Jmol-Application/C4/3D-Models-of-Enzymes/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Jmol ত 3D Models of Enzymes এৰ এই টিউটৰিয়েলত আপোনাক স্বাগতম। |
00:08 | এই টিউটৰিয়েলত আমি Jmol প্যানেলত Human Pancreatic Hexokinase এৰ গঠন লোড কৰা সম্পর্কে শিকিম। |
00:16 | সেকেন্ডাৰি গঠনৰ ডিসপ্লে পৰিবর্তন কৰা। |
00:20 | সক্রিয় সাইটত অ্যামিনো অ্যাসিডৰ অবশিষ্টক হাইলাইট কৰা। |
00:25 | এনজাইমৰ স্তৰ(substrate) আৰু সহ উত্পাদকক(cofactors) হাইলাইট কৰা। |
00:30 | প্রোটিনৰ বাবে Ramachandran প্লট দেখোৱা। |
00:35 | টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ মৌলিক বায়ো-কেমিস্ট্রি সম্পর্কে জানিব লাগিব। |
00:41 | Jmol অ্যাপ্লিকেশন উইন্ডোৰ পৰা মৌলিক অপাৰেশনেৰ সৈতে পৰিচিত থাকিব লাগিব। |
00:46 | Jmol এপ্লিকেশন শৃঙ্খলাত Proteins and Macromolecules টিউটৰিয়েলটো চাওক। |
00:53 | এইটো নিম্নলিখিত লিঙ্কত উপলব্ধ। |
00:57 | টিউটৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো, উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 12.04. |
01:05 | Jmol সংস্কৰণ 12.2.2. |
01:08 | জাভা সংস্কৰণ 7 আৰু মোজিলা ফায়াৰফক্স ব্রাউজাৰ 22.0. |
01:16 | Jmol উইন্ডো খুলক আৰু hexokinase এনজাইমৰ গঠন লোড কৰক। |
01:22 | মই ইন্টাৰনেটৰ সৈতে সংযুক্ত, সেয়ে মই PDB ওয়েবসাইটৰ পৰা প্রত্যক্ষভাবে গঠন লোড কৰিম। |
01:28 | এইটো কৰিবলৈ, File মেনু খুলক, তলত স্ক্রোল কৰক আৰু Get PDB বিকল্পত টিপক। |
01:37 | স্ক্রিনত এটা ইনপুট ডায়ালগ বাক্স দেখায়। hexokinase এৰ বাবে চাৰি অক্ষৰৰ PDB কোড লিখক, যি হল টেক্সট বাক্সত 3IDH. |
01:50 | এই কোডটো Protein Data Bank ওয়েবসাইটৰ পৰা উপলব্ধ হয়। |
01:55 | আপোনাৰ কার্যকৰ ইন্টাৰনেট সংযোগ নাথাকিলে টুল বাৰতopen a file আইকন ব্যবহাৰ কৰি বিদ্যমান pdb ফাইলক খুলক। |
02:06 | OK বোতামত টিপক। |
02:09 | পর্দাত প্রদর্শিত hexokinase এৰ 3D গঠন, glucokinase হিসাবেও পৰিচিত হয়। |
02:16 | File মেনুৰ পৰা কনসোল উইন্ডো খুলক। |
02:21 | কনসোলত দেখোৱাৰ দৰে, প্যানেলৰ গঠন Glucose সাব্সট্রেটৰ সৈতে Human Pancreatic Glucokinase ৰ বাবে। |
02:31 | কনসোল বন্ধ কৰক। |
02:34 | প্যানেলত hexokinase এৰ ball and stick মডেল আছে। |
02:40 | প্যানেলত protein মডেলৰ পৰা পানীৰ অনুক অতৰুৱাই দিয়ক। |
02:44 | এই প্রক্রিয়াক Jmol এৰ Proteins and macromolecules টিউটৰিয়েলত বিস্তাৰিতভাবে আলোচনা কৰা হৈছে। |
02:53 | Hexokinase এনজাইম সম্পর্কে। |
02:56 | Hexokinase হল 465 অ্যামিনো অ্যাসিডৰ এটা মনোমেৰিক প্রোটিন। |
03:02 | ইয়াৰ দুটা ডোমেন আছে, এটা ডাঙৰ ডোমেন আৰু এটা সৰু ডোমেন। |
03:07 | এই এনজাইমৰ বাবে সক্রিয় সাইট, দুটা ডোমেনৰ মাজৰ ছিদ্রত স্থিত হয়। |
03:14 | hexokinase এৰ বাবে সক্রিয় সাইটত 3 টা অ্যামিনো অ্যাসিড অবশিষ্টাংশ আছে। 204 ত Aspergine, 231 ত Aspergine আৰু 256 ত Glutamic অ্যাসিড আছে। |
03:30 | Alpha-D-Glucose এই এনজাইমৰ বাবে সাব্সট্রেটস হয়। |
03:34 | এতিয়া আমি Jmol প্যানেলত উভতি যাও। |
03:38 | আমি এইৰকমে এনজাইমৰ কম্পোনেন্টক নির্বাচন আৰু হাইলাইট কৰিব পাৰো: সক্রিয় সাইটত Substrate, Cofactors বা Amino acid ৰেসিডিউ। |
03:49 | এটা নির্দিষ্ট কম্পোনেন্ট নির্বাচন কৰিবলৈ সো ক্লিক ব্যবহাৰ কৰি পপ-আপ মেনু খুলক। |
03:55 | Select বিকল্পলৈ স্ক্রোল কৰক। |
03:57 | সাব-মেনুৰ পৰা Proteins আৰু By Residue name নির্বাচন কৰক। |
04:04 | আমাৰ উচৰত পৃথক অ্যামিনো অ্যাসিডৰ ৰেসিডিউ তালিকাভুক্ত আছে। |
04:10 | এইটো নির্বাচন কৰিবলৈ অ্যামিনো অ্যাসিডৰ নামত টিপক। |
04:14 | লগতে অ্যামাইনো অ্যাসিড এইৰকমে হেডিং এৰ তলত সাৰিবদ্ধ আছে: Polar, Non-polar, Basic, Acidic, Uncharged ইত্যাদি। |
04:26 | Hetero মেনুত তালিকাভুক্ত আছে মেটাল আয়ন পটাসিয়াম আৰু গ্লুকোজ সাব্সট্রেট। |
04:34 | সাব্সট্রেট বাইন্ডিং সাইট সহজে সিনাক্ত কৰিবলৈ এনজাইমৰ ডিসপ্লেক পৰিবর্তন কৰিব পাৰি। |
04:41 | প্রোটিনৰ পৰমাণুৰ ডিসপ্লে আৰু ৰঙ পৰিবর্তন কৰো। |
04:46 | পপ-আপ মেনু খুলক, Select ত যাওক আৰু Protein বিকল্পত স্ক্রোল কৰক। All ত টিপক। |
04:55 | আৰু এবাৰ পপ-আপ মেনু খুলক, Styleত স্ক্রোল কৰক আৰু তাৰপিছত Schemeত। Sticks বিকল্পত টিপক। |
05:05 | এতিয়া আমাৰ উচৰত প্যানেলত, প্রোটিন, sticks ডিসপ্লেত আছে। |
05:11 | এতিয়া, ৰঙ পৰিবর্তন কৰিবলৈ আকৌ এবাৰ পপ-আপ মেনু খুলক। Color, Atoms ত যাওক, আৰু Blue বিকল্পত টিপক। |
05:23 | আমাৰ স্ক্রিনত নীলা ৰঙৰ hexokinase এৰ মডেল sticks ডিসপ্লেত আছে। |
05:30 | ক্লেফ্টেত ball and stick ডিসপ্লেত Alfa-D-Glucose সাব্সট্রেট লক্ষ্য কৰক। |
05:38 | সাব্সট্রেটক লক্ষনীয় কৰিবলৈ, পপ-আপ মেনু খুলক, Select ত যাওক আৰু তাৰপিছত Hetero আৰু GLC-ALFA-D-GLUCOSE ত টিপক। |
05:52 | আকৌ এবাৰ পপ-আপ মেনু খুলক, Style আৰু Scheme ত স্ক্রল কৰক আৰু Sticks বিকল্পত টিপক। |
06:00 | ৰঙ পৰিবর্তন কৰিবলৈ আকৌ এবাৰ পপ-আপ মেনু খুলক, Color আৰু Atomsত যাওক আৰু White বিকল্পত টিপক। |
06:12 | প্যানেলত এইটো সাব্সট্রেটৰ সৈতে পৰিষ্কাৰভাবে লক্ষনীয় হোৱা hexokinase এৰ মডেল। |
06:20 | আমি এইবোৰক লক্ষনীয় কৰিবলৈ সক্রিয় সাইটত অ্যামাইনো অ্যাসিডৰ ৰঙ পৰিবর্তন কৰিব পাৰি। |
06:26 | এইটো কৰিবলৈ, আমি কনসোল উইন্ডোত কমান্ড লিখিব লাগিব। |
06:32 | আগেই উল্লিখিত সক্রিয় সাইটত জড়িত অ্যামিনো অ্যাসিড Aspergine, 204 ত, Aspergine, 231ত আৰু Glutamic acid, 256 ত আছে। |
06:50 | File মেনুৰ পৰা কনসোল উইন্ডো খুলক। Consoleত টিপক। |
06:57 | মই কনসোল উইন্ডো ডাঙৰ কৰিবলৈ Kmag স্ক্রীন ম্যাগনিফায়াৰ ব্যবহাৰ কৰিছো। |
