Drupal/C2/Installation-of-Drupal/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Drupal ইনস্টলেশন স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম.
00:06 এই টিউটোৰিয়েলত আমি Drupalক  উবুন্টু লিনাক্স আৰু উইন্ডোজ অপাৰেটিং সিস্টেমত ডাউনলোড আৰু ইনস্টল কৰা শিকিম.
00:17 এই টিউটোৰিয়েলৰ বাবে, আপোনাৰ প্রয়োজন হব-ওয়েবৰ পৰা সর্বশেষ সংস্কৰণ ইনস্টল কৰিবলৈ ইন্টাৰনেট সংযোগ  বা আপোনাক প্রয়োজনীয় স্থানীয় ফাইলৰ সৈতে  প্রদান কৰা হব .
00:30 লগতে আপোনাৰ উচৰত এটা মেশিন হব লাগিব যত উভয় উবুন্টু লিনাক্স বা উইন্ডোজ অপাৰেটিং সিস্টেম ইনস্টল কৰা থাকিব লাগিব.
00:38 এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনি উল্লেখ কৰা অপাৰেটিং সিস্টেমৰ সৈতে পৰিচয় হব লাগিব.
00:45 Drupal ইনস্টল কৰাৰ অনেক উপায় আছে.
00:48 এই টিউটোৰিয়েলৰ বাবে, মই Bitnami ড্রুপাল স্ট্যাক ব্যবহাৰ কৰিম যিহেতু এইটো এটা খুব সহজ ইনস্টলেশন পদ্ধতি.
00:57 Bitnami ড্রুপাল স্ট্যাক ইনস্টল কৰাৰ বাবে,আপোনাক লাগিব:ইন্টেল এক্স 86 বা সামঞ্জস্যপূর্ণ প্রসেসৰ
01:05 সর্বনিম্ন  256 মেগাবাইট ৰেম
01:08 সর্বনিম্ন 150 মেগাবাইট হার্ড ড্রাইভ স্থান আৰু
01:13 TCP / IP প্রটোকল সমর্থন.
01:16  সামঞ্জস্যপূর্ণ অপাৰেটিং সিস্টেম এনেধৰনৰ:
01:20 কোনো এক্স 86 লিনাক্স অপাৰেটিং সিস্টেম
01:24 কোনো ধৰনৰ 32 বিট উইন্ডোজ অপাৰেটিং সিস্টেম যেনে উইন্ডোজ ভিস্তা, উইন্ডোজ 7, ​​উইন্ডোজ 8, উইন্ডোজ 10, উইন্ডোজ সার্ভাৰ 2008 বা উইন্ডোজ সার্ভাৰ 2012 .
01:41 কোনো OS X অপাৰেটিং সিস্টেম এক্স 86.
01:46 আহক আমি আমাৰ পছন্দৰ ওয়েব ব্রাউজাৰ খুলো আৰু দেখোৱাURL ত যাওক.
01:53 তললৈ স্ক্রোল কৰক আৰু উইন্ডোজ আৰু লিনাক্স অপাৰে টিং সিস্টেমৰ বাবে ইনস্টলাৰ চাওক.
02:01 আপোনি আপোনাৰ অপাৰে টিং সিস্টেম অনুযায়ী ইনস্টলাৰ নির্বাচন কৰিব লাগিব.
02:06 মই যিহেতু এজন লিনাক্স ব্যবহাৰকাৰী হয়, মই Linux ইনস্টলাৰ নির্বাচন কৰিম.
02:11 আপোনি যৰি এজন উইন্ডোজ ব্যবহাৰকাৰী হয় তেনেহলে, উইন্ডোজৰ বাবে Drupal ইনস্টলাৰ চয়ন কৰক.
02:17 ইয়াতে আমি Drupal এৰ সমস্ত বিভিন্ন সংস্কৰণ দেখিব পাৰো.
02:22 আপোনি ডাউনলোড কৰিবলগীয়া সংস্কৰণৰ বিষয়ে নিশ্চিত নহয়, তেনেহলে আপোনি প্রস্তাবিত সংস্কৰণ ডাউনলোড কৰিব পাৰে.
02:29 এইটো ৰে কর্ডিংৰ সময়ত, Drupal 8.1.3 প্রস্তাবিত সংস্কৰণ.
02:36 আপোনি চেষ্টা কৰা সময়ত এইটো ভিন্ন হব পাৰে .
02:39 সো হাতৰ ফালে থকা ডাউনলোড বাটনত ক্লিক কৰক.
02:43 এটা পপআপ উইন্ডো প্রদর্শিত হয় যিয়ে আমাক  Bitnami ওয়েবসাইটত এটা অ্যাকাউন্ট তৈয়াৰ কৰিবলৈ প্রৰোচনা কৰে.
02:50 এতিয়াৰ বাবে, No thanks”ত ক্লিক কৰক .
02:53 অবিলম্বে, এইটো ইনস্টলাৰ ডাউনলোড কৰা আৰম্ভ কৰিব. OK বাটনত ক্লিক কৰক ফাইলটো চেভ কৰিবলৈ.
03:01 ইনস্টলেশন সংক্রান্ত নিম্নলিখিত ধাপবোৰ উইন্ডোজ আৰু লিনাক্স অপাৰেটিং সিস্টেমেৰ বাবে একেই.
03:07 আপোনাক যদি Bitnami ইনস্টলাৰ ফাইলৰ সৈতে উপলব্ধ কৰা হৈছে, তেনেহলে ডাউনলোড কৰাৰ পৰিবর্তে তাৰে এটা ব্যবহাৰ কৰক.
03:15 আপোনাৰ ডাউনলোড ফোল্ডাৰ খোলক যতইনস্টলাৰ ফাইল ডাউনলোড কৰা হৈছে.
03:20 এই ইনস্টলাৰ ফাইল চলাবৰ বাবে, আমাৰ অ্যাডমিন অ্যাক্সেস থাকিব লাগিব.
03:25 আপোনি যদি এজন উইন্ডোজ ব্যবহাৰকাৰী হয় তেনেহলে ইনস্টলাৰ ফাইলত সো ক্লিক কৰক, আৰু তাৰপিছত Run as administrator  নির্বাচন কৰক.
03:33 আপোনি যদি এটা লিনাক্স ব্যবহাৰকাৰী হয়, তেনেহলে ইনস্টলাৰ ফাইলত সো ক্লিক কৰক আৰু Properties নির্বাচন কৰক.
03:40 তাৰপিছত Permissions ট্যাবত ক্লিক কৰক . আৰু Allow executing file as program অপশনৰ চেক বক্সটোত ক্লিক কৰক.
03:48 এই উইন্ডো বন্ধ কৰিবলৈ Close বাটনত ক্লিক কৰক.
03:52 এতিয়া, ইনস্টলাৰ ফাইলত ডাবল ক্লিক কৰক.
03:55  ইন্সটলেশন আৰম্ভ হয়. Next বাটনত ক্লিক কৰক.
04:01 ইয়াতে আমি যি উপাদান ইনস্টল কৰিব বিছাৰো তাকে আমি নির্বাচন কৰিব পাৰো.
04:06 প্রতিটো উপাদানৰ উপৰত ক্লিক কৰক আৰু প্রথমে তাৰ বিষয়ত বিস্তাৰিতভাবে পড়ক.
04:12 মই সকলো নির্বাচিত উপাদান ৰাখিবলৈ পছন্দ কৰো. Next বাটনত ক্লিক কৰক.
04:18 এই উইন্ডোত, আমি ফোল্ডাৰ  চয়ন কৰিব লাগিব যত আমি Drupal ইনস্টল কৰিব লাগিব.
04:24 মই মোৰ হোম ফোল্ডাৰ নির্বাচন কৰিম.
04:27 উইন্ডোজত এইটো C colonত বা প্রধান ড্রাইভত ডিফল্টৰুপে ইনস্টল কৰা হব.
04:34 Next বাটনত ক্লিক কৰক.
04:36 এতিয়া আমি এটা Drupal অ্যাডমিন অ্যাকাউন্ট তৈয়াৰ কৰিব লাগিব.
04:40 মই "প্রিয়া" হিচাবে real name টাইপ কৰিম. এই নামটো আবেদনত প্রদর্শিত হব.
04:47 ইয়াতে আপোনাৰ নিজৰ নাম টাইপ কৰক.
04:50 Email Address ক্ষেত্ৰত মই লিখিম "priyaspoken@gmail.com".
