিনিট সময় লব পাৰে . |
06:36 | ইনস্টলেশন সমাপ্ত হোৱাত, নিশ্চিত কৰক যে Launch Bitnami Drupal Stack চেক কৰা আছে কি নাই. |
06:43 | তাৰপিছত Finish বাটনত ক্লিক কৰক. |
06:46 | Bitnami Drupal Stack নিয়ন্ত্রণ উইন্ডো স্বয়ংক্রিয়ভাবে প্রর্দশিত হব. |
06:51 | ইয়াৰ পিছত , Bitnami ড্রুপাল স্ট্যাক নিয়ন্ত্রণ উইন্ডো অ্যাক্সেস কৰা চাও. |
06:57 | আপোনি যদি এজন লিনাক্স ব্যবহাৰকাৰী হয়, তেনেহলে তলৰ ধাপবোৰ অনুসৰণ কৰক. |
07:01 | ফাইল ব্রাউজাৰত যাওক. |
07:04 | তাৰপিছত বাও সাইডবাৰত , Placesৰ অধীনত Homeত ক্লিক কৰক. |
07:09 | এতিয়া, তালিকাৰ পৰা Drupal হাইফেন 8.1.3 হাইফেন 0 ফোল্ডাৰ ত ডাবল ক্লিক কৰক . |
07:17 | ইয়াতে আপোনি manager hyphen linux hyphen x64.run ফাইল বিছাৰক. খোলাৰ বাবে এইটোত ডাবল ক্লিক কৰক. |
07:27 | আপোনি যদি এজন উইন্ডোজ ব্যবহাৰকাৰী হয়, তেনেহলে যাওক Start Menu -> All Programs -> Bitnami Drupal Stack -> Bitnami Drupal Stack Manager Tool. |
07:38 | Bitnami Drupal Stack নিয়ন্ত্রণ উইন্ডো খোলিব. |
07:42 | প্রত্যেকবাৰে যেতিয়াই আপোনি Drupal খোলে, দয়া কৰি সকলো সার্ভাৰ চলি আছে নে নাই চাওক. |
07:47 | সকলো চলি থকা সার্ভিচেচ চাবলৈ Manage Servers ট্যাবত ক্লিক কৰক. |
07:53 | ইয়াতে আমি দেখো যে MySQL Database আৰু Apache Web Server এতিয়া চলি আছে. |
07:59 | মনত ৰাখিব যে, Drupalত কাম কৰাৰ বাবে আমাক ডেটাবেছ যেনে MySQL, PostgreSQL বা Oracle লাগে |
08:08 | আৰু এটা ওয়েব সার্ভাৰ যেনে Apache বা Nginx. |
08:13 | ডিফল্টৰুপে, Bitnami Drupal Stack MySQL ডাটাবেস আৰু Apache ওয়েব সার্ভাৰ সৈতে আহে. |
08:20 | control windowলৈ উভতি যোৱা যাওক. |
08:23 | আমি উপযুক্ত বাটনত ক্লিক কৰি সেৱা আৰম্ভ, বন্ধ আৰু পুনৰায় চলাব পাৰো. |
08:30 | Welcome ট্যাবত ক্লিক কৰক. |
08:33 | Drupal আৰম্ভ কৰাৰ বাবে, সো ফালে Go to Applicationত ক্লিক কৰক. |
08:39 | ব্রাউজাৰ bitnami পৃষ্ঠাৰ সৈতে স্বয়ংক্রিয়ভাবে প্রর্দশিত হয়. |
08:44 | এতিয়া, Access Drupal লিঙ্কত ক্লিক কৰক. আমি Drupal ওয়েবসাইটৰলৈ নির্দেশিত হৈছো. |
08:51 | লক্ষ কৰক যে, ওয়েবসাইটৰ নাম হয় Drupal 8 . |
08:55 | ওয়েবসাইট ত লগ-ইন কৰিবলৈ, উপৰৰ সো কোণত থকা Log in লিংকত ক্লিক কৰক. |
09:00 | আমি আগেই তৈয়াৰ কৰি থোৱা আমাৰ user name আৰু password টাইপ কৰা যাওক. |
09:08 | এতিয়া, লগইন বাটনত ক্লিক কৰক. |
09:11 | অ্যাড্রেস বাৰত , আমি আমাৰ ওয়েবসাইটত ওয়েব ঠিকনা দেখিব পাৰো http://localhost:8080/drupal/user/1. |
09:24 | পিছৰ টিউটোৰিয়েলত আমি শিকিম /user/1 কি হয় . |
09:29 | localhostৰ পৰিবর্তে, আপোনাৰ সিস্টেম কনফিগাৰত ভিত্তি কৰি এইটোৱে আপোনাক 127.0.0.1 দেখাব পাৰে. |
09:39 | যদি Apacheএ পোর্ট 80ত শোনে, তেনেহলে ওয়েব ঠিকনা localhost colon 8080 slash drupal বা localhost slash drupal ব্যবহাৰ কৰি পিছলৈ আমি Drupalএক্সেচ কৰিব পাৰো |
09:54 | ইয়াৰ সৈতে, আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো. |
09:57 | সংক্ষেপে. এই টিউটোৰিয়েলত আমি Ubuntu Linux আৰু Windows অপাৰে টিং সিস্টেমত Drupalৰ ইনস্টলেশনৰ সম্পর্কে শিকিছো. |
10:07 | নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. দয়া কৰি ডাউনলোড কৰি চাওক. |
10:14 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
10:25 | স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত। |
10:36 | এইয়া হৈছে মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্রহনৰ বাবে ধন্যবাদ. |