07:03 | $ প্রম্পটত লিখক: select বর্গাকাৰ বন্ধনীত aspergine এৰ বাবে Asn বন্ধনী বন্ধ কৰক 204 অর্থাৎ স্থান সেমিকোলন color atoms orange. |
07:25 | এন্টাৰ টিপক। |
07:27 | লক্ষ্য কৰক যে aspargine ৰেসিডিউয়ৰ পৰমাণু এতিয়া কমলা ৰঙত আছে। |
07:33 | কী বোর্ডত আপ অ্যাৰো বোতাম টিপক আৰু কমান্ড এডিট কৰক। |
07:39 | অ্যামাইনো অ্যাসিডৰ স্থান 231ত এডিট কৰক আৰু পৰমাণুৰ ৰঙ ৰঙালৈ সলাওক। |
07:48 | এন্টাৰ টিপক। |
07:51 | আকৌ এবাৰ আপ অ্যাৰো কী টিপক আৰু অ্যামাইনো অ্যাসিডৰ নাম GLU ত সলাওক যি হল গ্লুটামিক অ্যাসিড আৰু তাৰ স্থান 256ত। |
08:06 | পৰমাণুৰ ৰঙ সেউজীয়াত আৰু এন্টাৰ টিপক। |
08:13 | প্যানেলত লক্ষনীয় সক্রিয় সাইট আৰু সাব্সট্রেটৰ সৈতে hexokinaseৰ এটা 3D মডেল আছে। |
08:23 | লগতে মডেলত লক্ষ্যনীয় বেগুনীয়া ৰঙত থকা পটাসিয়াম পৰমাণু আছে। |
08:30 | লগতে আমি jmol ত এটা বিশেষ প্রোটিনৰ বাবে ramachandran প্লট দেখিব পাৰো। |
08:36 | কনসোলত, $ প্রম্পটত লিখক plot ramachandran |
08:45 | এন্টাৰ টিপক। |
08:47 | স্ক্রিনত hexokinase এৰ বাবে ramachandran প্লট আছে। |
08:54 | ডাটাবেসৰ পৰা পিডিবি ফাইলৰ দ্বাৰা বিভিন্ন এনজাইম লোড কৰাৰ চেষ্টা কৰক। |
09:00 | সেকেন্ডাৰি স্ট্রাকচাৰৰ ডিসপ্লে পৰিবর্তন কৰক। |
09:04 | সংক্ষিপ্তকৰণ কৰো। এই টিউটৰিয়েলত শিকিছো পিডিবি কোড ব্যবহাৰ কৰিHuman Pancreatic Hexokinase এৰ স্ট্রাকচাৰ লোড কৰা। |
09:14 | সেকেন্ডাৰি স্ট্রাকচাৰৰ ডিসপ্লে পৰিবর্তন কৰা। |
09:17 | সক্রিয় সাইটত অ্যামাইনো অ্যাসিডৰ ৰেসিডিউ লক্ষনীয় কৰা। |
09:21 | এনজাইমৰ সাব্সট্রেট আৰু কো-ফ্যাক্টৰ লক্ষনীয় কৰা। |
09:25 | আৰু প্রোটিনৰ বাবে ramachandran plot দেখা। |
09:30 | নির্দেশিত কাম হিসাবে Jmol প্যানেলত Lysozyme এনজাইমৰ ডট পিডিবি ফাইল লোড কৰক। |
09:38 | এনজাইমত আবদ্ধ সাব্সট্রেট লক্ষনীয় কৰক। |
09:42 | সক্রিয় সাইটত অ্যামাইনো অ্যাসিড লক্ষনীয় কৰক। |
09:46 | ইঙ্গিত: পিডিবি ডাটাবেসৰ পৰা Lysozyme এৰ পিডিবি ফাইল প্রাপ্ত কৰক। |
09:52 | এই URL এ উপলব্ধ ভিডিওটো চাওক। |
09:56 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোজায়। |
10:00 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটি ডাউনলোড কৰি চাওক। |
10:04 | স্পোকেন টিউটৰিয়েল প্রকল্প দলে |
10:07 | কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। |
10:10 | বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক। |
10:14 | স্পোকেন টিউটৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
10:19 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ জাতীয় শিক্ষা মিশনৰ দ্বাৰা সমর্থিত। |
10:25 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
10:30 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |