LaTeX-Old-Version/C2/Report-Writing/Assamese
From Script | Spoken-Tutorial
Revision as of 13:04, 4 July 2016 by Nancyvarkey (Talk | contribs)
Time | Narration |
---|---|
00:00 | লেটেক্স ব্যবহাৰ কৰি ৰিপ’ৰ্ট ৰাইটিং সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ স্বাগতম। |
00:06 | স্ক্ৰীনত তিনিখন উইনড’ মন কৰকঃ চ’ৰ্চ ফাইলটো এডিটৰত আছে। মই Emacs এডিটৰ ব্যবহাৰ কৰিছোঁ। |
00:14 | মই টাৰ্মিনেলত চ’ৰ্চ ফাইলটো কমপাইল কৰি এটা পিডিএফ ফাইল সৃষ্টি কৰিলো. এই পিডিএফ ফাইলটো মই পিডিএফ ৰীডাৰত দেখা পাইছোঁ। |
00:23 | মই Mac OS X-অত “skim” পিডিএফ ৰীডাৰ ব্যৱহাৰ কৰি আছোঁ। এইবিধ ৰীডাৰে পিডিএফ ফাইলৰ শেহতীয়া ভাৰ্চনবোৰ খোলে। |
00:33 | আপুনি যেতিয়া লেটেক্স ব্যবহাৰ কৰি ডকুমেণ্টবোৰ সৃষ্টি কৰে, তেতিয়া এই উইনড’বোৰ নন-অভাৰলেপিং সাজোনত সজাই লোৱাৰ প্ৰয়োজন নহয়। |
00:41 | আপুনি আন কিবা এডিটৰ বা পিডিএফ ৰীডাৰো ব্যৱহাৰ কৰিব পাৰে। |
00:48 | লেটেক্স ব্যবহাৰ কৰা পদ্ধতিটো লিনাক্সকে আদি কৰি সকলোবোৰ ইউনিক্স চিষ্টেমতে একে ধৰণৰ হয়। |
00:53 | উইনড’জৰ ক্ষেত্ৰত এইটো সামান্য বেলেগ হ’ব পাৰে। হ’লেও, চ’ৰ্চ ফাইলটো সকলোবোৰ অপাৰেটিং চিষ্টেমৰ বাবে একে ধৰণৰ হয়। |
01:01 | ফলত, আপুনি উইনড’জত কাম কৰি থকা লেটেক্স চ’ৰ্চ ফাইলটোৱে, উদাহৰণস্বৰূপে ইউনিক্স চিষ্টেমতো অকণো সলনি নোহোৱাকে কাম কৰিব। |
01:11 | এই শৃংখলাৰ প্ৰথম কথন প্ৰশিক্ষণটো কমপাইলিং সম্পৰ্কত, যিটোৱে লেটেক্সৰ ওপৰত চমু ধাৰণা এটা দিব। |
01:19 | আপুনি যদি এইটো এতিয়ালৈ চোৱা নাই, তেনেহ’লে হয়তো আপুনি এইটো চাব বিচাৰিব। |
01:23 | মই টেক্সট চাইজ আৰু আৰ্টিকল ক্লাছ 12 পইণ্ট ব্যবহাৰ কৰিছোঁ। |
01:30 | মই চেকচন, চাব্-চেকচন আৰু চাব-চাব-চেকচনৰ টাইটেলবোৰ দি ল’লো। |
01:36 | এইবোৰৰ প্ৰতিটোৰ বাবে দিয়া আৰ্গুমেণ্টবোৰ সঠিক স্থানৰ আউটপুটত দেখা পোৱা যাব। |
01:44 | এই চেকচন টাইটেলবোৰৰ উল্লেখনীয় চৰিত্ৰবোৰ লক্ষ্য কৰক। |
01:49 | চ’ৰ্চ ফাইলটোৰ খালী শাৰীবোৰৰ বাহিৰে আউটপুট একে থাকিব। |
01:55 | ইয়াত কিছুমান খালী শাৰী যোগ দিওঁ আহক। |
02:00 | চেভ কৰক। কমপাইল কৰক। একো পাৰ্থক্য নাই। |
02:08 | চ’ৰ্চ ফাইলটো আগৰ অৱস্থালৈ ওভতাই নিয়ক। কমপাইল কৰক। |
02:20 | টাইটেলবোৰৰ আকাৰবোৰ আপোনা-আপুনি সমানুপাতিকভাবে গঠিত হ’ব. উদাহৰণস্বৰূপে, চেকচন টাইটেলটো সকলোবোৰতকৈ ডাঙৰ হ’ব আৰু চাব্-চাব্-চেকচন টাইটেলটো হ’ব আটাইতকৈ সৰু। |
02:32 | মই ফণ্ট চাইজ সলনি কৰিলেও এই বৈশিষ্ট্যবোৰ একে থাকিব। |
02:36 | ইয়াক আমি 11 পইণ্টলৈ সলনি কৰোঁ আহক। চেভ কৰক। কমপাইল কৰক। |
02:46 | যদিও সমুদায় আকাৰ সৰু হৈ পৰিল, ওপৰত উল্লেখ কৰা টাইটেলৰ বৈশিষ্টবোৰ কিন্তু সলনি নহয়। |
02:52 | ফন্টটো আকৌ 12 পইণ্টলৈ সলনি কৰোঁ আহক। |
03:03 | চেকচন নাম্বাৰবোৰ আপোনা-আপুনি সৃষ্টি হোৱাটো এই টাইটেলবোৰৰ আন এক উল্লেখনীয় বৈশিষ্ট্য. উদাহৰণস্বৰূপে, যদি মই ইয়াত আৰু এটা চেকচন যোগ কৰোঁ। |
03:25 | চেভ কৰক। কমপাইল কৰক। |
03:30 | মই আউটপুটত ‘inserted section’ নামৰ এটা নতুন চেকচনৰ সৃষ্টি কৰিম, এইটো ইয়াত সঠিক সংখ্যাৰে দেখা পোৱা যাব। |
03:39 | থুলমুলকৈ, স্পেচিং, আকাৰ আৰু উজ্জ্বলতা, যেনে টাইটেলবোৰ ব’ল্ড দেখা হোৱা আদি লেটেক্সে আপোনা-আপুনি চোৱা-চিতা কৰে। |
03:50 | মই এতিয়া দেখুৱাম table of contents কেনেদৰে সৃষ্টি কৰিব পাৰি। সকলোতকৈ প্ৰথমে মন কৰক যে Report.toc নামৰ একো ফাইল নাই। |
04:05 | ইয়াত ই ‘no such file or directory’ বুলি দেখুৱাব। মন কৰিব report.tec টো হৈছে চ’ৰ্চ ফাইল। |
04:12 | মই ইয়াত table of contents, one word বুলি কমাণ্ড দিম। চেভ কৰক। কমপাইল কৰক। |
04:31 | মই যেতিয়া এইটো কমপাইল কৰিম, আউটপুটত ‘contents’ শব্দটোৰ বাহিৰে আন একো দেখা নাপাম। |
04:44 | এতিয়া আমি Report.toc নামৰ ফাইল এটা পালোঁ। |
04:54 | এই toc ফাইলটোত চেকচন টাইটেলবোৰ লিখা আছে। এইটো চাওঁ আহক। |
05:05 | বাৰু, এইটো পুনৰ কমপাইল কৰোঁ আহক। |
05:12 | Contents পৃষ্ঠাত এতিয়া পৃষ্ঠা-সংখ্যাৰ সৈতে সকলোবোৰ টাইটেল পোৱা যাব। |
05:18 | ইয়াত পৃষ্ঠাৰ সংখ্যা হৈছে 1, এইটো table of contents– অত দেখা পোৱা যাব। এই ডকুমেণ্টখনত মাত্ৰ এটা পৃষ্ঠাহে আছে। |
05:23 | এই দুবাৰকৈ কমপাইলেচন কৰা পদ্ধতিটো টাইটেলবোৰ সলনি কৰিবলৈও ব্যবহাৰ কৰিব পাৰি। |
05:33 | ইয়াত আমি এটা নতুন টাইটেল সুমুৱাও আহক। এইটোক মই ‘modified section’ বুলি ক’ম। |
05:45 | এইটো কমপাইল কৰি লওঁ। আপুনি দেখা পাব এইটো ইয়াত সলনি হৈছে যদিও contents-অত সলনি হ’বলৈ বাকী আছে। |
05:54 | দ্বিতীয়বাৰৰ বাবে পুনৰ কমপাইল কৰিম আৰু সমস্যাটো সমাধান কৰিম। আমি table of contents- অৰ স্থানৰো সলনি কৰিব পাৰোঁ। |
06:02 | ডকুমেণ্টখনৰ শেষলৈ ইয়াক shift কৰোঁ আহক। কমপাইল কৰক। |
06:18 | এতিয়া আমি দেখা পাম, এইটো ডকুমেণ্টখনৰ শেষত আহি পাইছে। ডকুমেণ্টখন পুনৰ shift কৰি ওপৰলৈ লৈ যাওঁ আহক। |
06:38 | এতিয়া আমি ডকুমেণ্টখনৰ বাবে এটা টাইটেল সৃষ্টি কৰিম। |
06:44 | এইটো মই ইয়াত কৰিম— ডকুমেণ্ট ক্লাছৰ ঠিক সোঁফালে। Author। |
07:03 | মই ইয়াত নতুন শাৰী যোগ দিব পাৰিম। |
07:11 | তাৰিখ, আজিৰ তাৰিখ। আৰু তেতিয়া, ‘First created on 13th July 2007’। এইটো মই কমপাইল কৰোঁ। |
07:29 | একো সলনি নহ’ল। কাৰণটো হ’ল মই লেটেকৰ এই তথ্যখিনিৰে কি কৰিব লাগিব কোৱাই নাই। |
07:35 | গতিকে মই ইয়াত ‘make title’ কমাণ্ডটো দিম, ডকুমেণ্টখনৰ ঠিক পাছতে। |
07:45 | যি ঠাইত মই টাইটেলটো চাব বিচাৰিছোঁ তাত এটা শব্দ। |
07:50 | যিটো ডকুমেণ্টখনৰ আৰম্ভণিত হ’ব। কমপাইলিং কৰাত আউটপুটত টাইটেলটো দেখা পোৱা যাব। |
07:58 | এতিয়া আমি ডকুমেণ্টখনৰ ক্লাছটো আৰ্টিকলৰ পৰা ৰিপ’ৰ্টলৈ সলনি কৰিম। এতিয়া ইয়াত সেইটো কৰোঁ আহক। মই ইয়াক কমপাইল কৰোঁ। |
08:14 | কম্পাইল কৰিলে টাইটেলটো গোটেই পৃষ্ঠাতে দৃশ্যমান হয়। কনটেণ্ট এটা নতুন পৃষ্ঠাত আৰম্ভ হয়, ১ নম্বৰ পৃষ্ঠাত। এইটো পৃষ্ঠা ১ হিচাপে চিহ্নিত হৈছে। |
08:33 | অন্যভাৱে ক’লে, টাইটেল পৃষ্ঠাৰ কোনো নম্বৰ নাথাকে। আমি আৰু দেখা পাইছোঁ যে চেকশ্যন টাইটেলৰ নম্বৰ হিচাপে এটা শূন্য আছে। |
08:44 | ৰিপৰ্ট ক্লাছৰ বাবে এটা চেপ্টাৰৰ প্ৰয়োজন হয়, যিহেতু আমি কোনো চেপ্টাৰ বাছি দিয়া নাই, সেইবাবে ডিফল্ট মান শূন্য ব্যবহৃত হৈছে। |
08:52 | চাব-চাব চেকশ্যনৰ সৈতে এতিয়া আৰু কোনো সংখ্যা জড়িত হৈ থকা নাই। |
09:01 | কনটেণ্ট সম্পৰ্কীয় তথ্য শুদ্ধ নহয়, সেইবিলাকে এতিয়াও পুৰণা সংখ্যাবিলাক বহন কৰি আছে। |
09:07 | পুনৰ কমপাইলিং কৰি এই সমস্যা সমাধান কৰোঁ। এতিয়া আমি নতুন সংখ্যাবোৰ পালো। |
09:13 | এতিয়া এটা নতুন চেপ্টাৰ আৰম্ভ কৰা যাওক। |
09:25 | আমি ইয়াক First chapter বুলি ক’ম। ইয়াক দুবাৰ কমপাইল কৰা যাওক। কনটেণ্টত একো সলনি হোৱা নাই কিন্তু অন্য বস্তুবোৰ নোহোৱা হৈ গৈছে। |
09:40 | ইয়াৰ কাৰণটো হ’ল, চেপ্টাৰ কমাণ্ডে এটা নতুন পৃষ্ঠা আৰম্ভ কৰিছে। |
09:48 | এতিয়া পৰৱৰ্তী পৃষ্ঠালৈ যোৱা যাওক আৰু ইয়াক নিশ্চিত কৰা যাওক। |
09:52 | নতুন পৃষ্ঠাটোত chapter শব্দটোৰ স্পষ্ট ৰূপটো লক্ষ্য কৰক। |
09:58 | ইয়াত চাওক। ইয়ালৈ ঘূৰি অহা যাওক। |
10:04 | এইটো কমপাইল কৰোঁ। আপুনি আকৌ এবাৰ দেখিব যে নতুন চেপ্টাৰ সম্পৰ্কীয় তথ্য কনটেণ্টলৈ আহিছে। |
10:14 | আপুনি যদি পৰিশিষ্ট যোগ দিব বিচাৰে, তেনেহ’লে appendix কমাণ্ড ভৰাওক। |
10:23 | Appendix আৰু মই appendix-অত এটা নতুন চেপ্টাৰ আৰম্ভ কৰোঁ। |
10:37 | ‘First chapter in the appendix’। এইটো দুবাৰ কমপাইল কৰোঁ। |
10:47 | দেখা পাব যে প্ৰথম চেপ্টাৰটো ইয়ালৈ আহিছে। |
10:51 | এতিয়া যোৱা যাওক আৰু ই দেখাত কেনে সেইটো চোৱা যাওক। |
11:00 | Appendix A এটা নতুন পৃষ্ঠালৈ গৈছে। |
11:05 | আৰু আপুনি দেখা পাব যে পৃষ্ঠাৰ সংখ্যা 4 হৈছে। |
11:10 | আৰু appendix শব্দটোও ইয়াত দেখা পোৱা গৈছে। আৰু এটা চেপ্টাৰ যোগ দিওঁ আহক। এইটো কমপাইল কৰোঁ। |
11:27 | দেখা পাব যে পৃষ্ঠা-সংখ্যা 5 হৈ গৈছে। এইটো এটা নতুন পৃষ্ঠাত। ইয়াৰ আৰম্ভণিলৈ যোৱা যাওক। |
11:38 | মই যদি এইটো দ্বিতীয়বাৰলৈ কমপাইল কৰোঁ তেতিয়া content বোৰ শুদ্ধ হ’ব। |
11:49 | আমি যদি report class –অক আকৌ article- অলৈ সলনি কৰিব বিচাৰোঁ তেতিয়া কি হ’ব ? |
11:53 | আমি ইয়ালৈ যাম। এইটো কমপাইল কৰোঁ আহক। |
12:09 | কমপাইল কৰোঁতে লেটেক্সে তাত কিবা এটা ভুল হৈছে বুলি দেখুৱাব। |
12:19 | থিক আছে, যেতিয়া লেতেকে এনেধৰনে ৰখি যায় তেতিয়া ইয়াক চাবলৈ বা হেন্দেল কৰিবলৈ দুটা পদ্ধতি আছে |
12:24 | ‘X’ টাইপ কৰাটো হ’ল এক্জিত হোৱাৰ প্ৰথম উপায়। |
12:32 | পিডিএফ ফাইলত সাধাৰণতে পূৰ্বৰ সকলোবোৰ পৃষ্ঠা থাকিব, কিন্তু এই বিশেষ ক্ষেত্ৰত ই কয় যে আউটপুটৰ কোনো পৃষ্ঠা নাই। |
12:40 | ইয়াৰ সমাধানৰ বাবে লগে লগে চ’ৰ্চ ফাইললৈ গৈ সমস্যাটো সাল-সলনি কৰি আগবাঢ়িব পাৰি। |
12:48 | সঘনাই কমপাইল কৰি ভুলবোৰ সহজে উলিয়াব পাৰি। |
12:56 | কিবা ভুল থাকিলে লগে লগে চিনাক্ত কৰিব পাৰি। কেতিয়াবা ভুলৰ বাবে লেটেক্স স্থগিৰ হৈ পৰিলে মই লগে লগে ডকুমেণ্টটো বন্ধ কৰোঁ। |
13:06 | সকলোবোৰ খোল খাই থকা এনবাইৰনমেণ্টো বন্ধ কৰোঁ আৰু ভুল চিনাক্ত কৰি তাক সমাধান কৰিবলৈ চেষ্টা কৰোঁ। |
13:12 | End document কমাণ্ডৰ পিছত অহা বস্তু সম্পৰ্কত লেটেক্স চিন্তিত নোহোৱা বাবে সেই অংশটো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই। |
13:20 | ভুল সংশোধন কৰাৰ পিছত close environment কমাণ্ডৰ অধীনত থকা ইণ্টাৰমিডিয়েট ‘end document’ কমাণ্ড গুচাই পেলাব পাৰি। |
13:28 | ভুল এটা দেখুৱাই লেটেক্স স্থগিৰ হৈ পৰিলে, আমি ইয়াক উপেক্ষা কৰি আগবাঢ়িবলৈ নিৰ্দেশ দিব পাৰোঁ। |
13:44 | return অথবা enter কী প্ৰেছ কৰি এইটো কৰা হয়। |
13:48 | যেনেদৰে মই এইমাত্ৰ কৰিলোঁ। ফলত হ’ল কি, আমি দুখন পৃষ্ঠা পালোঁ। |
13:59 | প্ৰথম পৃষ্ঠাটোলৈ যাওক। ইয়াত আমি বিসংগতিৰ তথ্যসমূহ পাইছোঁ। |
14:07 | এই ভুলটো শুদ্ধ কৰিবলৈ আমি কি কৰিব পাৰোঁ— ভুলটো হৈছে ইয়াত চেপ্টাৰটো আছে। |
14:16 | আমি এইটো আঁতৰাও আহক। |
14:22 | এইটো কমপাইল কৰোঁ। বাৰু, এইটো আকৌ কৰোঁ আহক। এইটো দ্বিতীয়বাৰলৈ কৰোঁ। |
14:33 | ই অভিযোগ কৰে, ই অভিযোগ কৰিয়েই থাকে, ইয়াত চেপ্টাৰ নামৰ কিবা এটা table of contents আৰু appendix-অত আছে। |
14:47 | ইয়াৰ সমাধান কৰা যাওক। ইয়াক কমপাইল কৰোঁ। |
14:56 | কোনো সমস্যা নোহোৱাকৈ এইটো হ’ল আৰু গোটেই ডকুমেণ্টটো এটা পৃষ্ঠাত আহি গ’ল। |
15:05 | আৰু কনটেণ্ট সম্পৰ্কীয় তথ্যও শুদ্ধ। |
15:15 | চ’ৰ্চ ফাইলত সাল-সলনি কৰিবলৈ সংকাচ নকৰিব, উদাহৰণ স্বৰূপে, আপুনি মূল টেক্সটত বা এপেনডিক্সত বা ৰিপৰ্ট ষ্টাইলত নতুন চেকশ্যন, নতুন চাব-চেকশ্যন যোগ দিব বিচাৰিব পাৰে। |
15:26 | আপোনাৰ নিজৰ ওপৰত ভাল বিশ্বাস নহালৈকে এই প্ৰশিক্ষণত ব্যাখ্যা কৰা কমাণ্ডবিলাক প্ৰয়োগ কৰিবলৈ চেষ্টা কৰি থাকক। |
15:34 | প্ৰত্যেক সাল-সলনিৰ লগে লগে কমপাইল কৰি আপোনাৰ শেহতীয়া সাল-সলনিবিলাক যে গ্ৰহণীয় সেইটো নিশ্চিত কৰক। |
15:40 | এই নিয়মটো পাহৰা ন-শিকাৰুসকল প্ৰায়ে বহুতো অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। |
15:45 | অনুগ্ৰহ কৰি মন কৰিব যে লেটেক্স ইঞ্জিন জড়িত থকালৈকে Emac-অত যি ধৰণে চ’ৰ্চ ফাইল প্ৰদৰ্শিত হয়, অৰ্থাৎ টাইটেলৰ ৰং, আকাৰ আদি, সেইবোৰ যুক্ত হৈ নাথাকে। |
15:57 | লেটেক্সে চ’ৰ্চ ফাইল শুদ্ধ হোৱাটোহে বিচাৰে, ইয়াক কেনেকৈ তৈয়াৰ কৰা হৈছিল সেইটো নিবিচাৰে। |
16:04 | ইয়াতে আমাৰ প্ৰশিক্ষণৰ অন্ত পৰিছে। এই শিক্ষন সহায়িকা আগবঢ়ালে মৌচম শৰ্মায়ে. আৰু এইয়া হৈছে মৌচুমী মেধি. যোগদানৰ বাবে ধন্যবাদ। |