LaTeX-Old-Version/C2/Report-Writing/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 লেটেক্স ব্যবহাৰ কৰি ৰিপ’ৰ্ট ৰাইটিং সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ স্বাগতম।
00:06 স্ক্ৰীনত তিনিখন উইনড’ মন কৰকঃ চ’ৰ্চ ফাইলটো এডিটৰত আছে। মই Emacs এডিটৰ ব্যবহাৰ কৰিছোঁ।
00:14 মই টাৰ্মিনেলত চ’ৰ্চ ফাইলটো কমপাইল কৰি এটা পিডিএফ ফাইল সৃষ্টি কৰিলো. এই পিডিএফ ফাইলটো মই পিডিএফ ৰীডাৰত দেখা পাইছোঁ।
00:23 মই Mac OS X-অত “skim” পিডিএফ ৰীডাৰ ব্যৱহাৰ কৰি আছোঁ। এইবিধ ৰীডাৰে পিডিএফ ফাইলৰ শেহতীয়া ভাৰ্চনবোৰ খোলে।
00:33 আপুনি যেতিয়া লেটেক্স ব্যবহাৰ কৰি ডকুমেণ্টবোৰ সৃষ্টি কৰে, তেতিয়া এই উইনড’বোৰ নন-অভাৰলেপিং সাজোনত সজাই লোৱাৰ প্ৰয়োজন নহয়।
00:41 আপুনি আন কিবা এডিটৰ বা পিডিএফ ৰীডাৰো ব্যৱহাৰ কৰিব পাৰে।
00:48 লেটেক্স ব্যবহাৰ কৰা পদ্ধতিটো লিনাক্সকে আদি কৰি সকলোবোৰ ইউনিক্স চিষ্টেমতে একে ধৰণৰ হয়।
00:53 উইনড’জৰ ক্ষেত্ৰত এইটো সামান্য বেলেগ হ’ব পাৰে। হ’লেও, চ’ৰ্চ ফাইলটো সকলোবোৰ অপাৰেটিং চিষ্টেমৰ বাবে একে ধৰণৰ হয়।
01:01 ফলত, আপুনি উইনড’জত কাম কৰি থকা লেটেক্স চ’ৰ্চ ফাইলটোৱে, উদাহৰণস্বৰূপে ইউনিক্স চিষ্টেমতো অকণো সলনি নোহোৱাকে কাম কৰিব।
01:11 এই শৃংখলাৰ প্ৰথম কথন প্ৰশিক্ষণটো কমপাইলিং সম্পৰ্কত, যিটোৱে লেটেক্সৰ ওপৰত চমু ধাৰণা এটা দিব।
01:19 আপুনি যদি এইটো এতিয়ালৈ চোৱা নাই, তেনেহ’লে হয়তো আপুনি এইটো চাব বিচাৰিব।
01:23 মই টেক্সট চাইজ আৰু আৰ্টিকল ক্লাছ 12 পইণ্ট ব্যবহাৰ কৰিছোঁ।
01:30 মই চেকচন, চাব্-চেকচন আৰু চাব‌-চাব-চেকচনৰ টাইটেলবোৰ দি ল’লো।
01:36 এইবোৰৰ প্ৰতিটোৰ বাবে দিয়া আৰ্গুমেণ্টবোৰ সঠিক স্থানৰ আউটপুটত দেখা পোৱা যাব।
01:44 এই চেকচন টাইটেলবোৰৰ উল্লেখনীয় চৰিত্ৰবোৰ লক্ষ্য কৰক।
01:49 চ’ৰ্চ ফাইলটোৰ খালী শাৰীবোৰৰ বাহিৰে আউটপুট একে থাকিব।
01:55 ইয়াত কিছুমান খালী শাৰী যোগ দিওঁ আহক।
02:00 চেভ কৰক। কমপাইল কৰক। একো পাৰ্থক্য নাই।
02:08 চ’ৰ্চ ফাইলটো আগৰ অৱস্থালৈ ওভতাই নিয়ক। কমপাইল কৰক।
02:20 টাইটেলবোৰৰ আকাৰবোৰ আপোনা-আপুনি সমানুপাতিকভাবে গঠিত হ’ব. উদাহৰণস্বৰূপে, চেকচন টাইটেলটো সকলোবোৰতকৈ ডাঙৰ হ’ব আৰু চাব্-চাব্-চেকচন টাইটেলটো হ’ব আটাইতকৈ সৰু।
02:32 মই ফণ্ট চাইজ সলনি কৰিলেও এই বৈশিষ্ট্যবোৰ একে থাকিব।
02:36 ইয়াক আমি 11 পইণ্টলৈ সলনি কৰোঁ আহক। চেভ কৰক। কমপাইল কৰক।
02:46 যদিও সমুদায় আকাৰ সৰু হৈ পৰিল, ওপৰত উল্লেখ কৰা টাইটেলৰ বৈশিষ্টবোৰ কিন্তু সলনি নহয়।
02:52 ফন্টটো আকৌ 12 পইণ্টলৈ সলনি কৰোঁ আহক।
03:03 চেকচন নাম্বাৰবোৰ আপোনা-আপুনি সৃষ্টি হোৱাটো এই টাইটেলবোৰৰ আন এক উল্লেখনীয় বৈশিষ্ট্য. উদাহৰণস্বৰূপে, যদি মই ইয়াত আৰু এটা চেকচন যোগ কৰোঁ।
03:25 চেভ কৰক। কমপাইল কৰক।
03:30 মই আউটপুটত ‘inserted section’ নামৰ এটা নতুন চেকচনৰ সৃষ্টি কৰিম, এইটো ইয়াত সঠিক সংখ্যাৰে দেখা পোৱা যাব।
03:39 থুলমুলকৈ, স্পেচিং, আকাৰ আৰু উজ্জ্বলতা, যেনে টাইটেলবোৰ ব’ল্ড দেখা হোৱা আদি লেটেক্সে আপোনা-আপুনি চোৱা-চিতা কৰে।
03:50 মই এতিয়া দেখুৱাম table of contents কেনেদৰে সৃষ্টি কৰিব পাৰি। সকলোতকৈ প্ৰথমে মন কৰক যে Report.toc নামৰ একো ফাইল নাই।
04:05 ইয়াত ই ‘no such file or directory’ বুলি দেখুৱাব। মন কৰিব report.tec টো হৈছে চ’ৰ্চ ফাইল।
04:12 মই ইয়াত table of contents, one word বুলি কমাণ্ড দিম। চেভ কৰক। কমপাইল কৰক।
04:31 মই যেতিয়া এইটো কমপাইল কৰিম, আউটপুটত ‘contents’ শব্দটোৰ বাহিৰে আন একো দেখা নাপাম।
04:44 এতিয়া আমি Report.toc নামৰ ফাইল এটা পালোঁ।
04:54 এই toc ফাইলটোত চেকচন টাইটেলবোৰ লিখা আছে। এইটো চাওঁ আহক।
05:05 বাৰু, এইটো পুনৰ কমপাইল কৰোঁ আহক।
05:12 Contents পৃষ্ঠাত এতিয়া পৃষ্ঠা-সংখ্যাৰ সৈতে সকলোবোৰ টাইটেল পোৱা যাব।
05:18 ইয়াত পৃষ্ঠাৰ সংখ্যা হৈছে 1, এইটো table of contents– অত দেখা পোৱা যাব। এই ডকুমেণ্টখনত মাত্ৰ এটা পৃষ্ঠাহে আছে।
05:23 এই দুবাৰকৈ কমপাইলেচন কৰা পদ্ধতিটো টাইটেলবোৰ সলনি কৰিবলৈও ব্যবহাৰ কৰিব পাৰি।
05:33 ইয়াত আমি এটা নতুন টাইটেল সুমুৱাও আহক। এইটোক মই ‘modified section’ বুলি ক’ম।
05:45 এইটো কমপাইল কৰি লওঁ। আপুনি দেখা পাব এইটো ইয়াত সলনি হৈছে যদিও contents-অত সলনি হ’বলৈ বাকী আছে।
05:54 দ্বিতীয়বাৰৰ বাবে পুনৰ কমপাইল কৰিম আৰু সমস্যাটো সমাধান কৰিম। আমি table of contents- অৰ স্থানৰো সলনি কৰিব পাৰোঁ।
06:02 ডকুমেণ্টখনৰ শেষলৈ ইয়াক shift কৰোঁ আহক। কমপাইল কৰক।
06:18 এতিয়া আমি দেখা পাম, এইটো ডকুমেণ্টখনৰ শেষত আহি পাইছে। ডকুমেণ্টখন পুনৰ shift কৰি ওপৰলৈ লৈ যাওঁ আহক।
06:38 এতিয়া আমি ডকুমেণ্টখনৰ বাবে এটা টাইটেল সৃষ্টি কৰিম।
06:44 এইটো মই ইয়াত কৰিম— ডকুমেণ্ট ক্লাছৰ ঠিক সোঁফালে। Author।
07:03 মই ইয়াত নতুন শাৰী যোগ দিব পাৰিম।
07:11 তাৰিখ, আজিৰ তাৰিখ। আৰু তেতিয়া, ‘First created on 13th July 2007’। এইটো মই কমপাইল কৰোঁ।
07:29 একো সলনি নহ’ল। কাৰণটো হ’ল মই লেটেকৰ এই তথ্যখিনিৰে কি কৰিব লাগিব কোৱাই নাই।
07:35 গতিকে মই ইয়াত ‘make title’ কমাণ্ডটো দিম, ডকুমেণ্টখনৰ ঠিক পাছতে।
07:45 যি ঠাইত মই টাইটেলটো চাব বিচাৰিছোঁ তাত এটা শব্দ।
07:50 যিটো ডকুমেণ্টখনৰ আৰম্ভণিত হ’ব। কমপাইলিং কৰাত আউটপুটত টাইটেলটো দেখা পোৱা যাব।
07:58 এতিয়া আমি ডকুমেণ্টখনৰ ক্লাছটো আৰ্টিকলৰ পৰা ৰিপ’ৰ্টলৈ সলনি কৰিম। এতিয়া ইয়াত সেইটো কৰোঁ আহক। মই ইয়াক কমপাইল কৰোঁ।
08:14 কম্পাইল কৰিলে টাইটেলটো গোটেই পৃষ্ঠাতে দৃশ্যমান হয়। কনটেণ্ট এটা নতুন পৃষ্ঠাত আৰম্ভ হয়, ১ নম্বৰ পৃষ্ঠাত। এইটো পৃষ্ঠা ১ হিচাপে চিহ্নিত হৈছে।
08:33 অন্যভাৱে ক’লে, টাইটেল পৃষ্ঠাৰ কোনো নম্বৰ নাথাকে। আমি আৰু দেখা পাইছোঁ যে চেকশ্যন টাইটেলৰ নম্বৰ হিচাপে এটা শূন্য আছে।
08:44 ৰিপৰ্ট ক্লাছৰ বাবে এটা চেপ্টাৰৰ প্ৰয়োজন হয়, যিহেতু আমি কোনো চেপ্টাৰ বাছি দিয়া নাই, সেইবাবে ডিফল্ট মান শূন্য ব্যবহৃত হৈছে।
08:52 চাব-চাব চেকশ্যনৰ সৈতে এতিয়া আৰু কোনো সংখ্যা জড়িত হৈ থকা নাই।
09:01 কনটেণ্ট সম্পৰ্কীয় তথ্য শুদ্ধ নহয়, সেইবিলাকে এতিয়াও পুৰণা সংখ্যাবিলাক বহন কৰি আছে।
09:07 পুনৰ কমপাইলিং কৰি এই সমস্যা সমাধান কৰোঁ। এতিয়া আমি নতুন সংখ্যাবোৰ পালো।
09:13 এতিয়া এটা নতুন চেপ্টাৰ আৰম্ভ কৰা যাওক।
09:25 আমি ইয়াক First chapter বুলি ক’ম। ইয়াক দুবাৰ কমপাইল কৰা যাওক। কনটেণ্টত একো সলনি হোৱা নাই কিন্তু অন্য বস্তুবোৰ নোহোৱা হৈ গৈছে।
09:40 ইয়াৰ কাৰণটো হ’ল, চেপ্টাৰ কমাণ্ডে এটা নতুন পৃষ্ঠা আৰম্ভ কৰিছে।
09:48 এতিয়া পৰৱৰ্তী পৃষ্ঠালৈ যোৱা যাওক আৰু ইয়াক নিশ্চিত কৰা যাওক।
09:52 নতুন পৃষ্ঠাটোত chapter শব্দটোৰ স্পষ্ট ৰূপটো লক্ষ্য কৰক।
09:58 ইয়াত চাওক। ইয়ালৈ ঘূৰি অহা যাওক।
10:04 এইটো কমপাইল কৰোঁ। আপুনি আকৌ এবাৰ দেখিব যে নতুন চেপ্টাৰ সম্পৰ্কীয় তথ্য কনটেণ্টলৈ আহিছে।
10:14 আপুনি যদি পৰিশিষ্ট যোগ দিব বিচাৰে, তেনেহ’লে appendix কমাণ্ড ভৰাওক।
10:23 Appendix আৰু মই appendix-অত এটা নতুন চেপ্টাৰ আৰম্ভ কৰোঁ।
10:37 ‘First chapter in the appendix’। এইটো দুবাৰ কমপাইল কৰোঁ।
10:47 দেখা পাব যে প্ৰথম চেপ্টাৰটো ইয়ালৈ আহিছে।
10:51 এতিয়া যোৱা যাওক আৰু ই দেখাত কেনে সেইটো চোৱা যাওক।
11:00 Appendix A এটা নতুন পৃষ্ঠালৈ গৈছে।
11:05 আৰু আপুনি দেখা পাব যে পৃষ্ঠাৰ সংখ্যা 4 হৈছে।
11:10 আৰু appendix শব্দটোও ইয়াত দেখা পোৱা গৈছে। আৰু এটা চেপ্টাৰ যোগ দিওঁ আহক। এইটো কমপাইল কৰোঁ।
11:27 দেখা পাব যে পৃষ্ঠা-সংখ্যা 5 হৈ গৈছে। এইটো এটা নতুন পৃষ্ঠাত। ইয়াৰ আৰম্ভণিলৈ যোৱা যাওক।
11:38 মই যদি এইটো দ্বিতীয়বাৰলৈ কমপাইল কৰোঁ তেতিয়া content বোৰ শুদ্ধ হ’ব।
11:49 আমি যদি report class –অক আকৌ article- অলৈ সলনি কৰিব বিচাৰোঁ তেতিয়া কি হ’ব ?
11:53 আমি ইয়ালৈ যাম। এইটো কমপাইল কৰোঁ আহক।
12:09 কমপাইল কৰোঁতে লেটেক্সে তাত কিবা এটা ভুল হৈছে বুলি দেখুৱাব।
12:19 থিক আছে, যেতিয়া লেতেকে এনেধৰনে ৰখি যায় তেতিয়া ইয়াক চাবলৈ বা হেন্দেল কৰিবলৈ দুটা পদ্ধতি আছে
12:24 ‘X’ টাইপ কৰাটো হ’ল এক্‌জিত হোৱাৰ প্ৰথম উপায়।
12:32 পিডিএফ ফাইলত সাধাৰণতে পূৰ্বৰ সকলোবোৰ পৃষ্ঠা থাকিব, কিন্তু এই বিশেষ ক্ষেত্ৰত ই কয় যে আউটপুটৰ কোনো পৃষ্ঠা নাই।
12:40 ইয়াৰ সমাধানৰ বাবে লগে লগে চ’ৰ্চ ফাইললৈ গৈ সমস্যাটো সাল-সলনি কৰি আগবাঢ়িব পাৰি।
12:48 সঘনাই কমপাইল কৰি ভুলবোৰ সহজে উলিয়াব পাৰি।
12:56 কিবা ভুল থাকিলে লগে লগে চিনাক্ত কৰিব পাৰি। কেতিয়াবা ভুলৰ বাবে লেটেক্স স্থগিৰ হৈ পৰিলে মই লগে লগে ডকুমেণ্টটো বন্ধ কৰোঁ।
13:06 সকলোবোৰ খোল খাই থকা এনবাইৰনমেণ্টো বন্ধ কৰোঁ আৰু ভুল চিনাক্ত কৰি তাক সমাধান কৰিবলৈ চেষ্টা কৰোঁ।
13:12 End document কমাণ্ডৰ পিছত অহা বস্তু সম্পৰ্কত লেটেক্স চিন্তিত নোহোৱা বাবে সেই অংশটো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই।
13:20 ভুল সংশোধন কৰাৰ পিছত close environment কমাণ্ডৰ অধীনত থকা ইণ্টাৰমিডিয়েট ‘end document’ কমাণ্ড গুচাই পেলাব পাৰি।
13:28 ভুল এটা দেখুৱাই লেটেক্স স্থগিৰ হৈ পৰিলে, আমি ইয়াক উপেক্ষা কৰি আগবাঢ়িবলৈ নিৰ্দেশ দিব পাৰোঁ।
13:44 return অথবা enter কী প্ৰেছ কৰি এইটো কৰা হয়।
13:48 যেনেদৰে মই এইমাত্ৰ কৰিলোঁ। ফলত হ’ল কি, আমি দুখন পৃষ্ঠা পালোঁ।
13:59 প্ৰথম পৃষ্ঠাটোলৈ যাওক। ইয়াত আমি বিসংগতিৰ তথ্যসমূহ পাইছোঁ।
14:07 এই ভুলটো শুদ্ধ কৰিবলৈ আমি কি কৰিব পাৰোঁ— ভুলটো হৈছে ইয়াত চেপ্টাৰটো আছে।
14:16 আমি এইটো আঁতৰাও আহক।
14:22 এইটো কমপাইল কৰোঁ। বাৰু, এইটো আকৌ কৰোঁ আহক। এইটো দ্বিতীয়বাৰলৈ কৰোঁ।
14:33 ই অভিযোগ কৰে, ই অভিযোগ কৰিয়েই থাকে, ইয়াত চেপ্টাৰ নামৰ কিবা এটা table of contents আৰু appendix-অত আছে।
14:47 ইয়াৰ সমাধান কৰা যাওক। ইয়াক কমপাইল কৰোঁ।
14:56 কোনো সমস্যা নোহোৱাকৈ এইটো হ’ল আৰু গোটেই ডকুমেণ্টটো এটা পৃষ্ঠাত আহি গ’ল।
15:05 আৰু কনটেণ্ট সম্পৰ্কীয় তথ্যও শুদ্ধ।
15:15 চ’ৰ্চ ফাইলত সাল-সলনি কৰিবলৈ সংকাচ নকৰিব, উদাহৰণ স্বৰূপে, আপুনি মূল টেক্সটত বা এপেনডিক্সত বা ৰিপৰ্ট ষ্টাইলত নতুন চেকশ্যন, নতুন চাব-চেকশ্যন যোগ দিব বিচাৰিব পাৰে।
15:26 আপোনাৰ নিজৰ ওপৰত ভাল বিশ্বাস নহালৈকে এই প্ৰশিক্ষণত ব্যাখ্যা কৰা কমাণ্ডবিলাক প্ৰয়োগ কৰিবলৈ চেষ্টা কৰি থাকক।
15:34 প্ৰত্যেক সাল-সলনিৰ লগে লগে কমপাইল কৰি আপোনাৰ শেহতীয়া সাল-সলনিবিলাক যে গ্ৰহণীয় সেইটো নিশ্চিত কৰক।
15:40 এই নিয়মটো পাহৰা ন-শিকাৰুসকল প্ৰায়ে বহুতো অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়।
15:45 অনুগ্ৰহ কৰি মন কৰিব যে লেটেক্স ইঞ্জিন জড়িত থকালৈকে Emac-অত যি ধৰণে চ’ৰ্চ ফাইল প্ৰদৰ্শিত হয়, অৰ্থাৎ টাইটেলৰ ৰং, আকাৰ আদি, সেইবোৰ যুক্ত হৈ নাথাকে।
15:57 লেটেক্সে চ’ৰ্চ ফাইল শুদ্ধ হোৱাটোহে বিচাৰে, ইয়াক কেনেকৈ তৈয়াৰ কৰা হৈছিল সেইটো নিবিচাৰে।
16:04 ইয়াতে আমাৰ প্ৰশিক্ষণৰ অন্ত পৰিছে। এই শিক্ষন সহায়িকা আগবঢ়ালে মৌচম শৰ্মায়ে. আৰু এইয়া হৈছে মৌচুমী মেধি. যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Nancyvarkey