04:56 আপোনি নিজৰ বৈধ ই-মেইল ঠিকনা ব্যবহাৰ কৰক.
05:00 ইয়াৰ পিছত , আমি এডমিনিস্ট্রেটৰ বাবে আমাৰ অগ্রাধিকাৰ ব্যবহাৰকাৰী নাম আৰু পাসওয়ার্ড দিব লাগিব.
05:07 Login user nameত, মই অ্যাডমিন "টাইপ কৰিম.
05:11 পাসওয়ার্ড ত মই এটা পাসওয়ার্ড টাইপ কৰিম. নিশ্চিতকৰণৰ বাবে পাসওয়ার্ডটো পুনৰায় টাইপ কৰক.
05:17 আপোনি আপোনাৰ পছন্দ অনুযায়ী যি কোনো লগইন নাম আৰু পাসওয়ার্ড টাইপ কৰিব পাৰে.
05:22   Next  বাটনত ক্লিক কৰক.
05:24 লিনাক্সত, Apacheৰ বাবে ডিফল্ট শোনা পোর্ট হয় 8080 আৰু  MySQLৰ বাবে হয় 3306.
05:34 উইন্ডোজত, এইটো হল 80 আৰু 3306.
05:39 যদি এই  পোর্টবোৰ ইতিমধ্যে অন্যান্য অ্যাপ্লিকেশনৰ দ্বাৰা ব্যবহাৰ কৰা হৈছে, এইটোক ব্যবহাৰ কৰিবলৈ বিকল্প পোর্টৰ বাবে অনুৰোধ জনাওক.
05:47 মই ইতিমধ্যে মোৰ মেশিনত MySQL  ইনস্টল কৰি থৈছো. সেয়ে এইটোৱে  বিকল্প পোর্টৰ বাবে অনুৰোধ জনায়.
05:54 মই 3307 দিও.
05:57 Next বাটনত ক্লিক কৰক.
05:59 এতিয়া আমি আমাৰ Drupalৰ সাইটত এটা নাম দিব লাগিব. মই নামটো Drupal 8বুলি টাইপ কৰিম.
06:06 আপোনি আপোনাৰ পছন্দ অনুযায়ী যি কোনো নাম দিব পাৰে.
06:10 Next বাটনত ক্লিক কৰক.
06:12 ইয়াতে এইটোৱে আমাক Bitnami Cloud Hostingৰ বাবে অনুৰোধ জনায়. এতিয়াৰ বাবে, মোক এইটো নালাগে.
06:19 সেয়ে, এইটোক অতৰুৱাবলৈ চেক বক্সটোত ক্লিক কৰক.
06:23 তাৰপিছত Next বাটনত ক্লিক কৰক.
06:26 এতিয়া Drupal ইনস্টল কৰাৰ বাবে প্রস্তুত হয়. Next বাটনত ক্লিক কৰক.
06:31 এইটোৱে ইনস্টলেশন সম্পন্ন কৰিবলৈ কিছু মিনিট সময় লব পাৰে .
06:36 ইনস্টলেশন সমাপ্ত হোৱাত, নিশ্চিত কৰক যে Launch Bitnami Drupal Stack চেক কৰা আছে কি নাই.
06:43 তাৰপিছত Finish বাটনত ক্লিক কৰক.
06:46 Bitnami Drupal Stack নিয়ন্ত্রণ উইন্ডো স্বয়ংক্রিয়ভাবে প্রর্দশিত হব.
06:51 ইয়াৰ পিছত , Bitnami ড্রুপাল স্ট্যাক নিয়ন্ত্রণ উইন্ডো অ্যাক্সেস কৰা চাও.
06:57 আপোনি যদি এজন লিনাক্স ব্যবহাৰকাৰী হয়, তেনেহলে তলৰ ধাপবোৰ অনুসৰণ কৰক.
07:01 ফাইল ব্রাউজাৰত যাওক.
07:04 তাৰপিছত বাও সাইডবাৰত , Placesৰ অধীনত Homeত ক্লিক কৰক.
07:09 এতিয়া, তালিকাৰ পৰা Drupal হাইফেন 8.1.3 হাইফেন 0 ফোল্ডাৰ ত ডাবল ক্লিক কৰক .
07:17 ইয়াতে আপোনি manager hyphen linux hyphen x64.run ফাইল বিছাৰক. খোলাৰ বাবে এইটোত ডাবল ক্লিক কৰক.
07:27 আপোনি যদি এজন উইন্ডোজ ব্যবহাৰকাৰী হয়, তেনেহলে যাওক Start Menu -> All Programs -> Bitnami Drupal Stack -> Bitnami Drupal Stack Manager Tool.
07:38 Bitnami Drupal Stack  নিয়ন্ত্রণ উইন্ডো খোলিব.
07:42 প্রত্যেকবাৰে যেতিয়াই আপোনি Drupal খোলে, দয়া কৰি সকলো সার্ভাৰ চলি আছে নে নাই চাওক.
07:47 সকলো চলি থকা  সার্ভিচেচ চাবলৈ Manage Servers ট্যাবত ক্লিক কৰক.
07:53 ইয়াতে আমি দেখো যে MySQL Database আৰু Apache Web Server এতিয়া চলি আছে.
07:59 মনত ৰাখিব যে, Drupalত কাম কৰাৰ বাবে আমাক ডেটাবেছ যেনে MySQL, PostgreSQL বা Oracle লাগে
08:08 আৰু এটা ওয়েব সার্ভাৰ যেনে Apache বা Nginx.
08:13 ডিফল্টৰুপে, Bitnami Drupal Stack  MySQL ডাটাবেস আৰু Apache ওয়েব সার্ভাৰ সৈতে আহে.
08:20 control windowলৈ উভতি যোৱা যাওক.
08:23 আমি উপযুক্ত বাটনত ক্লিক কৰি সেৱা আৰম্ভ, বন্ধ আৰু পুনৰায় চলাব পাৰো.
08:30 Welcome ট্যাবত ক্লিক কৰক.
08:33 Drupal আৰম্ভ কৰাৰ বাবে, সো ফালে Go to Applicationত ক্লিক কৰক.
08:39 ব্রাউজাৰ bitnami পৃষ্ঠাৰ সৈতে স্বয়ংক্রিয়ভাবে প্রর্দশিত হয়.
08:44 এতিয়া, Access Drupal লিঙ্কত ক্লিক কৰক. আমি Drupal ওয়েবসাইটৰলৈ নির্দেশিত হৈছো.
08:51 লক্ষ কৰক যে, ওয়েবসাইটৰ নাম হয় Drupal 8 .
08:55 ওয়েবসাইট ত লগ-ইন কৰিবলৈ, উপৰৰ সো কোণত থকা  Log in লিংকত ক্লিক কৰক.
09:00 আমি আগেই তৈয়াৰ কৰি থোৱা আমাৰ user name আৰু password টাইপ কৰা যাওক.
09:08 এতিয়া, লগইন বাটনত ক্লিক কৰক.
09:11 অ্যাড্রেস বাৰত , আমি আমাৰ ওয়েবসাইটত ওয়েব ঠিকনা দেখিব পাৰো http://localhost:8080/drupal/user/1.
09:24 পিছৰ টিউটোৰিয়েলত আমি শিকিম /user/1 কি হয় .
09:29 localhostৰ পৰিবর্তে, আপোনাৰ সিস্টেম কনফিগাৰত ভিত্তি কৰি এইটোৱে আপোনাক 127.0.0.1 দেখাব পাৰে.
09:39 যদি Apacheএ পোর্ট 80ত শোনে, তেনেহলে ওয়েব ঠিকনা localhost colon 8080 slash drupal বা localhost slash drupal ব্যবহাৰ কৰি পিছলৈ আমি  Drupalএক্সেচ কৰিব পাৰো
09:54 ইয়াৰ সৈতে, আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো.
09:57 সংক্ষেপে. এই টিউটোৰিয়েলত আমি Ubuntu Linux আৰু Windows অপাৰে টিং সিস্টেমত Drupalৰ   ইনস্টলেশনৰ সম্পর্কে শিকিছো.
10:07 নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. দয়া কৰি ডাউনলোড কৰি চাওক.
10:14 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
10:25 স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত।
10:36 এইয়া হৈছে মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্রহনৰ বাবে ধন্যবাদ.

Contributors and Content Editors

Mousumi