Jmol-Application/C4/3D-Models-of-Enzymes/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Jmol3D Models of Enzymes এৰ এই টিউটৰিয়েলত আপোনাক স্বাগতম।
00:08 এই টিউটৰিয়েলত আমি Jmol প্যানেলত Human Pancreatic Hexokinase এৰ গঠন লোড কৰা সম্পর্কে শিকিম।
00:16 সেকেন্ডাৰি গঠনৰ ডিসপ্লে পৰিবর্তন কৰা।
00:20 সক্রিয় সাইটত অ্যামিনো অ্যাসিডৰ অবশিষ্টক হাইলাইট কৰা।
00:25 এনজাইমৰ স্তৰ(substrate) আৰু সহ উত্পাদকক(cofactors) হাইলাইট কৰা।
00:30 প্রোটিনৰ বাবে Ramachandran প্লট দেখোৱা।
00:35 টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ মৌলিক বায়ো-কেমিস্ট্রি সম্পর্কে জানিব লাগিব।
00:41 Jmol অ্যাপ্লিকেশন উইন্ডোৰ পৰা মৌলিক অপাৰেশনেৰ সৈতে পৰিচিত থাকিব লাগিব।
00:46 Jmol এপ্লিকেশন শৃঙ্খলাত Proteins and Macromolecules টিউটৰিয়েলটো চাওক।
00:53 এইটো নিম্নলিখিত লিঙ্কত উপলব্ধ।
00:57 টিউটৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো, উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 12.04.
01:05 Jmol সংস্কৰণ 12.2.2.
01:08 জাভা সংস্কৰণ 7 আৰু মোজিলা ফায়াৰফক্স ব্রাউজাৰ 22.0.
01:16 Jmol উইন্ডো খুলক আৰু hexokinase এনজাইমৰ গঠন লোড কৰক।
01:22 মই ইন্টাৰনেটৰ সৈতে সংযুক্ত, সেয়ে মই PDB ওয়েবসাইটৰ পৰা প্রত্যক্ষভাবে গঠন লোড কৰিম।
01:28 এইটো কৰিবলৈ, File মেনু খুলক, তলত স্ক্রোল কৰক আৰু Get PDB বিকল্পত টিপক।
01:37 স্ক্রিনত এটা ইনপুট ডায়ালগ বাক্স দেখায়। hexokinase এৰ বাবে চাৰি অক্ষৰৰ PDB কোড লিখক, যি হল টেক্সট বাক্সত 3IDH.
01:50 এই কোডটো Protein Data Bank ওয়েবসাইটৰ পৰা উপলব্ধ হয়।
01:55 আপোনাৰ কার্যকৰ ইন্টাৰনেট সংযোগ নাথাকিলে টুল বাৰতopen a file আইকন ব্যবহাৰ কৰি বিদ্যমান pdb ফাইলক খুলক।
02:06 OK বোতামত টিপক।
02:09 পর্দাত প্রদর্শিত hexokinase এৰ 3D গঠন, glucokinase হিসাবেও পৰিচিত হয়।
02:16 File মেনুৰ পৰা কনসোল উইন্ডো খুলক।
02:21 কনসোলত দেখোৱাৰ দৰে, প্যানেলৰ গঠন Glucose সাব্সট্রেটৰ সৈতে Human Pancreatic Glucokinase ৰ বাবে।
02:31 কনসোল বন্ধ কৰক।
02:34 প্যানেলত hexokinase এৰ ball and stick মডেল আছে।
02:40 প্যানেলত protein মডেলৰ পৰা পানীৰ অনুক অতৰুৱাই দিয়ক।
02:44 এই প্রক্রিয়াক Jmol এৰ Proteins and macromolecules টিউটৰিয়েলত বিস্তাৰিতভাবে আলোচনা কৰা হৈছে।
02:53 Hexokinase এনজাইম সম্পর্কে।
02:56 Hexokinase হল 465 অ্যামিনো অ্যাসিডৰ এটা মনোমেৰিক প্রোটিন।
03:02 ইয়াৰ দুটা ডোমেন আছে, এটা ডাঙৰ ডোমেন আৰু এটা সৰু ডোমেন।
03:07 এই এনজাইমৰ বাবে সক্রিয় সাইট, দুটা ডোমেনৰ মাজৰ ছিদ্রত স্থিত হয়।
03:14 hexokinase এৰ বাবে সক্রিয় সাইটত 3 টা অ্যামিনো অ্যাসিড অবশিষ্টাংশ আছে। 204Aspergine, 231Aspergine আৰু 256Glutamic অ্যাসিড আছে।
03:30 Alpha-D-Glucose এই এনজাইমৰ বাবে সাব্সট্রেটস হয়।
03:34 এতিয়া আমি Jmol প্যানেলত উভতি যাও।
03:38 আমি এইৰকমে এনজাইমৰ কম্পোনেন্টক নির্বাচন আৰু হাইলাইট কৰিব পাৰো: সক্রিয় সাইটত Substrate, Cofactors বা Amino acid ৰেসিডিউ।
03:49 এটা নির্দিষ্ট কম্পোনেন্ট নির্বাচন কৰিবলৈ সো ক্লিক ব্যবহাৰ কৰি পপ-আপ মেনু খুলক।
03:55 Select বিকল্পলৈ স্ক্রোল কৰক।
03:57 সাব-মেনুৰ পৰা Proteins আৰু By Residue name নির্বাচন কৰক।
04:04 আমাৰ উচৰত পৃথক অ্যামিনো অ্যাসিডৰ ৰেসিডিউ তালিকাভুক্ত আছে।
04:10 এইটো নির্বাচন কৰিবলৈ অ্যামিনো অ্যাসিডৰ নামত টিপক।
04:14 লগতে অ্যামাইনো অ্যাসিড এইৰকমে হেডিং এৰ তলত সাৰিবদ্ধ আছে: Polar, Non-polar, Basic, Acidic, Uncharged ইত্যাদি।
04:26 Hetero মেনুত তালিকাভুক্ত আছে মেটাল আয়ন পটাসিয়াম আৰু গ্লুকোজ সাব্সট্রেট।
04:34 সাব্সট্রেট বাইন্ডিং সাইট সহজে সিনাক্ত কৰিবলৈ এনজাইমৰ ডিসপ্লেক পৰিবর্তন কৰিব পাৰি।
04:41 প্রোটিনৰ পৰমাণুৰ ডিসপ্লে আৰু ৰঙ পৰিবর্তন কৰো।
04:46 পপ-আপ মেনু খুলক, Select ত যাওক আৰু Protein বিকল্পত স্ক্রোল কৰক। All ত টিপক।
04:55 আৰু এবাৰ পপ-আপ মেনু খুলক, Styleত স্ক্রোল কৰক আৰু তাৰপিছত Schemeত। Sticks বিকল্পত টিপক।
05:05 এতিয়া আমাৰ উচৰত প্যানেলত, প্রোটিন, sticks ডিসপ্লেত আছে।
05:11 এতিয়া, ৰঙ পৰিবর্তন কৰিবলৈ আকৌ এবাৰ পপ-আপ মেনু খুলক। Color, Atoms ত যাওক, আৰু Blue বিকল্পত টিপক।
05:23 আমাৰ স্ক্রিনত নীলা ৰঙৰ hexokinase এৰ মডেল sticks ডিসপ্লেত আছে।
05:30 ক্লেফ্টেত ball and stick ডিসপ্লেত Alfa-D-Glucose সাব্সট্রেট লক্ষ্য কৰক।
05:38 সাব্সট্রেটক লক্ষনীয় কৰিবলৈ, পপ-আপ মেনু খুলক, Select ত যাওক আৰু তাৰপিছত Hetero আৰু GLC-ALFA-D-GLUCOSE ত টিপক।
05:52 আকৌ এবাৰ পপ-আপ মেনু খুলক, Style আৰু Scheme ত স্ক্রল কৰক আৰু Sticks বিকল্পত টিপক।
06:00 ৰঙ পৰিবর্তন কৰিবলৈ আকৌ এবাৰ পপ-আপ মেনু খুলক, Color আৰু Atomsত যাওক আৰু White বিকল্পত টিপক।
06:12 প্যানেলত এইটো সাব্সট্রেটৰ সৈতে পৰিষ্কাৰভাবে লক্ষনীয় হোৱা hexokinase এৰ মডেল।
06:20 আমি এইবোৰক লক্ষনীয় কৰিবলৈ সক্রিয় সাইটত অ্যামাইনো অ্যাসিডৰ ৰঙ পৰিবর্তন কৰিব পাৰি।
06:26 এইটো কৰিবলৈ, আমি কনসোল উইন্ডোত কমান্ড লিখিব লাগিব।
06:32 আগেই উল্লিখিত সক্রিয় সাইটত জড়িত অ্যামিনো অ্যাসিড Aspergine, 204 ত, Aspergine, 231ত আৰু Glutamic acid, 256 ত আছে।
06:50 File মেনুৰ পৰা কনসোল উইন্ডো খুলক। Consoleত টিপক।
06:57 মই কনসোল উইন্ডো ডাঙৰ কৰিবলৈ Kmag স্ক্রীন ম্যাগনিফায়াৰ ব্যবহাৰ কৰিছো।
07:03 $ প্রম্পটত লিখক: select বর্গাকাৰ বন্ধনীত aspergine এৰ বাবে Asn বন্ধনী বন্ধ কৰক 204 অর্থাৎ স্থান সেমিকোলন color atoms orange.
07:25 এন্টাৰ টিপক।
07:27 লক্ষ্য কৰক যে aspargine ৰেসিডিউয়ৰ পৰমাণু এতিয়া কমলা ৰঙত আছে।
07:33 কী বোর্ডত আপ অ্যাৰো বোতাম টিপক আৰু কমান্ড এডিট কৰক।
07:39 অ্যামাইনো অ্যাসিডৰ স্থান 231ত এডিট কৰক আৰু পৰমাণুৰ ৰঙ ৰঙালৈ সলাওক।
07:48 এন্টাৰ টিপক।
07:51 আকৌ এবাৰ আপ অ্যাৰো কী টিপক আৰু অ্যামাইনো অ্যাসিডৰ নাম GLU ত সলাওক যি হল গ্লুটামিক অ্যাসিড আৰু তাৰ স্থান 256ত।
08:06 পৰমাণুৰ ৰঙ সেউজীয়াত আৰু এন্টাৰ টিপক।
08:13 প্যানেলত লক্ষনীয় সক্রিয় সাইট আৰু সাব্সট্রেটৰ সৈতে hexokinaseৰ এটা 3D মডেল আছে।
08:23 লগতে মডেলত লক্ষ্যনীয় বেগুনীয়া ৰঙত থকা পটাসিয়াম পৰমাণু আছে।
08:30 লগতে আমি jmol ত এটা বিশেষ প্রোটিনৰ বাবে ramachandran প্লট দেখিব পাৰো।
08:36 কনসোলত, $ প্রম্পটত লিখক plot ramachandran
08:45 এন্টাৰ টিপক।
08:47 স্ক্রিনত hexokinase এৰ বাবে ramachandran প্লট আছে।
08:54 ডাটাবেসৰ পৰা পিডিবি ফাইলৰ দ্বাৰা বিভিন্ন এনজাইম লোড কৰাৰ চেষ্টা কৰক।
09:00 সেকেন্ডাৰি স্ট্রাকচাৰৰ ডিসপ্লে পৰিবর্তন কৰক।
09:04 সংক্ষিপ্তকৰণ কৰো। এই টিউটৰিয়েলত শিকিছো পিডিবি কোড ব্যবহাৰ কৰিHuman Pancreatic Hexokinase এৰ স্ট্রাকচাৰ লোড কৰা।
09:14 সেকেন্ডাৰি স্ট্রাকচাৰৰ ডিসপ্লে পৰিবর্তন কৰা।
09:17 সক্রিয় সাইটত অ্যামাইনো অ্যাসিডৰ ৰেসিডিউ লক্ষনীয় কৰা।
09:21 এনজাইমৰ সাব্সট্রেট আৰু কো-ফ্যাক্টৰ লক্ষনীয় কৰা।
09:25 আৰু প্রোটিনৰ বাবে ramachandran plot দেখা।
09:30 নির্দেশিত কাম হিসাবে Jmol প্যানেলত Lysozyme এনজাইমৰ ডট পিডিবি ফাইল লোড কৰক।
09:38 এনজাইমত আবদ্ধ সাব্সট্রেট লক্ষনীয় কৰক।
09:42 সক্রিয় সাইটত অ্যামাইনো অ্যাসিড লক্ষনীয় কৰক।
09:46 ইঙ্গিত: পিডিবি ডাটাবেসৰ পৰা Lysozyme এৰ পিডিবি ফাইল প্রাপ্ত কৰক।
09:52 এই URL এ উপলব্ধ ভিডিওটো চাওক।
09:56 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোজায়।
10:00 ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটি ডাউনলোড কৰি চাওক।
10:04 স্পোকেন টিউটৰিয়েল প্রকল্প দলে
10:07 কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে।
10:10 বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক।
10:14 স্পোকেন টিউটৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
10:19 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ জাতীয় শিক্ষা মিশনৰ দ্বাৰা সমর্থিত।
10:25 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
10:30 আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi